Chapter 1 - 

বিহুৰ লগত জড়িত সামাজিক লোকাচাৰ আৰু লোকবিশ্বাস


অনুশীলনী প্রশ্নোত্তৰ

১। লোকাচাৰ বুলিলে কি বুজা?

উত্তৰঃ সমাজৰ মানুহে দৈনন্দিন জীৱনত যি নিয়ম, রীতি-নীতি, অভ্যাস আৰু পৰম্পৰা অনুসৰণ কৰে, তাকেই লোকাচাৰ বোলা হয়।

২। লোকবিশ্বাস বুলিলে কি বুজা?

উত্তৰঃ লোকবিশ্বাস হৈছে জীৱন চক্ৰ, জীৱন নিৰ্বাহৰ প্ৰণালী, প্ৰকৃতিৰ উপাদান আৰু জাগতিক রহস্য আদিৰ সৈতে জড়িত পৰম্পৰাগত ধাৰণা বা বিশ্বাস।

৩। বহাগ বিহুৰ লগত জড়িত লোকাচাৰ আৰু লোকবিশ্বাসৰ সম্পৰ্কে চমুকৈ লিখা।

উত্তৰঃ ব’হাগ বিহু মূলতঃ গো-সেৱা, মানৱ-সেৱা আৰু ইষ্ট-সেৱাৰ সমাহাৰ।

    (ক) গৰু বিহুত গৰুক দীঘলতী–মাখিয়তী পাতেৰে কোবোৱা, পানীৰে গা ধুৱাই, লাও-বেঙেনা–হালধি আদি পিন্ধোৱা হৈছে গো-সেৱাৰ নিদৰ্শন।

    (খ) গোসাঁইঘৰ বা মন্দিৰত পূজা-পাতল, চাকি–বন্তি জ্বলাই মাহ-প্ৰসাদ আগবঢ়োৱা ইষ্ট-সেৱাৰ অংশ।

    (গ) জ্যেষ্ঠজনক মান-কাপোৰ দিয়া, কনিষ্ঠজনক আশীৰ্বাদ–বিহুৱান দিয়া, প্ৰেমিক-প্ৰেমিকা বা নৱ-দম্পতীয়ে মৰম–স্নেহ যচা আদি হৈছে মানৱ-সেৱাৰ নিদর্শন।

    (ঘ) হুঁচৰিত গাওঁফুৰা আশীৰ্বাদ, যৌনগন্ধী বিহুগীত আৰু নৃত্যই উৰ্বৰা শক্তি বৃদ্ধি আৰু জীৱন–লগৰী নিৰ্বাচনৰ সাংকেতিক দিশ প্ৰকাশ কৰে।


৪। কাতি বিহুৰ লগত জড়িত লোকাচাৰ আৰু লোকবিশ্বাসৰ সম্পৰ্কে চমুকৈ লিখা।

উত্তৰঃ কাতি বিহু মূলতঃ ধানখেতি আৰু উৰ্বৰা শক্তি বৃদ্ধিৰ সৈতে জড়িত।

    (ক) এই দিনা ধাননি পথাৰত, গৃহস্থৰ আঙণত আৰু তুলসী জুপিত চাকি–শলিতা দি ধৰ্মীয় আয়োজন কৰা হয়।

    (খ) উজনি অসমত আকাশ-বন্তি, মহাপুৰুষীয় ভকতসকলৰ নাম-প্ৰসংগ আৰু দেৱ-দেৱীৰ বন্দনাৰ প্ৰথা প্রচলিত

    (গ) নামনি অসমত আকাশ-বন্তি, লখী বাতি, ভঁৰালঘৰ, গোহালিত চাকি লগোৱাৰ নিয়ম আছে।

    (ঘ) বিভিন্ন জনজাতীয়তো কাতি বিহু পালন কৰে: বড়ো–ৰাভা–কোচসকলৰ মাজত “কাতি গাছা” বা “কাতি দ’ল” নামত জনাজাত।

