পৰিৱেশ সংৰক্ষণ
অতি চমু প্ৰশ্ন উত্তৰঃ
১। বিশ্বত প্রথম সেউজ আন্দোলন কেতিয়া আৰম্ভ হয়?
উত্তৰঃ বিশ্বত ১৯৬০-৭০ দশকৰ পৰা সেউজ আন্দোলন আৰম্ভ হয়।
২। 'Silent Spring' নামৰ কিতাপখন কিয় পৰিবেশ আন্দোলনৰ বাবে গুৰুত্বপূর্ণ?
উত্তৰ: ৰেচেল কাৰছনৰ "Silent Spring" কিতাপে কীটনাশকৰ কুপ্ৰভাৱ উলিয়াই পৰিৱেশ সচেতনতা বৃদ্ধি কৰিছিল।
৩। 'Greenpeace' কি?
উত্তৰ: Greenpeace হৈছে এটা আন্তঃৰাষ্ট্ৰীয় পৰিৱেশ NGO, যি ১৯৭১ চনত কানাডাত গঠন হৈছিল।
৪। 'Earth Day' কেতিয়া পালন কৰা হয়?
উত্তৰ: প্রতি বছৰৰ ২২ এপ্ৰিলত Earth Day পালন কৰা হয়।
৫। UNEP-ৰ পূৰ্ণ ৰূপ কি?
উত্তৰ: UNEPৰ পূৰ্ণ ৰূপ হৈছে United Nations Environmen Programme
৬। 'Fridays for Future' আন্দোলন কোনে আৰম্ভ কৰিছিল?
উত্তৰ: Fridays for Future আন্দোলন গ্রেটা থানবার্গে আৰম্ভ কৰিছিল।
৭। 'Our Common Future' প্রতিবেদনক আন কি নামে জনা যায়?
উত্তৰ: 'Our Common Future' প্রতিবেদনক Brundtland Report বুলি জনা
৮। নমামী গংগে কোনখন চহৰৰ পৰা আৰম্ভ কৰিছিল?
উত্তৰঃ উত্তৰাখণ্ডৰ হৰিদ্বাৰৰ পৰা গংগা নদী পৰিষ্কাৰ কৰাৰ বাবে নমামি গংগা কাৰ্যসূচী আৰম্ভ কৰা হয়।
৯। জৈৱ-বৈচিত্র্য বিলুপ্তিৰ কাৰণে প্ৰধানকৈ কোন দায়ী?
উত্তৰঃ জৈৱ-বৈচিত্র্য বিলুপ্তিৰ বাবে প্রধানকৈ মানুহেই দায়ী।
১০। লুপ্তপ্রায় উদ্ভিদ তিনি বিধৰ নাম উল্লেখ কৰা।
উত্তৰঃ লুপ্তপ্রায় উদ্ভিদ তিনি বিধৰ নাম হ'ল- (ক) কলচী উদ্ভিদ (খ) সর্পগন্ধা আৰু (গ) চম্পা ফুল।
১১। জৈৱ-বৈচিত্র্যৰ গুৰুত্বপূৰ্ণ স্থানৰ ধাৰণাটো কোনে আগবঢ়াইছিল?
উত্তৰঃ মেয়াৰে আগবঢ়াইছিল।
১২। প্রথম বিশ্ব পৰিৱেশ সম্মিলন ক'ত অনুষ্ঠিত হৈছিল?
উত্তৰঃ ১৯৭২ চনত ষ্টকহোমত প্রথম বিশ্ব পৰিবেশ সম্মিলন অনুষ্ঠিত হৈছিল।
১৩। 'Greenpeace' কি?
উত্তৰ: Greenpeace হৈছে এটা আন্তঃৰাষ্ট্ৰীয় পৰিৱেশ NGO, যি ১৯৭১ চনত কানাডাত গঠন হৈছিল।
১৪। 'Chipko Movement' কোন দেশত হৈছিল?
উত্তৰ: Chipko Movement ভাৰতত (উত্তৰাখণ্ডত) ১৯৭৩ চনত হৈছিল।
চমু প্ৰশ্ন উত্তৰঃ
১। পৰিবেশ সংৰক্ষণৰ বাবে জনসচেতনতাৰ প্ৰয়োজন আছেনে?
উত্তৰঃ জনসচেতনতাৰ অবিহনে পৰিবেশ সংৰক্ষণ সম্ভৱ নহয়। কাৰণ, জনসাধাৰণৰ সহযোগ নাথাকিলে চৰকাৰ বা কোনো বিভাগ বা কোনো সংগঠনে পৰিবেশ সংৰক্ষণত সফলতা লাভ কৰিব নোৱাৰে। জনসাধাৰণৰ সহযোগিতা সম্পূর্ণরূপে নির্ভৰ কৰে জনসচেতনতাৰ ওপৰত। পৰিবেশকেন্দ্রিক সমস্যাবোৰ কিয় হয়, কেনেদৰে উদ্ভব হয় সেই সম্পর্কে জ্ঞান নাথাকিলে তেনে সমস্যা সমাধানত জনসাধাৰণৰ সহযোগিতা আশা কৰিব নোৱাৰি।
২। অন্তঃস্থান সংৰক্ষণ (In-situ conservation) কি?
উত্তৰ: অন্তঃস্থান সংৰক্ষণ হৈছে জৈৱ-বৈচিত্র্যক তাৰ প্ৰাকৃতিক বাসস্থান আৰু পৰিৱেশৰ সৈতে সংৰক্ষণ কৰাৰ পদ্ধতি। একোটা ভৌগোলিক অঞ্চলৰ প্ৰাকৃতিক জীৱ আৰু উদ্ভিদ সংৰক্ষণ কৰিবলৈ এই পদ্ধতি আটাইতকৈ উপযুক্ত আৰু যুক্তিসঙ্গত। বিপদগ্ৰস্থ উদ্ভিদ আৰু প্ৰাণীৰ প্ৰজাতি সংৰক্ষণৰ বাবে বিশেষ সংৰক্ষিত অঞ্চল নিৰ্ধাৰণ কৰা হয়। IUCN-এ এই সংৰক্ষিত অঞ্চলসমূহক বিভিন্ন পৰিচালন নীতিৰ আধাৰত ৮টা শ্ৰেণীত বিভক্ত কৰিছে। সেইবোৰ হ’ল বৈজ্ঞানিক সংৰক্ষিত অঞ্চল, ৰাষ্ট্ৰীয় উদ্যান, ৰাষ্ট্ৰীয় প্রতিমূর্তি, বনজ অভয়াৰণ্য, সংৰক্ষিত প্ৰাকৃতিক অঞ্চল, সংৰক্ষিত জীৱমণ্ডল, প্ৰাকৃতিক জৈৱাঞ্চল আৰু বহু উপযোগী পৰিচালনাৰ অঞ্চল।
৩। স্থানীয়তা (Endemism) কি?
উত্তৰ: যিবোৰ প্ৰজাতি কোনো এক নির্দিষ্ট অঞ্চলতহে পোৱা যায় সেইবোৰক স্থানীয়তা (Endemism) বোলে। ভাৰতত এনে প্রজাতি বহু দেখা পোৱা যায়। প্রায় ৬২ শতাংশ উভচৰ আৰু ৫০ শতাংশ সৰীসপ ভাৰতত Endemism Western ghan সর্বাধিক পোরা যায়।