মধ্যযুগীয় ৰাজনৈতিক চিন্তাধাৰা
অতি চমু প্ৰশ্ন উত্তৰঃ
১। বাৰাণীৰ জন্ম বর্ষ কি?
উত্তৰঃ ১২৮৩।
২। বাৰাণীয়ে কোন ভাষা দুটা অধ্যয়ন কৰিছিল?
উত্তৰঃ আৰবী, পাচী।
৩। ফটোৱা-ই-জাহানদাৰী গ্ৰন্থখনৰ লেখক কোন?
উত্তৰঃ বাৰাণী।
৪। বাৰাণীয়ে আদৰ্শ ৰজাৰ বাবে যাক আদৰ্শ ৰূপত উপস্থাপন কৰিছিল?
উত্তৰঃ মাহমুদ।
৫। বাৰাণীৰ মতে আইন দুটা ভাগত বিভক্ত হয়: এটা শ্বৰিয়ত আৰু আনটোও
উত্তৰ: জৱাবিত।
৬। বাৰাণীয়ে গৰিবজনৰ সহায়ৰ বাবে কি প্ৰদানৰ পৰামৰ্শ দিছিল?
উত্তৰ : ৰাজভঁৰাল।
৭। 'ইকতা 'সকলৰ নিযুক্তি কোন ভাষাৰ শব্দ?
উত্তৰঃ পার্টী।
৮। আবুল ফজলৰ সম্পূর্ণ নামটো কি?
উত্তৰ: আবুল ফজল ইব্ন মুবাৰক।
৯। 'আকবৰনামা' কোনে লিখিছিল:
উত্তৰঃ আবুল ফজল
১০। 'ৰজা ভগৱানৰ ছাঁ নহয়' কোন কৈছিল?
উত্তৰঃ আবুল ফজলে।
১১। আবুল ফজলে সম্ভ্রান্ত শ্ৰেণীক কিহৰ লগত তুলনা কৰিছে?
উত্তৰঃ অগ্নিৰ লগত।'
১২। 'সার্বজনীন ভালপোৱা' হৈছে 'চুল-ই-কুল'ৰ শীৰ্ষ ৰূপ কি?
উত্তৰঃ সত্য
১৩। আবুল ফজলে কিহৰ দ্বাৰা আকবৰৰ স্নেহ লাভ কৰিছিল?
উত্তৰঃ তেওঁৰ বুদ্ধিমত্তা আৰু চিন্তাধাৰাৰে আকবৰক আকৰ্ষিত কৰিছিল।
১৪। আবুল ফজলে ৰাজসত্তা বিষয়ে কিহৰ সৈতে প্লেটোৰ তুলনা কৰিছে?
উত্তৰ : ৰজাক সূৰ্যৰ সৈতে তুলনা কৰি তেওঁক গুণৰ আধাৰ বুলি কৈছে।
১৫। আবুল ফজলে সমাজক কিমান ভাগত বিভক্ত কৰিছে?
উত্তৰঃ সমাজক চাৰিটা শ্ৰেণীত - সৈনিক, ব্যৱসায়ী, গৃহস্থ-শ্রমিক, আৰু বুদ্ধিজীবী
১৫। আবুল ফজলে কিহক চৰকাৰৰ সফলতাৰ মুখ্য উপাদান বুলি গণ্য কৰিছিল?
উত্তৰঃ সুদক্ষ বিষয়া আৰু স্থায়ী প্রশাসনিক গাঁথনিকেই।
১৬। । জিয়াউদ্দিন বাৰাণীৰ জন্মস্থান ক'ত?
উত্তৰঃ বুলন্দ চহৰ।
১৭। বাৰাণীৰ পিতৃৰ বৃত্তি কি আছিল?
উত্তৰঃ আমোলা।
১৮। মহম্মদ বিন টোগলকৰ ৰাজদৰবাৰত বাৰাণী কিমান বছৰ আছিল?
উত্তৰঃ ১৭ বছৰ।
১৯। ফটোৱা-ই-জাহানদাৰী গ্ৰন্থখনৰ লেখক কোন?
