সাৰ বেমাৰ বা কামলা
 ( JAUNDICE )




সাৰ বেমাৰৰ (JAUNDICE) কাৰণ কি কি?

👉যকৃত ৰোগ হ'লে, পিত্তত পাথৰ হ'লে, পিত্তনলী যকৃতৰ অর্ন্তগত পিত্তাশয়ৰ পৰা ওলোৱা পিত্ত বর্ণক (Biles Figment) ইমানকৈ বাঢ়ি যায় যে- যকৃত কোষ (Cells of the liver) ৰ দ্বাৰা তাক গ্ৰহণ কৰিব নোৱাৰে- যাৰ ফলত ই ৰক্তনলিকাৰ (Blood sterms) লগত মিহলি হৈ যায়। সেইকাৰণে শৰীৰৰ বিভিন্ন অঙ্গ-প্রত্যঙ্গ হালধীয়া হৈ যায়।


যকৃত ৰোগৰ (LIVER DISEASES) মূল লক্ষণ কি কি?

👉চকু, জিভাৰ তল আৰু ছাল হালধীয়া হয়। আনকি প্রস্রাৱও হালধীয়া হোৱা দেখা যায়। ৰক্তহীনতাই দেখা দিয়ে, শৰীৰ দুর্বল হয়, পেটত বিষ হয়, জ্বৰ উঠে, ভোক কম হয়, যকৃত আৰু প্লীহা বৃদ্ধি হয় আৰু গুহ্যদ্বাৰেদি কেতিয়াবা তেজ ওলায়। যকৃতত হাতেৰে টিপিলে বিষ হয়। প্রথম অৱস্থাত বমি বমি ভাব হয়। শৰীৰ অতি দুৰ্বল হয়।



 সাৰ বেমাৰ বা কামলা চেষ্টাৰ পৰা কিদৰে বাচিব পাৰি?

👉১ কাপ মিঠা আমৰ ৰস আৰু এক কাপ গাখীৰ মিহলি কৰি তাত মৌজোল ৩ চামুচ দি ৰাতিপুৱা আৰু গধূলি খাব লাগে।
পেটৰ ৰোগ

👉 ২০ গ্রাম কেৰেলাৰ ৰসত ১ কাপ পানী মিহলাই ৰাতিপুৱা আৰু গধূলি খাব লাগে।

👉৫/৬ টা শিলিখা গুড়ি কৰি গুৰৰ সৈতে খালে সকলো প্ৰকাৰৰ জন্দিচ ৰোগ আৰোগ্য হয়।

👉একাপ পানীত ২৫ গ্রাম খিছুমিছু ৰাতি তিয়াই ৰাখি ৰাতিপুৱা খিছমিছ কেইটা খচি তাক চেকি সেই পানীত কেইগ্রামমান মৌজোল মিহলি কৰি খালে ৰক্তহীনতা দূৰ হয় আৰু সাৰ বেমাৰ আৰোগ্য হোৱাত সহায় কৰে।

👉 দুকাপ পানীত আধা কাপ পৰিষ্কাৰ ঘেঁহু ১২ ঘন্টা তিয়াই ৰাখি পাচত সেই পানী খাব লাগে।

👉 একাপ গাজৰৰ ৰসত ২/৩ চামুচ মৌজোল মিহলি কৰি খালে এই ৰোগ আৰোগ্য হয়।

👉 গুলন্স লতা বা আমৈলতা মৌজোলৰ লগত মিহলি কৰি খালে পাণ্ডু ৰোগ ভাল হয়।

👉 ৫ চামুচ গুলন্সৰ ৰস ঘোলৰ সৈতে খালেও ভাল ফল পোৱা যায়।

👉 কেঁচা হালধি গুড়িৰ লগত মৌ, ঘিউ, চেনি মিহলি কৰি খাব লাগে।

👉 আঁকি কুঁহিয়াৰৰ ৰস এগিলাচকৈ দিনে ২ বাৰ খাব লাগে।

👉১০ গ্রাম আমলখিৰ ৰসত ২/৩ চামুচ মৌ মিহলাই খালে ভাল।

👉 কেঁচা অমিতা তৰকাৰী কৰি (মছলা নিদিয়াকৈ) কেইদিনমান খালেই এই ৰোগ ভাল হয়।

👉কেঁচা মূলা চোবাই খালে এই ৰোগ নাশ হয়। মূলাৰ পাতৰ ৰস একাপত ৪/৫ চামুচ চেনি আৰু মৌ মিহলি কৰি খালেও ভাল ফল পোৱা যায়।

👉৪/৫ ফুটা নহৰু খুন্দি আধা কাপ গৰম গাখীৰত মিহলাই একেৰাহে দুদিন খালেই এই ৰোগ ভাল হয়। এই ঔষধ খোৱাৰ আগতে কিছু গাখীৰ খোৱা ভাল।

