খৰ 

(RINGWORM)



খৰ (RINGWORM) কাৰণ কি কি?

👉Tinea নামৰ এক প্ৰকাৰ ভেঁকুৰ (Fungus) ৰ পৰা এই ৰোগ হয়। গাৰ ছাল আৰু পিন্ধা কাপোৰ অপৰিষ্কাৰ, তিতা কাপোৰ পিন্ধা, দেহত খাদ্য প্ৰাণৰ অভাৱ হোৱা আদিৰ কাৰণেও এই ৰোগ হয়।


খৰ (RINGWORM) মূল লক্ষণ কি কি?

👉ছালৰ যিকোনো ঠাইতে হ'ব পাৰে। বাৰিষা কালতএই ৰোগ বেছি হয়। ছালৰ ওপৰ ভাগত ৰঙা বা কজলা বৰণ হৈ সৰু সৰু ফোঁহা হয় আৰু চকলা চকল হৈ থাকে। ফোঁহাবিলাকৰ খজুৱতি হয় আৰু খজুৱালে কিছুমানৰ পৰা পানী বাহিৰ ওলায়। এই আঠাযুক্ত পানী পিন্ধা কাপোৰ বা শৰীৰৰ ছালত কেনেবাকৈ লাগিলে সেই স্থানতো খৰ হ'ব পাৰে। লগে লগে উপযুক্ত চিকিৎসা নল'লে খৰ ডোখৰ ক্ৰমান্বয়ে বাঢ়ি যাবলৈ ধৰে।


খৰ (RINGWORM) পৰা কিদৰে বাচিব পাৰি?

👉 খৰ পাতৰ ২/৩ খিলা পাত খুন্দি লগালেও খৰ ভাল হয়।

👉 অমিতাৰ আঠা খৰ হোৱা ঠাইত খজুৱাই লগালে খৰ ভাল হয়।

👉 কলীয়া তুলসীৰ পাত কেইটামান খুন্দি তাত অলপ নিমখ মিহলাই খৰ হোৱা ঠাইত ঘঁহিলে খৰ গুচে।

👉 কেঁচা হালধি পিহি দিনত তিনিবাৰ আৰু ৰাতি শোৱাৰ আগতে এবাৰ খৰ হোৱা স্থানত খজুৱাই লগালে খৰ ভাল হয়।

👉 নহৰু ৪/৫ ফুটা খুন্দি খৰ হোৱা স্থানত লগালে খৰ সহজে ভাল হয়। এনেদৰে হাতীখৰতো ব্যৱহাৰ কৰিব পাৰি।

👉মাখিয়তি গছৰ ঘাই শিপা ৩ ইঞ্চিমানকৈ তিনি টুকুৰা ভালদৰে খুন্দি খৰ হোৱা ঠাইত লগালে বহুদিনীয়া পুৰণি খৰো ভাল হয়।

👉 কলীয়া তুলসীৰ কেইটামান পাত মোহাৰি সামান্য নিমখ দি খৰ হোৱা ঠাইত খজুৱাই দিনে ২ বাৰকৈ লগালে খৰ ভাল হয়।


খৰ (RINGWORM) হলে  কি খাব লাগে?

👉 খাদ্যপ্রাণ 'খ' তিতা দ্রব্য, কঠালৰ গুটি, হালধি, চজিনা,  যুক্ত আহাৰ খোৱা ভাল। অমিতা, চয়াবিন, কাটা-খুটৰা, ইলাচি, বগা সৰিয়হ উপকাৰী।


খৰ (RINGWORM) হলে  কি খাব লাগে?

👉 বিজলুৱা বস্তু, বেঙেনা, বৰা চাউল খোৱা বেয়া।


***