Chapter 3

কাৰু কলা আৰু সৃজনশীলতা

প্রশ্ন ১: পাঠ ৩ ৰ মূল উদ্দেশ্য কি?

উত্তৰ: পাঠ ৩ ৰ মূল উদ্দেশ্য হ'ল ছাত্ৰ-ছাত্ৰীসকলক বিভিন্ন ধৰণৰ কাৰু কলাৰ প্ৰক্ৰিয়া অন্বেষণ কৰিবলৈ উৎসাহিত কৰা আৰু সৃষ্টিশীল দৃষ্টিভংগী অৰ্জন কৰি দৈনন্দিন জীৱনত ব্যৱহাৰযোগ্য সামগ্ৰী সৃষ্টিৰ কৌশল শিকোৱা।

প্রশ্ন ২: শুভেচ্ছা পত্র (Greeting Card) বনাবলৈ কি কি সামগ্ৰী লাগে?

উত্তৰ: শুভেচ্ছা পত্র বনাবলৈ প্ৰয়োজনীয় সামগ্ৰীসমূহ হৈছে —

    এখন ডাঠ কাগজ

    আঁঠা

    সূতা

    ৰং (যিকোনো ধৰণৰ)

    স্কেচ পেন বা ৰঙীন পেঞ্চিল

    সৰু শিলগুটি, শুকান পাত

    নিজৰ সুবিধা অনুসৰি অন্য সামগ্ৰী

প্রশ্ন ৩: কাগজৰ মণ্ডলে তৈয়াৰী শিল্পত কিহৰ ব্যৱহাৰ কৰা হয়?

উত্তৰ: এই শিল্পত পুৰণি বাতৰি কাগজ আৰু পেলনীয়া কাগজ পানীত তিয়াই এক বিশেষ প্ৰক্ৰিয়াৰ মাধ্যমেৰে লেপনত পৰিণত কৰি, সেই লেপন ব্যৱহাৰ কৰি বিভিন্ন ধৰণৰ শিল্প-কর্ম প্রস্তুত কৰা হয়।

প্রশ্ন ৪: বাঁহ-শিল্প কিহৰ পৰা বিকাশ পাইছে?

উত্তৰ: বাঁহ-শিল্প অসমৰ এক থলুৱা শিল্প। এই শিল্প অতীজাৰৰ পৰা অসমীয়া সমাজত প্রচলিত আৰু বাঁহেৰে বিভিন্ন উপযোগী সামগ্ৰী তৈয়াৰ কৰা হয়।

প্রশ্ন ৫: ক'লাজ কি?

উত্তৰ: ক'লাজ হৈছে চিত্রকলাৰ এক প্ৰকাৰে য’ত পুৰণি আলোচনী, বাতৰি কাগজ, ৰঙীন কাপোৰ, সূতা আদি সামগ্ৰী কাটি, এখন ডাঠ কাগজত আঁঠা লগাই বিভিন্ন ৰূপ সৃষ্টি কৰা হয়।

প্রশ্ন ৬: ক'লাজ প্ৰস্তুত কৰিবলৈ কি কি সামগ্ৰী লাগে?

উত্তৰ: ক'লাজ প্ৰস্তুত কৰিবলৈ প্ৰয়োজনীয় সামগ্ৰীসমূহ হৈছে —

    পুৰণি আলোচনীৰ ৰঙীন পৃষ্ঠা

    আঁঠা

    সূতা

    শুকান পাত

    কেঁচি

    আন সুবিধা অনুসৰি সংগৃহীত সামগ্ৰী

প্রশ্ন ৭: অবিগামি কি?

উত্তৰ: অবিগামি হৈছে কাগজ ভাঁজ কৰি বিভিন্ন ধৰণৰ আকাৰ যেনে — জীৱ-জন্তু, গছ, ফুল আদি সৃষ্টিৰ এক কলা। এই প্ৰক্ৰিয়াত কেঁচি বা আঁঠা ব্যৱহাৰ কৰা নহয়।

প্রশ্ন ৮: অবিগামি চর্চাৰ কি উপকাৰিতা আছে?

উত্তৰ: অবিগামি চর্চাই হাতৰ দক্ষতা, ধৈৰ্য্যশক্তি বৃদ্ধি কৰে আৰু ছাত্ৰ-ছাত্ৰীক বিভিন্ন আকাৰ আৰু নক্সা বিষয়ে জানিবলৈ সহায় কৰে।