Chapter 5 (part 1)

আইতাৰ বৰপেৰা

কথা পাতোঁ আহা

প্ৰশ্ন ক) আইতাই গহনাবোৰ ক’ত ভৰাই ৰাখিছিল?
উত্তৰ: আইতাই গহনাবোৰ বৰপেৰাত ভৰাই ৰাখিছিল।

প্ৰশ্ন খ) সুলেখাইতে কি কি গহনা পিন্ধিছিল?
উত্তৰ: সুলেখাইতে জোনবিৰি আৰু ঢোলবিৰি পিন্ধিছিল।

প্ৰশ্ন গ) বৰপেৰাৰ পৰা আইতাকে কি কি কাপোৰ উলিয়াইছিল?
উত্তৰ: আইতাকে ৰিহা, মেখেলা, টঙালি, চুৰীয়া আৰু গামোচা উলিয়াইছিল।

প্ৰশ্ন ঘ) বিহুত নাচনীয়ে কিদৰে সাজোন-কাচোন কৰে?
উত্তৰ: বিহুত নাচনীয়ে ৰিহা-মেখেলা, গামোচা, জোনবিৰি, ঢোলবিৰি আদি পৰিধান কৰি সাজোন-কাচোন কৰে।

লিখোঁ আহা

প্ৰশ্ন ক) সুলেখাইতে কি কৰিবলৈ যাব?
উত্তৰ: সুলেখাইতে হুঁচৰি গাবলৈ যাব।

প্ৰশ্ন খ) আইতাকে কাপোৰ আৰু অলংকাৰ ক’ত ভৰাই থৈছিল?
উত্তৰ: আইতাকে কাপোৰ আৰু অলংকাৰ বৰপেৰাত ভৰাই থৈছিল।

প্ৰশ্ন গ) অমলে হুঁচৰি গাবলৈ যোৱাৰ আগতে ককাকে তাক কি কি দিছিল?
উত্তৰ: ককাকে অমলক চুৰীয়া, টঙালি আৰু বাঁহৰ টকা এটাও দিছিল।

প্ৰশ্ন ঘ) আইতাকে সুলেখাহঁতক কি কি পিন্ধাই দিছিল?
উত্তৰ: আইতাকে সুলেখাহঁতক বিহা-মেখেলা, জোনবিৰি আৰু ঢোলবিৰি পিন্ধাই দিছিল।

সাঁথৰ ভাঙো আহা

সাঁথৰ ১: শাহটো পেলাই বাকলিটো খায় সেইটোনো কি কোৱাচোন ভাই?
উত্তৰ: ঔটেঙা

সাঁথৰ ২: তিনিকোণীয়া মাজত খাল, ঘাৰত ধৰি মাৰিবলৈ ভাল। কি?
উত্তৰ: জাকৈ

সাঁথৰ ৩: এযোৰ পখী আছে। পিছে কোনেও কাকো নেদেখে। কি?
উত্তৰ: চকু


অতিৰিক্ত প্ৰশ্ন উত্তৰ

প্ৰশ্ন ১: সুলেখা-দুবৰিহঁতে কিয় আইতাকৰ ওচৰলৈ গৈছিল?
উত্তৰ: বিহুৱা, নাচনী সাজিবলৈ কাপোৰ বিচাৰি সিহঁতে আইতাকৰ ওচৰলৈ গৈছিল।

প্ৰশ্ন ২: আইতাকে কাপোৰবোৰ ক’ত ৰাখিছিল?
উত্তৰ: আইতাকে কাপোৰবোৰ নিজৰ বৰপেৰাত ভৰাই ৰাখিছিল।

প্ৰশ্ন ৩: অমলে ঢোল ক'ৰ পৰা পাল?
উত্তৰ: অমলে ককাকৰ পুৰণি ঢোলটো বেৰৰ পৰা নমাই কান্ধত আঁৰি লৈছিল।

প্ৰশ্ন ৪: অমলৰ ঢোলটোত কি হৈছিল?
উত্তৰ: কেইঘৰমানত বিহু মৰাৰ পিছতে অমলৰ ঢোলটো ফাটি গৈছিল।

প্ৰশ্ন ৫: শেষত সিহঁতে ক’ত বিহু উৰুৱালে?
উত্তৰ: শেষত সিহঁতে নৈ কাষৰ শিমলু জোপাৰ তলত বিহু উৰুৱালে।

প্ৰশ্ন ৬: ঢোল ফাটি যোৱাৰ পাছত সিহঁতে কি কৰিলে?
উত্তৰ: ঢোল নথকাটো মনত নৰি, সিহঁতে টকা বজায়ে বিহু নাচিলে।