পৰিৱেশ নৈতিকতা আৰু বহনক্ষম উন্নয়ন
অতি চমু প্ৰশ্ন উত্তৰঃ
১। 'Ethos' শব্দৰ অৰ্থ কি?
উত্তৰ: 'Ethos' শব্দৰ অৰ্থ হ'ল 'ৰীতি নীতি বা অভ্যাস বা প্রথা'।
২। 'Moral' শব্দটো কোন শব্দৰ পৰা আহিছে?
উত্তৰ: Mores শব্দৰ পৰা আহিছে।
৩। 'Mores' শব্দৰ অৰ্থ কি?
উত্তৰঃ ৰীতি-নীতি বা অভ্যাস।
৪। বৈদিক যুগৰ ঋষিসকলক কিহে আকৰ্ষিত কৰিছিল?
উত্তৰ: প্রকৃতি আৰু মানুহৰ মাজৰ সম্পর্কই বৈদিক যুগৰ ঋষিসকলক আকর্ষিত কৰিছিল।
৫। 'Silent Spring' গ্রন্থখনৰ লিখক কোন?
উত্তৰ: Rachel Carson.
৬। পৰিৱেশীয় বিশ্বকেন্দ্রিক চিন্তাধাৰা কি?
উত্তৰ: বিশ্বকেন্দ্ৰিক চিন্তাধাৰাই আমাক প্ৰকৃতিত আন জীৱৰ দৰে প্ৰকৃতিৰ অংশ হিচাপে জীয়াই থকাত উদ্গনি জগায়। অর্থাৎ আমি আমাৰ চিন্তাধাৰাক অনুসৰণ কৰি কাম কৰোঁ।
৭। 'Ethics' শব্দটো কোন শব্দৰ পৰা আহিছে?
উত্তৰ: 'Ethos' শব্দৰ পৰা।
৮। কোনখন দেশৰ চৰকাৰে পৰিৱেশীয় নৈতিকতাৰ স্বাৰ্থত ১ জানুৱাৰী, ২০২৩ চনৰ পৰা ফল-মূল আৰু শাক-পাঁচলিৰ কাৰণে ব্যবহৃত প্লাষ্টিকৰ টোপোলা বন্ধা কার্য নিষেধাজ্ঞা কৰা হ'ব বুলি প্রস্তাবনা লৈছে?
উত্তৰঃ স্পেইনে।
৯ । ৰাষ্ট্ৰসংঘৰ বহনক্ষম উন্নয়নৰ লক্ষ্য ১২ৰ এটা মুখ্য লক্ষ্য লিখা।
উত্তৰঃ খাদ্যৰ অপচয় ২০৩০ৰ ভিতৰত হ্রাস কৰা।
১০। ৰাষ্ট্ৰসংঘৰ বহনক্ষম উন্নয়নৰ লক্ষ্য ১৩ৰ লক্ষ্য কি?
উত্তৰঃ জলবায়ু পৰিৱৰ্তনৰ বিৰুদ্ধে জৰুৰী ব্যৱস্থা গ্রহণ।
১১। ৰাষ্ট্ৰসংঘৰ বহনক্ষম উন্নয়নৰ লক্ষ্য ১২ৰ প্ৰধান বিষয়বস্তু কি?
উত্তৰঃ দায়িত্বশীল ব্যৱহাৰ আৰু উৎপাদনৰ ধৰণ নিশ্চিত কৰা।
১২। নৈতিক মূল্যবোধে কি বিশ্বাস কৰে?
উত্তৰ: মানুহৰ পৰিৱেশ ৰক্ষা কৰাৰ নৈতিক দায়িত্ব আছে।
চমু প্রশ্নোত্তৰ
১। পৰিৱেশ অধ্যয়নৰ আৱশ্যকতা কি?
উত্তৰ: পৰিৱেশ অধ্যয়ন আজিৰ যুগত অতি প্ৰয়োজনীয় বিষয়, কাৰণ ই আমাৰ দৈনন্দিন জীৱনৰ মূল উপাদানসমূহ যেনে– বিশুদ্ধ পানী, স্বাস্থ্যকৰ খাদ্য, সজীৱ বতাহ, সাৰুৱা মাটি, সুস্থ জীৱনধাৰণ আৰু টেকসই উন্নয়ন আদি ক্ষেত্ৰৰ সৈতে জড়িত। এই অধ্যয়নে অপচয় নিয়ন্ত্ৰণ, পৰিৱেশ সংৰক্ষণ, প্ৰদূষণ হ্ৰাস আৰু সেউজ প্ৰযুক্তিৰ ব্যৱহাৰ নিশ্চিত কৰাত সাহায্য কৰে।
পৰিৱেশ আইন, পৰিৱেশ অভিযান্ত্ৰিকতা, অপচয় পৰিচালনা, বন সংৰক্ষণ আদি ক্ষেত্ৰত নতুন সুযোগ সৃষ্টিৰ পথ খুলিছে। আজিকালি শক্তিশালী পৰিৱেশ আইন থাকিব পৰা বাবে কোনো উদ্যোগে অপচয় পোনে পোনে নিক্ষেপ কৰিব নোৱাৰে। আইন ভংগ কৰিলে সেই উদ্যোগক বন্ধ বা স্থানান্তৰ কৰাৰ আদেশ দিয়া হয়।
জাৰ্মানী, আমেৰিকা, জাপান আদি দেশত অপচয় পৰিশোধন এক ডাঙৰ বজাৰ হিচাপে পৰিগণিত। ভাৰততো প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদ সক্ৰিয়ভাৱে কাম কৰি আছে আৰু নিয়ম উলঙ্ঘন কৰিলে কঠোৰ পদক্ষেপ গ্রহণ কৰে। এই কাৰণসমূহৰ বাবে পৰিৱেশ অধ্যয়ন আধুনিক বিশ্বত সময়োপযোগী আৰু অত্যাৱশ্যকীয়।
২। পৰিৱেশ সম্বন্ধীয় নীতি শাস্ত্ৰ কি?
