বহু সাংস্কৃতিক শিক্ষা আৰু বিকল্প শিক্ষা

অতি চমু প্রশ্নোত্তৰ


১। বহু সাংস্কৃতিক শিক্ষাৰ এটা উদ্দেশ্য লিখা।


উত্তৰঃ ছাত্ৰ-ছাত্ৰীৰ মাজত সাংস্কৃতিক সমাজগতা আৰু আন্তঃসাংস্কৃতিক বুজাবুজিৰ প্ৰসাৰ সাধন কৰা।


২। বহু সাংস্কৃতিক শিক্ষাৰ লগত জড়িত এটা সমস্যা লিখা।


উত্তৰ: ভাষাগত বাধাৰ ফলত ভিন্ন ভাষা-ভাষী শিক্ষাৰ্থীৰ মাজত যোগাযোগ অসুবিধা হয়।


৩। বিকল্প শিক্ষাৰ এটা উদ্দেশ্য লিখা।


উত্তৰ: পৰম্পৰাগত বিদ্যালয়ৰ গাঁথনিৰ বিকল্প শিক্ষণৰ পথ প্ৰদান কৰা।


৪। বিকল্প শিক্ষাৰ ক্ষেত্ৰত সাক্ষৰ ভাৰত মিছনৰ এটা ভূমিকা লিখা।


উত্তৰঃ ই মহিলাৰ সাক্ষৰতা বৃদ্ধি কৰি লিংগ বৈষম্য হ্রাসত সহায় কৰে।


৫। ৰাষ্ট্ৰীয় মুক্ত বিদ্যালয়ক কেতিয়াৰ পৰা ৰাষ্ট্ৰীয় মুক্ত বিদ্যালয় প্রতিষ্ঠান হিচাপে জনা যায়?


উত্তৰঃ ২০০২ চনৰ পৰা।


৬। বহু সাংস্কৃতিক শিক্ষাৰ এটা গুৰুত্বপূৰ্ণ লক্ষ্য লিখা।


উত্তৰ: শ্ৰেণীকোঠাত বৈচিত্র্য আৰু অন্তর্ভুক্তি প্ৰসাৰিত কৰা।


৭। বহু সাংস্কৃতিক শিক্ষাৰ পাঠ্যক্ৰমত কোনটো বিষয় অন্তর্ভুক্ত কৰা উচিত?


উত্তৰ: মানৱ অধিকাৰ আৰু সাংবিধানিক ব্যৱস্থা।


৮। বহু সাংস্কৃতিক শিক্ষাৰ এটা সমালোচনা লিখা।


উত্তৰঃ ই অধিক সাংস্কৃতিক স্বীকৃতি দি একতাত বাধা সৃষ্টি কৰিব পাৰে।


৯। বিকল্প শিক্ষা প্রায় কোন ধৰণৰ বিদ্যালয়ত দেখা যায়?


উত্তৰঃ স্বতন্ত্র বিদ্যালয়, মুক্ত বিদ্যালয়, বিকল্প আর্হিব বিদ্যালয়।


১০। NIOS ৰ এটা অন্তর্ভুক্তিমূলক বৈশিষ্ট্য লিখা।


উত্তৰঃ ড্রপ-আউট, কৰ্মৰত ব্যক্তি আৰু প্ৰান্তীয় গোটৰ বাবে শিক্ষা প্রদান।


১১। IGNOU ৰ মূল উদ্দেশ্য কি?


