পাৰিজাত হৰণ 


অতি চমু প্রশ্নোত্তৰ

১। শশী আৰু সত্যভামা চৰিত্ৰ দুটাৰ বিষয়ে এটা শব্দত কি বুলি ক'ব পাৰি?

উত্তৰ: শশী আৰু সত্যভামা চৰিত্ৰ দুটা সমধর্মী।

২। পাৰিজাত হবণ নাটখনিত সর্বমুঠ কিমানটা গীত আছে?

উত্তৰঃ দেব ভটিমা, মুক্তিমংগল ভটিমা, পয়াৰ আদিক ধৰি ২৭ টা গীত আছে।

৩। শচী কোনজন চৰিত্ৰৰ সমধর্মী হিচাপে অংকিত হৈছে?

উত্তৰঃ সত্যভামাৰ।

৪। শংকৰদেৱৰপাৰিজাত হৰণ নাটৰ আধাৰ গ্ৰন্থ কেইখনৰ নাম কি কি?

উত্তৰঃ ভাগৱত পুৰাণ, হৰিবংশ আৰু বিষ্ণুপুৰাণ।

৫। 'পাৰিজাত হৰণ' নাটত ৰুক্মিণী কোন ধৰণৰ ভক্তিৰ প্ৰতীক?

উত্তৰঃ নির্গুণা ভক্তিব।

৬। শ্রীকৃষ্ণই সত্যভামাৰ অভিমান ভাঙিবলৈ কাক স্বৰ্গলৈ পাৰিজাত আনিবলৈ পঠিয়ালে?

উত্তৰঃ নাবদক।

২২। শংকৰদেৱে কক্মিণী চৰিত্ৰৰ জৰিয়তে কোন ধর্মীয় তত্ত্ব প্রতিপন্ন কৰিছে?

উত্তৰঃ বৈষ্ণৱ ধৰ্মৰ নির্গুণা ভক্তিৰ তত্ত্ব।

৭। তীৰ্থনাথ শৰ্মাৰ ভাষাৰে সত্যভামাৰ ভক্তি কেনেধৰণৰ?

উত্তৰ: তীৰ্থনাথ শৰ্মাৰ ভাষাৰে 'তেওঁৰ ভক্তি হ'লেও সি এতিয়াও চেলেং পেতেং অৱস্থাত আছে- সেই ভক্তি মায়াময়ী, ৰসময়ী নহয়।'

৮। পাৰিজাত হৰণ নাটখনিত নাৰদে কেনেদৰে তেওঁৰ ধূর্তালীৰ পাতনি মেলিছে?

উত্তৰ: পাৰিজাত হৰণ নাটখনিত পাৰিজাত ফুলপাহ প্রদান কৰি তাৰ গুণ গাই ৰুক্মিণীক ফুলপাহৰ প্ৰতি আকৰ্ষিত কৰাই 'মৌনে বৈঠল' হৈ তেওঁৰ ধূর্তালীৰ পাতনি মেলিছে।

৯। নৱবিধ ৰসৰ নাম লিখা।

উত্তৰঃ শৃংগাৰ, হাস্য, বীৰ, কৰুণ, ৰৌদ্র, অদ্ভুত, ভয়ানক, বীভৎস আৰু শান্ত।

১১। সত্যভামাই পাৰিজাত ফুল নোলোৱাকৈ ক'তো নাযাব বুলি কাক কৈছিল?

উত্তৰ: শ্রীকৃষ্ণক।

১২। কৃষ্ণই নৰকাসুৰক বধ কৰাৰ পিছত কাক ৰাজসিংহাসনত বহুৱালে?

উত্তৰঃ ভগদত্তক।

১৪। কৃষ্ণই পাৰিজাত গছ কোন ঠাইত ৰোপণ কৰিবলৈ অনুৰোধ কৰিছিল সত্যভামাই?

উত্তৰঃ তাইৰ ঘৰখনৰ দুৱাৰ মুখত।


চমু প্রশ্নোত্তৰ


১। শ্রীমন্ত শঙ্কৰদেৱে ৰচনা কৰা অংকীয়া নাটকেইখন কি কি?

উত্তৰ: অসমীয়া নাট্যসাহিত্যের জনক মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱে মুঠ ছটা অংকীয়া নাট ৰচনা কৰিছে। সেই নাট্যবোৰ হৈছে- পত্নীপ্ৰসাদ, কালিয় দমন, কেলিগোপাল, ৰুক্মিণী হৰণ, পাৰিজাত হৰণ, আৰু ৰামবিজয়। এই ছটা নাটই অংকীয়া নাট্যধাৰাৰ মুখ্য দৃষ্টান্ত হিচাপে গণ্য কৰা হয়।

২। পাৰিজাত হৰণ নাটৰ আধাৰত 'অংকীয়া নাট'ৰ কলা-কৌশলসমূহ চমুকৈ বিশ্লেষণ কৰা।

উত্তৰ: 'পাৰিজাত হৰণ' শঙ্কৰদেৱৰ ছয়খন অংকীয়া নাটৰ অন্যতম আৰু কলা-কৌশলৰ দৃষ্টিৰে অতি সমৃদ্ধ নাট। এই নাটখনত শঙ্কৰদেৱে অংকীয়া নাটৰ ধ্রুপদী বৈশিষ্ট্যবোৰ যথাযথ ৰূপে প্রতিষ্ঠা কৰিছে।

৩। পাৰিজাত হৰণ নাটখনিত কি কি ৰসৰ সমাৱেশ ঘটিছে?

