পাৰিপাৰ্শ্বিক শিক্ষা আৰু জনসংখ্যা শিক্ষা

অতি চমু প্রশ্নোত্তৰ


১। পৰিৱেশ শিক্ষা বুলিলে কি বুজা?

উত্তৰঃ পৰিৱেশ শিক্ষা হৈছে এনে এক শিক্ষাক্ষেত্ৰ, য’ত পৰিৱেশ আৰু তাৰ সৈতে জড়িত সমস্যাবোৰৰ বিষয়ে অধ্যয়ন কৰা হয়। এই শিক্ষাৰ উদ্দেশ্য হৈছে মানুহক পৰিৱেশ সংৰক্ষণৰ প্ৰয়োজনীয়তা বিষয়ে সজাগ কৰা, পৰিৱেশগত সমস্যাবোৰ সমাধানৰ পথ দেখুওৱা, আৰু মানুহ-প্ৰকৃতিৰ মাজত সু-সম্পর্ক স্থাপন কৰাত সহায় কৰা।

২। বহনক্ষম উন্নয়ন বুলিলে কি বুজা?


উত্তৰ: পৰিবেশৰ সম্পদসমূহৰ যথোচিত ব্যৱহাৰ কৰি, ভাৰসাম্য ৰক্ষা কৰি দেশ বা অঞ্চল একোটাই অর্থনৈতিক প্রগতি বা উন্নয়নৰ পথত আগুৱাই যাব পৰাকে বহনক্ষম উন্নয়ন বুলি কোৱা হয়।


৩। জনসংখ্যা শিক্ষাৰ উদ্দেশ্য কি?


উত্তৰ: ছাত্র-ছাত্রীসকলৰ যুক্তিসংগত আৰু দায়িত্বশীল মনোভাৱ আৰু আচৰণ জনসংখ্যা পৰিস্থিতিৰ প্ৰতি বিকশাই তোলা।


৪। জনসংখ্যা শিক্ষাৰ মূল উদ্দেশ্য কি?


উত্তৰ: বর্ধিত জনসংখ্যাৰ ফলত বিশ্বব্যাপী উদ্ভৱ হোৱা সমস্যা, ইয়াৰ উৎপত্তিৰ কাৰণ, আর্থ-সামাজিক পৰিস্থিতিৰ ওপৰত ইয়াৰ প্ৰভাৱ আদি সম্পর্কত শিক্ষার্থীক জ্ঞান প্রদান কৰাই হৈছে জনসংখ্যা শিক্ষাৰ উদ্দেশ্য।


৫। জনসংখ্যা বুলি ক'লে কি বুজা?


উত্তৰঃ সাধাৰণতে কোনো এক নির্দিষ্ট সময়ত কোনো এখন ঠাইত এটা প্ৰজাতিৰ জীৱবিলাক একেলগে বর্তি থাকিল তাক সেই জীৱৰ সমষ্টি বোলা হয়। এই অবস্থা মানুহৰ ক্ষেত্ৰত বুজাবলৈ হ'লে জনসংখ্যা বুলি কোৱা হয়।


৬। জনসংখ্যা শিক্ষাৰ এটা বৈশিষ্ট্য লিখা।


উত্তৰঃ জনসংখ্যা-শিক্ষা হৈছে পৰিৱেশ শিক্ষা অধ্যয়নৰ এক অংশ বিশেষ। জনসংখ্যা শিক্ষাই দেশৰ গুণগত আৰু পৰিমাণগত বিকাশ সাধনৰ প্ৰচেষ্টা চলায়।


৭। জনসংখ্যা শিক্ষাৰ ধাৰণাটো প্রথম কোনে নামকৰণ কৰিছিল?


উত্তৰঃ জনসংখ্যা শিক্ষাৰ ধাৰণাটো প্ৰথম নামকৰণ কৰিছিল হাবার্ড বিশ্ববিদ্যালয়ৰ অধ্যাপক 'নবেল ডেভিদ বার্লেচনে (Novel Devid Barleson)।


৮। জনসংখ্যা শিক্ষাৰ উদ্দেশ্য কি?


উত্তৰ: ছাত্র-ছাত্রীসকলৰ যুক্তিসংগত আৰু দায়িত্বশীল মনোভাৱ আৰু আচৰণ জনসংখ্যা পৰিস্থিতিৰ প্ৰতি বিকশাই তোলা।


৯। ইউনেস্কোৰ দৃষ্টিভংগীত পাৰিপাৰ্শ্বিক শিক্ষাৰ প্ৰধান উদ্দেশ্য কি?