উত্তৰঃ দূৰশিক্ষাৰ জৰিয়তে উচ্চ শিক্ষা সুলভ কৰা।


১২। KKHSOU ৰ এটা মূল লক্ষ্য লিখা।


উত্তৰঃ অসম আৰু উত্তৰ পূবত মুক্ত আৰু দূৰশিক্ষা প্ৰসাৰিত কৰা।


১৩। MOOC ৰ এটা সমস্যা লিখা।


উত্তৰঃ পাঠ্যক্রম সম্পূর্ণ হোৱাৰ হাৰ কম।


চমু প্রশ্নোত্তৰ


১। বহু সাংস্কৃতিক শিক্ষাৰ ধাৰণাটো কি? উত্তৰঃ বহু সাংস্কৃতিক শিক্ষা হৈছে এনে এটা শিক্ষাৰ পদ্ধতি, যিয়ে বৈচিত্র্য, সমতা আৰু অন্তর্ভুক্তিক প্ৰসাৰিত কৰে। ই ছাত্ৰ-ছাত্ৰীৰ সাংস্কৃতিক পটভূমি, অভিজ্ঞতা আৰু দৃষ্টিভংগীক শিক্ষাৰ কাৰ্যকলাপৰ সৈতে সংযুক্ত কৰি শিক্ষাৰ প্ৰক্ৰিয়াক অধিক সমৃদ্ধ কৰে। এই শিক্ষাৰ মুখ্য লক্ষ্য হৈছে বৈচিত্র্যময় সমাজত সাংস্কৃতিক স্বকীয়তা অক্ষুণ্ণ ৰাখি আন সংস্কৃতিৰ প্ৰতি সন্মান আৰু সহনশীল মনোভাব গঢ়ি তোলা। বহু সাংস্কৃতিক শিক্ষাই কু-সংস্কাৰ, পক্ষপাত আৰু বৈষম্যমূলক প্ৰথাৰ বিৰুদ্ধে সচেতনতা সৃষ্টি কৰে আৰু ইতিবাচক আন্তঃসাংস্কৃতিক সম্পর্ক স্থাপন কৰে। ই গণতান্ত্রিক মূল্যবোধ, স্বাধীনতা, ন্যায়, সমতা আৰু মানৱীয় মৰ্যাদা বজাই ৰাখিবলৈ সহায় কৰে। লগতে, সকলো ধৰ্ম, ভাষা, লিংগ, বর্ণ বা জাতিৰ শিক্ষার্থীলৈ সমান শিক্ষাৰ সুযোগ নিশ্চিত কৰাত গুৰুত্ব আৰোপ কৰে। বহু সাংস্কৃতিক শিক্ষা শিক্ষার্থীলৈ সাংস্কৃতিক সচেতনতা, সহানুভূতি, সমালোচনাত্মক চিন্তাশক্তি আৰু সামাজিক ন্যায়ৰ প্ৰতি প্ৰতিশ্রুতি বিকাশ কৰায়।



২। বহু সাংস্কৃতিক শিক্ষাৰ তিনিতা উদ্দেশ্য লিখা।


উত্তৰঃ বহু সাস্কৃতিক শিক্ষাৰ পাঁচটা উদ্দেশ্য হ'ল-


(ক) সাংস্কৃতিক সমাজগতা আৰু বুজাবুজি বৃদ্ধি কৰা।


(খ) পক্ষপাতিত্ব আৰু বৈষম্য হ্রাস কৰা।


(গ) সামাজিক ন্যায় আৰু সততা প্ৰচাৰ কৰা।


৩। বহু সাংস্কৃতিক শিক্ষাৰ লগত জড়িত তিনিতা সমস্য়া লিখা ?


উত্তৰঃ বহু সাংস্কৃতিক শিক্ষাৰ লগত জড়িত তিনিতা সমস্যাসমূহ হ'ল-


(ক) ভাষাগত বাধা: ভিন্ন ভাষা-ভাষীৰ মাজত যোগাযোগ অসুবিধা।


(খ) শিকন শৈলীৰ পাৰ্থক্য: সকলোৰে শিক্ষণ ধৰণ একে নহয়।


(গ) পক্ষপাতমূলক মনোভাব: আন গোটৰ প্রতি নেতিবাচকতা।

৪। বিকল্প শিক্ষাৰ ধাৰণাটো কি?

উত্তৰঃ বিকল্প শিক্ষা হৈছে মূলধাৰা শিক্ষা প্ৰণালীৰ পৰা পৃথক, নমনীয় আৰু ছাত্ৰক কেন্দ্ৰ কৰি প্ৰদান কৰা শিক্ষা পদ্ধতি। এই শিক্ষাত ব্যক্তিগত প্রয়োজন, আগ্ৰহ আৰু শিকাৰ গতি অনুসৰি সুবিধা প্ৰদান কৰা হয়। বিকল্প শিক্ষাই সৰু শ্ৰেণী আকাৰ, শিক্ষক-ছাত্ৰীৰ ঘনিষ্ঠ সম্পৰ্ক আৰু উদ্ভাৱনীমূলক শিক্ষণ পদ্ধতিৰ ওপৰত গুৰুত্ব আৰোপ কৰে।

ই ঘৰুৱা শিক্ষা, মুক্ত বিদ্যালয়, স্বতন্ত্র বিদ্যালয় আদি ৰূপত প্ৰয়োগ হয়। সাৰকথা, বিকল্প শিক্ষা হৈছে ছাত্ৰৰ ব্যক্তিগত বিকাশ, সৃজনশীলতা আৰু স্বাধীন চিন্তাশক্তি উন্নত কৰাৰ বাবে প্ৰয়োজনীয় এক নমনীয় আৰু বৈচিত্র্যময় শিক্ষণ পদ্ধতি।

৫। বিকল্প শিক্ষাৰ পাঁচটা বৈশিষ্ট্য লিখা।


উত্তৰ: বিকল্প শিক্ষাৰ পাঁচটা বৈশিষ্ট্য হ'ল-


(ক) সৰু শ্ৰেণী আকাৰ।


(খ) শিক্ষক-ছাত্র ঘনিষ্ঠ সম্পর্ক।


(গ) নমনীয় পাঠ্যক্রম।


(ঘ) ব্যক্তিকেন্দ্রিক শিক্ষণ।


(ঙ) অভিজ্ঞতাভিত্তিক শিক্ষাদান।


৬। বিকল্প শিক্ষাৰ তিনিতা উদ্দেশ্য লিখা।


উত্তৰ: বিকল্প শিক্ষাৰ তিনিতা উদ্দেশ্য হ'ল-


(ক) পৰম্পৰাগত বিদ্যালয়ৰ বিকল্প প্রদান।


(খ) স্ব-গতিশীল শিক্ষণ প্ৰচাৰ।


(গ) অন্তর্ভুক্তিমূলক শিক্ষা প্রদান।



Type bu-Pankaj Saikia