Chapter 13 -
Wonderful Facts of Space (মহাকাশৰ বিচিত্ৰ কথা)
1. তলৰ কোনটো তাৰকাপুঞ্জৰ উদাহৰণ?
(a) উচ্চা
(b) ধূমকেতু
(c) সপ্তর্ষিমণ্ডল
(d) গ্ৰহাণুপুঞ্জ
উত্তৰ: (c) সপ্তর্ষিমণ্ডল
2. তলৰ কোনটো আমাৰ সৌৰজগতৰ সদস্য নহয়?
(a) উপগ্রহ
(b) তাৰকাপুঞ্জ
(c) ধূমকেতু
(d) গ্ৰহাণু
উত্তৰ: (b) তাৰকাপুঞ্জ
3. তলৰ কোনটো আমাৰ সৌৰজগতৰ সদস্য?
(a) লুব্ধক
(b) কালপুৰুষ
(c) কেনিছ মেজৰ
(d) গ্ৰহাণুপুঞ্জ
উত্তৰ: (d) গ্ৰহাণুপুঞ্জ
4. তলৰ কোনটো সূর্যৰ গ্ৰহ নহয়?
(a) নেপচুন
(b) প্লটো
(c) শনি
(d) বুধ
উত্তৰ: (b) প্লটো
5. তলৰ কোনটো পৃথিবীৰ পৰা দ্বিতীয় স্থানত থকা তৰা বা নক্ষত্র?
(a) সপ্তর্ষিমণ্ডল
(b) সূর্য
(c) প্ৰক্সিমা ছেন্টাউৰি
(d) এৰ তৰা
উত্তৰ: (c) প্ৰক্সিমা ছেন্টাউৰি
6. I স্তম্ভৰ পদসমূহৰ সৈতে II স্তম্ভৰ পদৰ সম্পর্ক স্থাপন কৰা-
I II
(i) ৰঙাগ্রহ (a) শুক্র
(ii) আঙঠি থকা গ্ৰহ (b) মঙ্গল
(iii) তাৰকাপুজ (c) শনি
(iv) গ্ৰহ যাক সাধাৰণতে সন্ধ্যা তৰা বুলি কোৱা হয় (d) কালপুৰুষ
উত্তৰঃ
I II
(i) ৰঙাগ্রহ (b) মঙ্গল
(ii) আঙঠি থকা গ্ৰহ (c) শনি
(iii) তাৰকাপুজ (d) কালপুৰুষ
(iv) গ্ৰহ যাক সাধাৰণতে সন্ধ্যা তৰা বুলি কোৱা হয় (a) শুক্র
7. খালী ঠাই পূৰ কৰা-
(i) গ্ৰহৰ চাৰিওফালে পৰিভ্রমণ কৰি থকা নভোমণ্ডলীয় বস্তুক উপগ্রহ বোলে।
(ii) মঙ্গল আৰু বৃহস্পতিৰ কক্ষপথৰ মাজত গ্ৰহাণুপুঞ্জসমূহ পোৱা যায়।
(iii) লুব্ধক নামৰ তৰাটো কেনিছ মেজৰ তাৰকাপুঞ্জত থাকে।
(iv) সূৰ্যৰ পৰা দূৰত্বৰ উর্ধক্রমত আঠোটা গ্ৰহ হৈছেঃ বুধ, শুক্র, পৃথিবী, মঙ্গল, বৃহস্পতি, শনি, ইউৰেনাছ আৰু নেপচুন।
8. তলৰ বাক্যসমূহ সত্য (স) বা অসত্য (অ) হিচাপে চিহ্নিত কৰা-
(i) প্লুটো হৈছে আমাৰ সৌৰজগতৰ নৱম গ্ৰহ। – অসত্য
(ii) ধ্ৰুৱতৰা সৌৰজগতৰ সদস্য। – অসত্য
(iii) ধূমকেতুৰ নেজ নাথাকে। – অসত্য
(iv) বিশ্বব্রহ্মাণ্ডত নিযুত নিযুত তৰা থাকে। – সত্য
(v) ইউৰেনাছ সৌৰজগতৰ আটাইতকৈ দূৰত থকা গ্ৰহ। – অসত্য
(vi) কালপুৰুষ হৈছে বিশ্বব্রহ্মাণ্ডৰ আটাইতকৈ উজ্জ্বল তৰা। – অসত্য