আধুনিক ৰাজনৈতিক চিন্তাধাৰা

অতি চমু প্রশ্নোত্তৰ


১। তেওঁ ক'ত সংস্কৃত ধর্মশাস্ত্র অধ্যয়ন কৰিছিল?


উত্তৰঃ বেনাৰসত (বাৰাণসী)।


২। ব্রহ্ম সমাজ কেতিয়া প্রতিষ্ঠা হয়?


উত্তৰঃ ১৮২৮ চনৰ ২০ আগষ্টত।


৩। ব্ৰহ্ম সমাজৰ লক্ষ্য কি আছিল?


উত্তৰঃ একেশ্বৰবাদ প্ৰচাৰ আৰু ধৰ্মীয় কু-সংস্কাৰৰ বিৰোধিতা।


৪। ব্ৰহ্ম সমাজৰ মূল ভিত্তি কোন দুখন গ্রন্থত আছিল?


উত্তৰ: বেদ আৰু উপনিষদ।


৫। ৰাজা ৰামমোহন বায়ে কোন ধর্মীয় নীতিৰ সমৰ্থন কৰিছিল?


উত্তৰঃ একেশ্বৰবাদ আৰু সাৰ্বজনীন ধর্ম সমন্বয়।


৬। ১৮২৩ চনত তেওঁ কোন বিষয়ৰ বিৰোধিতা কৰি স্মাৰক দাখিল কৰিছিল


উত্তৰঃ সংবাদপত্ৰ প্ৰকাশৰ ওপৰত অনুমতি নীতিৰ (press ordinance)


৭। তেওঁ কিহৰ বিৰুদ্ধে 'মিৰাট উল আকবৰ'ত প্রতিবাদ কৰিছিল?


উত্তৰ: আয়াৰলেণ্ডৰ ওপৰত বৃটিছ শাসনৰ।


৮। ৰাজা ৰামমোহন ৰায়ে কোন ধৰণৰ ৰাজনীতি বিশ্বাস কৰিছিল?


উত্তৰঃ সংসদীয় গণতন্ত্ৰ আৰু নাগৰিক স্বাধীনতা।


৯। 'গৌড়ীয় ব্যাকৰণ' ৰচনাখন কোন ভাষাত কৰিছিল?


উত্তৰঃ বাংলা ভাষাত।


১০। মহাত্মা গান্ধীৰ মাতৃৰ নাম কি আছিল?


উত্তৰঃ পুতুলিবাই।


১১। ভাৰতত প্রথম সত্যাগ্রহ ক'ত হৈছিল?


উত্তৰঃ বিহাৰৰ চম্পাৰণত।


১২। গান্ধীয়ে কাক আধ্যাত্মিক শিক্ষক হিচাপে গণ্য কৰিছিল?


উত্তৰঃ লিও টলষ্টয়


১৩। ৰাজা ৰামমোহন ৰায়ে ভাৰতীয় শিক্ষা ব্যৱস্থাত কি প্রচলন কৰিবলৈ বিচাৰিছিল।


উত্তৰঃ ইংৰাজী ভাষা আৰু বৈজ্ঞানিক শিক্ষাৰ প্ৰচাৰ।


১৪। মহাত্মা গান্ধীৰ সম্পূর্ণ নাম কি?


উত্তৰঃ মোহনদাস কৰমচান্দ গান্ধী।


১৫। মহাত্মা গান্ধীৰ মৃত্যু কেতিয়া হৈছিল?


উত্তৰঃ ১৯৪৮ চনৰ ৩০ জানুৱাৰীত।


১৬। মহাত্মা গান্ধীৰ মাতৃৰ নাম কি আছিল?


উত্তৰঃ পুতুলিবাই।


১৭। মহাত্মা গান্ধীয়ে সত্যাগ্ৰহৰ পদ্ধতি প্রথম ক'ত ব্যৱহাৰ কৰিছিল?


উত্তৰঃ দক্ষিণ আফ্রিকাত।


চমু প্রশ্নোত্তৰ

১। আত্মীয় সভা আৰু ব্রাহ্ম সমাজ প্ৰতিষ্ঠাৰ লক্ষ্য আৰু দৰ্শন কি আছিল?

উত্তৰঃ ১৮১৫ চনত ৰামে আত্মীয় সভা প্ৰতিষ্ঠা কৰিছিল। এই সভাৰ মূল উদ্দেশ্য আছিল আধ্যাত্মিক জ্ঞানৰ আদান-প্ৰদান কৰা আৰু একেশ্বৰবাদৰ শিক্ষা প্ৰচাৰ কৰা। পাছত ১৮২৮ চনত তেওঁ ব্রাহ্ম সমাজ প্ৰতিষ্ঠা কৰে, যাৰ মূল লক্ষ্য আছিল হিন্দুধৰ্মক পৰিশুদ্ধ কৰা, একেশ্বৰবাদৰ বিস্তাৰ ঘটোৱা, মূর্তিপূজা আৰু সামাজিক কু-সংস্কাৰৰ বিৰুদ্ধে কাৰ্য কৰা, আৰু সকলো ধৰ্মৰ লোকক একত্ৰিত কৰা। এই সমাজই ভাৰতৰ আধুনিক ধৰ্মীয় চিন্তাধাৰাত এক গুৰুত্বপূর্ণ বিপ্লৱৰ সূচনা কৰিছিল।

২। সতীদাহ প্ৰথাৰ বিৰুদ্ধে ৰাজা ৰামমোহন ৰায়ৰ আন্দোলনৰ প্ৰভাৱ কি আছিল?