    (ঙ) কেতিয়াবা অদ্বিতীয় লোকাচাৰ দেখা যায়—বড়োসকলে অকুমাৰী গাভৰুৰ জৰিয়তে ধাননি পথাৰত বিশেষ আচার কৰে, কোচসকলে তুলসী তলত নৈৱেদ্য দিয়ে, ৰাভাসকলে বিশেষ খাদ্য–নিষেধ মানে।

৫। মাঘ বিহুৰ লগত জড়িত লোকাচাৰ আৰু লোকবিশ্বাসৰ সম্পৰ্কে চমুকৈ লিখা।

উত্তৰঃ মাঘ বিহু মূলতঃ খেতি চপোৱাৰ আনন্দ উৎসৱ। ইয়াৰ লগত জড়িত লোকাচাৰ আৰু লোকবিশ্বাসসমূহ —

খোৱা–পোৱা আৰু আনন্দ–উল্লাসই মুখ্য স্থান অধিকার কৰে।

আত্মীয়–কুটুম্ব, জ্যেষ্ঠজন আৰু পূৰ্বপুৰুষক সন্মান আৰু স্মৰণ কৰা হয়।

  • খোৱা–পোৱা আৰু আনন্দ–উল্লাসই মুখ্য স্থান অধিকার কৰে।

  • আত্মীয়–কুটুম্ব, জ্যেষ্ঠজন আৰু পূৰ্বপুৰুষক সন্মান আৰু স্মৰণ কৰা হয়।

  • বিভিন্ন জাতিগোষ্ঠীৰ নিজস্ব আচার আছে —

    • আহোমসকলৰ বানফি/ডামফি



    • বড়োসকলৰ গৌথৈনি বাওনা

    • সোণোৱাল কছাৰীৰ মৰক দিয়া

    • মিচিংসকলৰ মাগ চাকি লগোৱা

  • মেজি পোৰা হৈছে মাঘ বিহুৰ মুখ্য অনুষ্ঠান। ইয়াৰ জুইত পূজা, নৈৱেদ্য আৰু ভক্তি প্ৰদৰ্শন কৰা হয়।

  • বহু লোকবিশ্বাস প্রচলিত —

    • মেজিৰ জুইত কাঠ আলু, মোৱা আলু পুৰি নখালে পৰজন্মত বৰা গাহৰি হ’ব বুলি ধাৰণা।

    • উৰুকাৰ ৰাতি কাউৰীয়ে কা কৰাৰ আগতে ঢাৰি–পাতি নপিন্ধিলে বাদুৱা হ’ব বুলি বিশ্বাস।

    • গৃহশুদ্ধিৰ বাবে বাখ্ৰি (ভঁৰাল) আৰু ইছিং (ৰান্ধনিশাল) লিপা–মচা কৰা হয়।

    • গৰুৰ বেমাৰ নোহোৱাবোৰ বাবে মেজিৰ ছাইৰে গৰুক ফোঁট দিয়া হয়।

    • শইচডৰাত মুখ নলাগিবৰ বাবে মেজিৰ আধাপোৰা খৰি খেতিত পুতি ৰাখে।

  • মাঘ বিহুত ম’হ যুঁজ, কণী যুঁজ আদি খেল প্ৰচলিত, যাক চিকিৎসাৰ লগত জড়িত বুলি ধাৰণা কৰা হয়।

৬। চমু উত্তৰ লিখা:

(ক) মৗছৌমি ছান কোন জনগোষ্ঠীয়ে পালন কৰে?

