Chapter 1
ছবিৰ প্ৰাথমিক উপাদানসমূহ
প্ৰশ্ন ১: ছবিৰ আটাইতকৈ প্ৰাথমিক উপাদান কোনটো?
উত্তৰ: ছবিৰ আটাইতকৈ প্ৰাথমিক উপাদান হৈছে বিন্দু। বিন্দুৰ দ্বাৰাই ৰেখা, আকাৰ আদিৰ সৃষ্টি হয়।
প্ৰশ্ন ২: ৰেখা ক’ত ব্যৱহাৰ হয়?
উত্তৰ: ৰেখা ৰূপ, গঠন আৰু গতি দেখুওৱাত ব্যৱহাৰ হয়। সেয়া আঁকাৰত দিশ আৰু সীমা দেখুৱায়।
প্ৰশ্ন ৩: কি ধৰণৰ ৰেখা থাকে?
উত্তৰ: বেঁকা ৰেখা, গতিৰেখা, ভাঙি ৰেখা আদি ধৰণৰ ৰেখা থাকে।
প্ৰশ্ন ৪: আকাৰ আৰু আয়তন (shape and form) ৰ মাজত কি পাৰ্থক্য?
উত্তৰ: আকাৰ (Shape) দুই-আয়ামিক (2D) হয় — যেনে বৰ্গ, আয়ত, ত্ৰিভুজ।
আয়তন (Form) তিনি আয়ামিক (3D) হয় — যেনে ঘনক, বগা, বল।
প্ৰশ্ন ৫: টেক্সচাৰ (Texture) মানে কি?
উত্তৰ: টেক্সচাৰ মানে বস্তু এটাৰ ওপৰৰ ধৰণ — যেনে মচমচীয়া, চিকা, খৰখৰীয়া ইত্যাদি।
প্ৰশ্ন ৬: কিয় আঁকাৰ বাবে ৰং গুৰুত্বপূৰ্ণ?
উত্তৰ: ৰং ছবি চকুত ধৰা পৰাৰ মূল উপাদান। ৰং অনুভূতি, ভাব আৰু সৌন্দৰ্য প্রকাশ কৰে।
প্ৰশ্ন ৭: বিন্দুৱে কেনেকৈ ছবি গঢ়ি তোলে?
উত্তৰ: বিন্দুৱে ছবিৰ প্ৰাথমিক গঠন গঢ়ি তোলে, বহু বিন্দুৰে ৰেখা আৰু আকাৰ সৃষ্টি কৰে।
প্ৰশ্ন ৮: ৰেখাৰ দ্বাৰা কি-কি প্ৰকাশ কৰিব পাৰি?
উত্তৰ: ৰেখাৰ দ্বাৰা গতি, অনুভূতি, দিশ, আকৃতি, আৰু সীমা প্ৰকাশ কৰিব পাৰি।
প্ৰশ্ন ৯: সোজা ৰেখা আৰু বেঁকা ৰেখাৰ মাজত কি পাৰ্থক্য?
উত্তৰ: সোজা ৰেখা একে দিশে সোজাকৈ আগবাঢ়ে, বেঁকা ৰেখা মেলি মেলি বা গতিৰ দৰে থাকে।
প্ৰশ্ন ১০: আকাৰ কিমান প্ৰকাৰৰ হয়?
উত্তৰ: আকাৰ প্ৰধানকৈ দুই প্ৰকাৰৰ হয় – ২D (দুই-আয়ামিক) আৰু ৩D (তিনি আয়ামিক)।
প্ৰশ্ন ১১: ছবি আঁকাৰ সময় আয়তন কেনেকৈ দেখুৱাব পাৰি?
উত্তৰ: আয়তন দেখুৱাবলৈ ত্ৰিমাত্ৰিক ৰূপ দিয়া হয় যেনে ছায়া, পৃষ্ঠৰ বাঁক, আৰু পৰিধিৰ ওপৰত দিহা।
প্ৰশ্ন ১২: ৰঙৰ তিনিটা মৌলিক (primary) ৰং কি কি?
উত্তৰ: ৰঙৰ তিনিটা মৌলিক ৰং হৈছে – ৰঙা (Red), নীলা (Blue), আৰু হালধিয়া (Yellow)।
প্ৰশ্ন ১৩: ৰং মিশ্ৰণ কৰিলে কি হয়?
উত্তৰ: ৰং মিশ্ৰণ কৰি নতুন ৰং সৃষ্টি হয়, যেনে ৰঙা আৰু নীলা মিশ্ৰণ কৰিলে বেঙুনীয়া ৰং হয়।
প্ৰশ্ন ১৪: আলোক-ছাঁয়া কিয় গুৰুত্বপূর্ণ?
উত্তৰ: আলোক-ছাঁয়াই বস্তুৰ আয়তন আৰু গভীৰতা দৰ্শায়, ছবিক জীৱন্ত কৰি তোলে।
প্ৰশ্ন ১৫: টেক্সচাৰ ছবিত কেনেকৈ দেখুৱাব পাৰি?
উত্তৰ: টেক্সচাৰ দেখুৱাবলৈ ৰেখা, বিন্দু, আৰু ছাঁয়া ব্যৱহাৰ কৰা হয় যাতে বস্তুৰ ওপৰৰ অনুভূতি প্ৰকাশ পায়।
প্ৰশ্ন ১৬: ২D আৰু ৩D ছবিৰ ভিতৰত মূল পাৰ্থক্য কি?
উত্তৰ: ২D ছবি দুটা মাত্রা — লম্বা আৰু পাৰত থাকে; ৩D ছবিত ত্ৰিমাত্ৰিকতা থাকে — লম্বা, পাৰ, আৰু উচ্চতা।
প্ৰশ্ন ১৭: কোনটো উপাদানে ছবি জীৱন্ত কৰি তোলে?
উত্তৰ: ৰং, আলোক-ছাঁয়া, আৰু টেক্সচাৰে ছবি জীৱন্ত কৰি তোলে।
প্ৰশ্ন ১৮: ছবিত ৰেখাৰ ব্যৱহাৰ কেনেকৈ হয়?
উত্তৰ: ছবিত ৰেখাৰে বস্তুৰ সীমা নিৰ্দেশ কৰে আৰু গঠন গঢ়ি তোলে।
প্ৰশ্ন ১৯: ছবিৰ উপাদানসমূহৰ ভিতৰত কোনটো বেছি গুৰুত্বপূর্ণ?
উত্তৰ: সকলো উপাদান গুৰুত্বপূর্ণ, কিন্তু বিন্দু আৰু ৰেখা আটাইতকৈ প্ৰাথমিক।
প্ৰশ্ন ২০: কিয় ছবিত আকাৰ আৰু আয়তন দুয়োটা জানিব লাগে?
উত্তৰ: আকাৰ বস্তুৰ ৰূপ দেখুৱায় আৰু আয়তনে বস্তুৰ গভীৰতা বা বাস্তৱতা বুজায়।
প্ৰশ্ন ২১: বৰ্ণনা কৰক — ৰঙৰ তাপীয় আৰু ঠাণ্ডা ধৰণ।
উত্তৰ: ৰঙা, হালধিয়া আদি তাপীয় (Warm) ৰং, নীলা, সেউজীয়া আদি ঠাণ্ডা (Cool) ৰং।