Chapter (part 2)
আমাৰ ৰবীন মামা
ক) গাঁৱৰ সংঘটোত কোনে চিত্রপ্রদর্শনী পাতিছিল?
উত্তৰ: গাঁৱৰ সংঘটোত চিত্রপ্ৰদর্শনী রবীন মামাই পাতিছিল।
খ) তোমালোকৰ গাঁৱত সংঘ আছেনে?
উত্তৰ: হয়, আমাৰ গাঁৱতো এটা সংঘ আছে।
গ) সংঘত তোমালোকে কি কি কথা?
উত্তৰ: সংঘত আমি খেল-ধেমালি কৰো, পাঠ্যক্ৰমিক অনুষ্ঠান পাতো আৰু বিভিন্ন সাংস্কৃতিক কাৰ্যসূচী উদযাপন কৰো।
ঘ) মামাই সংঘটো কেনেকৈ সজাইছিল?
উত্তৰ: মামাই সংঘৰ পদুলিমুখত কলপুলি পুতি বঙীন কাগজৰ মালা লগাইছিল।
ঙ) মামাই তেওঁলোকক ইংগিতেবে কি কৈছিল?
উত্তৰ: মামাই ইংগিতে তেওঁলোকক ছবিবোৰ সাৱধানে খুলি বেৰত আঁৰিবলৈ কৈছিল।
অতিৰিক্ত প্ৰশ্ন উত্তৰ
প্ৰশ্ন ১: ৰবীন মামা কোন?
উত্তৰ: ৰবীন মামা এজন বঁটাপ্রাপ্ত শিল্পী। তেওঁ গাঁৱৰ সংঘটোত এখন চিত্র প্রদর্শনী পাতিছে আৰু গাঁৱত তেওঁৰ এখন চিত্রকলাৰ বিদ্যালয় আছে।
প্ৰশ্ন ২: ৰবীন মামাই কথা ক’ব নোৱাৰে আৰু নুশুনেও — তেন্তে তেওঁ কেনেকৈ শিশুসকলক ছবি আঁকিবলৈ শিকায়?
উত্তৰ: যদিও মামাই কথা ক’ব নোৱাৰে আৰু নুশুনেও, তেওঁ ইংগিতৰে সকলো বুজায় আৰু বৰ যত্নেৰে শিশুসকলক ছবি আঁকিবলৈ শিকায়।
প্ৰশ্ন ৩: শিশুসকলে ৰবীন মামাক কিয় মৰম আৰু শ্রদ্ধা কৰে?
উত্তৰ: শিশুসকলক মামাই মৰমেৰে ছবি আঁকিবলৈ শিকায় আৰু তেওঁ বৰ যত্নেৰে শিকাই, সেয়ে শিশুসকলে মামাক মৰম আৰু শ্রদ্ধা কৰে।
প্ৰশ্ন ৪: সংঘটো কেনেকৈ সজোৱা হৈছিল?
উত্তৰ: সংঘৰ পদুলিমুখত কলপুলি পুতি বঙীন কাগজৰ মালা লগাই সজোৱা হৈছিল।
প্ৰশ্ন ৫: মামাৰ পুৰস্কাৰ পোৱা ছবিসমূহ কোনে আনিছিল আৰু কেনেকৈ সজোৱা হৈছিল?
উত্তৰ: প্রদীপ দাদাই ছবিসমূহ গাড়ীত তুলি সংঘলৈ আনিছিল। পিছত আটাইয়ে ছবিবোৰ সাৱধানে খুলি বেৰত টাঙিবলৈ সহায় কৰিছিল। মামাই ইংগিতৰে এই কথা বুজাই দিছিল।