উত্তৰঃ ইউনেস্কোৰ (UNESCO-1981) দৃষ্টিভংগীত পাৰিপাৰ্শ্বিক শিক্ষাৰ প্ৰধান উদ্দেশ্য হৈছে- সচেতনতা, জ্ঞান, প্রবণতা, নিপুণতা, পাৰিপার্শ্বিক সামৰ্থ্য আৰু অংশগ্রহণ।


১০। জনসংখ্যা শিক্ষাৰ সংজ্ঞা দিয়া।


উত্তৰ: ইউনেস্কোৰ এখন মুখপাত্ৰত উল্লেখ কৰা হৈছে যে 'জনসংখ্যা শিক্ষা হৈছে এক উন্নত পৰ্যায়ৰ শিক্ষাসূচী। এই শিক্ষাসূচীৰ দ্বাৰা পৰিয়াল, সমাজ, ৰাষ্ট্ৰ বা বিশ্বৰ জনসংখ্যাৰ হ্রাস বৃদ্ধি অধ্যয়ন কৰি সেই সম্পর্কে ছাত্ৰৰ সচেতনতা আৰু বুদ্ধি সম্পন্ন দায়িত্ববোধৰ ভাৱৰ বিকাশ ঘটাব পাৰি।'


চমু প্রশ্নোত্তৰ


১। পৰিৱেশ শিক্ষাৰ পৰিসৰসমূহ কি কি? উত্তৰঃ পৰিৱেশ শিক্ষাৰ পৰিসৰ বহুত বিস্তৃত। এই শিক্ষাই পৰিৱেশৰ সকলো দিশক আৱৰি লয় — প্ৰাকৃতিক (বায়ু, পানি, মাটি, উদ্ভিদ, প্ৰাণী) আৰু মানুহে সৃষ্টি কৰা কৃত্ৰিম পৰিৱেশ দুয়োকে। ইয়াত কেৱল পৰিৱেশৰ ভৌতিক সম্পদহে নহয়, মানুহৰ আচৰণ, চিন্তাভাবনা, মনোভাৱ, জীৱনশৈলী আৰু মূল্যবোধকো অন্তর্ভুক্ত কৰা হয়। পৰিৱেশ শিক্ষাই মানুহৰ কাৰ্যকলাপৰ ফলত হোৱা পৰিৱেশ ধ্বংস, প্ৰদূষণ, সম্পদৰ অতিৰিক্ত শোষণ আদি সমস্যাবোৰৰ বিষয়ে আলোচনা কৰি ইয়াৰ পৰা মুক্তিৰ উপায়ো প্ৰদৰ্শন কৰে। লগতে, এই শিক্ষাই জীৱ-বৈচিত্ৰ্য সংৰক্ষণ, প্ৰাকৃতিক সম্পদৰ সঠিক ব্যৱহাৰ আৰু পৰিৱেশৰ সৈতে মানুহৰ সু-সামঞ্জস্যপূৰ্ণ সম্পৰ্ক বজাই ৰাখিবলৈ সচেতনতা সৃষ্টি কৰে। সাৰসংক্ষেপত, পৰিৱেশ শিক্ষাৰ পৰিসৰ হৈছে — প্ৰকৃতিৰ মূল্য উপলব্ধি কৰা, পৰিৱেশ সংৰক্ষণৰ প্ৰয়োজনীয়তা বুজোৱা আৰু মানুহ আৰু পৃথিৱীৰ মাজত দীৰ্ঘস্থায়ী সু-সম্পৰ্ক স্থাপন কৰাৰ দিশে পথ প্ৰদৰ্শন কৰা।


২। বহনক্ষম উন্নয়নৰ ধাৰণাটোৰ সংজ্ঞা দিয়া। উত্তৰঃ অতিৰিক্ত সম্পদ শোষণ আৰু পৰিৱেশ অধোগমনৰ ফলত বৰ্তমানৰ অৰ্থনৈতিক উন্নয়ন বহু ক্ষেত্ৰত অ-বহনক্ষম হৈ পৰিছে। বিভিন্ন দেশ নিজৰ অৰ্থনৈতিক প্ৰগতিৰ বাবে প্ৰাকৃতিক সম্পদক এতিয়া এনেদৰে ব্যৱহাৰ কৰিছে, যাৰ ফলত ভৱিষ্যৎ প্ৰজন্ম সেই সম্পদৰ সুবিধাৰ পৰা বঞ্চিত হ’ব পাৰে। এইধৰণৰ উন্নয়ন, যি বৰ্তমানৰ সুখ ভোগৰ উদ্দেশ্যে পৰিৱেশৰ ওপৰত নেতিবাচক প্ৰভাৱ পেলায়, তাক “অ-বহনক্ষম উন্নয়ন” বুলি কোৱা হয়। অন্যহাতে, বহনক্ষম উন্নয়নৰ মূল ধাৰণা হৈছে—এনে উন্নয়ন কৰা যি বৰ্তমানৰ প্ৰয়োজন পূৰণ কৰাৰ লগতে ভৱিষ্যৎ প্ৰজন্মৰ চাহিদাকো ক্ষতি নকৰে। অৰ্থাৎ, এই ধাৰণাই পৰিৱেশ সংৰক্ষণ আৰু সম্পদৰ সঠিক ব্যৱহাৰৰ জৰিয়তে অৰ্থনৈতিক আৰু সামাজিক উন্নয়ন সম্ভৱ কৰে। সাৰকথা, বহনক্ষম উন্নয়ন হৈছে এনে এক উন্নয়ন প্ৰক্ৰিয়া যি বৰ্তমান আৰু ভৱিষ্যৎ প্ৰজন্ম দুয়োৰ জীৱনৰ মান উন্নত কৰি পৰিৱেশৰ সৈতে সু-সামঞ্জস্য বজাই ৰাখে।


