Chapter 1 (part 2) -
পিঠা-পনা
১) তিল পিঠা কেনেকুৱা হয়?
উত্তৰঃ তিল পিঠা দীঘলীয়া হয়।
২) ঘিলা পিঠা কেনেকুৱা হয়?
উত্তৰঃ ঘিলা পিঠা গোল আকৃতিৰ হয়।
৩) বিহুত আমি কি খাওঁ?
উত্তৰঃ বিহুত আমি পিঠা-পনা আৰু লাৰু খাওঁ।
৪) চুঙা পিঠা কেনেকৈ বনোৱা হয়?
উত্তৰঃ চুঙা পিঠা বাঁহৰ চুঙাত চাউল আৰু নাৰিকল দি বনোৱা হয়।
৫) কোমল চাউলে দি কি বনাব পাৰি?
উত্তৰঃ কোমল চাউলে দি তিল পিঠা, ঘিলা পিঠা আদি বনাব পাৰি।
৬) লাৰু বুলিলে কি বুজা যায়?
উত্তৰঃ লাৰু বুলিলে গোলীয়া আকাৰৰ মিঠা খাদ্য বুজা যায়।
৭) তিলৰ লাৰু কেনেকৈ বনোৱা হয়?
উত্তৰঃ তিল আৰু গুড় মিশ্ৰণ কৰি তিলৰ লাৰু বনোৱা হয়।
৮) মুড়িৰ লাৰু কেনেকৈ বনোৱা হয়?
উত্তৰঃগৰম গুড়ত মুড়ি মিশ্ৰণ কৰি মুড়িৰ লাৰু বনোৱা হয়।
৯) তুমি কোন পিঠা বা লাৰু খাই ভালপোৱা?
উত্তৰঃমই চুঙা পিঠা আৰু তিলৰ লাৰু খাই ভালপাওঁ।
১০) পিঠা-পনা সাধাৰণতে কেতিয়া খোৱা হয়?
উত্তৰঃ পিঠা-পনা সাধাৰণতে বিহুত খোৱা হয়।