Chapter 3 -
বিহুৰ খাদ্য-সম্ভাৰ আৰু খেল-ধেমালি
(ক) অতি চমু প্রশ্নোত্তৰ
১। ৰঙালী বিহুক কিয় বসন্ত উৎসৱ বোলা হয়?
উত্তৰঃ ৰঙালী বিহু ব’হাগ মাহত আয়োজন কৰা হয় বাবে এই বিহুক বসন্ত উৎসৱ বুলি কোৱা হয়।
২। ৰঙালী বিহুৰ বতৰত জনগোষ্ঠীভেদে খাদ্যৰূপে গ্ৰহণ কৰা পানীয়বিধৰ নাম কি?
উত্তৰঃ সাজ-পানী।
৩। ৰঙালী বিহুৰ বতৰত কেইবিধ শাক খায়?
উত্তৰঃ এশ এবিধ।
৪। কেইবিধ শাকক একেলগে সাতশাকী বুলি কয়?
উত্তৰঃ সাতবিধ শাকক।
৫। সাতশাক তোলাৰ পৰম্পৰাক সাতশাকী বিহু বুলি কোন অঞ্চলত কয়?
উত্তৰঃ বৰপেটা অঞ্চলত।
৬৷ ‘গুপ্তবিহু’ বুলি কোন বিহুৰ পৰ্বক কয়?
উত্তৰঃ সাতশাক তোলা বিহুৰ পৰ্বক।
৭। ৰঙালী বিহুৰ বতৰত কেইবিধ তিতা সামগ্ৰী খায়?
উত্তৰঃ সাতবিধ।
৮। সাতবিধ তিতা সামগ্রীক একেলগে কি বুলি কয়?
উত্তৰঃ সাততিতা।
৯। ভোগালী বিহুৰ বতৰৰ এটা পৰম্পৰা উল্লেখ কৰা।
উত্তৰঃ মাহ-কৰাই খোৱা।
১০। কঙালী বিহু মূলতঃ কি উৎসৱ?
উত্তৰঃ কঙালী বিহু মূলতঃ শস্যৰ শ্ৰীবৃদ্ধি কামনাৰ উৎসৱ৷
(খ) চমু আৰু ৰচনাধৰ্মী প্রশ্নোত্তৰ
১। উৎসৱভিত্তিক খাদ্যসমূহ
উত্তৰঃ উৎসৱভিত্তিক খাদ্যসমূহ মূলতঃ দুবিধ—
(ক) পিঠা-পনাকেন্দ্রিক খাদ্য:
উৎসৱৰ সময়ত বিশেষকৈ তৈয়াৰ কৰা পিঠা, লাডু, চিৰা-পিঠা, বিভিন্ন মিঠা পদাৰ্থ ইত্যাদি।
(খ) শাক-পাচলিকেন্দ্রিক খাদ্য:
শাক-পাচলি আৰু অন্যান্য উদ্ভিজ্জ উপাদানৰে তৈয়াৰ কৰা খাদ্য, যেনে—ৰঙা শাক, কঁহি, বেগুন, সৰিয়হ আদিৰ ভাজি বা তরকাৰী।
২। কেইবিধমান পিঠাৰ নাম
উত্তৰঃ উৎসৱৰ সময়ত তৈয়াৰ কৰা পিঠাৰ কেইটামান নাম হৈছে—
(১) তিলপিঠা
(২) নাৰিকল পিঠা
(৩) চুঙাপিঠা
(৪) ঘিলা পিঠা
(৫) টেকেলি পিঠা
(৬) তেল পিঠা
(৭) পানী পিঠা
৩। সাতশাকী বিহুত কি কি কৰা হয়?
