Chapter 10(part 1)
মনালীৰ নৃত্য
(ক) মানুহবোৰ জাক পাতি ক’লৈ আহিছিল?
উত্তৰ: মানুহবোৰ জাক পাতি বিষ্ণু ৰাভা দিৱসৰ অনুষ্ঠান চাবলৈ আহিছিল।
(খ) মনালীক নাচিবলৈ কোনে শিকাইছিল?
উত্তৰ: মনালীক নাচিবলৈ নবীন খুৰাই শিকাইছিল।
(গ) মনালীয়ে কোনটো গীতত নৃত্য কৰিছিল?
উত্তৰ: মনালীয়ে “টিলাই টিলাই ঘূৰি ফুৰে...” গীতটোত নৃত্য কৰিছিল।
(ক) মনালীহঁতৰ গাঁৱত কি দিৱস পাতিছিল?
উত্তৰ: মনালীহঁতৰ গাঁৱত বিষ্ণু ৰাভা দিৱস পাতিছিল।
(খ) নবীন খুৰাই মনালীক কি শিকাইছিল?
উত্তৰ: নবীন খুৰাই মনালীক ৰাভাদেৱৰ গীতত নৃত্য শিকাইছিল।
(গ) মনালীৰ কেতিয়া সাহস ঘূৰি আহিল?
উত্তৰ: মনালীয়ে নবীন খুৰাক মঞ্চৰ আগত নাচিবলৈ দেখা পাইতেই তাইৰ সাহস ঘূৰি আহিল।
(১) মনালীয়ে প্ৰথমবাৰৰ বাবে কি কৰিবলৈ ভাবিলে?
উত্তৰ: মনালীয়ে প্ৰথমবাৰৰ বাবে এটা নৃত্য পৰিৱেশন কৰিবলৈ ভাবিলে।
(২) মনালীৰ নৃত্য শিকাৰ ব্যৱস্থা কোনে কৰিলে?
উত্তৰ: মনালীৰ মায়ে নবীন খুৰাৰ ওচৰলৈ লৈ গৈ নাচ শিকাৰ ব্যৱস্থা কৰিলে।
(৩) বিষ্ণু ৰাভা দিৱস কেতিয়া পালন কৰা হয়?
উত্তৰ: বিষ্ণু ৰাভা দিৱস প্ৰতিবছৰে ২০ জুন তাৰিখে পালন কৰা হয়।
(৪) মনালী নাচি থাকোতে হঠাৎ কিয় ৰৈ গ'ল?
উত্তৰ: মনালী নাচি থাকোতে হঠাৎ নাচৰ ভংগিমা পাহৰি গ'ল আৰু লাজে-ভয়ে ৰৈ গ'ল।
(৫) নবীন খুৰাৰ কি সহায়ত মনালীৰ সাহস ঘূৰি আহিল?
উত্তৰ: নবীন খুৰাই গীতৰ তালে-তালে নাচি মনালীক সাহস দিলে, আৰু মনালীয়ে পুনৰ নাচ কৰিবলৈ সক্ষম হ'ল।
(৬) গাঁৱৰ ৰাইজে মনালীৰ নৃত্য কেনেকৈ গ্ৰহণ কৰিলে?
উত্তৰ: গাঁৱৰ ৰাইজে মনালীৰ লগতে নবীন খুৰাৰ নৃত্যো উপভোগ কৰিলে আৰু জাউবিয়ে জাউৰিয়ে হাত-চাপৰি বজালে।