উত্তৰঃ বাৰাণী।
চমু প্ৰশ্ন উত্তৰঃ
১। জিয়াউদ্দিন বাৰাণীৰ জীৱনৰ পৰিচয় দিয়া।
উত্তৰঃ জিয়াউদ্দিন বাৰাণী মধ্যযুগীয় ভাৰতবৰ্ষৰ এজন খ্যাতনামা ইতিহাসবিদ আৰু ৰাজনৈতিক চিন্তাবিদ। তেওঁ ১২৮৩ চনত দিল্লীৰ ওচৰৰ বাৰন নামৰ ঠাইত এখন উচ্চপদস্থ মুছলিম পৰিয়ালত জন্মগ্ৰহণ কৰিছিল। তেওঁৰ পিতৃ আৰু পৰিয়ালৰ সদস্যসকলে দিল্লী চুলতানসকলৰ ৰাজদৰবাৰত উচ্চ পদত অধিষ্ঠিত আছিল। এই অভিজাত পৰিৱেশে বাৰাণীক আৰবী আৰু পাৰ্সী ভাষা শিক্ষিত কৰাৰ সুযোগ প্ৰদান কৰিছিল। তেওঁ ইছলাম ধৰ্ম, ইতিহাস আৰু ৰাজনীতিৰ ওপৰত গভীৰ অধ্যয়ন কৰিছিল। বিশেষকৈ চুলতান আলাউদ্দিন খিলিজী, মহম্মদ বিন টোগলক আৰু ফিৰোজ টোগলকৰ শাসনকালত তেওঁৰ ৰাজনৈতিক চিন্তাভাবনাই যথেষ্ট প্ৰসিদ্ধি লাভ কৰিছিল। মহম্মদ বিন টোগলকৰ শাসনত ১৭ বছৰ ধৰি ৰাজদৰবাৰত কৰ্মৰত আছিল, কিন্তু পাছত ফিৰোজ টোগলকে তেওঁক অপসাৰণ কৰি বন্দী কৰিছিল। বন্দীত্বৰ সময়তে তেওঁ ‘তাৰিখ-ই-ফিৰোজশাহী’ আৰু ‘ফতোৱা-ই-জাহানদাৰী’ নামৰ দুটা প্ৰখ্যাত গ্ৰন্থ ৰচনা কৰিছিল। তেওঁৰ ৰাজনৈতিক চিন্তাত ধৰ্মীয় দৃষ্টিভংগী, অভিজাত শ্ৰেণীৰ প্ৰতি আনুগত্য আৰু শাসনত বাস্তৱবাদিতা পৰিলক্ষিত হয়।
২। 'ফটোৱা-ই-জাহানদাৰী' গ্ৰন্থখনৰ বিষয়বস্তু বর্ণনা কৰা।
উত্তৰঃ 'ফটোৱা-ই-জাহানদাৰী' হৈছে জিয়াউদ্দিন বাৰাণীৰ ৰচিত এক গুৰুত্বপূৰ্ণ ৰাজনৈতিক গ্ৰন্থ, যাক প্ৰায়েই ‘প্রিন্স’ (মেকিয়াভেলি) আৰু ‘অর্থশাস্ত্র’ (কৌটিল্য)ৰ সৈতে তুলনা কৰা হয়। এই গ্ৰন্থখনত বাৰাণীয়ে ইছলাম ধৰ্ম, ৰাজনীতি, ৰাজতন্ত্র, শাসকৰ কৰ্তব্য, ধৰ্মৰ ভূমিকা, শাসনৰ আদৰ্শ আৰু প্ৰজাৰ কল্যাণৰ বিষয়ে বিস্তৃতভাবে আলোচনা কৰিছে। মূলতঃ গ্ৰন্থখন শাসকসকলৰ বাবে নীতিগ্ৰন্থ ৰূপে প্ৰস্তুত কৰা হৈছিল। তেওঁ উল্লেখ কৰিছে যে চুলতান এজনে সত্য ইছলাম ধৰ্মত বিশ্বাসী হ'ব লাগিব, চৰিয়া মানি চলিব লাগিব, ন্যায় আৰু শৃংখলা প্ৰয়োগ কৰিব লাগিব। শাসকসকলে জনসংখ্যা, ধৰ্ম আৰু নৈতিকতাৰ ক্ষেত্ৰত কঠোৰ মনোভাব ৰাখি ইছলামক সঠিক পথত ৰাখিব লাগিব। গ্ৰন্থখনত ৰাজনীতি আৰু ধৰ্মক পৰস্পৰৰ লগত সংযুক্ত কৰি বৰ্ণনা কৰা হৈছে। বৰ্তমান এই গ্ৰন্থখন ইতিহাস আৰু ৰাজনীতিশাস্ত্ৰৰ এক গুৰুত্বপূৰ্ণ প্ৰমাণ হিচাপে গণ্য কৰা হয়।
৩। জিয়াউদ্দিন বাৰাণীৰ মতে আদৰ্শ ৰজাৰ গুণসমূহ কি কি?
