ৰাষ্ট্ৰসংঘৰ বিশেষ সংস্থাসমূহ
অতি চমু প্রশ্নোত্তৰ
১। ৰাষ্ট্ৰসংঘৰ শিশুৰ জৰুৰীকালীন পুঁজি কোন চনত স্থায়ী অংগৰূপে প্রতিষ্ঠিত হয়?
উত্তৰঃ ১৯৫৩ চনত ৰাষ্ট্ৰসংঘৰ শিশুৰ জৰুৰীকালীন পুঁজি স্থায়ী অংগৰূপে প্রতিষ্ঠিত হয়।
২। UNDP য়ে কোন সূচক প্রস্তুত কৰে?
উত্তৰ: Human Development Index (HDI)।
৩। UNEP কেতিয়া স্থাপন কৰা হৈছিল?
উত্তৰঃ ১৯৭২ চনত।
৪। UNEP-ৰ মুখ্য কার্যালয় ক'ত?
উত্তৰ: নাইৰোবি, কেনিয়া।
৫। UNEP কোনটো প্রসিদ্ধ পৰিবেশ চুক্তিৰ সংগঠক আছিল?
উত্তৰ: Montreal Protocol (1987)।
৬। WHO কেতিয়া গঠন কৰা হৈছিল?
উত্তৰঃ ১৯৪৮ চনত।
৭। WHO-ৰ মুখ্য দায়িত্ব কি?
উত্তৰ: গোলকীয় স্বাস্থ্য উন্নয়ন, ৰোগ নিয়ন্ত্ৰণ আৰু স্বাস্থ্য নীতি প্রস্তুত কৰা।
৮। UNFCCCৰ সম্পূর্ণ নাম কি?
উত্তৰ: United Nations Framework Conventions on Climate Change.
৯। UNEP-ৰ মুখ্য দায়িত্ব কি?
উত্তৰ: গোলকীয় পৰিৱেশ সংৰক্ষণ আৰু পৰিৱেশ নীতি প্রস্তুত কৰা।
১০। UNEP কোনটো প্রসিদ্ধ পৰিবেশ চুক্তিৰ সংগঠক আছিল?
উত্তৰ: Montreal Protocol (1987)।
১১। UNHCR-ৰ মুখ্য কাৰ্যালয় ক'ত?
উত্তৰ: জেনেভা, ছুইজাৰলেণ্ড।
১২। ১৯৪৬ চনত ৰাষ্ট্ৰসংঘৰ কোনটো সংস্থাই প্রথম বিশেষ অংগ হিচাপে স্বীকৃতি লাভ কৰে?
উত্তৰঃ ১৯৪৬ চনত ৰাষ্ট্ৰসংঘৰ বিশ্ব স্বাস্থ্য সংস্থাই প্রথম বিশেষ অংগ হিচাপে স্বীকৃতি লাভ কৰে।
১৩। UNDP কেতিয়া গঠন কৰা হৈছিল?
উত্তৰঃ ১৯৬৫ চনত।
চমু প্রশ্নোত্তৰ
১। ৰাষ্ট্ৰসংঘ উন্নয়ন কাৰ্য্যসূচী (UNDP) ৰ গঠন আৰু ভূমিকা কি?
উত্তৰঃ ৰাষ্ট্ৰসংঘ উন্নয়ন কাৰ্য্যসূচী (UNDP) ১৯৬৫ চনত স্থাপিত হয় আৰু ইয়াৰ মূল কাৰ্যালয় নিউ ইয়র্কত অৱস্থিত। এই সংস্থাৰ ধাৰণা হৈছে বিশ্বজুৰি দৰিদ্ৰতা দূৰীকৰণ, গণতান্ত্রিক শাসন ব্যৱস্থাৰ সুদৃঢ়কৰণ, সঙ্কট-পৰৱৰ্তী সহায় আৰু টেকসই উন্নয়ন নিশ্চিত কৰা। প্ৰতি বছৰে UNDP এ Human Development Report প্ৰকাশ কৰে য’ত Human Development Index (HDI) সম্পৰ্কিত মূল্যবান তথ্য থাকে। লগতে Sustainable Development Goals (SDG) বাস্তবায়নৰ ক্ষেত্ৰত সদস্য দেশসমূহক নীতি-পৰামৰ্শ, অৰ্থসংস্থাপন আৰু প্ৰযুক্তিগত সহযোগিতাৰ জৰিয়তে সহায় প্ৰদান কৰে।
২। ৰাষ্ট্ৰসংঘ উন্নয়ন কাৰ্য্যসূচী (UNDP) ৰ মুখ্য কাৰ্যসূচি কি কি?
