পৰিৱেশৰ ধাৰণা
অতি চমু প্রশ্নোত্তৰ
১। উৎপাদক কি?
উত্তৰ: যিবোৰ জীৱ সূৰ্যৰ পোহৰ ব্যৱহাৰ কৰি নিজেই খাদ্য তৈয়াৰ কৰে, তেওঁলোকক উৎপাদক বোলে।
২। পৰিৱেশৰ প্ৰধান উপাদানটো কি?
উত্তৰ: বায়ু।
৩। মানুহ আৰু প্ৰকৃতিৰ মাজত কি সম্পর্ক আছে?
উত্তৰ: মানুহ আৰু প্ৰকৃতি পৰস্পৰে একে-অকে সহায়ক। অৰ্থাৎ দুয়োতে একে-অক এৰ সৈতে জড়িত।
৪। পৰিৱেশ সম্বন্ধে বিশদভাবে অধ্যয়ন কৰা বিষয়টোক কি বোলে?
উত্তৰ: পৰিস্থিতি বিজ্ঞান।
৫। পৰিৱেশৰ অজৈৱিক উপাদানসমূহ কি কি?
উত্তৰ: পৰিৱেশৰ অজৈৱিক উপাদান হ’ল—বায়ু, পানী আৰু মাটি।
৬। বায়ু, পানী আৰু মাটিক লৈ গঢ়ি উঠা বাতাবৰণটোক কি বোলে?
উত্তৰ: তাক পৰিৱেশ বোলে।
৭। ভাৰতবৰ্ষত মৰুজ পৰিস্থিতিতন্ত্ৰ ক’ত পোৱা যায়?
উত্তৰ: ৰাজস্থানৰ থৰ মৰুভূমিত।
৮। ইকোলজিৰ প্ৰধান লক্ষ্য কি?
উত্তৰ: জীৱ আৰু পৰিৱেশৰ মাজত থকা সম্পৰ্ক অধ্যয়ন কৰা।
৯। পৰিস্থিতিতন্ত্র শব্দটো কোনে প্ৰৱৰ্তন কৰিছিল?
উত্তৰ: এ. জি. টেন্সলী (A.G. Tansley) এ ১৯৩৫ চনত।
চমু প্ৰশ্ন উত্তৰঃ