উত্তৰঃ বড়ো জনগোষ্ঠীয়ে।


(খ) বড়োসকলৰ মানুহ বিহুৰ দিনা পালন কৰা এটি লোকাচাৰ উল্লেখ কৰা।

উত্তৰঃ মানুহ বিহুৰ দিনা ব্ৰহ্মপুৱাতে বড়োসকলৰ কোনোবা এজন বাঁহীবাদকে ছিফুঙত খেৰাই পূজাৰ ছত্ৰাৱলী সুৰৰ ৰাগিনী বজাই নৱবৰ্ষক সম্ভাষণ জনায়।


(গ) বৈখাশুনি গীদু বা বাথুনাম কোন জনগোষ্ঠীৰ?

উত্তৰঃ বড়ো জনগোষ্ঠীৰ।


(ঘ) ৰাভাসকলে বিছুৱা উৎসৱ কেইদিনীয়াকৈ পালন কৰে?

উত্তৰঃ তিনিদিনীয়াকৈ পালন কৰে।


(ঙ) বিছুৱা উৎসৱৰ প্ৰথম দিনটো ৰাভাসকলে কেনেদৰে উদযাপন কৰে?

উত্তৰঃ বিছুৱা উৎসৱৰ প্ৰথম দিনটো ৰাভাসকলে মূল বিছুৱা (মানুহ বিহু) হিচাপে উদযাপন কৰে।


(চ) ইবাঁকু বিচু কোন জনগোষ্ঠীয়ে পালন কৰে?

উত্তৰঃ দেউৰী জনগোষ্ঠীয়ে।


(ছ) দেউৰীসকলে কোনটো বাৰত দেৱালয়ত বিহু পাতে?

উত্তৰঃ বুধবাৰত।


(জ) দেউৰীসকলৰ বহাগ বিহুৰ সৈতে জড়িত এটি লোকাচাৰ উল্লেখ কৰা।

উত্তৰঃ নকৈ চুৰিয়া পিন্ধোৱা৷


(ক) অতি চমু প্রশ্নোত্তৰ

১। সংস্কৃতি কি?

উত্তৰঃ কোনো এটা জনগোষ্ঠী, জাতি বা সম্প্ৰদায়ৰ সামাজিক আচৰণৰ বহিঃপ্রকাশেই হ’ল সংস্কৃতি।

২। ধৰ্মৰ ভেঁটি কিহৰ ওপৰত প্ৰতিষ্ঠিত?

উত্তৰঃ ধৰ্মৰ ভেঁটি মূলতঃ লোকবিশ্বাসৰ ওপৰত প্ৰতিষ্ঠিত।

৩। আদিম কৃষিজীৱী লোকসকলে কিহক আধাৰ কৰি লোকাচাৰ আৰু লোকবিশ্বাস পালন কৰি আহিছে?

উত্তৰঃ আদিম কৃষিজীৱী লোকসকলে তেওঁলোকৰ ধৰ্মীয় প্ৰকাৰ্যত অনুকৃতিমূলক বা যাদুধৰ্মীয় লোকবিশ্বাসক আধাৰ কৰি নানা লোকাচাৰ আৰু লোকবিশ্বাস পালন কৰি আহিছে।

৪। বহাগ বিহুক কি কি তিনি ধাৰাৰ সমাহাৰ বুলিব পাৰি?

উত্তৰঃ গো-সেৱা, মানৱ-সেৱা আৰু ইষ্ট-সেৱা।

৫। ‘মানছিনি ছান’ কোন জনগোষ্ঠীয়ে পালন কৰে?

উত্তৰঃ বড়ো জনগোষ্ঠীয়ে।

৬। উত্তৰাধিকাৰী সূত্রে বড়োসকলে পোৱা মংগোলীয় দস্তুৰ কি?

উত্তৰঃ সকলো মাংগলিক কাৰ্যতে পূৰ্ব-পুৰুষক স্মৰণ কৰা।

৭। ‘বাথুনাম’ৰ আন এটা নাম কি?

উত্তৰঃ বৈখাগুনি গীদু।

৮। বৈছাগুত গৃহস্থই নৃত্য-দলক কিহৰে আপ্যায়িত কৰে?

