কুষ্ঠ ৰোগ (LEPROSY) 




কুষ্ঠ ৰোগ (LEPROSY) কাৰণ কি কি?

👉Mycobacterium Lepra নামৰ এক প্ৰকাৰ বীজাণুৰ দ্বাৰা এই ৰোগ হয়। যিকোনো বয়সতে এই ৰোগ হ'ব পাৰে যদিও শিশুসকলক সাধাৰণতে এই ৰোগে বেছিকৈ আক্রমণ কৰে। এই ৰোগীৰ লগত দীর্ঘদিন ধৰি মিলা-মিছা কৰিলেও এই ৰোগ হ'ব পাৰে। ই বংশগত ৰোগ নহয়।


কুষ্ঠ ৰোগ (LEPROSY) লক্ষণ কি কি?

👉 প্রথমে হাত বা ভৰিত অকণমান বগা, ৰঙা বা শেঁতা পৰা দেখা যায়। ৰঙা পৰা স্থানত বেজিয়ে খুচিলেও অনুভৱ নহয়। পাচত সেই স্থানত বা অন্য ঠাইত ঘা হয়। ঘা উখহি থাকে আৰু প্ৰায়ে ৰঙা বা বগা পৰি থকা দেখা যায়। ঘাৰ পৰা কেতিয়াবা তেজ ওলায়; প্রধানকৈ এই ৰোগ হাত-ভৰিত হয় যদিও মুখ, কাণ বা শৰীৰৰ যিকোনো অঙ্গ- প্রত্যঙ্গতে হ'ব পাৰে। এই ৰোগত গৰমতো ঘাম ওলোৱা কম হয়। ৰোগ বেছি হ'লে সংজ্ঞাহীন হৈ হাত বা ভৰিৰ আঙুলি চিঙি পৰে, মাংসপেশী শুকায় যায়। ৰোগীৰ হঠাৎ জ্বৰ হয়। Lymph gland ফুলি উঠে। ৰোগী অসম্ভৱ দুৰ্বল হৈ পৰে।



কুষ্ঠ ৰোগ (LEPROSY)পৰা কিদৰে বাচিব পাৰি?


👉একেলগে খুন্দি ২ গ্রাম খালে ৰোগ বিনষ্ট হয়। 

👉 ৰাতিপুৱা সদায় গৰুৰ মৃত ৫০ মিঃলিঃ খালে এই ৰোগ প্রশমিত হৈ থাকে।

👉গাঢ় নীলা অপৰাজিতাৰ ফুলত পিপলিব শিপা মিহিকৈ বাটি শ্বেত কুষ্ঠত প্রলেপ দিলে ৰোগ আৰোগ্য হয়। এনেদৰে একেৰাহে ২০/২৫ দিন ব্যৱহাৰ কৰিলেই ৰোগ সম্পূর্ণ ভাল হয়।

👉কালকাসুন্দৰ পাতৰ ৰস নিয়মীয়াকৈ ৰাতিপুৱা খালে কুষ্ঠ ৰোগ ভাল হয়।

👉বগা কৰবীৰ শিপা খুন্দি প্রলেপ দিব লাগে আৰু সামান্য পৰিমাণৰ বস সমপৰিমাণৰ পানীৰ লগত খাব লাগে।

👉অগৰুৰ তেলেৰে মালিচ কৰিব লাগে।

👉সোমৰাদ গছৰ গুটি পিহি তাত তিল মিহলি কৰি ১৫ দিনমান একেৰাহে খালেই কুষ্ঠ ৰোগ ভাল হয়।

👉বগা বাহকৰ পাতৰ ৫ চামুচ বস মৌৰ সৈতে মিহলি কৰি দৈনিক খাব লাগে।

👉চিৰতা শুকান কৰি ৩ চামুচ গুড়া নিয়মীয়াকৈ খালে কুষ্ঠৰোগ প্রশমিত হয়।

👉নহৰু পিহি সানিব লাগে আৰু দৈনিক ১০/১২ ফুটাকৈ খাব লাগে।

👉 মহানিমৰ শিপা, পাত, ছাল, ফুল আৰু ক্কাথ নিয়মিত ব্যৱহাৰ কৰিলে কুষ্ঠৰোগ প্রশমিত হৈ থাকে।

👉 চতিয়না গছৰ ছাল আৰু ত্রিকুট (শুঠ, পিপলি আৰু জালুক)


👉ভীমকলৰ খাৰৰ লগত কেঁচা হালধি এটুকুৰা খুন্দি সানিলে কুষ্ঠ বোগ ভাল হয়।

👉সোমৰাজ পাতত নিমখ লগাই সানিলেও উপকাৰ পোৱা যায়।

👉গুলন্স পাতৰ ৫ চামুচ ৰস গৰুৰ ঘিউৰ সৈতে খাব লাগে, মৌৰ সৈতে খালেও ভাল ফল পোৱা যায়।

👉 কূটজ গছৰ শুকান ছালৰ গুড়া ২ চামুচ দৈনিক খোৱা ভাল।



কুষ্ঠ ৰোগ (LEPROSY) হলে  কি খাব লাগে?

👉 মানিমুনি, ভেকুৰী, চজিনা, টেঙেচি টেঙা, আমলখি, তিতা ফুল, মহানিম, ৰঙালাও, ক'লা সৰিয়হ, মৰাপাট শাক, অপৰাজিতা ফুল, জিৰা, আদা, তুলসীৰ ৰস, পটল, কালজিৰা, কূটজ, নহৰু, মৌ, কনৰীয়া চৰাইৰ মাংস, গুলন্স সুপথ্য। শিলিখাৰ ৰস মৌৰ লগত খাব লাগে।


কুষ্ঠ ৰোগ (LEPROSY) হলে  কি খাব নালাগে?

👉গাখীৰ, দৈ, তিল, মাদকদ্রব্য, বিড়ি, চিগাৰেট, নতুন বিলাহী, বেঙেনা, কচু, বৰা চাউলৰ ভাত, বৰালি মাছ, গুৰুপাকী বস্তু অপথ্য।


***