'সত্ৰাধিকাৰৰ অভিষেক উৎসৱ'

১। 'বুৰঞ্জী বিবেক ৰত্ন' পুথিখনৰ ভাষাৰ বিশেষত্ব কি?

উত্তৰঃ বঙলা-ভঁজুবা ভাষা, ঠায়ে ঠায়ে পৰিষ্কাৰ অসমীয়া।


২। সত্ৰাধিকাৰ কাক সাক্ষী কৰি দায়িত্ব প্রদান কৰে?


উত্তৰঃ চন্দ্র, সূর্য, বায়ু, বরুণ, দশ দিক্কাল, সনাতন ধর্ম আৰু ঈশ্বৰক।


৩। অভিষেক সময়ত নতুন সত্ৰাধিকাৰক উপদেশ দিয়া হয় যেন তেওঁ কি নকৰে?


উত্তৰঃ অহংকাৰ নকৰে আৰু শিষ্যসকলক সমদৃষ্টিৰে চায়।


৪। অভিষেকৰ সময়ত কেবল শ্রাদ্ধৰ দিনাখনকেই অধিকাৰৰ দিন বুলি ধৰা হয় কিয়?


উত্তৰঃ সেইদিনাতে বংশানুক্রমে দায়িত্ব সুনিশ্চিত হয়।


৫। সত্ৰাধিকাৰক উপদেশ দিয়াৰ সময়ত 'ভক্তি ব্যভিচাৰ' মানে কি?


উত্তৰঃ স্বধর্ম এৰি পৰধৰ্ম গ্ৰহণ কৰা।


৬। 'সত্ৰাধিকাৰৰ অভিষেক উৎসব'ত গদ্যৰ শৈলীৰ বৈশিষ্ট্য কি?


উত্তৰঃ বর্ণনামূলক গদ্য, বহু অসমাপিকা ক্রিয়া, কথিত ভাষাৰ ছাপ।


৭। 'সত্ৰাধিকাৰৰ অভিষেক উৎসব' প্ৰৱন্ধটোৰ লেখক কোন?


উত্তৰঃ মণিৰাম দেৱান বৰভাণ্ডাৰ বৰুৱা।


৮। 'সত্ৰাধিকাৰৰ অভিষেক উৎসব' কোন গ্রন্থৰ অংশ?


উত্তৰঃ 'বুৰঞ্জী বিবেক ৰত্ন' নামৰ গ্ৰন্থৰ।


৯। 'বুৰঞ্জী বিবেক ৰত্ন' পুথিখনৰ ভাষাৰ বিশেষত্ব কি?


উত্তৰঃ বঙলা-ভঁজুবা ভাষা, ঠায়ে ঠায়ে পৰিষ্কাৰ অসমীয়া।


১০। সত্ৰাধিকাৰক অভিষেকৰ সময়ত হৰিধ্বনি কোনে দিয়ে?


উত্তৰঃ বৈষ্ণবসকলে।


১১। সত্ৰাধিকাৰসকল কাকক মুখ্য স্থান দিয়াৰ পৰামৰ্শ পায়?


উত্তৰঃ চাবিহটীয়া বৈষ্ণবসকলক।


১২। মণিৰাম দেৱানে ক'ত জন্মগ্রহণ কৰিছিল?