উত্তৰ : ৰাষ্ট্ৰসংঘ উন্নয়ন কাৰ্য্যসূচী (UNDP) ৰ মুখ্য কাৰ্যসূচিবোৰ হ'ল-
(ক) দৰিদ্ৰতা হ্রাস আৰু আয় বৃদ্ধি।
(খ) শিক্ষা, স্বাস্থ্য আৰু সামাজিক ন্যায় নিশ্চিতকৰণ।
(গ) সুশাসন আৰু গণতান্ত্রিক প্রতিষ্ঠান শক্তিশালী কৰা আদি।
৩। ৰাষ্ট্ৰসংঘ উন্নয়ন কাৰ্য্যসূচী (UNDP) ৰ গঠন আৰু দায়িত্ব কি?
উত্তৰ : ৰাষ্ট্ৰসংঘ উন্নয়ন কার্য্যসূচী ১৯৭২ চনত Stockholm Conference-a পাছত স্থাপন কৰা হয়, মুখ্য কার্যালয় নাইবোবিত। ইয়াৰ দায়িত্ব হৈছে গোলকীয় পৰিৱেশ নীতি প্রস্তুত কৰা, গৱেষণা, আৰু চুক্তি বাস্তবায়ন।
৪। বিশ্ব স্বাস্থ্য সংস্থা (WHO)-ৰ গঠন আৰু দায়িত্ব কি?
উত্তৰ: WHO ১৯৪৮ চনত গঠন হয়, মুখ্য কার্যালয় জেনেভাত। ইয়াৰ দায়িত্ব হৈছে গোলকীয় স্বাস্থ্য উন্নয়ন, ৰোগ নিয়ন্ত্রণ, স্বাস্থ্য গবেষণা, আৰু আন্তর্জাতিক স্বাস্থ্য মান নির্ধাৰণ।
৫। বিশ্ব স্বাস্থ্য সংস্থা (WHO)-ৰ মুখ্য সফলতা কি কি?
উত্তৰ: বিশ্ব স্বাস্থ্য সংস্থা (WHO)-ৰ মুখ্য সফলতাসমূহ হ'ল-
৬। বিশ্ব স্বাস্থ্য সংস্থা (WHO)-প্রধান প্রত্যাহ্বান কি কি?
উত্তৰঃ বিশ্ব স্বাস্থ্য সংস্থা (WHO)-ব প্রধান প্রত্যাহ্বানসমূহঃ
(ক) নতুন আৰু বিপজ্জনক ৰোগ (কোভিদ ১৯, ইবোলা আদি)ব প্রসাব বোধ।
(খ) উন্নয়নশীল দেশত স্বাস্থ্য সেৱাৰ অভাৱ আৰু অসমতা।
(গ) দৰিদ্রতা, অপুষ্টি আৰু শিশুমৃত্যু হ্রাস কৰাৰ চেলেঞ্জ।
(ঘ) টিকাকৰণ, ওষুধ আৰু চিকিৎসা সামগ্ৰীৰ সমান বণ্টন।
(ঙ) জলবায়ু পৰিৱৰ্তনৰ ফলত স্বাস্থ্য সংকট (দূষণ, নতুন ৰোগ)।
(চ) ৰাজনৈতিক চাপ আৰু সদস্য দেশৰ সহযোগিতাৰ অভাৱ।
Type by Pankaj Saikia