উচ্চ ৰক্তচাপ
(HIGH BLOOD PRESSURE)
উচ্চ ৰক্তচাপ (HIGH BLOOD PRESSURE) কাৰণ কি ?
👉সাধাৰণতে বয়সস্থ লোকৰ এই ৰোগ হয়। তেজচলাচল কৰা ধমনীবোৰৰ ভিতৰৰ ছাল অতি ডাঠ হলে আৰু সাধাৰণতে তেজৰ পৰিমাণ বেছি হ'লে (অৱশ্যে দেহত প্রয়োজনতকৈ তেজ কম থাকিলেও) এই ৰোগ হ'ব পাৰে।
উচ্চ ৰক্তচাপ (HIGH BLOOD PRESSURE) লক্ষণ কি?
👉স্বাস্থ্যবান মানুহৰ ওপৰত উল্লেখ কৰা স্বাভাৱিক বা নিয়মিত ৰক্তচাপতকৈ বেছি হ'লে উচ্চ ৰক্তচাপ বোলা হয়। এই ৰোগত মূৰৰ বিষ আৰু মূৰৰ কামোৰণী হয়। বুকুৰ বিষ আৰু শৰীৰ দুৰ্বল হয়। চকুৰে জলক-তবক দেখে। টোপনি কম হয়। কাণেৰে কম শুনে। গাজিন-জিনায়। উত্তেজনা আৰু উদ্বেগ আদি লক্ষণে দেখা দিয়ে। সাধাৰণ কথাতে খং উঠে। স্মৰণশক্তি হ্রাস হয়। প্রস্রাৱ বেছি হয়।
স্বাভাৱিক ৰক্তচাপ - ১৪০/৯০ (৪৫ বছৰৰ তলত)১৬০/১০০ (৪৫ বছৰৰ ওপৰত)
বয়সস্থ লোকৰ কাৰণে ১৭০/১১৫ ক স্বাভাৱিক ৰক্তচাপ বুলি ধৰিব পাৰি।
উচ্চ ৰক্তচাপ (HIGH BLOOD PRESSURE) পৰা কিদৰে বাচিব পাৰি?
👉 মৌজোল ২০০ মিঃলিঃকৈ তুলসীৰ ৰসৰ লগত খালে উচ্চ ৰক্তচাপ ভাল হয়।
👉 আমলখি ৭/৮ টা খুন্দি তাক মিচিৰিৰ সৈতে খালে ৰক্তচাপ স্বাভাৱিক হয়।
👉 চজিনাৰ কুঁহিপাত আঞ্জা কৰি নিয়মীয়াকৈ খালে এই ৰোগ ভাল হয়। ৰাতিপুৱা শুদা পেটত চজিনাৰ পাতৰ ৰস ৫০ মিঃলিঃ খাব লাগে।
👉 মানিমুনি বাব্রাহ্মি শাকৰ ৰস ৭/৮ চামুচকৈ মৌজোল বা মিচিৰি মিহলি কৰি একেৰাহে ১৫/২০ দিন খাব লাগে।
👉 নেফাফুৰ কুমলীয়া আগ ৪ টা, ৪ ফুটা নহৰুৰ সৈতে পাতত দি ৰাতিপুৱা শুদা পেটত খাব লাগে।
👉 সর্পগন্ধাৰ ৰস ২ চামুচ দৈনিক ২ বাৰকৈ খাব লাগে।
👉 জেতুকাৰ পাত খুন্দি মূৰত আৰু ভৰিৰ তলুৱাত প্ৰলেপ দিব লাগে।
👉 ছালকুঁৱৰীৰ পাত খুন্দি মূৰত প্ৰলেপ দিলে ৰোগ আৰোগ্য হয়।
👉 কেঁচা নহৰু ২ টাকৈ দৈনিক ভাতত দি একেৰাহে এক/ডেৰ মাহ খালে উচ্চ চাপ স্বাভাবিক অবস্থালৈ আহে।
👉 কলীয়া তুলসীৰ ১০ চামুচ ৰসৰ লগত ৮ চামুচ কেঁচা হালধি মিহলাই দিনে ২ বাৰকৈ খাব লাগে।
👉 দৈনিক ৮/৯ টা ভাল জাতৰ কেঁচা আমলখি খোৱা ভাল।
👉 পলাসৰ শিপাৰ বস ২ চামুচ দৈনিক ২ বাৰকৈ খাব পাৰিলে যথেষ্ট উপকাৰ পোৱা যায়।
👉 বিলাহীৰ ৰস ২০০ মিঃলিঃ দৈনিক খোৱা ভাল।
👉 আপেলৰ ৰস ২৫০ মিঃলিঃ নিয়মীয়াকৈ একমাহ খোৱা উচিত।
উচ্চ ৰক্তচাপ (HIGH BLOOD PRESSURE) ৰক্তপিত্ত হলে কি খাব লাগে?
👉বিলাহী, মাটিকঠাল, সুমথিৰা টেঙা, নাচপতি, আম, মধুৰীআম আদি সুপথ্য। পকা তেঁতেলি আৰু গুৰ উপকাৰী।
আহাৰ কমকৈ খাব লাগে, এনেয়ে বহি শুই নাথাকি পাতলীয়া দুই এটা সাধাৰণ কাম কৰিলে ভাল। পুৱা সোনকালে শুই উঠিব লাগে। গা ধোওঁতে গা খুব পিহি ধোৱা ভাল।
উচ্চ ৰক্তচাপ (HIGH BLOOD PRESSURE) ৰক্তপিত্ত হলে কি খাব নালাগে?
👉পিঁয়াজ, কণী, কঠাল, নিমখ, ভজামাছ, দাইল, মাংস,