উত্তৰঃ বৰপেটা অঞ্চলত সাতবিধ শাক তোলাৰ পৰম্পৰাক সাতশাকী বিহু বোলা হয়। বিহুৰ দিনাখনত পুৱাতে মহিলাসকলে কীৰ্তন আৰু নামঘোষাৰ পদ গাই গাই দল বান্ধি পথাৰলৈ যায়। নদী, বিল বা পুখুৰীৰ পাৰত গা ধুই কাষৰ হাবিতলীয়া ঠাইত সাতশাক তোলে। শাক তোলাৰ আগতে কিছু সময় গছৰ তলত নাম-প্ৰসংগ কৰা হয়, আৰু শাক তোলোঁতে স্থানীয় ভাষাত প্ৰসিদ্ধ গীত গাই পৰম্পৰা পালন কৰা হয়।
৪। সাতবিহুৰ লগত জড়িত লোকবিশ্বাস
উত্তৰঃ সাতবিহুৰ সময়ত বিশ্বাস কৰা হয় যে বন্ধ্যা বা বাঁজী মহিলাই পথাৰলৈ গৈ নৃত্য কৰাৰ সময় সন্তান লাভৰ বাবে আশীৰ্বাদ বিচাৰিলে মনৰ আশা পূৰ্ণ হয়। নৃত্যৰ সময়ত বহুতে গুপ্ত আচাৰ-প্ৰথাও পালন কৰে।
৫। সাততিতা কি কি লিখা।
উত্তৰঃ নিমপাত, ভেকুৰিগুটি, ভেটাইতিতা, বাহক, তিতাফুল, হেলচী আৰু শেৱালি ফুল৷
৬। সাততিতা খোৱাৰ লগত জড়িত লোকবিশ্বাস
উত্তৰঃ সাততিতা খালে ছাল, চকু, পাকস্থলী আৰু গাঁঠি আদি ৰোগৰ পৰা সকাহ পোৱা যায় বুলি বিশ্বাস কৰা হয়।
৭। ৰঙালী বিহুক কেন্দ্ৰ কৰি গোৱা বিহুনামত কোনবোৰ খাদ্য-সামগ্ৰীৰ নাম পোৱা যায় লিখা।
উত্তৰঃ মাছ, লাৰু, পিঠা-পনা, সান্দহ, চিৰা, মাহ-কৰাই, দৈ আদি।
১। বিহুৰ খাদ্য-সস্তাৰ বুজা
উত্তৰঃ
খাদ্য-সস্তা বুলি ক’লে সমাজ এখনৰ লোকসকলে পুষ্টি আৰু শক্তি অৰ্জনৰ বাবে গ্ৰহণ কৰা খাদ্যসমূহক বুজোৱা হয়। এই খাদ্যসমূহৰ ভিতৰত কিছুমান নিয়মিতভাৱে দৈনন্দিন জীৱনত খোৱা হয়, আৰু আন কিছু বিশেষ উৎসৱ, পৰম্পৰা বা ধৰ্মীয় কাৰ্যত খোৱা হয়। বিশ্বৰ বিভিন্ন সংস্কৃতিৰ উৎসৱ-পৰ্বত ব্যৱহৃত খাদ্যসমূহ মূলতঃ উৎসৱকেন্দ্ৰিক।
অসমত ৰঙালী বিহু ব’হাগ মাহত অনুষ্ঠিত হোৱাত, বসন্ত ঋতিত এই উৎসৱ পালিত হয়। ব’হাগ মাহৰ দিনসমূহত ঘৰুৱা খাদ্যৰ লগতে উৎসৱকেন্দ্ৰিক খাদ্য গ্ৰহণ কৰা হয়। ৰঙালী বিহুত প্ৰধানতঃ দুবিধ খাদ্য খোৱা হয়—
· পিঠা-পনাকেন্দ্ৰিক খাদ্য
· শাক-পাচলিকেন্দ্ৰিক খাদ্য
· পিঠা-পনাৰ সৈতে দৈ, গুড় আদিৰে জলপান কৰা হয়। ৰঙালী বিহুৰ জনপ্রিয় পিঠাসমূহ হ’ল—
· তিল পিঠা
· নাৰিকল পিঠা
· ঘিলা পিঠা
· সুতুলি পিঠা
· নাৰিকলৰ লাড়ু
· তেল পিঠা বা ফুলা পিঠা
· পানী পিঠা
· টেকেলি পিঠা
· চুঙা পিঠা
· হুকম
· মাহ-কৰাই
· দোৱা ভজা চিৰা
