হৃদৰোগ
(HEART DISEASE)
হৃদৰোগ (HEART DISEASE) কাৰণ কি কি ?
👉অত্যাধিক মানসিক পৰিশ্ৰম কৰা, অধিক ভোজনকৰা, উত্তেজনাশীল আৰু উদ্বিগ্ন লোক প্রায়ে এই ৰোগত আক্রান্ত হোৱা দেখা যায়। শাৰীৰিক পৰিশ্ৰম মুঠেই নকৰিলেও এই ৰোগ হ'ব পাৰে। তদুপৰি বহুদিনীয়া উচ্চ ৰক্তচাপ, নিউমোনিয়া, কোষ্ঠকাঠিন্য, দেহত অম্লৰস বৃদ্ধি, অধিক মাদকদ্রব্য সেৱনেও এই ভয়ঙ্কৰ হৃদৰোগ কৰিব পাৰে। বৃদ্ধতাৰ কাৰণে আৰু বংশগত হিচাবেও এই ৰোগ হ'ব পাৰে। সাধাৰণতে বৃদ্ধলোকৰহে এই ৰোগ হয়। মহিলাতকৈ পুৰুষৰ এই ৰোগ বেছি হয়।
হৃদৰোগ (HEART DISEASE) মূল লক্ষণ কি কি?
👉বুকু ধপধপায়। কেতিয়াবা বুকুৰ বিষ হয়। উশাহ-নিশাহ লোৱাত কষ্ট হয়। অলপতে ভাগৰ লাগে। মূৰ ঘূৰায়, তেজ সঞ্চালনৰ গতি খৰতকীয়া হয়। জ্বৰ হয়। শুকান কাহ, বাওঁফালৰ বুকুৰ বিষ হয়। যকৃত বৃদ্ধি হয়। ভৰিৰ তল গাঁঠিৰ ওচৰত উখহে আৰু হাত- ভৰি ঠাণ্ডা লাগে।
হৃদৰোগ(HEART DISEASE)পৰা কিদৰে বাচিব পাৰি?
👉 দিনে ২ টাকৈ আপেল খাব পাৰিলে ভাল।
👉আমলখিৰ ৰস ২ চামুচ, ২৫০ মিঃলিঃ গৰুৰ গাখীৰৰ সৈতে মিহলাই খালে হৃদৰোগ ভাল হয়।
👉মাটিকঠালৰ ৰস, নাচপতি আৰু আঙ্গুৰ খোৱা উপকাৰী।
👉 চজিনা প্রতি সাজতে অন্ততঃ ৫০ গ্রামকৈ খালে হৃদৰোগ আৰোগ্য হোৱাত যথেষ্ট সহায়ক হয়।
👉 অশ্বগন্ধাৰ গুড়ি ৩০ গ্রাম, কুহুমীয়া গৰম কৰি লোৱা ১২৫ মিঃলিঃ
👉বেলৰ পাত ১০ খনকৈ একেৰাহে ১৫ দিন খাব লাগে।
👉ৰুদ্রাক্ষ ধাৰণ কৰিব লাগে।
👉 অর্জুন গছৰ ছালৰ গুড়া, মৌ আৰু গাখীৰৰ সৈতে মিহলাই নিতৌ খাব লাগে। ৫০ গ্রাম গুড়াৰ লগত ২০০ মিঃলিঃ গাখীৰ আৰু ১০ গ্রাম ঘিউ মিহলাই খাব পাৰিলে ভাল।
👉 কুঁহিয়াৰৰ ৰস নিতৌ ২০ চামুচকৈ দুবাৰ খোৱা ভাল।
👉 অর্জুন গছৰ কেঁচা ছাল ২০০ গ্রাম খুন্দি ২ লিটাৰ পানীত উতলাই সমানে দুভাগ কৰি দিনে ২ বাৰকৈ একেৰাহে ১৫/২০ দিন খালে হৃদৰোগ ভাল হয়।
👉১৫ মিঃলিঃ নহৰুৰ ৰস, ২০০ মিঃলিঃ গৰুৰ গাখীৰৰ সৈতে মিহলাই খালে যথেষ্ট উপকাৰ পোৱা যায়।
👉মাটি দাইল দুদিনত এবাৰকৈ খোৱা ভাল।
👉 নিতৌ লং ৬/৭ টা খাব পাৰিলে ভাল।
👉 গৰুৰ গাখীৰৰ দৈ আহাৰ খোৱাৰ পাছত ২৫০ গ্রামকৈ খাব লাগে। ই হৃদৰোগ প্ৰতিৰোধ কৰাত সহায় কৰে।
👉 ঘিউত মিচিৰি আৰু মাখন মিহলি কৰি খালে উপকাৰ পোৱা যায়।
👉 শুকান ধনীয়া আৰু মিচিৰি মিহলাই এচামুচ পানীৰ লগত ১৫/২০ দিন একেৰাহে খাব লাগে।
👉 সৰু সোণবৰীয়ালৰ শিপাৰ ৰস গাখীৰৰ লগত মিশ্ৰণ কৰি খাব লাগে।
👉 গুলঞ্চৰ ৰস ১ চামুচ আৰু ৩টা জালুক পিহি ৰাতিপুৱা একেৰাহে ১০ দিনমান খোৱা উচিত।
👉অর্জুনঘৃত ১২ গ্রাম, মিচিৰি ২০ গ্ৰামৰ লগত গাখীৰ মিহলি কৰি ৰাতিপুৱা খালে হৃদৰোগ ভাল হয়।
👉অর্জুনচূর্ণ ২ চামুচ একাপ পানীত মিশ্ৰণ কৰি উতলাই খাব লাগে।
👉 মৌজোল ৰাতিপুৱা আৰু গধূলি ২৫ গ্রামকৈ খালে হৃদৰোগ ভাল হয়।
👉 ত্রিফলা ১০ গ্রাম পানীত মিশ্রণ কৰি আহাৰ খোৱাৰ পিছত খোৱা উচিত।
👉ৰঙা চাহ (গাখীৰ নিদিয়াকৈ ৰাতিপুৱা শুদা পেটত খাব পাৰিলে ভাল।
👉পুৰণি বৰথেকেৰাৰ গুটি (১০/১৫ টা) খুন্দি তাক ১০০ মিঃলিঃ পানীত তিয়াই সেই পানী খালে হৃদৰোগ আৰোগ্য হয়।
হৃদৰোগ (HEART DISEASE) হলে কি খাব লাগে?
👉ভেটফুল, শতমূল,পদিনা, মানিমুনি, নহৰু, আদা, খেজুৰী, জালুক, মচুৰ, কচু, ঢেকীয়া, কলমৌ, কলডিল, সুমথিৰা টেঙা, আম, ধনীয়া, পুৰণি কোমোৰা, পুৰণি গুৰ, শিলিখা, নীলবৰণীয়া ডালিম, গুলন্স, পকা কঠাল হৃদৰোগৰ টনিক।
হৃদৰোগ (HEART DISEASE) হলে কি খাব লাগে?
👉 তিতাকেৰেলা, কৰ্দ্দৈ, বাদাম, নিমৰ পাত, অধিক আহাৰ খাব নালাগে, পিঁয়াজ,উৰহী, আলু, নিমখ, মাদকদ্রব্য, ম'হৰ গাখীৰ, কবি, কেঁচা জলকীয়া, মাংস, মাছ, তিতাদ্রব্য খোৱা বেয়া। ঘিউ, তেল বা ইয়াৰে প্ৰস্তুত কৰা খাদ্য খাব নালাগে।