👉মিচিমি তিতাৰ লগত গ্লোকোজ মিহলাই খালে এই ৰোগ আৰোগ্য হয়।

👉এগিলাচ পানীত এটা কাজি নেমুৰ ৰস মিহলি কৰি খালেও যথেষ্ট উপকাৰ হয়।

👉তিতাফুলৰ (বাহকতিতা) ২০ মিঃলিঃ ৰসত সামান্য চেনি মিশ্রণ কৰি দিনে দুবাৰকৈ একেৰাহে তিনিদিন খাব লাগে।

👉 বগীজামুৰ দক্ষিণ ফালৰ ৩ ইঞ্চি ছাল এৰুৱাই তাক ভালদৰে খুন্দি তাৰ ৰসত বিশুদ্ধ গাখীৰ আধা গিলাচ মিহলাই খাব লাগে।

👉 যম লাখুটিৰ শিপা ৬ ইঞ্চি দীঘল ৩ ডাল শিপাৰ ৰস উলিয়াই ২০০ গ্রাম গাখীৰৰ সৈতে খাব লাগে।

👉 ওভোটা-বনসূতৰ শিপা ৩ ডাল, গৰু গাখীৰ আধা গিলাচ আৰু অলপ মিচিৰি মিহলি কৰি খাব লাগে।


 সাৰ বেমাৰ বা কামলা (JAUNDICE) হলে  কি খাব লাগে?


👉 ধনীয়াৰ ৰস, কৰদৈ টেঙা, আমলখি, কুঁহিয়াৰ, ব্রাহ্মী শাক, দোৰোণ, পূৰাকল, কেহেৰাজ, নিমৰ পাত, আনাৰসৰ ৰস, শিলিখা, দুপৰীয়া টেঙাৰ পাত্ৰ, পটল, পকা মিঠা আমৰ ৰস, জেতুকাৰ ৰস উপকাৰী। ৰহৰ দাইলৰ পাতৰ ৰস, ছালকুঁৱৰী সুপথ্য। পানী খোৱা ভাল।


সাৰ বেমাৰ বা কামলা (JAUNDICE) হলে  কি খাব নালাগে?

👉যিকোনো মছলা, তেল, উৰহি, ভজা-পোৰা বস্তু, বৰালি মাছ, মাটি মাহ, হালধি, নিমখ, তামোল-পাণ খোৱা বেয়া, স্ত্রী সংগম কৰিব নালাগে, পৰিশ্ৰম কৰা বেয়া।



সাৰ বেমাৰ বা কামলা (JAUNDICE) হলে  কি ব্য়ায়্যাম কৰিব লাগে ?



👉বিশ্রাম:বিশ্রাম লোৱা অতি গুৰুত্বপূর্ণ। যেহেতু জণ্ডিচৰ সময়ত যকৃতৰ সমস্যা থাকে আৰু শৰীৰৰ শক্তি কম থাকে, সেয়ে অধিক বিশ্রাম লোৱাটো প্ৰাথমিক অৱস্থা।চিকিৎসক আপোনাক বিশ্ৰাম ল’বলৈ পৰামৰ্শ দিব পাৰে, বিশেষকৈ যদি আপুনি ক্লান্ত বা অসুস্থ অনুভৱ কৰে।

হালকা শাৰীৰিক কৰ্ম:

যেতিয়া আপুনি কিছু পৰিমাণে আৰোগ্য লাভ কৰিব, তেতিয়া হালকা হাঁটাহাঁটি বা হালকা যোগা কৰিব পাৰে।যকৃতৰ সঠিক কাৰ্যক্ষমতা সুৰক্ষিত ৰখাৰ বাবে হালকা এক্সাৰচাইজ সাহায্য কৰিব পাৰে। তবে, অধিক শাৰীৰিক চাপ পৰা এৰাই চলিব।

 যোগাসন (Yoga):

যোগা মস্তিষ্ক আৰু শৰীৰৰ সান্ত্বনা আৰু আৰামৰ বাবে উপকাৰী। বিশেষকৈ প্ৰাণায়াম (Breathing exercises) আৰু সুশুভিৰা (Simple stretches) যোগাসন অভ্যাস কৰিব পাৰে। এইবোৰে যকৃতৰ সুস্থতাৰ ওপৰত সহায় কৰিব পাৰে।কিছু যোগাসন, যেনে বুৎধাসন (Baddha Konasana), পদমাসন (Padmasana), আৰু ভুজাঙ্গাসন (Bhujangasana), ত্বক আৰু পাচনতন্ত্ৰৰ উন্নতিৰ বাবে সহায়ক হয়।

 হালকা হাঁটাহাঁটি:

হাঁটাহাঁটি খুব হালকা আৰু ধীৰ গতিত কৰক। হাঁটাৰ সময়ত অধিক শাৰীৰিক চাপ নপৰাৰ বাবে সাৱধানতা অৱলম্বন কৰক।২৫-৩০ মিনিটৰ হালকা হাঁটা বাচল আৰু মাংসপেশী সক্ৰিয় ৰখাৰ বাবে ভাল।


***