উত্তৰঃ মদ বা অন্যান্য জলপানেৰে।

৯। কোন কোন মাহৰ সংক্ৰান্তিত ‘বিছুৱা’ উৎসৱ পালিত হয়?

উত্তৰঃ চ’ত আৰু ব’হাগ মাহৰ সংক্ৰান্তিত।

১০। তিৱাসকলৰ বিহুৰ প্ৰিয় খাদ্য কি?

উত্তৰঃ কুকুৰাৰ মঙহ, কচু শাকৰ আঞ্জা।

১১। কোন মাহৰ সংক্ৰান্তিত কাৰবিসকলে গৰু বিহু পাতে?

উত্তৰঃ চ’ত মাহৰ সংক্ৰান্তিত৷

১২। ব’হাগ বিহুৰ মূল পৰ্ব কি?

উত্তৰঃ ব’হাগ বিহুৰ মূল পৰ্ব হ’ল মানুহ বিহু।

১৩। মানুহ বিহু কিমান দিনৰ পৰা কিমান দিনলৈ চলে?

উত্তৰঃ তিনিৰ পৰা সাতদিনলৈ চলে।

১৪। দেউৰীসকলে নিজ-নিজ ঘৰত পতা পূজা কি নামেৰে পৰিচিত?

উত্তৰঃ ‘ঘৰদেও’বা ‘সুবচনী পূজা’।

১৫। ‘দেওশালৰ পূজা’ কোন জনগোষ্ঠীয়ে পালন কৰে?

উত্তৰঃ দেউৰী জনগোষ্ঠীয়ে।

১৬। দেউৰীসকলৰ দেৱালয়ৰ বিহু-পূজা উৎসৱ কেইদিন থাকে?

উত্তৰঃ সম্পূৰ্ণ সাদিন থাকে।

১৭। ‘পাউগা মৰোৱা প্ৰথা’ কোন জনগোষ্ঠীৰ অন্যতম লোকাচাৰ?

উত্তৰঃ দেউৰী জনগোষ্ঠীৰ।

১৮। মৰাণসকলৰ মতে বিহুৰ উৰুকা কোন বাৰে হয়?

উত্তৰঃ মঙলবাৰে ৷

১৯৷ বৃহস্পতিবাৰে মৰাণসকলৰ কি বিহু হয়?

উত্তৰঃ মানুহ বিহু।

২০। ‘ধর্ম হুঁচৰি’ কাক বোলে?

উত্তৰঃ মৰাণসকলৰ মাজত সম্পূৰ্ণ ধৰ্মীয় পৰম্পৰাৰে প্রতি তিনি, পাঁচ, সাত অথবা ন বছৰৰ মূৰে মূৰে (অযুগ্ম বৰ্ষত) এখনি হুঁচৰি অনুষ্ঠান পতা হয়। এই হুঁচৰিখনকে ‘ধৰ্ম হুঁচৰি’ বোলে।

২১৷ ‘ধৰ্ম হুঁচৰি গীত’ কাৰ কাহিনী গীতেৰে জোৰা হয়?

উত্তৰঃ ফুলকোঁৱৰ – মণিকোঁৱৰৰ৷

২২৷ ‘ধৰ্ম হুঁচৰি’ৰ বৈশিষ্ট্য কি?

উত্তৰঃ ইয়াত মহিলাই অংশগ্ৰহণ কৰিব নোৱাৰে।

২৩। ধর্ম-হুঁচৰিৰ বিশেষ তাৎপর্য কি?

উত্তৰঃ ধৰ্ম-হুঁচৰিৰ বিশেষ তাৎপর্য হ’ল হুঁচৰি দলে হুঁচৰিৰ শেষত গৃহস্থক যি আশীর্বাদ দিয়ে সেয়ে ফলিয়ায়।

২৪৷ ‘বিউ চাকি’ কোন জনগোষ্ঠীৰ মাংগলিক অনুষ্ঠান?

