খজুৱতী (SCABIES) 


খজুৱতী (SCABIES) ৰ কাৰণ কি কি?

👉 তেজৰ দোষত বা অতি লেতেৰা হৈ থাকিলে এই ৰোগে দেখা দিয়ে। অৱশ্যে, এই ৰোগ বংশগত ৰোগ হিচাপেও হোৱা দেখা যায়।


খজুৱতী (SCABIES) ৰ লক্ষণ  কি কি?

👉সাধাৰণতে সৰু ল'ৰা-ছোৱালীৰ গাত এই ৰোগ দেখা যায় যদিও বয়সস্থ লোকৰো এই ৰোগ হ'ব পাৰে। আঙুলিৰ ফাঁকে- ফাঁকে বা শৰীৰৰ যিকোনো অঙ্গত সৰু ঘামচিৰ দৰে ফোঁহা হয় আৰু খুব খজুৱায়।


খজুৱতী (SCABIES) ৰপৰা কিদৰে বাচিব পাৰি?

👉নাৰিকল তেলৰ লগত গোলনেমুৰ ৰস মিহলি কৰি খজুৱতী হোৱা ঠাইত লগালে খজুৱতী নাইকিয়া হয়।

👉মহানিমৰ পাত ভাজি ৰাতিপুৱা শুদা পেটত ১০ গ্রামকৈ খাব লাগে আৰু নিমপাত সিজোৱা পানীৰে গা ধুব লাগে।

👉এচামুচ বিলাহী ৰসৰ লগত ২ চামুচ নাৰিকলৰ তেল মিহলি কৰি খজুৱতী হোৱা ঠাইত মালিচ কৰিলে খজুৱতী ভাল হয়।

👉গাজৰ কাটি খজুৱতী হোৱা ঠাইত লগাব লাগে আৰু গাজৰ খাব লাগে।

👉নহৰু খুন্দি তাৰ ৰস খজুৱতী হোৱা ঠাইত লগাব লাগে।

👉অৰহৰ দাইল পিহি দৈৰ সৈতে খজুৱতী হোৱা ঠাইত লগালে খজুৱতী ভাল হয়।

👉 মাটিমাহ পিহি ঝটি কৰি প্ৰায় এমাহ খালে খজুৱতী নাইকিয়া হয়।

👉সমান পৰিমাণৰ চফগুটি আৰু ধনীয়া পিহি তাৰ দেৰগুণ পৰিমাণৰ ম'হৰ ঘিউ আৰু অলপ চেনি মিহলাই ৰাতিপুৱা আৰু গধূলি ৩০ গ্রামকৈ খাব লাগে।

👉এচামুচ হালধিৰ ৰস, একাপ গৰম গাখীৰ, ঘিউ মিহলাই ৰাতিপুৱা, গধূলি খোৱা ভাল। চামুচ গৰুৰ খাটি

👉 ২৫০ মিঃলিঃ সৰিয়হ তেলত ৫০০ মিঃলিঃ দূবৰি বনৰ ৰস আধা কাপ হালধিৰ ৰস পানী দি পিহি তাক লোহাৰ কেৰাহীত ঢালি গৰম কৰিব লাগে। তাৰ পাচত বটলত ভৰাই থৈ খজুৱতী হোৱা ঠাইত লগাব লাগে। ইয়াৰ দ্বাৰা খুদ খহুও ভাল হয়।

👉চিৰতা তিতাৰ ৰস খাব আৰু লগাব লাগে।

👉জালুক ৪/৫ টা পিহি গৰুৰ ঘিউৰ সৈতে মিহলাই লগালে সকলো প্ৰকাৰৰ খজুৱতী নাইকিয়া হয়।

👉 আমলখিৰ ২০ গ্ৰাম ৰসত অলপ চেনি মিহলি কৰি খালে খজুৱতী ভাল হয়।

👉 খুদ জলকীয়া পিহি খজুৱতী হোৱা ঠাইত লগালে খজুৱতী ভাল হয়।

👉 মহানিম, কেঁচা হালধি সিজোৱা গৰম পানীত নাৰিকল তেল দি গা ধুব লাগে।


খজুৱতী (SCABIES) কি খাব লাগে?

👉তিতা বস্তু, তুলসীৰ পাত, নহৰু, হালধি, কলীয়া কচুৰ ঠাৰি, কলমৌ, অমৰা, বাসক তিতাৰ ফুল, শিলিখা, মধুৰী আম, মানিমুনি, কুচিয়া, চেঙা মাছ উপকাৰী। যথেষ্ট ঠাণ্ডা পানী খাব লাগে।


খজুৱতী (SCABIES) কি খাব লাগে?

👉জ্বলা-পোৰা বস্তু, ভাং, ধঁপাত, মাদকদ্রব্য খোৱা বেয়া, বেছিকৈ খোৱা ভাল নহয়, তেঁতেলী টেঙা, বিজলুরা বস্তু খাব নালাগে। শৰীৰৰ দূষিত পদাৰ্থবোৰ বাহিৰ ওলোৱাত বাধা দিব নালাগে।