উত্তৰঃ পৰিৱেশ সম্বন্ধীয় নীতি শাস্ত্ৰ বুলিলে মানৱ আৰু অমানৱীয় উপাদান—যেনে গছ-গছনি, জীৱ-জন্তু, প্ৰাকৃতিক সম্পদ, পৰিস্থিতিতন্ত্র, জৈৱমণ্ডল, প্ৰাকৃতিক দৃশ্য আদি—সকলোকে একেলগে ধৰি সিহঁতৰ নৈতিক সম্পৰ্কৰ অধ্যয়নক বুজায়। মানুহে নিজকে প্ৰকৃতিৰ এটা অংশ হিসাবে ধৰে, কিন্তু নীতিগত দৃষ্টিতে মানুহ অন্য সকলো জীৱ-উপাদানৰ পৰা বেলেগ, কাৰণ কেৱল মানুহেহে নিজৰ আচৰণৰ ফলাফল বুজি যুক্তিসহ চিন্তা কৰিবলৈ ক্ষম। এই আচৰণে পৰিৱেশক ধনাত্মক বা ঋণাত্মকভাৱে প্ৰভাৱিত কৰিব পাৰে। সেইবাবে জৈৱ অথবা পৰিৱেশ নীতি শাস্ত্ৰে মানুহ আৰু প্ৰকৃতির মাজত থকাৰ এই সম্পর্কক নৈতিক আলোচনাৰ আলোকত বিশ্লেষণ কৰে।
৩। বহনক্ষম উন্নয়ন বুলিলে কি বুজা?
উত্তৰঃ বহনক্ষম উন্নয়ন বুলিলে এনে ধৰণৰ উন্নয়নক বুজায় য’ত কোনো দেশ বা সমাজে প্ৰাকৃতিক সম্পদ ব্যৱহাৰ কৰে, কিন্তু সেই ব্যৱহাৰে ভবিষ্যৎ প্ৰজন্মৰ বাবে সেই সম্পদ নিঃশেষ নকৰে। অৰ্থাৎ, আজিৰ প্রয়োজন পূৰণ কৰাৰ সময়তো আগন্তুক প্ৰজন্ম যাতে সেই সম্পদ উপভোগ কৰিব পাৰে তেনেদৰে সংৰক্ষণসহ ব্যৱহাৰ কৰা হয়।
এই ধাৰণাটো বিশ্ব স্বাস্থ্য সংস্থাৰ পূৰ্বৰ সঞ্চালক আৰু নৰৱেৰ প্ৰাক্তন প্রধানমন্ত্রী জি. এইচ. ব্রান্টলেণ্ডে আগবঢ়াইছিল। বহনক্ষম উন্নয়নৰ মূল চেতনা অনুসৰি উন্নয়নে কেৱল বৰ্তমান প্ৰজন্মৰ অৱস্থানই উন্নত নকৰি ভবিষ্যৎ প্ৰজন্মৰ অধিকাৰো সুৰক্ষিত কৰিব লাগে। এইদৰে, প্ৰাকৃতিক সম্পদ সৰ্বসাধাৰণৰ সম্পত্তি বুলি ধৰি আজিৰ প্ৰজন্মে দায়িত্বশীলভাৱে ব্যৱহাৰ আৰু সংৰক্ষণ দুয়োটাই একেলগে কৰা আৱশ্যক। যাতে আগন্তুক পুথিৰ মানুহে সম্পদ হ্ৰাস পোৱা বা বঞ্চিত হোৱাৰ সমস্যা নুভোগে।
৪। পাৰিপাৰ্শ্বিকতা বিষয়ৰ নিয়ন্ত্ৰণৰ ক্ষেত্ৰত বিশ্বৰ ৰাজনীতিৰ পৰিপ্ৰেক্ষিতত ৰাষ্ট্ৰসংঘই কি ভূমিকা পালন কৰিছে?