উত্তৰঃ মিচিং জনগোষ্ঠীৰ।

২৫। ছেংনাং বিহু কোনে পালন কৰে?

উত্তৰঃ টাইমূলীয় লোকসকলে।

২৬। ছেংনাং বিহু কেইদিন ধৰি পালন কৰা হয়?

উত্তৰঃ সাতদিন।

২৭। টাইমূলীয়া লোকসকলৰ মতে বিহুনাচ-গীতৰ স্ৰষ্টা কোন?

উত্তৰঃ দৈয়াং দেও অৰ্থাৎ ধনকলীয়া আৰু নাংদাম অৰ্থাৎ কলীমতী।

২৮। হাজংসকলে ব’হাগ বিহুক কি বোলে?

উত্তৰঃ সংৰাণি বা বিষুবা।

২৯। ৰাখল পূজা কেতিয়া পালন কৰা হয়?

উত্তৰঃ চ’তৰ সংক্ৰান্তিত।

৩০। ‘বুঢ়া-বুঢ়ীৰ মেলা’ বা ‘চড়ক পূজা’ৰ অন্যতম প্রধান উপাস্য দেৱ-দেৱী কোন?

উত্তৰঃ মহাদেৱ আৰু পাৰ্বতী।

৩১। বিষুৱা তিথিৰ তাৎপর্য কি?

উত্তৰঃ পোহনীয়া জীৱ-জন্তুৰ বিশেষকৈ গো-গাইৰ সুৰক্ষা আৰু সমৃদ্ধি কামনা।

৩২। বড়ো, ৰাভা, হাজং, কোচ-ৰাজবংশী আটায়ে উজনিৰ কাতি বিহুৰ সৈতে সম্পর্ক থকা পর্বটিক কি বুলি কয়?

উত্তৰঃ ‘কাতি গাছা’ বা ‘কাতি দ’ল’।

৩৩। ‘চটাই’ পোতা কোন জনগোষ্ঠীৰ বিশেষ নিয়ম?

উত্তৰঃ তিৱাসকলৰ।

৩৪। ‘মাগ চাকি লগোৱা’ পর্ব কোন জনগোষ্ঠীৰ মাজত প্ৰচলিত?

উত্তৰঃ মিচিং।

(খ) চমু আৰু ৰচনাধৰ্মী প্রশ্নোত্তৰ:

১। বিহু কিয় অসমৰ সকলো জনগোষ্ঠীৰ জাতীয় উৎসৱ?

উত্তৰঃ বিহু মূলত কৃষিভিত্তিক আৰু ঋতুকালীন উৎসৱ। আদিম কৃষিজীৱী লোকসকলে ধৰ্মীয় অনুষ্ঠানৰ সৈতে জড়িত নানা লোকাচাৰ আৰু লোকবিশ্বাসক আধাৰ কৰি ইয়াক পালন কৰি আহিছে। যদিও ভিন্ন ভিন্ন জনগোষ্ঠীৰ মাজত ই বিভিন্ন ৰূপত প্ৰকাশ পায়, তবুও সকলোৰে মাজত একে আনন্দ-উল্লাস, খোৱা-পোৱা আৰু মিলনৰ সুৰেৰে উদযাপিত হয়। এই মিলনাত্মক স্বভাৱৰ বাবে বিহু অসমৰ সকলো জনগোষ্ঠীৰ জাতীয় উৎসৱ।

২। ‘বৈখাগুনি গীদু’ কি?

