আমেৰিকা যুক্তৰাষ্ট্ৰ সংবিধানৰ পৰিচয়
অতি চমু প্ৰশ্ন উত্তৰঃ
১। ফিলাডেলফিয়া সম্মিলন কোন চনত অনুষ্ঠিত হৈছিল?
উত্তৰঃ ১৭৮৭ চনত।
২। আমেৰিকা যুক্তৰাষ্ট্ৰৰ সংবিধানখনে কেতিয়া ৰাজ্যসমূহৰ পৰা অনুমোদন লাভকৰিছিল?
উত্তৰঃ ১৭৮৮ চনৰ ২১ জুন তাৰিখে।
৩। সংবিধানৰ প্ৰথম ১০টা সংশোধনীক কি বোলা হয়?
উত্তৰ: Bill of Rights (অধিকাৰ চনদ) বুলি কোৱা হয়।
৪। আমেৰিকাৰ সংবিধানৰ প্ৰস্তাৱনাৰ আৰম্ভণি শব্দ কি?
উত্তৰ: "We the People"।
৫। সংবিধানৰ কোন ধাৰাত ন্যায়পালিকাৰ গঠন উল্লেখ আছে?
উত্তৰ: Article III ত ন্যায়পালিকাৰ গঠন উল্লেখ আছে।
৬। কোন চনত আমেৰিকা যুক্তৰাষ্ট্ৰৰ স্বাধীনতা ঘোষণাপত্র গ্রহণ কৰা হয়?
উত্তৰঃ ১৭৭৬ চনৰ ৪ জুলাইত।
৭। আমেৰিকা যুক্তৰাষ্ট্ৰৰ সংবিধানখনৰ চূড়ান্ত বাখ্যাকর্তা আৰু অভিভাৱক কোন।
উত্তৰ: আমেৰিকা যুক্তৰাষ্ট্ৰৰ উচ্চতম ন্যায়ালয়।
৮। আমেৰিকা যুক্তৰাষ্ট্ৰৰ সংবিধানে ৰাষ্ট্ৰপতীয়/সংসদীয় শাসন ব্যৱস্থাক স্বীকৃিতি দিছে। (শুদ্ধ অংশটো বাচি উলিওৱা)
উত্তৰ: ৰাষ্ট্ৰপতীয়।
৯। আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্রপতিক কোনে নির্বাচিত কৰে।
উত্তৰঃ জনগণৰদ্বাৰা নিৰ্বাচিত এটা নির্বাচক মণ্ডলীয়ে।
১০। ৰাষ্ট্ৰপতিক কোনে শপত বাক্য পাঠ কৰায়?
উত্তৰ: উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশে।
১১/আমেৰিকা যুক্তৰাষ্ট্ৰৰ প্ৰচলিত প্রথা অনুযায়ী এজন ব্যক্তিয়ে একেৰাহে কিমানবাৰ ৰাষ্ট্ৰপতি হ'ব পাৰে?
উত্তৰঃ দুবাৰ।
১২। ৰাষ্ট্ৰপতি পদৰ কোনো প্রার্থীয়ে যদি স্পষ্ট সংখ্যাগৰিষ্ঠতা লাভ নকৰে তেতিয়া ৰাষ্ট্ৰপতি নিৰ্বাচনৰ দায়িত্বভাৰ কাৰ ওপৰত অৰ্পন কৰা হয়?
উত্তৰঃ কংগ্ৰেছৰ নিম্ন সদন প্রতিনিধিকক্ষৰ হাতত।
১২। ৰাষ্ট্ৰপতিৰ বাবে প্রতিদ্বন্দ্বিতা কৰা এজন প্ৰাৰ্থীৰ নিম্নতম বয়স কিমান বছৰ?
উত্তৰঃ ৩৫ বছৰ
চমু প্ৰশ্ন উত্তৰঃ
১। আমেৰিকা যুক্তৰাষ্ট্ৰৰ সংবিধান কি?