উত্তৰঃ ৰাষ্ট্ৰসংঘে বিশ্ব পৰিবেশ সুৰক্ষা আৰু ব্যৱস্থাপনাৰ ক্ষেত্ৰত এক কেন্দ্ৰীয় ভূমিকা পালন কৰি অহা সংগঠন। পৰিবেশ সংক্রান্ত সমস্যাবোৰক আন্তৰ্জাতিক পৰ্যায়ত আগবঢ়োৱাৰ ক্ষেত্ৰত এই সংগঠনেই প্ৰথম গৰাকী। ৰাষ্ট্ৰসংঘে পৰিবেশ কার্যসূচীৰ জৰিয়তে বহুমুখী গবেষণা, নীতি-প্ৰণয়ন আৰু আন্তৰ্জাতিক আলোচনাৰ ব্যৱস্থা কৰিছে।
১৯৭২ চনত ৰাষ্ট্ৰসংঘৰ উদ্যোগত অনুষ্ঠিত Stockholm সম্মিলনে বিশ্ব পৰিবেশ নীতিৰ আধাৰ স্থাপন কৰে। ইয়াত প্ৰথমবাৰৰ বাবে পৃথিৱীৰ দেশসমূহে পৰিবেশ সংকটক যৌথ সমস্যা হিচাপে স্বীকাৰ কৰে। তাৰ পিছত ১৯৯২ চনত ব্রাজিলৰ ৰিঅ’ দি জেনেৰিঅ’ত অনুষ্ঠিত ধৰণী শীৰ্ষ সম্মিলনে (Earth Summit) বহনক্ষম উন্নয়ন আৰু পৰিবেশ-বান্ধৱ নীতিৰ দিশে বিশ্বজনীন দিশা নিৰ্ধাৰণ কৰে। ইয়াত কেইবাটাও গুৰুত্বপূর্ণ আচৰণবিধি আৰু চুক্তি গ্ৰহণ কৰা হয়।
ইয়াৰ পিছতেও ৰাষ্ট্ৰসংঘে পৰিবেশ সম্পৰ্কীয় বৈঠক, চুক্তি, আৰু বিশ্বজনীন কৰ্মসূচীৰ জৰিয়তে পৰিস্ফুট পদক্ষেপ ল’বলৈ দেশসমূহক উৎসাহিত কৰি আহিছে। ফলস্বৰূপে পৰিবেশ আজি বৈদেশিক নীতি আৰু বিশ্ব ৰাজনীতিৰ এক অতি গুৰুত্বপূর্ণ বিষয় হিচাপে পৰিগণিত হৈছে।
৫। ৰাষ্ট্ৰসংঘৰ বহনক্ষম উন্নয়নৰ লক্ষ্য ১২ৰ গুৰুত্ব সম্পর্কে চমুকৈ বৰ্ণনা কৰা।
উত্তৰঃ বহনক্ষম উন্নয়নৰ লক্ষ্য ১২ৰ উদ্দেশ্য হৈছে দীৰ্ঘকালীনভাৱে উৎপাদন আৰু ব্যৱহাৰৰ ধৰণক দায়িত্বশীল আৰু পৰিবেশ-সম্মত ৰূপত প্ৰসাৰ কৰা। এই লক্ষ্যৰ দ্বাৰা আবর্জনা হ্ৰাস, সম্পদ অপচয় ৰোধ, আৰু পৰিৱেশ প্ৰদূষণ নিয়ন্ত্ৰণ কৰা হয়। সম্পদৰ বুদ্ধিমত্তাপূৰ্ণ ব্যৱহাৰে প্ৰাকৃতিক ব্যৱস্থাৰ ওপৰত চাপ কমায় আৰু পুনঃব্যৱহাৰ আৰু পুনঃচক্ৰায়ন প্ৰক্ৰিয়াক উৎসাহিত কৰে।
দায়িত্বশীল উৎপাদন আৰু ব্যৱহাৰে উদ্ভাৱন, খৰচ সঞ্চয়, আৰু দীঘলীয়া অৰ্থনৈতিক বৃদ্ধি অনায়াসে আগবঢ়ায়। লগতে, ন্যায্য সম্পদ বণ্টন নিশ্চিত কৰি সমাজৰ কল্যাণ সাধন হয়, বিশেষকৈ উন্নয়নশীল দেশসমূহৰ বাবে। অধিক ধনী দেশসমূহৰ অতিমাত্ৰা সম্পদ ব্যৱহাৰ হ্ৰাস কৰিলে দুখীয়া অঞ্চলসমূহৰ ওপৰত পৰিৱেশ আৰু অৰ্থনৈতিক চাপ কমে। এই লক্ষ্যৰ সফল বাস্তৱায়নৰ বাবে চৰকাৰ, ব্যৱসায় আৰু নাগৰিকৰ মাজত আন্তঃৰাষ্ট্ৰীয় সহযোগিতা অত্যাৱশ্যক, যিয়ে সমগ্ৰ বিশ্বক বহনক্ষম আৰু টেকসই ভৱিষ্যৎৰ বাবে একেলগে দায়িত্ববান কৰে।
Type by - Pankaj Saikia