নিম্ন ৰক্তচাপ  

(LOW BLOOD PRESSURE)


নিম্ন ৰক্তচাপ (LOW BLOOD PRESSURE) কাৰণ কি ?

👉দেহত পুষ্টিকৰ খাদ্যৰ অভাৱ হ'লে নিম্ন ৰক্তচাপ হ'ব পাৰে। বংশগত ৰোগ বুলিও বহু চিকিৎসকে কয়। তেজৰ পৰিমাণ কম হ'লেও এই ৰোগ হ'ব পাৰে।


নিম্ন ৰক্তচাপ (LOW BLOOD PRESSURE) লক্ষণ  কি ?

👉শৰীৰ দুৰ্বল হয়। স্বাস্থ্যবান মানুহ এজনৰ নিয়মিত ৰক্ত চাপতকৈ কম হ'লেই নিম্ন ৰক্তচাপ বোলা হয়। শৰীৰৰ উত্তাপ কমি যায়। মূৰ ঘূৰণী হয়।


নিম্ন ৰক্তচাপ (LOW BLOOD PRESSURE) পৰা কিদৰে বাচিব পাৰি ?

👉 ভীমকলৰ ডিল (কলডিল) দিনে ২ বাৰকৈ একেৰাহে ২/৩ দিন ৰান্ধি খোৱা উচিত। কলডিলৰ সৈতে পাৰ চৰাইৰ মাংস ৰান্ধি খাব পাৰিলেও ভাল।

👉পৌননৌৱা শাক দিনে ১০০ গ্রামকৈ কিছুদিন খালে নিম্ন ৰক্তচাপ ৰোগ আৰোগ্য হোৱাত সহায়ক হয়।

👉 আধা লিটাৰ গাখীৰত কেইটুকুৰামান গাজৰ কাটি এটা পাত্ৰত উতলাই গৰম কৰি খালে শৰীৰত যথেষ্ট শক্তি পোৱা যায় আৰু লৌহ জাতীয় পদার্থ বৃদ্ধি পায়।

👉 আহাৰৰ লগত দিনে ২ টাকৈ কেঁচা পিঁয়াজ আৰু দুটা কণী কেঁচাই খাব পাৰিলে ভাল।


নিম্ন ৰক্তচাপ (LOW BLOOD PRESSURE)  হলে  কি খাব লাগে?

👉 গৰম ক্ৰিয়াদায়ক বস্তু বিশেষকৈ কণী, মাংস, পিঁয়াজ, হিং, কেঁচা ফল-মূল সুপথ্য। তদুপৰি ৰক্তহীনতা ৰোগত উল্লেখ কৰা পথ্য এই ৰোগত ব্যৱহাৰ কৰিব পাৰি। ৰসাল বস্তু খাব লাগে। খেজুৰী, বাদাম, আপেল, আঙ্গুৰ উপকাৰী। ভীমকলৰ পচলা ভাল, কলীয়া কচুৰ ঠুৰি জালুক দি ৰান্ধি খাব লাগে।


নিম্ন ৰক্তচাপ (LOW BLOOD PRESSURE) হলে  কি খাব লাগে?

👉টান আৰু নিৰস বস্তু, বিড়ি, চিগাৰেট খাব নালাগে অধিক শাৰিৰীক আৰু মানসিক পৰিশ্ৰম কৰা বেয়া। চিন্তা, দুখ, বেজাৰ পাতলাব লাগে।