Chapter 9 (part 1) -

যান-বাহন
প্ৰশ্ন আৰু উত্তৰ
(ক) দুচকীয়া বাহনৰ নাম কোৱা।
উত্তৰ: চাইকেল।

(খ) কিহৰ ওপৰেৰে ৰে'লগাড়ীবোৰ চলাচল কৰে?
উত্তৰ: লোৰ ওপৰেৰে।

(গ) কোনবোৰ বাহন বায়ুপথেৰে যায়?
উত্তৰ: উৰাজাহাজ।

(ঘ) কোনবোৰ বাহনে পানীত চলাচল কৰে?
উত্তৰ: নাও, জাহাজ, ফেৰী।

(ঙ) যান-বাহন নাথাকিলে মানুহবোৰে কিদৰে যাতায়াত কৰিলেহেঁতেন?
উত্তৰ: তেতিয়া মানুহে খোজকাঢ়ি বা গৰুগাড়ী, ঘোঁৰাগাড়ীৰে যাতায়াত কৰিলেহেঁতেন।

(চ) এখন তিনিচকীয়া বাহনৰ নাম কোৱা।
উত্তৰ: ৰিক্সা বা অট'ৰিক্সা।

উত্তৰ লিখোঁ আহা – লিখিত উত্তৰ

(ক) চাইকেল কেনেদৰে চলায় লিখা।
উত্তৰ: চাইকেলত মানুহে চিটত বহে আৰু ভৰিৰে পেডেল মাৰি চাইকেল চলায়।

(খ) পানীত চলা যান-বাহন দুখনৰ নাম লিখা।
উত্তৰ: নাও আৰু জাহাজ।

(গ) তুমি উঠি ভালপোৱা কেইবিধমান বাহনৰ নাম লিখা।
উত্তৰ: মই উঠি ভালপাওঁ – ৰে'লগাড়ী, উৰাজাহাজ, চাইকেল আৰু অট'ৰিক্সা।

অতিৰিক্ত প্ৰশ্ন-উত্তৰ (Additional Q&A)

(ছ) ৰে'লগাড়ীত কি কি থাকে?
উত্তৰ: ৰে'লগাড়ীত বহুতো দবা আৰু চকা থাকে।

(জ) জাহাজ ৰখা ঠাইক কি বুলি কয়?
উত্তৰ: জাহাজ ৰখা ঠাইক জাহাজঘাট বা বন্দৰ বুলি কয়।

(ঝ) আজিকালি ৰে'লগাড়ী কেনেদৰে চলে?
উত্তৰ: আজিকালি ৰে'লগাড়ী বিদ্যুতৰ সহায়ত চলে।