উত্তৰ: অংকীয়া নাটৰ মূল উদ্দেশ্য ‘ধৰ্ম প্ৰচাৰ’ যদিও নাট্যত নৱৰসৰ সঞ্চাৰও লক্ষ্য কৰা যায়। পাৰিজাত হৰণ নাটত বিশেষকৈ বীৰ, হাস্য আৰু শৃংগাৰ ৰসৰ সমন্বয় দেখা যায়। যদিও নাট্যকাৰৰ প্ৰধান উদ্দেশ্য হৈছে ‘শ্ৰীকৃষ্ণৰ ভগৱান স্বৰূপ আৰু আদৰ্শ প্ৰতিষ্ঠা’ কৰা। তাৰ ফলস্বৰূপ, নাটখনত শ্ৰীকৃষ্ণৰ কাৰ্যকলাপসমূহত তেওঁৰ মানৱীয় দিশৰ তুলনাত ঐশ্বৰিক দিশ অধিক প্ৰভাৱশালীভাৱে প্ৰদৰ্শিত হৈছে।

৪। নাৰদে কৃষ্ণক কি ফুল প্রদান কৰিছিল?

উত্তৰ: নাৰদে কৃষ্ণক স্বৰ্গৰ নন্দনবনত উৎপন্ন হোৱা পাৰিজাত ফুল এপাহ প্ৰদান কৰিছিল। এই ফুলৰ বিশেষ গুণ হৈছে—যি নাৰী এই ফুল পিন্ধে, সেয়া পৰম সৌভাগ্যবতী হয় আৰু তেওঁৰ স্বামী তেওঁক এৰি ক’লৈ নাযায়। এই কথা শুনি ৰুক্মিণীয়ে এই ফুলখনৰ সন্ধান বিচাৰিছিল, যাৰ পাছত কৃষ্ণই সেই পাৰিজাত ফুল নিজৰ হাতত লৈ ৰুক্মিণীক খোপাত পিন্ধাই দিয়ে।

৫। পাৰিজাত হৰণ নাটৰ আধাৰত 'অংকীয়া নাট'ৰ কলা-কৌশলসমূহ চমুকৈ বিশ্লেষণ কৰা।

উত্তৰ: 'পাৰিজাত হৰণ' শঙ্কৰদেৱৰ ছয়খন অংকীয়া নাটৰ অন্যতম আৰু কলা-কৌশলৰ দৃষ্টিৰে অতি সমৃদ্ধ নাট। এই নাটখনত শঙ্কৰদেৱে অংকীয়া নাটৰ ধ্রুপদী বৈশিষ্ট্যবোৰ যথাযথ ৰূপে প্রতিষ্ঠা কৰিছে।

(ক) পঞ্চসন্ধিৰ পূৰ্ণ অনুসৰণঃ নাটখনত মুখ, প্রতিমুখ, গর্ভ, অৱমৰ্ষ, আৰু নিৰ্বহন-এই পঞ্চসন্ধিৰ শৃঙ্খলাবদ্ধ কাহিনী বিন্যাস সুস্পষ্ট। যেনে, নাৰদৰ দ্বাৰা পাৰিজাত প্রদান (মুখ), সত্যভামাৰ অভিমান আৰু কৃষ্ণৰ প্ৰতিজ্ঞা (প্রতিমুখ), নৰকবধ আৰু স্বর্গযাত্রা (গর্ভ), ইন্দ্র-শচীৰ বাধা (অবমর্ষ), আৰু পাৰিজাত সহ দ্বাৰকালৈ উভতি অহা (নির্বহন)।

(খ) চৰিত্ৰ-সৃষ্টিত বৈচিত্র্যঃ নাবদ, সত্যভামা, শচী আদিৰ মাজত নাটকীয় সংঘাত গঢ়ি তোলা হৈছে। নাট্য সংঘাতৰ জৰিয়তে শৃংগাৰ, হাস্য, করুণ, আৰু বীৰ ৰসৰ মিশ্রণ ঘটিছে।

(গ) গীত আৰু সংগীতৰ প্ৰয়োগ: নাটখনত ২৭ টা গীত আছে, যি পৰিবেশ সৃষ্টি আৰু মানসিক অৱস্থাৰ প্ৰকাশত সহায়ক। ৰাগৰ প্ৰয়োগ নাট্যৰস বৃদ্ধিত সহায় কৰিছে।


    এইবোৰ কলা-কৌশলেৰে শঙ্কৰদেৱে নাটখনক এক পূৰ্ণাংগ নৃত্য-নাট্য ৰূপত গঢ়ি তুলিছে।




Type by- Pankaj Saikia