উত্তৰঃ শিৱসাগৰৰ চাৰিঙত।


চমু প্রশ্নোত্তৰ


১। মণিৰাম দেৱানৰ জীবন আৰু সাহিত্যিক অবদান সম্পর্কে আলোচনা কৰা।

উত্তৰঃ মণিৰাম দেৱান (১৮০৬-১৮৫৮) অসমৰ এক বিশিষ্ট বুৰঞ্জীমূলক লেখক, সমাজ-সংস্কৃতিচিন্তক আৰু স্বাধীনতা সংগ্রামী আছিল। শিৱসাগৰৰ চাৰিঙত তেওঁৰ জন্ম হৈছিল। প্ৰথমতে আহোম ৰজা পুৰন্দৰ সিংহৰ সভাসদ হিচাপে কাৰ্য্য কৰিছিল আৰু পিছত ইংৰাজ চৰকাৰৰ অধীনত মিৰমুঞ্চি আৰু পেছকাৰ পদত নিযুক্তি লাভ কৰিছিল। যদিও আৰম্ভণিতে ইংৰাজ চৰকাৰৰ সৈতে সম্পৰ্ক ৰাখিছিল, পিছত স্বাধীনচেতা মনোভাৱত ইংৰাজবিৰোধী হোৱাৰ সিদ্ধান্ত লয়। ১৮৫৭ চনৰ চিপাহী বিদ্রোহত সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰাৰ বাবে ১৮৫৮ চনত তেওঁক ইংৰাজে ফাঁচি দিয়াই মৃত্যুদণ্ড প্ৰদান কৰে।

        সাহিত্যক্ষেত্ৰত তেওঁৰ একমাত্র ৰচনা ‘বুৰঞ্জী বিবেক ৰত্ন’ বিশেষকৈ উল্লেখযোগ্য। এই গ্ৰন্থখনত ১৯শ শতিকাৰ অসমৰ ৰাজনৈতিক, সামাজিক আৰু ধৰ্মীয় পৰিস্থিতিৰ এক সুস্পষ্ট প্ৰতিফলন দেখা যায়। আহোম শাসনব্যৱস্থা, সত্ৰ সমাজ, বৈষ্ণব ধৰ্ম, মোৱামৰীয়া বিদ্ৰোহ আদি ঘটনাৰ ইতিহাসসমৃদ্ধ বৰ্ণনা ইয়াত সন্নিৱিষ্ট। বিশেষকৈ ‘সত্ৰাধিকাৰৰ অভিষেক উৎসব’ শীৰ্ষক প্ৰবন্ধত সত্ৰ সমাজৰ ঐতিহ্যবাহী অনুষ্ঠানসমূহৰ স্পষ্ট চিত্র অঙ্কিত হৈছে।

        তেওঁৰ গদ্যৰ ভাষাত বাংলা ভাষাৰ প্ৰভাৱ লক্ষ্য কৰা যায়, যাৰ মূল কাৰণ আছিল কলকাতাত তেওঁৰ শিক্ষালাভ আৰু সাহিত্যচর্চা। তথাপিও মণিৰাম দেৱান অসমীয়া গদ্যক ইতিহাসভিত্তিক বৰ্ণনা, ধৰ্মীয় বিষয়বস্তু আৰু সামাজিক বিশ্লেষণৰ জৰিয়তে এক আধুনিক ভিত্তি প্ৰদান কৰিছিল।

২। অভিষেক উৎসৱত ৰজাৰ প্ৰশাসনৰ ভূমিকা কেনে আছিল?

উত্তৰঃ সত্ৰাধিকাৰৰ অভিষেক উৎসৱত আহোম ৰাজপ্ৰশাসনৰ ভূমিকা অতি গুৰুত্বপূর্ণ আছিল। যদিও সত্ৰসমাজ মূলতঃ ধৰ্মীয় আৰু আধ্যাত্মিক প্ৰতিষ্ঠান, তথাপিও ইয়াৰ বৈধতা স্বৰ্গদেৱৰ চৰকাৰৰ অনুমোদনৰে সম্পূৰ্ণ হ’ত।

           যেতিয়া কোনো সত্ৰাধিকাৰৰ মৃত্যু ঘটিছিল, তেতিয়া নতুন অধিকাৰ স্থাপন কৰাৰ ক্ষেত্ৰত ৰাজঘৰৰ এজন ফুকন বা বৰুৱাই অনুষ্ঠানত উপস্থিত থাকিব লাগিছিল। তেওঁ সত্ৰৰ ভক্তবৃন্দ, বিষয়ববীয়া আৰু জ্যেষ্ঠ মহন্তসকলৰ পৰা সোধপাছ কৰি আগৰ অধিকাৰজনে কাক উত্তরাধিকার হিচাপে মনোনীত কৰি গৈছিল, সেয়া নিশ্চিত কৰিছিল। সাধাৰণতে বংশানুক্ৰমে জ্যেষ্ঠজনক অধিকাৰ হিচাপে নিৰ্বাচন কৰা হৈছিল।