উত্তৰঃ দক্ষিণ গোৱালপাৰাৰ বড়োসকলে মানুহ বিহুৰ দিনা ৰাজহুৱা বাথৌ মন্দিৰত খাম-ছিফুং আদি বাদ্যযন্ত্ৰ ফুল আৰু নতুন গামোচাৰে মেৰিয়াই পূজা দিয়ে। তাৰ পিছত ইজনে সিজনক আবিৰৰ ফোঁট পিন্ধাই, ইষ্ট দেৱতাৰ নামত হৈধ্বনি দি নৃত্য-গীতৰ পাতনি মেলে আৰু ঘৰে ঘৰে আশীৰ্বাদ দি ধান-চাউল সংগ্ৰহ কৰে। এই সময়ত গোৱা বিশেষ গীতকেই ‘বৈখাগুনি গীদু’ বা ‘বাথুনাম’ বুলি কোৱা হয়।

৩। বড়োসকলে কিহৰ নামত সাদিনলৈকে বৈছাগু পালন কৰে?

উত্তৰঃ বড়োসকলে বৈছাগু উৎসৱ গৰু, গোসাঁই আৰু মানুহৰ নামত পালন কৰে। লগতে আত্মীয়-কুটুম্ব আৰু কুকুৰা-গাহৰি আদিৰ দৰে পোহনীয়া জীৱ-জন্তুৰ নামতো সাদিনলৈকে বৈছাগু উদযাপন কৰে।

৪। ‘ভোন’ কাক বোলে?

উত্তৰঃ কাৰবিসকলে গৰু বিহুৰ আগদিনা গৰখীয়া ল’ৰাবোৰে গৰু খেদিবলৈ প্ৰয়োজনীয় নানা গছৰ ডাল-পাত, ফুল আদি সংগ্ৰহ কৰি মুঠা বান্ধি থৈ দিয়ে। বুটু হিয়াপ, পিইৰ, বেংজাৰি, মিৰচাংতি, বুটু ভলংলং আদি গছৰ ডাল-পাতৰে সাজি তোলা এই মুঠাকেই ‘ভোন’ বুলি জনা যায়।

৫। কাৰবিসকলৰ গৰুক গা ধুওৱা পৰ্বত বিশেষভাৱে কোনে আগভাগ লয়?

উত্তৰঃ বৰ গৰখীয়া (কিঠে খোখথ্রে) আৰু সৰু গৰখীয়া (অছ’খোখথ্রে)।

৬। মিচিংসকলে ব’হাগ বিহুৰ উপৰি উদযাপন কৰা দুটা উৎসৱৰ নাম লিখা।

উত্তৰঃ আলি-আয়ে-লিগাং আৰু পঃৰাগ।

৭। ‘বিউ চাকি’ অনুষ্ঠানত কি কি উছৰ্গা কৰা হয়?

উত্তৰঃ আপং (মদ) আৰু কৰ (খোৱা বস্তুৰ ভাগ)।

৮। কোনে কি উদ্দেশ্যত চোমচেঙৰ থাপনা প্রতিষ্ঠা কৰে?

উত্তৰঃ টাইমূলীয়া লোকসকলে চ’তৰ সংক্ৰান্তি বা ব’হাগৰ আৰম্ভণিৰ পৰা প্ৰথম বুধবাৰে ছেংনাং বিহুৰ শুভাৰম্ভ কৰে আৰু সাতদিন ধৰি উদযাপন কৰে। এই উপলক্ষ্যে হাবিতলীয়া বৰগছৰ তলত চোমদেৱৰ পূজাৰ বাবে চোমচেঙৰ থাপনা প্রতিষ্ঠা কৰা হয়।

৯। সপ্তৰস কি কি?

উত্তৰঃ কেঁচা হালধিৰ ৰস, বেঁত গাজৰ ৰস, পচতিয়া বা নিচিন্তাৰ ৰস, চিৰতা তিতাৰ ৰস, শুকতীৰ ৰস, বাসকা তিতাৰ ৰস আৰু এৱাঁ গাখীৰ।

১০। ব্রাহ্মণ্য হিন্দুধর্মীয় ৰীতিৰ এটি পৰম্পৰা উল্লেখ কৰা।

উত্তৰঃ তুলসী তলত চাকি-শলিতা জ্বলাই মাহ-প্ৰসাদেৰে নৈৱেদ্য আগবঢ়োৱা আৰু কাতি মাহটো জুৰি দীঘল বাঁহ পুতি তাত আকাশ-বন্তি লগোৱা এটা প্ৰচলিত ব্রাহ্মণ্য হিন্দুধর্মীয় পৰম্পৰা।

১১। ‘কাতিগাছা’ৰ সমাৰ্থক ৰূপে কি অনুষ্ঠান পালন কৰা হয়?

