হনুমান সাগৰ বান্ধা চাউ
১। 'হনুমান সাগৰ বান্ধা চাউ' নাটকখনত জানকীক কেনেকৈ উপস্থাপন কৰা হৈছে?
উত্তৰঃ যৌতুকৰ বলি হোৱা সহজ-সৰল নাৰী হিচাপে।
২। প্রমোদ দাস কোন দশকৰ নাট্যকাৰ হিচাপে পৰিচিত?
উত্তৰ: আশীৰ দশক।
৩। 'হনুমান সাগৰ বান্ধা চাউ' নাটকৰ প্ৰতাপী ৰজা কোন আছিল?
উত্তৰঃ বিচিত্ৰবিজয়।
৭। নাট্যকাৰ গৰাকীয়ে নাটকখনৰ যোগেদি কাক জাগ্ৰত কৰিবলৈ চেষ্ট কৰিছে?
উত্তৰঃ মহিলা শিল্পীসকলক
৮। নাটকৰ অন্তিম দৃশ্যত কি উদ্ঘাটন হয়?
উত্তৰঃ হেৰোৱা হাৰ উদ্ধাৰ।
৯। 'হনুমান সাগৰ বান্ধা চাউ' নাটকৰ নাট্যকাৰ কোন?
উত্তৰ: প্রমোদ দাস।
১০। প্রমোদ দাসে কিমানখন নাটক ৰচনা কৰিছে?
উত্তৰঃ তিনিখন সম্পূর্ণ নাটক (জন্ম ক্রন্দন, আৰাও, হনুমান সাগৰ বান্ধা চাউ), আৰু এখন অসমাপ্ত নাটক (দৌৰ)। ৰচনা কৰিছে।
১১। 'হনুমান সাগৰ বান্ধা চাউ' নাটকৰ নায়িকা কোন?
উত্তৰঃ জানকী।
১২। নাটকখনত কিমানজনী নাৰী চৰিত্ৰ আছে?
উত্তৰঃ বাৰ গৰাকী আৰু এটি শিশু।
১৩। নাট্যকাৰ দাসে নাটকখনত কিহৰ বিৰুদ্ধে তীব্র প্রতিবাদ কৰিছে?
উত্তৰঃ যৌতুক প্রথা।
১৪। জানকীৰ ওপৰত মিছা অপবাদটো কি আছিল?
উত্তৰ: সোণৰ হাৰ চুৰি।
চমু প্রশ্নোত্তৰ
১। নাট্যকাৰ প্ৰমোদ দাসৰ সাহিত্যিক যাত্রা চমুকৈ বর্ণনা কৰা।
উত্তৰ: প্ৰমোদ দাস এগৰাকী অনন্য নাট্যপ্ৰতিভা, যিয়ে আশীৰ দশকৰ পৰা অসমীয়া নাট্যজগতত সক্ৰিয় অৱদান আগবঢ়াইছে। বৰপেটা জিলাৰ বুদৰুটুপ গাঁৱৰ স্থায়ী বাসিন্দা এই নাট্যকাৰয়ে সৰু বয়সৰে পৰা নাট্যৰ প্ৰতি গভীৰ ৰুচি দেখুৱাইছিল। সপ্তম শ্ৰেণীত ছাত্র থাকোতেই তেওঁ নাটক লিখা, পৰিচালনা আৰু অভিনয়ৰ সৈতে নিজকে জড়িত কৰিছিল। নাট্যকাৰ হিচাপে, প্ৰমোদ দাস এগৰাকী দক্ষ পৰিচালক আৰু মঞ্চ অভিনেতা হিচাপেও স্বীকৃত। তেওঁৰ নাট্যৰ বিষয়বস্তু সাধাৰণতে সমাজমূলক, সময়চেতন আৰু ব্যতিক্ৰমী চিন্তাৰে পূৰ্ণ। দাসে একাংকিকা নাটৰ পৰা আৰম্ভ কৰি পূৰ্ণাংগ নাটলৈ আগবঢ়িছে। উল্লেখযোগ্য একাংকিকা নাটকসমূহ—‘যুধিষ্ঠিৰ জন্মিজয়’, ‘পুষ্পা কাহাৰ’। পূর্ণাংগ নাটকৰ ক্ষেত্ৰত, ‘জন্ম ক্রন্দন’, ‘আৰাও’, ‘হনুমান সাগৰ বান্ধা চাউ’ আদিয়ে দর্শক আৰু সমালোচক দুয়োৰে প্রশংসা অৰ্জন কৰিছে। তেওঁৰ নাট্যচিন্তাত স্থানীয় লোকসংস্কৃতি, আঞ্চলিক গীত-বাদ্য আৰু থিয় নাম আদিক নাট্যকৌশলৰ সৈতে সন্নিবিষ্ট কৰা হৈছে। প্ৰমোদ দাসৰ নাট্যযাত্ৰা কোনো সাংগঠনিক দলৰ অন্তৰ্গত নহয়; ই ব্যক্তিগত সাধনা আৰু প্ৰতিভাৰ বলিষ্ঠ প্ৰকাশ। অসমীয়া নাট্যৰ গতি-প্ৰকৃতিৰ পৰিবৰ্তনৰ সৈতে তেওঁৰ নাট্যভাষা আৰু নাট্যবস্তু সজাগভাৱে একাত্ম হৈ ৰৈছে।
