এন্দুৰীয়া বা নালী ঘা
(CARBUNCLE)
এন্দুৰীয়া বা নালী ঘা (CARBUNCLE) কাৰণ কি কি?
👉যিকোনো ৰোগৰ দোষতে দেহত এই ৰোগ হ'বপাৰে। তেজৰ দোষতে সাধাৰণতে এই ৰোগ হয়, দেহত কোনো ঘা, ফোঁহা আদি হ'লে তাৰ পুঁজ সময়মতে বাহিৰ ওলাব নোৱাৰিলে সেই স্থানত তেজ দুষিত হৈ এই ঘা সৃষ্টি কৰে। শৰীৰৰ কোনো ঠাইত কাঁইট বা হুল আদি সোমালে সময়মতে তাক নুলিয়ালে সেই ঠাইত এন্দুৰীয়া হ'ব পাৰে। কফ দূষিত হ'লেও এন্দুৰীয়া ৰোগ হয়।
এন্দুৰীয়া বা নালী ঘা (CARBUNCLE) মূল লক্ষণ কি কি?
👉এন্দুৰৰ গাঁতৰ নিচিনাকৈ ঘা ডোখৰ দ হৈ যোৱাৰদৰে হয় কাৰণে এই ৰোগক এন্দুৰীয়া ঘা বোলে। বেমাৰ দেহৰ যিকোনো ঠাইত হ'ব পাৰে। জ্বৰ উঠে। ৰাতি বেছিকৈ পুঁজ পানী ওলায়। কাঁইট আদিৰ কাৰণে এন্দুৰীয়া হ'লে সেই ঠাইত বিষ হয়। ফেন আৰু তেজ বাহিৰ হয়।
এন্দুৰীয়া বা নালী ঘা (CARBUNCLE)পৰা কিদৰে বাচিব পাৰি?
👉পচতীয়া গছৰ শিপা আৰু ইয়াৰ পাত ঠেতেলিয়াই ইয়াৰ ৰস বাহিৰ কৰি তাত অলপ মিঠাতেল মিহলি কৰি লগালে এন্দুৰীয়া ৰোগ ভাল হয়।
👉 পনৌনৌৱাৰ পাত ৮/১০ খিলা খুন্দি প্রলেপ দিলেও যথেষ্ট উপকাৰ পোৱা যায়।
👉ওভতা বনসটৰ বীজ আৰু সৈন্ধৱ নিমখ মিহলি কৰি খুন্দি বান্ধি ৰাখিলে এন্দুৰীয়া ৰোগ ভাল হয়।
👉মানিমুনিৰ ১৫/২০ খিলা পাত পিহি লগাব লাগে।
👉পানীত সিজোৱা মহানিমৰ পাতৰ ৰসেৰে ঘা ধুই সেই ঘাত মহানিমপাতৰ গুড়া অলপ বিশুদ্ধ গৰুৰ ঘিউত সানি লগালে নালী ঘা শুকাই ভাল হয়।
👉সিজুৰ আঠা, আকনৰ আঠা, আচুকাঠৰ গুড়া (দাৰু হৰিদ্ৰা) সমপৰিমাণৰ লৈ ভালদৰে বাটি সৰু বড়ি কৰি পিহি লগালে এন্দুৰীয়া ৰোগ ভাল হয়।
👉মৌ আৰু সৈন্ধৱ লৱণ একেলগে উতলাই তাক গাঢ় ঘন কৰি লগালে এন্দুৰীয়া ঘা ভাল হয়।
👉বগা এড়া গছৰ ৰস আৰু খয়েৰ সমান পৰিমাণৰ লৈ ভালদৰে পিহি এন্দুৰীয়া ঘাত লগালে ঘা ভাল হয়।
👉বিৰঙ্গ, আমলখি, পিপলি, ভোমোৰা সমান পৰিমাণৰ লৈ তাক খুন্দি গুড়ি কৰি মৌৰ সৈতে লগালে এই ৰোগ ভাল হয়।
👉 ম'হৰ দৈৰ লগত সৰু মিহি চাউলৰ ভাত কিছুদিন খালে এন্দুৰীয়া ৰোগ ভাল হয়।
👉বৰুণ গছৰ ছাল আৰু নৰাবগৰীৰ পাত খুন্দি লগালে ভাল হয়।
এন্দুৰীয়া বা নালী ঘা (CARBUNCLE) হলে কি খাব লাগে?
👉লঘু আহাৰ খাব লাগে। তিতা বস্তুৰে ঘা ধুব লাগে। বিশল্যকৰণীৰ পাত খুন্দি প্ৰলেপ দিয়াৰ উপৰিও ইয়াৰ ৰসেৰে ঘা ধুব লাগে। আমলখি, শিলিখা আৰু ত্রিফলা উপকাৰী।
এন্দুৰীয়া বা নালী ঘা (CARBUNCLE) হলে কি খাব নালাগে?
👉 ধুমপান, মাদকদ্রব্য আৰু টেঙা খোৱা বেয়া।
***
0 Comments