দুষ্টবর্ণ 

(SEPTIC ULCER)


দুষ্টবর্ণ (SEPTIC ULCER) কাৰণ কি কি?

👉কাঁইট বা হুল আদি সোমালে, কটা-চিঙা হ'লে পুঁজ সময়তে বাহিৰ হ'ব নোৱাৰিলে এই ৰোগ হ'ব পাৰে। দেহত লোহিত আৰু শ্বেত ৰক্ত কণিকা কমিলে সহজে দুষ্টবর্ণ হয়।


দুষ্টবর্ণ (SEPTIC ULCER) লক্ষণ কি কি?

👉 ঘা ভিতৰি ভিতৰি পকি থাকে আৰু ক্ৰমান্বয়ে ঘা বহল হৈ পৰে। ঘা সহজে নুশুকায়। ঘাৰ পৰা মাজে মাজে পুঁজ পানী বাহিৰ হৈ থাকে।


দুষ্টবর্ণ (SEPTIC ULCER)পৰা কিদৰে বাচিব পাৰি?

👉 বিশল্যকৰণীৰ ৪/৫ খিলা পাত খুন্দি ঘাত প্রলেপ দিলে ঘা সহজে শুকায়।

👉 চতিয়না গছৰ আঠা লগালে দুষ্টবর্ণ ভাল হয়।

👉পচতীয়াৰ ৮/১০ খিলা পাত খুন্দি প্রলেপ দিব লাগে।

👉গৰম পানীৰে ঘা পৰিষ্কাৰ কৰি বগা বাহকৰ কুমলীয়া পাত আৰু কেঁচা হালধি এডোখৰ খুন্দি ৰস উলিয়াই ভালদৰে ঘা ধুব লাগে।

👉২ গ্রাম পৰিমাণৰ মহানিমৰ (পাত, ফল, ফুল আৰু শিপা খুন্দি তাৰ ৰস) ৰস উলিয়াই ঘা ধুলে ঘা সহজে শুকায়।


দুষ্টবর্ণ (SEPTIC ULCER) হলে  কি খাব লাগে?

👉ভেকুৰী, মহানিমৰ পাত, চিৰতা, শুকুতা, তিতাকেৰেলা। তিতা দ্রব্য বেছিকৈ খাব লাগে আৰু এনে তিতা দ্ৰব্যৰ ৰসেৰে ঘা ধুব লাগে। বিশুদ্ধ নাৰিকল তেল ব্যৱহাৰ কৰিব পাৰি।


দুষ্টবর্ণ (SEPTIC ULCER) হলে  কি খাব লাগে?

👉টেঙা জাতীয় যিকোনো বস্তু খাব নালাগে। বিড়ি, চিগাৰেট, ধঁপাত, ভাং, মাদকদ্রব্য আদি খোৱা বেয়া।

***