পৃথক জনগোষ্ঠীসমূহে ঘৰত প্ৰস্তুত কৰা বিশেষ সাজ-পানীও এই সময়ত পানীয় খাদ্যৰূপে গ্ৰহণ কৰে।
ভোগালী বিহুতো ৰঙালী বিহুৰ দৰে পিঠা-পনা, মাছ, হাঁহৰ মাংস, শাক-পাচলি আদিৰে ভোজন কৰা হয়। পুহ আৰু মাঘৰ ভোগালী বিহুত ৰঙালী বিহুৰ দৰে পিঠা-পনা বিশেষ গুৰুত্বপূৰ্ণ, আৰু উৰুকাৰ ৰাতিৰ ভোজত মাছ আৰু হাঁহৰ মাংসৰ বোৰৰ আয়োজন থাকে। মাহ-কৰাই খোৱাটো ভোগালীৰ পৰম্পৰাগত খাদ্য।
কাতি মাহত অনুষ্ঠিত কঙালী বিহু মূলতঃ শস্যৰ শ্ৰীবৃদ্ধি কামনাৰ উৎসৱ। এই সময়ত খাদ্যৰ গুৰুত্ব স্বাভাৱিক খাদ্য আৰু সাধাৰণ ভোজনলৈ সীমাবদ্ধ থাকে, বিশেষ ৰঙালী বা ভোগালীৰ দৰে উৎসৱৰ আয়োজন নাই।
২। ৰঙালী বিহুৰ সাতশাকী
উত্তৰঃ ৰঙালী বিহুৰ সময়ত সাতশাকী বুলি ক’লে এশ এবিধ শাকৰ মাজৰ যিকোনো সাতবিধ শাক একেলগে গ্ৰহণ বা নিৰ্বাচন কৰা পৰম্পৰাক বুজায়। এই সাতশাকী বঢ়াই শৰীৰৰ পুষ্টি বৃদ্ধি কৰাৰ লগতে বিশেষ ধৰ্মীয় আৰু লোকবিশ্বাসৰ সৈতে জড়িত।
এশ এবিধ শাকৰ ভিতৰত উল্লেখযোগ্য হ’ল—
মানিমুনি, নৰসিংহ, দোৰোণ, কলমৌ, মছন্দৰী, পদিনা, মধুসোলেং, মাটি কাঁদুৰি, ভেদাইলতা, ঔ-টেঙা, উৰহী, বেতগাজ, পানীলাউৰ আগ, ৰঙালাউৰ আগ, কচুথোৰ, মালভোগ শাক, কঁঠালৰ মুচি, ভেঁটফুল, চজিনাৰ পাত, পিৰালি পালেং, তিতাফুল, ভেকুৰি, বনতুলসী, লাই, লফা, পালেং, চুকা, বাবৰি, নলটেঙা, বেঙেনা, বিলাহী, ব্রাহ্মী, শুকলতি, মানধনিয়া, বাহক তিতা, লাইজাবৰি, তিতা কেৰেলা, মহানিম, ভেটাই তিতা, হেলচী, ঢেঁকীয়া, নেফাফু, পিপলি, খুতৰা, হাতীখুতৰা, বৰথেকেৰা, জেটুলি পকা, কলপচলা, পিৰালি কুঁৱৰী, পুনৰ্ণৱা, বৰ টেঙেচি, সৰু টেঙেচি, লেহেতি, তিয়ঁহ, মৰলীয়া, বকফুল, মৰিচা, দুপৰটেঙা, চুকা, মেথি, মৰাপাট, কচু, ওলকচু, বিশল্যকৰণী, টেঙা মৰা, জিলমিল, সৰিয়হ, লাচকচি, বগা পূৰৈ, ৰঙা পূৰৈ, কণবিলাহী, মেদেলুৱা, ডিমৰু, কিৰিঙালতা, কালমেঘ, শতমূল, কেহেৰাজ, চজিনা, চেংমৰা, মূলা, কাঠ আলু, শিমলু আলু, শেৱালি, শিঙাপাত, লাতুমণি, সোণবৰিয়াল, বাঘ-আঁচোৰা, কেঁচুৱালতি, কুন্দুলি, মিঠা মৰা, ফুটকলা, ডেমডেউকা, তংলতি, ভাতমেটেকা, মজ, লৰবৰুৱা, টুপুৰীলতা, টুবুকীলতা, শুকতিলতা, হেঙুনীয়া, টিকনিবৰুৱা আদি।
এইবোৰৰ যিকোনো সাতবিধ শাক একেলগে গ্ৰহণ কৰিলে তাক সাতশাকী বুলি কোৱা হয়।
৩। নামনি অসমত সাতশাকীক কি বুলি কোৱা হয়?