৩। বহনক্ষম উন্নয়নৰ বাবে শিক্ষা প্ৰদান কৰোতে ল'বলগীয়া বিভিন্ন কৌশলসমূহ উল্লেখ কৰা। উত্তৰঃ বহনক্ষম উন্নয়নৰ শিক্ষা প্রদান কৰোতে ল'বলগীয়া কৌশলসমূহ হ'ল- জনসংখ্য নিয়ন্ত্রণ, সার্বজনীন স্বীকৃতি, গণ-সজাগতাৰ অনুষ্ঠান, মূল্যভিত্তিত শিক্ষা, সৌন্দর্যাত্মিক শিক্ষা, পৰিৱেশ পৰিকল্পনা, আইনৰ কাৰ্যকৰীকৰণ, আচৰণ পৰিৱৰ্তন, গণ অভিমতৰ সৃষ্টি, আন্তঃবিষয়ৰ গৱেষণা।


৪। প্রাথমিক পৰ্যায়ৰ পৰিৱেশ শিক্ষা কি? উত্তৰঃ শিক্ষাৰ প্রাথমিক পৰ্যায়ত পৰিৱেশ শিক্ষা হ'ব লাগে অভিজ্ঞতা-ভিত্তিক আৰু বাস্তৱ ইন্দ্রিয়গ্ৰাহ্য। ইয়াৰ উদ্দেশ্য হৈছে শিশুসকলক পৰিস্কাৰ-পৰিচ্ছন্নতা বজাই ৰখা, সুস্বাস্থ্যৰ অভ্যাস গঢ়ি তোলা, আৰু পৰিৱেশত হোৱা দৈনন্দিন ঘটনাসমূহ পৰ্যবেক্ষণ আৰু অনুভৱ কৰোৱাটো। উদাহৰণস্বৰূপ—ৰ'দ-বৰষুণ, শীত-তাপৰ পৰিৱৰ্তন, আৰু অন্যান্য প্ৰাকৃতিক ঘটনা লক্ষ্য কৰা। সেইদৰে, প্রাথমিক বিদ্যালয়ৰ শিশুসকলক চাৰিওফালে থকা উদ্ভিদ আৰু জীৱ-জগতৰ সৈতে পৰিচয় কৰোৱাই প্ৰাথমিক বিজ্ঞান আৰু পৰিৱেশ শিক্ষাৰ আধাৰ গঢ়ি তোলে। সাৰকথা, প্রাথমিক পৰ্যায়ৰ পৰিৱেশ শিক্ষা হৈছে অভিজ্ঞতা আৰু পর্যবেক্ষণৰ মাধ্যমে শিশুসকলক পৰিৱেশৰ বিষয়ে সচেতন কৰা আৰু প্ৰাথমিক বিজ্ঞান আৰু মানৱিক ধাৰণা বিকাশ কৰা প্ৰক্ৰিয়া।


৫। মাধ্যমিক পৰ্যায়ৰ পৰিৱেশ শিক্ষা কি?


উত্তৰঃ শিক্ষাৰ মাধ্যমিক পর্যায়ত ছাত্র-ছাত্রীক প্রকৃতিৰ গোপন ৰহস্যৰ প্ৰতি আকৰ্ষিত কৰি তুলিবলৈ বিজ্ঞান বিষয়বোৰৰ অধ্যয়নত গুৰুত্ব আৰোপ কৰিব লাগে। প্রকৃতিক সামগ্রিক ৰূপত গঢ়ি তোলা পদার্থ বিজ্ঞান, ৰসায়ন বিজ্ঞান, জীব বিজ্ঞান, উদ্ভিদ বিজ্ঞান আদি বিষয়বোৰৰ প্রতি ছাত্ৰ-ছাত্ৰীসকলৰ দৃষি আকৰ্ষণ কৰি তুলিব লাগে। ইয়াৰ উপৰি প্ৰকৃতি আৰু পৰিৱেশৰ প্রতি মানবীয় অনুভূতি, দৃষ্টিভংগী আৰু মূল্যবোধ ভাব গঢ় দি তুলিবৰ বাবে সাহিত্য, বুৰঞ্জী, অর্থনীতি, পৌৰজ্ঞান, নীতি জ্ঞান আদি এই পৰ্যায়ৰ পাঠ্যক্ৰমত অন্তর্ভুক্ত কৰিব লাগে।




Type by- Pankaj Saikia