Lesson 2


শিশুৰ বিকাশ আৰু ইয়াৰ পাৰিবাৰিক অধ্যয়ন 

    👉Text Books PDF
    👉MCQ Online Exam
    👉MCQ Answer
    👉Paid Answer (For Membership User)

1. শিশুৰ বিকাশ কি?
উত্তৰ: শিশুৰ বিকাশ হৈছে শিশুৰ শৰীৰ, মন, ভাষা, বুদ্ধি, সমাজিকতা, আৰু অনুভূতিৰ ধাৰাবাহিক পৰিৱৰ্তন আৰু উন্নতিৰ প্ৰক্ৰিয়া।

2. শিশুৰ বিকাশৰ প্ৰধান ক্ষেত্ৰসমূহ কি?
উত্তৰ:
শাৰীৰিক বিকাশ (Physical Development)
মানসিক বিকাশ (Mental Development)
ভাষাগত বিকাশ (Language Development)
সামাজিক বিকাশ (Social Development)
নৈতিক বিকাশ (Moral Development)

3. শিশুৰ বিকাশক প্রভাৱিত কৰা কাৰকসমূহ কি?
উত্তৰ:
জিন বা বংশগতি (Genetics)
পৰিৱেশ (Environment)
আহাৰ আৰু পুষ্টি (Nutrition)
স্বাস্থ্য আৰু পৰিচৰ্যা (Health and Care)
শিক্ষাৰ পৰিৱেশ (Educational Environment)

4. শিশুৰ বিকাশত পৰিয়ালৰ ভূমিকা কি?
উত্তৰ:
পৰিয়ালে শিশুৰ মৌলিক প্ৰয়োজনীয়তা পূৰণ কৰে।
ভাল পৰিচৰ্যাৰ মাধ্যমেৰে শাৰীৰিক বিকাশত সহায় কৰে।
শিশু সমাজত পৰিচিত হোৱাৰ উপায় প্ৰদান কৰে।
নৈতিকতা, আদৰ্শ, আৰু আচার-ব্যৱহাৰ শিক্ষাৰ সুযোগ দিয়ে।

5. শিশুৰ বিকাশত শিক্ষানুষ্ঠানৰ ভূমিকা কি?
উত্তৰ:
শিক্ষানুষ্ঠান শিশুক অধ্যয়ন আৰু জ্ঞান অর্জনৰ সুযোগ দিয়ে।
সামাজিক বিকাশত সহায় কৰে।
শিশুক নৈতিক মূল্যবোধ আৰু শৃংখলা শিকায়।

6. শিশুৰ শাৰীৰিক বিকাশ কি?
উত্তৰ: শিশুৰ শাৰীৰিক বিকাশ হৈছে তেওঁৰ শৰীৰৰ আকাৰ, উচ্চতা, ওজন, আৰু গঠনত হোৱা পৰিৱৰ্তন।

7. শিশুৰ মানসিক বিকাশ কি?
উত্তৰ: শিশুৰ মানসিক বিকাশ হৈছে স্মৰণশক্তি, চিন্তাশক্তি, আৰু সমস্যা সমাধান কৰাৰ ক্ষমতা বৃদ্ধি।

8. শিশুৰ ভাষাগত বিকাশ কি?
উত্তৰ: শিশুৰ ভাষাগত বিকাশ হৈছে ভাষা শিকাৰ, কথা কোৱাত দক্ষতা লাভ কৰা, আৰু শব্দভাণ্ডাৰ বৃদ্ধি।

9. শিশুৰ সামাজিক বিকাশ কি?
উত্তৰ: শিশুৰ সামাজিক বিকাশ হৈছে আন মানুহৰ সৈতে সম্পৰ্ক স্থাপন, আন্তঃব্যক্তিগত সম্পৰ্ক গঢ়ি তোলাৰ ক্ষমতা।

10. শিশুৰ নৈতিক বিকাশ কি?
উত্তৰ: শিশুৰ নৈতিক বিকাশ হৈছে ভাল-মন্দ, ন্যায়-অন্যায়, আৰু নৈতিক মূল্যবোধ উপলব্ধি কৰা।

11. শিশুৰ বিকাশৰ ধাপসমূহ কি?
উত্তৰ:
শিশুৰ জন্মৰ পূৰ্বৰ ধাপ (Prenatal Stage)
শিশুৰ জন্মৰ ধাপ (Infancy Stage)
শৈশৱ (Childhood)
কৈশোৰ (Adolescence)

12. শিশুৰ বিকাশৰ প্ৰাথমিক বছৰসমূহ কিয় গুৰুত্বপূর্ণ?
উত্তৰ:
এই সময়ছোৱাত শিশুৰ মগজুৰ বিকাশ যথেষ্ট হয়।
মৌলিক শিক্ষাগ্ৰহণৰ বুনিয়াদ গঢ় হয়।
সমাজিক আৰু নৈতিক মূল্যবোধ গঢ় লয়।

13. শিশুৰ বিকাশৰ সমস্যা কি?
উত্তৰ:
অপুষ্টি আৰু স্বাস্থ্যজনিত সমস্যা।
মনোবিজ্ঞানিক সমস্যা (ভয়, আত্মবিশ্বাসৰ অভাৱ)।
পৰিয়ালিক সমস্যা (অলেখা, পৰিয়ালিক অশান্তি)।
শিক্ষাৰ অভাৱ।

14. শিশুৰ বিকাশৰ বাবে পৰিয়ালিক পৰিবেশ কেনেকুৱা হ’ব লাগে?
উত্তৰ:
ভালবাসা, স্নেহ, আৰু যত্নেৰে ভৰা।
শিক্ষামূলক আৰু খেল-ধেমালাৰ পৰিবেশ।
স্বাস্থ্যকৰ আহাৰ আৰু পৰিচৰ্যা।
ইতিবাচক আচৰণৰ উৎসাহ।

15. শিশুৰ মানসিক বিকাশত খেল-ধেমালাৰ ভূমিকা কি?
উত্তৰ:
শিশুৰ মানসিক বিকাশত খেল-ধেমালাই স্মৰণশক্তি আৰু চিন্তাশক্তি বৃদ্ধিত সহায় কৰে।
সমস্যা সমাধানৰ ক্ষমতা উন্নত কৰে।
সৃষ্টি আৰু কল্পনাশক্তি বৃদ্ধি কৰে।


TYPE BY : KRISHNA SAIKIA