উত্তৰঃ সাঠেক।
৪। ৰঙালী বিহুৰ বতৰত খাদ্য হিচাপে ব্যৱহাৰ কৰা এশ এবিধ শাকৰ দহবিধৰ নাম লিখা।
উত্তৰঃ মানিমুনি, নৰসিংহ, দোৰোণ, কলমৌ, মছন্দৰী, পদিনা, ভেদাইলতা, উৰহী, লাই, লফা।
৫। ৰঙালী বিহুৰ বতৰত খেলা পাঁচবিধ খেল-ধেমালিৰ নাম লিখা।
উত্তৰঃ কুকুৰা যুঁজ, কণীযুঁজ, কড়িখেল, ঘিলাখেল, ঢোলখেল।
৬। ভোগালী বিহুৰ বতৰত ম’হযুঁজ ক’ত অনুষ্ঠিত হয়?
উত্তৰঃ আঁহতগুৰিত।
৭। ভোগালী বিহুৰ বতৰত ষাঁড়গৰু যুঁজ ক’ত অনুষ্ঠিত হয়?
উত্তৰঃ নামনি অসমৰ চৰ-চাপৰি অঞ্চলত।
৮। বুলবুলি চৰাইৰ যুঁজ ক’ত অনুষ্ঠিত হয়?
উত্তৰঃ হাজোত।
৯। উজনি অসমৰ কোনখন গাঁৱত ৰঙালী বিহুৰ বতৰত কুকুৰা যুঁজ অনুষ্ঠিত হয়?
উত্তৰঃ ধেমাজি জিলাৰ গোহাঁই গাঁৱত।
১০। ৰঙালী বিহুৰ বতৰত অনুষ্ঠিত কৰা খেলৰ উল্লেখেৰে বিহুনামৰ এটি কলি লিখা।
উত্তৰঃ কুকুৰা যুঁজ, কণীযুঁজ, কড়িখেল, ঘিলাখেল, ঢোলখেল, চেংগুটি খেল, ময়ূৰ নাচ খেল, ৰছী টনা খেল, টেকেলি ভঙা খেল, টাংগুটি খেল, হৈগুদু খেল আদি ৰঙালী বিহুৰ বতৰত খেলা খেলসমূহক কেন্দ্ৰ কৰি কিছুমান বিহুনাম গোৱা হয়৷ তেনে বিহুনামৰ উদাহৰণ হ’ল—
আৰু বেলি বিহুখন চেৰেঙা বেৰেঙা
চ’তৰ বিহুত যুঁজাব কণী,
এবটল গোন্ধতেল আনি দিবা চেনাইধন
ম’হৰ শিঙৰ আনিবা ফণি।
ন-পানী বঢ়া নাই নাহৰ ফুল ফুলা নাই
বিহু বিহু লগা নাই গাত,
গাঁৱৰ ডেকা ল’ৰাই কড়িখেল পতা নাই
গোন্ধতেল লোৱা নাই গাত৷
১১। খাদ্যসামগ্ৰীৰ উল্লেখ থকা বিহুনামৰ কলি এটি লিখা।
উত্তৰঃ ৰঙালী বিহুক কেন্দ্ৰ কৰি গোৱা বিহুনামত অনেক খাদ্য-সামগ্ৰীৰ নাম পোৱা যায়৷ যেনে—পিঠা-পনা:
উজাই বুৰে দিলে শিহু কি ঘঁৰিয়াল
ভটিয়াই বুৰিলে মাছে,
লাৰু পিঠা-পনা কালৈনো ৰাখিছা
যদিহে ভিতৰত আছে।