উত্তৰঃ আমেৰিকা যুক্তৰাষ্ট্ৰৰ সংবিধান হৈছে এক লিখিত, সর্বসম্মতিক্রমে গ্রহণ কৰা আৰু জনগণে প্রণীত মৌলিক আইন। ই ১৭৮৭ চনৰ ফিলাডেলফিয়া সম্মিলনত প্রস্তুত হয় আৰু ১৭৮৮ চনৰ চৰ জুন অনুসমর্থন লাভ কৰে। ১৭৮৯ চনৰ ৪ মাৰ্চৰ পৰা ই কাৰ্যকৰ হয়।
২। সংবিধান ৰচনৰ পটভূমি কি আছিল?
উত্তৰঃ ১৭৭৬ চনৰ ৪ জুলাইত আমেৰিকাই বৃটিছ শাসনৰ পৰা স্বাধীনতা ঘোষণা কৰে। স্বাধীনতাৰ আগতে ই ১৩খন বৃটিছ উপনিবেশৰ সমষ্টি আছিল। স্বাধীনতাৰ পাছত ১৭৮১ চনত প্ৰথম সংবিধান Articles of Confederation কাৰ্যকৰ হয়। কিন্তু এই ব্যৱস্থাত কেন্দ্ৰীয় চৰকাৰ অত্যন্ত দূৰ্বল আছিল—কৰ আৰোপ কৰাৰ ক্ষমতা, কাৰ্যপালক অংগ, আৰু ন্যায়পালিকা সংস্থা থকা নাছিল। ইয়াৰ ফলত দেশৰ একতা, অৰ্থনীতি আৰু ৰাজনীতি দুয়োট সমস্যাৰ সন্মুখীন হয়। এই সীমাবদ্ধতা দূৰ কৰিবলৈ ১৭৮৭ চনত ফিলাডেলফিয়া সম্মিলন অনুষ্ঠিত হয় আৰু তাত নতুন সংবিধান প্ৰস্তুত কৰা হয়, যিয়ে দেশৰ ৰাজনৈতিক আৰু প্ৰশাসনিক স্থিতিশীলতা নিশ্চিত কৰে।
৩। ফিলাডেলফিয়া সম্মিলনৰ প্ৰধান উদ্দেশ্য কি আছিল?
উত্তৰঃ ফিলাডেলফিয়া সম্মিলনৰ মূল উদ্দেশ্য আছিল-
(ক) কেন্দ্ৰীয় চৰকাৰক সুদৃঢ় কৰা।
(খ) ৰাজ্যসমূহৰ স্বায়ত্ব সংৰক্ষণ কৰা।
(গ) ব্যক্তিগত স্বাধীনতা আৰু সম্পত্তিৰ অধিকাৰ সুৰক্ষা কৰা।
(ঘ) ৫৫ জন প্রতিনিধিয়ে ষোল সপ্তাহ ধৰি আলোচনা কৰি ১৭ ছেপ্টেম্বৰ ১৭৮৭৯ সংবিধানত স্বাক্ষৰ কৰে।
৪। সংবিধানখন কেতিয়া কাৰ্যকৰ হয় আৰু প্ৰথম চৰকাৰ কেনেকৈ গঠন হৈছিল?
উত্তৰঃ ১৭৮৮ চনৰ ২১ জুনত প্ৰয়োজনীয় সংখ্যক ৰাজ্যৰ অনুমোদন লাভ কৰাৰ পাছত সংবিধান কাৰ্যকৰ হ’বলৈ সক্ষম হয়। আনুষ্ঠানিকভাৱে ১৭৮৯ চনৰ ৪ মাৰ্চৰ পৰা সংবিধান প্ৰয়োগ হয়। এই সময়তে প্রথম ৰাষ্ট্ৰপতি হিচাপে জৰ্জ ৱাশিংটনে শপত গ্ৰহণ কৰে আৰু জন এডামছ উপ-ৰাষ্ট্ৰপতি ৰূপে নিযুক্ত হয়। ইয়াৰ সৈতে সৈতে যুক্তৰাষ্ট্ৰীয় চৰকাৰৰ কাৰ্যপ্ৰণালী আনুষ্ঠানিকভাৱে আৰম্ভ হয় আৰু সংবিধানৰ অধীনত ৰাষ্ট্ৰীয় শাসন ব্যৱস্থা স্থাপন হয়।
Type by - Pankaj Saikia