উত্তৰঃ সতীদাহ প্ৰথা আছিল এজন বিধৱাক তেওঁৰ স্বামীৰ মৃত্যুৰ পাছত জ্বলাই মাৰিবলৈ বাধ্য কৰা নিষ্ঠুৰ প্রথা। ৰাজা ৰামমোহন ৰায়ে এই প্ৰথাৰ বিৰুদ্ধে তীব্ৰ আন্দোলন চলাইছিল। তেওঁ সাহিত্য, বক্তৃতা আৰু সংবাদপত্ৰৰ জৰিয়তে মানুহৰ মাজত সজাগতা সৃষ্টি কৰিছিল। তেওঁৰ প্ৰচেষ্টাৰ ফলত আৰু তৎকালীন গভৰ্ণৰ জেনেৰেল উইলিয়াম বেন্টিঙ্কৰ সহায়ত ১৮২৯ চনত সতীদাহ আইনত নিষিদ্ধ কৰা হয়। এই পদক্ষেপই ভাৰতীয় সমাজত নাৰী অধিকাৰৰ সজাগতা আৰু আইনী সংস্কাৰৰ পথ প্ৰসাৰ কৰিছে।

৩। ৰাজা ৰামমোহন বায়ে সামাজিক আৰু ধর্মীয় কু-সংস্কাৰৰ বিৰুদ্ধে কেনেদা সংগ্রাম কৰিছিল?


উত্তৰঃ তেওঁ সতীদাহ, বহু-বিবাহ, বিধৱাৰ অবজ্ঞা, মূর্তিপূজা আদি কু-প্রথাৰ বিকল কলম আৰু আন্দোলনৰ জৰিয়তে প্রতিবাদ জনায়। তেওঁ 'সঙ্গবাদ কৌমুদী' আৰু 'মিবায় উল-আকবৰ'ত সমাজৰ দোষ প্রকাশ কৰি জনসাধাৰণক সজাগ কৰে। তেওঁ ব্রাহ্মা সমাজ জৰিয়তে ধর্মীয় চিন্তাৰ মুক্তি আনে। তেওঁক সমাজ সংস্কাৰৰ অন্যতম অগ্রদূত হিচারে গণ্য কৰা হয়। 


৪। ৰাজা ৰামমোহন বায়ৰ শিক্ষা আৰু বিজ্ঞান প্ৰসাৰৰ ক্ষেত্ৰত দান কি আছিল?


উত্তৰঃ বায়ে বিশ্বাস কৰিছিল যে ভাৰতৰ প্ৰগতিৰ বাবে আধুনিক শিক্ষাই একমাত্র পথ। তেওঁ ইংৰাজী, বিজ্ঞান, গণিত, আৰু যুক্তিবাদী অধ্যয়নৰ ওপৰত গুৰুত্ব আৰোপ কৰে। তেওঁ বহুতো বিদ্যালয় আৰু শিক্ষাপ্রতিষ্ঠান স্থাপন কৰে। তেওঁ বুজিছিল যে প্রচলিত ধর্মীয় আৰু সংস্কৃত শিক্ষাৰে ভাৰতীয় সমাজৰ উন্নতি সম্ভৱ নহয়। তেওঁ মাতৃভাষাৰ বিকাশতো গুৰুত্ব দিয়ে, যাৰ ফলস্বৰূপ "গৌড়ীয় ব্যাকৰণ ৰচনা কৰে। এইবোৰ কাৰ্যব বাবে তেওঁক আধুনিক শিক্ষাৰ পথপ্ৰদৰ্শক মানা হয়।


৫। ব্রাহ্ম সমাজৰ দৰ্শন, উদ্দেশ্য আৰু ভাৰতীয় সমাজত ইয়াৰ প্ৰভাৱ বৰ্ণনা কৰা।


উত্তৰঃ ব্রাহ্মা সমাজ এক একেশ্বৰবাদী ধর্মীয় সংগঠন আছিল। ইয়াৰ মূল দর্শন আছিল ঈশ্বৰৰ একত্ব, মূর্তিপূজাৰ বিৰোধিতা, ধর্মীয় সহনশীলতা আৰু নৈতিকতা। এই সংগঠনে বিধবা পুনৰবিবাহ, সতীদাহৰ বিৰোধিতা, নাৰীৰ শিক্ষা আৰু অধিকাৰৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা গ্রহণ কৰে। ইয়াৰ দৰ্শনে ভাৰতীয় সমাজ আৰু ধর্মীয় চিন্তাত আধুনিকতা আৰু উদাৰতা আনিলে।




Type by - Pankaj Saikia