ঘামচি 

(PRICKLY HEATS)



ঘামচি (PRICKLY HEATS) কাৰণ কি কি?

👉ছাল খহটা হ'লেই এই ৰোগ হোৱা দেখা যায়।সাধাৰণতে গৰমকালিহে ঘামচি হয়। ছাল অপৰিষ্কাৰ বা বহু সময় ঘামি থাকিলে বা ঘাম ওলাব নোৱাৰিলে ঘামচি হয়।


ঘামচি (PRICKLY HEATS) মূল লক্ষণ কি কি?

👉গাৰ ছালত নিচেই সৰু সৰু ফোঁহাৰ দৰে হয় আৰু গৰম বেছি হ'লেই খজুৱতী বেছি হয়।


ঘামচি (PRICKLY HEATS)পৰা কিদৰে বাচিব পাৰি?

👉হেলচি শাক পিহি গাত ঘঁহিব লাগে।

👉 ২৫০ গ্রাম কেঁচা হালধি খুন্দি দুবৰি বনৰ ৰসৰ লগত মিশ্ৰণ কৰি ঘামচি হোৱা ঠাইত লগালে ঘামচি নাইকিয়া হয়।

👉 গোলনেমু ৫ টা ফালি ঘামচি হোৱা ঠাইত লগালে ঘামচি নাইকিয়া হয়।

👉৪/৫ খন তেজপাত পিহি ঘামচি হোৱা ঠাইত সানিব লাগে।

👉ৰঙা চন্দনৰ গুড়া ঘামচি হোৱা ঠাইত কিছু সময় প্রলেপ দি পিছত পানীৰে ধুই পেলালে যথেষ্ট উপকাৰ পোৱা যায়।

👉মহানিমৰ পাত সিজাই সেই পানী ঠাণ্ডা কৰি গা ধুলে ঘামচি নাইকিয়া হয়।



ঘামচি (PRICKLYHEATS) ৰ সময়ত ল'বলগা সাৱধানতা কি কি ?

👉গাৰ ছাল সদায় পৰিষ্কাৰকৈ ৰাখিব লাগে।ঘাম ওলালে তৎক্ষণাৎ পৰিষ্কাৰ পানীৰে ধুই বা কাপোৰেৰে মোহাৰিব লাগে। দিনে ৩ লিটাৰমানকৈ ঠাণ্ডা পানী খোৱা ভাল। বিড়ি, চিগাৰেট, ধপাত আদি খাব নালাগে। শৰীৰৰ ছালৰ ওপৰত মুকলি বতাহ লাগিবলৈ নিদি লেপেট খোৱাকৈ বতাহ সোমাব নোৱাৰা কাপোৰ একেৰাহে বহু সময় পিন্ধিব নালাগে। গৰমত হঠাতে কাপোৰ সলাব নালাগে।


***