উত্তৰঃ ‘গাছিৰ ৰাইত’, ‘গাশ্বি’।

১২। ‘চাকিদুঙ’ অনুষ্ঠান কোনে কেতিয়া পাতে?

উত্তৰঃ মধ্য অসমৰ দাঁতিয়লীয়া আৰু পাহাৰীয়া অঞ্চলত বসবাস কৰা কাৰবি বা মিকিৰসকলে কাতি মাহৰ প্ৰথম দিনা মুনপেই আৰমুত বা বৰখুঁটাত ‘চাকিদুঙ’ অনুষ্ঠান পালন কৰে।

১৩। মাঘ বিহুৰ মেজিৰ সৈতে থকা দুটা যাদুধর্মীয় প্রকার্য লিখা।

উত্তৰঃ (ক) গো-গাইৰ বেমাৰ নহ’বলৈ মেজিৰ ছাইৰে সেইদিনা গো-গাইক ফোঁট পিন্ধোৱা হয়।

(খ) শইচডৰাত মুখ নালাগিবৰ বাবে মেজিৰ আধাপোৰা খৰি আনি পথাৰত পুতি থোৱা হয়।

১৪। মাঘ বিহুৰ দিনা কি কি খেল অনুষ্ঠিত হয়?

উত্তৰঃ ম’হ যুঁজ, কণী যুঁজ আদি।

১৫। বড়ো জনগোষ্ঠীৰ ব’হাগ বিহুৰ লগত জড়িত লোকবিশ্বাস আৰু লোকাচাৰৰ ওপৰত এটি টোকা লিখা।

উত্তৰঃ বড়ো জনগোষ্ঠীৰ ব’হাগ বিহু গৰু বিহুৰে আৰম্ভ হয়। সিদিনা গৰু ধুৱাই নতুন পঘা পিন্ধাই, গো-সেৱা কৰি গোহালিত নৈৱেদ্য আগবঢ়াই লাওখাৰ গোসাঁইক পূজা কৰা হয়। মাঘত উদঙুৱা কৰা লাওখাৰ বা গৰখীয়াক পুনৰ ব’হাগত নিযুক্তি দিয়া হয়। সেয়েহে প্রতীকীভাৱে গৰখীয়াই গৰু ধুৱাই পুৰণি বস্ত্ৰ এৰি নতুন পঘা, এছাৰি লয়।

মানুহ বিহুৰ দিনা নতুন বছৰৰ সূচনাত ঘৰ-চোতাল শুদ্ধ কৰি, গৃহদেৱতা বুঢ়া বাথৌ আৰু আই কামাখ্যাৰ পূজা, লগতে পুৰ্বপুৰুষক স্মৰণ কৰাৰ প্ৰথা আছে। তেওঁলোকে বিশ্বাস কৰে যে ছিফুঙৰ সুৰে অপায়-অমংগল দূৰ কৰি পৰিসৰ শুদ্ধ কৰে।

দক্ষিণ গোৱালপাৰাৰ বড়োসকলে বাথৌ মন্দিৰত গোট খাই পূজা, নৃত্য-গীত আৰু আশীৰ্বাদৰ সৈতে ধান-চাউল সংগ্ৰহ কৰে। বড়োসকলে গৰু, গোসাঁই, মানুহ, আত্মীয়-কুটুম্ব আৰু পোহনীয়া জীৱ-জন্তুৰ নামত বৈছাগু উদযাপন কৰি আহিছে।