            একবাৰ নিৰ্বাচন সম্পন্ন হ’লে, ৰাজপক্ষই আনুষ্ঠানিকভাৱে নতুন সত্ৰাধিকাৰক স্বীকৃতি দিয়ে। তাৰ লগতে ৰাজবিষয়াই ঘোষণা কৰিছিল যে নতুন অধিকাৰজনে আগৰ দৰে সত্ৰৰ ধৰ্মীয় কৰ্ম, বৈষ্ণৱ ধৰ্মৰ নিয়ম-পদ্ধতি, ঈশ্বৰ সেৱা আৰু ভক্ত-প্ৰতিপালন যথাযথভাৱে আগবঢ়াব লাগিব। লগতে তেওঁ ৰাজঘৰৰ প্ৰতি আনুগত্য প্ৰকাশ কৰিব লাগিব বুলি স্পষ্টভাবে উল্লেখ কৰা হৈছিল।

            এইদৰে অভিষেক উৎসৱত ৰাজপ্ৰশাসনৰ উপস্থিতি আৰু অনুমোদনে সত্ৰসমাজ আৰু আহোম ৰাজনীতিৰ মাজত থকা ঘনিষ্ঠ সম্পৰ্কক প্ৰতিফলিত কৰিছিল। ইয়াৰ দ্বাৰা ৰাজ-ধৰ্মৰ ঐতিহ্য সংৰক্ষণৰ লগতে সত্ৰসমাজৰ সংগঠনমূলক ধাৰা দৃঢ়ভাৱে প্ৰতিষ্ঠিত হৈছিল।

৩। সত্ৰাধিকাৰৰ অভিষেক উৎসৱ 'ত বর্ণিত সত্ৰ-সমাজৰ ধৰ্মীয় দৃষ্টিভংগী বাখ্যা কৰা।

উত্তৰঃ সত্ৰাধিকাৰৰ অভিষেক উৎসৱৰ বৰ্ণনাই সত্ৰ-সমাজৰ ধৰ্মীয় দৃষ্টিভংগী স্পষ্টভাৱে প্ৰকাশ কৰে। সত্ৰসমাজ মূলত বৈষ্ণৱ ধৰ্মৰ ওপৰত নিৰ্ভৰশীল এক আধ্যাত্মিক, সামাজিক আৰু সাংগঠনিক গঠন, য’ত ঈশ্বৰভক্তি, নৈতিক আচৰণ আৰু সমাজসেৱা মুখ্য ভূমিকা পালন কৰে।

        অভিষেক উৎসৱৰ সময়ত দেখা যায় যে সত্ৰাধিকাৰ হ’বলৈ কোনো ব্যক্তিৰ ধৰ্মজ্ঞান, শুদ্ধাচাৰ আৰু নম্ৰতা বিশেষভাবে জৰুৰী। নতুন অধিকাৰজনক ঈশ্বৰ সেৱা, নামঘৰত নাম-প্ৰসংগৰ দায়িত্ব পালন, ভক্তসকলৰ যত্ন আৰু শিষ্যসকলৰ মনোবিকাশৰ বাবে দায়িত্বশীল হ’বলৈ উপদেশ দিয়া হয়।

        ধন-সম্পত্তিৰ ক্ষেত্ৰতো ধৰ্মীয় দৃষ্টিভংগী মুখ্য থাকে। সত্ৰাধিকাৰসকলে ধন, দাস-দাসী, গৰু-মহিষ আদি সকলো বস্তুক ঈশ্বৰক সমৰ্পণৰ বাবে উপলব্ধি কৰিব লাগে। নতুন খাদ্য বা কাপোৰ গ্ৰহণ কৰাৰ আগেয়ে ঈশ্বৰক সমৰ্পণ কৰা নিয়মো ইয়াত বৰ্ণিত।