২। ৰজা বিচিত্ৰবিজয়ৰ পত্নী কেইগৰাকী আৰু তেওঁলোকৰ নাম লিখা।
উত্তৰ: ‘হনুমান সাগৰ বান্ধা চাউ’ নাটকখনৰ মূল ৰাজচৰিত্ৰ হৈছে বিচিত্ৰবিজয়, এজন প্ৰতাপশালী ৰাজা। তেওঁৰ তিনিগৰাকী পত্নী আছিল, যিসকল নাট্যকাহিনীৰ গাঠনিক বিকাশত মুখ্য ভূমিকা পালন কৰে। পত্নীসকলৰ নাম: (ক) সুবর্ণা: ৰাজা বসন্তৰাজৰ জীয়াৰী। মহামাৰী নিৰাময়ৰ কৃতজ্ঞতা স্বৰূপে বিপুল ধন-সম্পত্তিসহ বিচিত্ৰবিজয়ৰ হাতত অর্পণ কৰা হয়। (খ) অমৃতা: বনৰাজৰ কন্যা, যাক বনজন্তুৰ পৰা ৰক্ষা কৰাৰ বাবে কৃতজ্ঞতাজনক ৰূপে বিবাহ দিয়া হয়। (গ) জানকী: পিতৃহীনা, দুখীয়া ঘৰৰ ছোৱালী, যাক বিচিত্ৰবিজয়ে সৰযু নদীৰ পাৰত সৌন্দৰ্য্যত মোহিত হৈ স্ত্রীৰূপে গ্ৰহণ কৰে। এই তিনিও পত্নী ৰাজমহলৰ তিনিটা ভিন্ন দৃষ্টিভংগীৰ প্ৰতিনিধিত্ব কৰে—ধনী আভিজাত্য (সুবর্ণা), কৃতজ্ঞতাৰ ফলস্বৰূপ উপহাৰ (অমৃতা), আৰু সহানুভূতি-প্ৰেমৰ আধাৰত নিৰ্মিত সম্পর্ক (জানকী)। যদিও তিনিও পত্নী, তথাপিও জানকী ৰাজমহলত যৌতুকহীন আৰু সাধাৰণ পৰিয়ালৰ সদস্য হিচাপে মানসিক অত্যাচাৰৰ বলি হয়। নাট্যকাৰগৰাকীয়ে এই পত্নীসকলৰ জৰিয়তে সমাজৰ ভেদাভেদ, ধনৰ গৰিমা আৰু নাৰীৰ ওপৰত কৰা আচৰণৰ বৈচিত্র্য দৰ্শকলৈ প্ৰকাশ কৰিছে।
৩। নাটকখনত যৌতুক প্ৰথাৰ সমস্যা কেনেদৰে দাঙি ধৰা হৈছে?
উত্তৰ: ‘হনুমান সাগৰ বান্ধা চাউ’ নাটকখনত যৌতুক প্ৰথাক কেন্দ্ৰবিন্দু কৰি সমাজত বিদ্যমান এই ঘৃণনীয় প্ৰথাৰ ভয়াবহতা প্ৰকাশ কৰা হৈছে। নাট্যকাৰ প্ৰমোদ দাসে দেখুৱাইছে যে যৌতুক প্ৰথাই সমাজৰ বহু দুখীয়া পৰিয়ালৰ নাৰীক অপমান, মানসিক নিৰ্যাতন আৰু মৃত্যুৰ চক্ৰত পেলাইছে। নাটকখনৰ জানকী চৰিত্ৰৰ জৰিয়তে এই প্ৰথাৰ নিষ্ঠুৰ ৰূপ দৃশ্যমান কৰা হৈছে। জানকী পিতৃহীনা আৰু দুখীয়া ঘৰৰ ছোৱালী হোৱাৰ বাবে যৌতুকহীন হিচাপে তুচ্ছজ্ঞান কৰা হয়। ডাঙৰ আৰু মাজু ৰাণী, যিসকল বিপুল ধন-সম্পত্তিৰ সৈতে বিবাহপাশত আবদ্ধ আছিল, তেওঁলোকে জানকীক ধনহীনতা আৰু সামাজিক অৱস্থানৰ বাবে মানসিকভাবে অপমানিত কৰে। নাটকখনত জানকীৰ বিৰুদ্ধে মিছা অপবাদ আৰু হত্যা-ষড়যন্ত্ৰৰ ঘটনা যৌতুক প্ৰথাৰ পিছে থকা কটূৰ মনোভাবক প্ৰতিফলিত কৰে। নাট্যকাৰগৰাকীয়ে থিয় নাম, বিবাহ-গীত আৰু নাৰীবাদী সংলাপৰ জৰিয়তে দৰ্শকক এই সামাজিক অসঙ্গতিৰ বিষয়ে সজাগ কৰি তোলে। নাটকৰ নামৰ ‘হনুমান’ ৰূপে সহানুভূতিশীল আৰু ন্যায়পৰায়ণ সমাজৰ প্ৰতি আহ্বান দিয়া হৈছে, যাতে যুগে যুগে জানকীসকলক এই অত্যাচাৰ আৰু অন্যায়ৰ পৰা উদ্ধাৰ কৰিব পাৰি।
Type by- pankaj Saikia