Chapter 6(part 2)


পুতলা কিনিবা কোনে

শুদ্ধ উত্তৰত (√) চিন দিওঁ আহা:
ক) মিতালী, অনু আৰু অংকুৰ ক'লৈ গৈছিল?
উত্তৰ: বজাৰলৈ (√)

খ) মিতালীৰ কি খাবলৈ মন গৈছিল?
উত্তৰ: জিলাপি (√)

গ) পুতলাবোৰৰ ভিতৰত পইচা জমা কৰিবলৈ কোনে কৈছিল?
উত্তৰ: অংকুৰে (√)

লিখোঁ আহা
ক) তোমালোকে খুচুৰা পইচা ক’ত জমা কৰা?
উত্তৰ: মই খুচুৰা পইচা মাটিৰ পুতলাৰ ভিতৰত জমা কৰোঁ।

খ) জমা কৰা পইচাৰে তুমি কি কি কৰিবা?
উত্তৰ: জমা কৰা পইচাৰে মই সাধুকথাৰ কিতাপ আৰু পুতলা কিনিম।

সঠিক ঠাইত যতি চিহ্ন বহুৱাওঁ আহা:
বাক্য: আজি বজাৰৰ দিন, মিতালী, অনু আৰু অংকুৰ বজাৰলৈ আহিছে। তুমি বজাৰলৈ যাবানে?

লিখা — পাঠ “দেউতাক বজাৰলৈ গৈছিল” অনুসৰি
ক) কাৰ দেউতাক বজাৰলৈ গৈছিল?
উত্তৰ: ৰুক্মিণীৰ দেউতাক বজাৰলৈ গৈছিল।

খ) দেউতাকে বজাৰৰ পৰা ৰুক্মিণীৰ বাবে কি আনিছিল?
উত্তৰ: দেউতাকে ৰুক্মিণীৰ বাবে স্কুলবেগ আনিছিল।

গ) দেউতাক বজাৰৰ পৰা কিদৰে আহিছিল?
উত্তৰ: দেউতাক দুটা মোনা লৈ কেঁকো-ছেঁকোবৈ আহি আছিল।

ঘ) ৰুক্মিণীয়ে দেউতাকক কিয় চুমা যাঁচিছিল?
উত্তৰ: ৰুক্মিণীয়ে দেউতাকক চুমা যাঁচিছিল কাৰণ দেউতাকে তাইৰ বাবে স্কুলবেগ আনিছিল আৰু তাই খুব খুশি হৈছিল।

ছবিৰ সৈতে সংগতি থকা বাক্য:
হিয়া মেলা চাবলৈ গ’ল।
প্রথমতে তাই জিলাপি খালে।