        এইধৰণৰ ধৰ্মীয় দৃষ্টিভংগীৰ মূল উদ্দেশ্য হৈছে অহংকাৰ এৰাই, সকলোৰে প্ৰতি সম আচৰণ, আত্ম-সংযম, প্ৰাণীৰ প্ৰতি দয়া, ভক্তসকলৰ সন্মান আৰু নৈতিক জীৱনচৰ্যা পালন। এই প্ৰবন্ধৰ জৰিয়তে সত্ৰ সমাজত ধৰ্মক সামাজিক আদৰ্শৰ ৰূপত প্ৰতিষ্ঠা কৰা হৈছে।

৪। 'সত্ৰাধিকাৰৰ অভিষেক উৎসব' প্রবন্ধখনৰ নাট্যৰীতিমূলক গুণ বিশ্লেষণ কৰা।  

উত্তৰঃ 'সত্ৰাধিকাৰৰ অভিষেক উৎসব' প্রবন্ধখনৰ অন্যতম বিশেষত্ব হৈছে ইয়াৰ নাট্যৰীতিমূলক উপস্থাপন। লেখক মণিৰাম দেৱানে বৰ্ণনাত্মক শৈলীৰ সৈতে মিলাই বিভিন্ন দৃশ্য, চৰিত্ৰ আৰু প্ৰতিক্ৰিয়াক উজ্জ্বলভাৱে উপস্থাপন কৰিছে, যাৰ ফলত প্রবন্ধখন এক নাট্যসুলভ ৰূপ পাইছে।

        এই নাট্যগুণ প্ৰথমে দেখা যায় বৰুৱা বা ফুকনৰ উপস্থিতি আৰু তেওঁলোকৰ সোধা-পোছাৰ পৰিৱেশত। আগৰ সত্ৰাধিকাৰৰ নিৰ্বাচনক লৈ ভক্তসকলৰ সোধা-পোছা, খাটনিয়াৰ বা গইৰহৰ উত্তৰবোৰে নাট্যৰ লহৰ সৃষ্টি কৰে। তদুপৰি, নতুন অধিকাৰক উপদেশ দিয়া মহন্তসকলৰ ভাষা, ভঙ্গিমা আৰু তীক্ষ্ণ বচনে এক নাট্যপ্ৰভাব আনিছে।

        পাঠকৰ মনত যেন এক বাস্তৱ উৎসৱৰ দৃশ্য ভাঁহি উঠে—বৈষ্ণৱসকলৰ হৰিধ্বনি, মাংগলিক বাদ্য, নামঘৰৰ নৃত্যগীত, আশীৰ্বাদ, মালা পৰিধান আদি দৃশ্যবোৰ নাট্যৰ সুসংগঠিত কাঠামোৰে প্ৰকাশ পায়। বক্তৃতা, উপদেশ আৰু শ্রদ্ধা-প্ৰদৰ্শনৰ প্ৰক্ৰিয়াও এক সংগঠিত নাট্য ৰূপ লৈছে।

        এইদৰে মণিৰাম দেৱানে বৈজ্ঞানিক বৰ্ণনা আৰু নাট্যৰীতিমূলক উপস্থাপন একত্র কৰি সত্ৰ সমাজৰ ধৰ্মীয় আৰু সাংস্কৃতিক জীৱনৰ এক সজীৱ প্ৰতিচ্ছবি আঁকি দিছে। এই প্ৰবন্ধখনে কেৱল বুৰঞ্জীৰূপে নহয়, সাহিত্যিক অভিব্যক্তিৰ উৎকৃষ্ট নিদৰ্শন হিচাপেও মূল্যবান।



Type by-Pankaj Saikia