উত্তৰঃ জিয়াউদ্দিন বাৰাণীৰ মতে আদৰ্শ ৰজাই ঈশ্বৰবিশ্বাসী, ন্যায়পরায়ণ, ধৰ্মনিষ্ঠ, উদ্যমী, বিচক্ষণ আৰু দৃঢ় সিদ্ধান্তগ্ৰাহক হ'ব লাগিব। ৰাজনীতিৰ ক্ষেত্ৰত তেওঁক চৰিয়া মানি চলিব লাগিব, কিন্তু প্ৰজাৰ কল্যাণৰ বাবে দয়াশীল হ'ব লাগিব। তেওঁ কঠোৰতা আৰু নম্ৰতাৰ মাজত সমতা বজাই ৰাখিবলৈ সক্ষম হ'ব লাগিব। তদুপৰি, ৰজাই অভিজাত শ্ৰেণীক সন্তুষ্ট ৰাখিব লাগিব, কাৰণ সেই শ্ৰেণীৰ সহায়ত শাসন সুচল হয়। তেওঁক প্ৰজাৰ হিত চিন্তা কৰা আৰু জনগণৰ বাবে সদা সৎ আৰু জনপ্ৰিয় শাসক হ'ব লাগিব।
৪। বাৰাণীয়ে আইনক কেনেকৈ দুটা ভাগত বিভক্ত কৰিছিল আৰু কিয়
উত্তৰঃ জিয়াউদ্দিন বাৰাণীয়ে আইনক দুটা ভাগত বিভক্ত কৰিছিল—শ্বৰিয়ত আৰু জরাবিত। শ্বৰিয়ত হৈছে ইছলাম ধৰ্মত উল্লিখিত বিধান, যাৰ অনুসৰণ কৰি জীৱন চলাব লাগে। কিন্তু ৰাজনীতিৰ ক্ষেত্ৰত সকলো সময়ত শ্বৰিয়ত সম্পূৰ্ণভাবে পালন সম্ভৱ নহয়, বিশেষকৈ হিন্দু অধ্যুষিত ভাৰতবৰ্ষৰ দৰে বহুধৰ্মীয় সমাজত। এই ক্ষেত্ৰত ৰজাই নিজেই কিছু আইন প্ৰণয়ন কৰিছিল, যাক জরাবিত বুলি কোৱা হয়। এই আইনসমূহ শাসনৰ সুবিধা, প্ৰজাৰ স্থিতি, সামাজিক গঠন আৰু ইছলামৰ আদৰ্শৰ সংমিশ্ৰণৰ আধাৰত প্ৰস্তুত কৰা হৈছিল।
৫। জিয়াউদ্দিন বাৰাণীৰ মতে ন্যায় ব্যৱস্থাৰ অবস্থান কি আছিল?
উত্তৰঃ বাৰাণীয়ে ন্যায়ক ৰাষ্ট্ৰ শাসনৰ মূল স্তম্ভ হিচাপে গণ্য কৰিছিল। তেওঁৰ মতে, ৰজাৰ দায়িত্ব হ'ল দুখীয়াৰ সহায় কৰা, উৎপাদকৰ অধিকাৰ ৰক্ষা কৰা, বজাৰ মূল্য নিয়ন্ত্ৰণ কৰা আৰু সমাজত শান্তি প্রতিষ্ঠা কৰা। শাসনত ন্যায়ৰ অভাৱ বিদ্ৰোহৰ সৃষ্টি কৰে, সেয়েহে ন্যায় হ'ল ৰাজসিংহাসন ৰক্ষাৰ সঁজুলি। চুলতানী আমোলত দেউয়ানী আৰু ফৌজদাৰী আদালত আছিল। ৰজাই নিজে শীর্ষ বিচাৰক আছিল আৰু তেওঁৰ অধীনত আছিল কাজী, সদৰ-উল-মুল্ক আদি। ন্যায় দিয়াৰ বাবে বজাৰ তত্ত্বাবধান, খাদ্য মূল্য নিয়ন্ত্রণ, কৰ হ্রাস, আৰু দৰিদ্ৰক সহায় কৰাৰ পৰামৰ্শ দিছিল।
Type by - Pankaj Saikia