Chapter 7 (part 2) -

সিংহ আৰু নাপিত

  পাঠৰ পৰা প্ৰশ্ন আৰু উত্তৰ

ক) কাৰ মূৰ খজুৱাইছিল?

উত্তৰ: সিংহটোৰ মূৰ খজুৱাইছিল।

খ) “লৰচৰ নকৰিবা, ভালদৰে বহি থাকা।” বুলি কোনে কাক কৈছিল?

উত্তৰ: নাপিতে সিংহক কৈছিল।

গ) সিংহটোৰ কিয় খং উঠিছিল?

উত্তৰ: নাপিতে চুলি বেয়াকৈ কাটিছিল, সেই বাবে সিংহটোৰ খং উঠিছিল।

ঘ) মূৰ খজুৱাই খজুৱাই সিংহ কাৰ ওচৰলৈ গৈছিল?

উত্তৰ: সিংহ নাপিতৰ ওচৰলৈ গৈছিল।

অতিৰিক্ত প্ৰশ্ন-উত্তৰ (Additional Q&A)

ঙ) সিংহটোৱে চুলি কাটিবলৈ কোনৰ ওচৰলৈ গ’ল?

উত্তৰ: সিংহটোৱে চুলি কাটিবলৈ নাপিতৰ ওচৰলৈ গ’ল।

চ) সিংহটোৱে নাপিতক কি কৈছিল?

উত্তৰ: সিংহটোৱে কৈছিল “চুলিবোৰ ভালদৰে কাটিবা।”

ছ) নাপিতে সিংহটোক কি উপদেশ দিছিল?

উত্তৰ: নাপিতে সিংহটোক কৈছিল “লৰচৰ নকৰিবা, ভালদৰে বহি থাকা।”

জ) নাপিতে সিংহৰ চুলি কাটি কি কৰি পেলালে?

উত্তৰ: নাপিতে সিংহৰ মূৰ খালি কৰি দিলে।

✍️ লিখোঁ আহা

(ক) সিংহ আৰু নাপিতৰ কাহিনীটো নিজাবীয়াকৈ লিখোঁ আহা।

উত্তৰঃ এদিন সিংহটোৰ মূৰ খজুৱাব ধৰিলে। সিংহটোৱে ভাবিলে যে চুলি বহুত দীঘল হৈ পৰিছে। সেয়েহে সি চুলি কাটিবলৈ নাপিতৰ ওচৰলৈ গ’ল। নাপিতে সিংহক ভালদৰে বহি থাকিবলৈ কৈ চুলি কাটি ধৰিলে। কিন্তু চুলি কাটি সিংহটোক পোনে পোনে টপা কৰি পেলালে। এই দেখি সিংহটোৰ বৰ খং উঠিল।

এই কাহিনীৰ পৰা আমি শিকোঁ যে যি কাম নহয় সেয়া কৰিব নালাগে।

(খ) সংলাপ সম্পূৰ্ণ কৰা:

প্ৰশ্ন: "এয়া তুমি কি কৰিলা? মই চোন -------------------হৈ পৰিলোঁ।"

উত্তৰ: "এয়া তুমি কি কৰিলা? মই চোন টপা হৈ পৰিলোঁ।"