Chapter 3 (part 2) -

 ছাগলী গ'ল ক'লৈ 


কথা পাতো আহা 


ক) তৰালীয়ে সদায় কাৰ সৈতে ওমলে? 


উত্তৰ: তৰালীয়ে সদায় ছাগলী পোৱালিদুটাৰ সৈতে ওমলে।


খ) তৰালীয়ে ছাগলী পোৱালিদুটা ক'ত বিচাৰি পালে? 


উত্তৰ: তৰালীয়ে ছাগলী পোৱালিদুটা বাঁহীৰ পাছেৰে বিচাৰি পালে।


গ) পোৱালিদুটাক চোতাললৈ আনি মাকে কি কৰিলে? 


উত্তৰ: পোৱালিদুটাক চোতাললৈ আনি মাকে ডিঙিত টিলিঙা দুটা পিন্ধাই দিলে


ঘ) ছাগলী পোৱালিদুটা কি কি ৰঙৰ আছিল? 


উত্তৰ: ছাগলী পোৱালিদুটা এটা ক’লা আৰু এটা বগা ৰঙৰ আছিল।


ঙ) তোমাৰ বস্তু হেৰালে তুমি কি কৰা? 


উত্তৰ: মোৰ বস্তু হেৰালে, মই ঘৰৰ সকলোত কৈ চাওঁ আৰু নিজে ঘূৰি ঘূৰি বিচাৰো। প্ৰয়োজনে সহায় বিচাৰো।


চ) তোমাৰ ঘৰৰ আশে-পাশে কি কি জীৱ-জন্তু দেখা পোৱা?


উত্তৰ: মোৰ ঘৰৰ আশে-পাশে বহু ধৰনৰ জীৱ-জন্তু দেখা পোৱা যায়। ইয়াত কুকুৰ, মেকুৰী, গৰু, ছাগলী, মুৰ্গী, হাঁহ, ভেঁহা আদি গৃহপালিত জন্তু দেখা যায়।