Chapter 2

খিলঞ্জীয়া খেল


প্রশ্ন ১: খিলঞ্জীয়া খেল কাক কয়?

উত্তৰ: থলুৱা বা খিলঞ্জীয়া খেল হৈছে কোনো বিশেষ অঞ্চলৰ থলুৱা মানুহে খেলা পৰম্পৰাগত খেল।

প্রশ্ন ২: খিলঞ্জীয়া খেলবোৰ কিয় গুৰুত্বপূর্ণ?

উত্তৰ: এই খেলবোৰে কোনো এক সম্প্রদায়ৰ সাংস্কৃতিক আৰু সামাজিক মূল্যবোধৰ বিষয়ে ধাৰণা দিয়ে।

প্রশ্ন ৩: খিলঞ্জীয়া খেল কিদৰে খেলিব পাৰি?

উত্তৰ: এই খেলবোৰ ব্যক্তিগতভাবে বা দলত খেলিব পাৰি।

প্রশ্ন ৪: খিলঞ্জীয়া খেলবোৰে কি উপকাৰ দিয়ে?

উত্তৰ: এই খেলবোৰে সাংস্কৃতিক পৰিচয়, শাৰীৰিক সুস্থতা, জ্ঞান, দক্ষতা আৰু সামাজিকৰণৰ মাজত এখন সেতু গঠন কৰে।

পাঠ-১: কুটকুট

প্রশ্ন ১: কুটকুট খেলত কিমানজন খেলুৱৈ লাগে?

উত্তৰ: কুটকুট খেলত ন্যূনতম দুজন খেলুৱৈ লাগে।

প্রশ্ন ২: কুটকুট খেল খেলিবলৈ কি-কি লাগে?

উত্তৰ: মাটিত অংকন কৰা ক'ৰ্ট বা বাকচ সদৃশ ছবি আৰু চেপেটা শিল লাগে।

প্রশ্ন ৩: কুটকুট খেলৰ ক্ষেত্ৰ কেনেদৰে সাজে?

উত্তৰ: মাটিত বর্গক্ষেত্ৰৰ আকৃতিৰ এখন জালি আঁকি খেলৰ ক্ষেত্ৰ সাজে।

 পাঠ-২: পাৰ পানী

প্রশ্ন ১: পাৰ পানী খেল কেনেকৈ আৰম্ভ হয়?

উত্তৰ: মাটিত ডাঙৰ এটা বৃত্ত আঁকি বা ৰছী দিয়ে খেলপথাৰ বনাই খেল আৰম্ভ হয়।

প্রশ্ন ২: পাৰ পানী খেলত আহ্বানকাৰীৰ ভূমিকা কি?

উত্তৰ: আহ্বানকাৰীজন বৃত্তৰ মাজত থিয় হৈ "ভিতৰ" বা "বাহিৰ" বুলি ক'য়ে খেলুৱৈক দিশ দিয়ে।

প্রশ্ন ৩: খেলুৱৈসকলে "ভিতৰ" শব্দ শুনিলে কি কৰিব লাগে?

উত্তৰ: "ভিতৰ" শব্দ শুনিলে খেলুৱৈসকলে বৃত্তৰ ভিতৰত জপিয়াব লাগে।

প্রশ্ন ৪: খেলুৱৈসকলে "বাহিৰ" শব্দ শুনিলে কি কৰিব লাগে?

উত্তৰ: "বাহিৰ" শব্দ শুনিলে খেলুৱৈসকলে বৃত্তৰ বাহিৰলৈ দৌৰি যাব লাগে।

প্রশ্ন ৫: পাৰ পানী খেলত কিমানজন বিজয়ী হয়?

উত্তৰ: যিজন খেলুৱৈ শেষলৈ খেলত থাকে, তেওঁ বিজয়ী হয়।