ৰাষ্ট্ৰসংঘঃ

অতি চমু প্ৰশ্ন উত্তৰঃ


১। যেতিয়া ৰাষ্ট্ৰসংঘ চনদখন স্বাক্ষৰ কৰা হৈছিল, তেতিয়া কেইখন ৰাষ্ট্ৰই ইয়াত স্বাক্ষৰ দান কৰিছিল?


উত্তৰঃ ৫১ খন ৰাষ্ট্ৰই।


২। ৰাষ্ট্ৰসংঘ কেতিয়া প্রতিষ্ঠা হৈছিল?


উত্তৰ: ১৯৪৫ চনৰ অক্টোবৰ মাহৰ ২৪ তাৰিখে ৰাষ্ট্ৰসংঘৰ প্ৰতিষ্ঠা হয়।


৩। কোনখন দেশে ৰাষ্ট্ৰসংঘত আটাইতকৈ বেছি অবদান আগবঢ়োবায়?


উত্তৰ: আমেৰিকা।


৪। ৰাষ্ট্ৰসংঘৰ সর্বোচ্চ কাৰ্যবাহীৰ নাম কি?


উত্তৰ: সচিবপ্রধান।


৫। ৰাষ্ট্ৰসংঘৰ প্ৰথম সচিবপ্রধান কোন আছিল?


উত্তৰঃ নৰ'ৱেৰ 'ট্রাইভ হাল্ডান লী'।


৬। বর্তমান ৰাষ্ট্ৰসংঘৰ সচিবপ্ৰধান কোন?


উত্তৰঃ এন্টনিও গুটেৰেছ (António Guterres)।


৭। বর্তমানে ৰাষ্ট্ৰসংঘৰ সদস্য ৰাষ্ট্ৰ কিমান?


উত্তৰঃ ১৯৩ খন।


৮। ৰাষ্ট্ৰসংঘৰ প্ৰধান প্রশাসনীয় কেন্দ্ৰটোৰ নাম লিখা।


উত্তৰ : ৰাষ্ট্ৰসংঘৰ প্ৰধান প্রশাসনীয় কেন্দ্ৰটোৰ নাম হ'ল- সচিবালয়।


৯। ৰাষ্ট্ৰসংঘৰ চনদত কিমাটা অনুচ্ছেদ আছে?


উত্তৰঃ ১১১টা অনুচ্ছেদ আছে।


চমু প্ৰশ্ন উত্তৰঃ

১। বর্তমান বিশ্বত আন্তর্জাতিক সংস্থা ৰাষ্ট্ৰসংঘৰ তাৎপর্য কি?

উত্তৰঃ ৰাষ্ট্ৰসংঘ বৰ্তমান বিশ্ব ব্যৱস্থাৰ এটা অত্যন্ত প্ৰয়োজনীয় আৰু প্ৰভাৱশালী সংস্থা। ছোভিয়েট সংঘৰ পতনৰ পিছত আমেৰিকা বিশ্বৰ একমাত্র প্ৰধান শক্তি হৈ ওলাই আহিলেও সেই শক্তিক একমাত্ৰ বেলেগ দেশৰ দ্বাৰা নিয়ন্ত্ৰণ কৰা কঠিন। এই পৰিস্থিতিত ৰাষ্ট্ৰসংঘএ আন্তৰ্জাতিক নীতি-কানুন, সিদ্ধান্ত আৰু কূটনৈতিক চাপৰ জৰিয়তে আমেৰিকা বা অন্য কোনো শক্তিধৰ ৰাষ্ট্ৰক নিয়ন্ত্ৰণ কৰিবলৈ কিছু পৰ্যন্ত সক্ষমতা প্ৰদৰ্শন কৰিছে।

ইয়াৰ উপৰিও ৰাষ্ট্ৰসংঘ হৈছে সেইকেইখন বৈশ্বিক মঞ্চ য'ত সংঘাতপূৰ্ণ দেশসমূহক মুখামুখি যুদ্ধৰ সলনি আলোচনাৰ টেবুলত বসিবলৈ সুযোগ প্ৰদান কৰা হয়। বহুসময়তে কোনো অঞ্চলত যুদ্ধ বা সংঘাতৰ সম্ভাৱনা সৃষ্টি হ'লে ৰাষ্ট্ৰসংঘই মধ্যস্থতা, আলোচনা, শান্তিৰক্ষা বাহিনী প্ৰেৰণ বা প্ৰস্তাবিত সিদ্ধান্তৰ জৰিয়তে পৰিস্থিতি নিয়ন্ত্ৰণ কৰে আৰু দেশসমূহক সঁচা অৰ্থত সংঘাতৰ পৰা বাচি থকাত সহায় কৰে। এইদৰে বৈশ্বিক শান্তি, নিৰাপত্তা আৰু সহযোগিতামূলক পৰিৱেশ ৰক্ষাৰ ক্ষেত্ৰত ৰাষ্ট্ৰসংঘৰ অৰ্থপূৰ্ণ ভূমিকা আছে।

২। মস্কো ঘোষণা (Moscow Declaration) কি?


উত্তৰঃ ১৯৪৩ চনৰ ১ নৱেম্বৰত ইংলেণ্ড, আমেৰিকা, ৰাছিয়া আৰু চীনৰ বৈদেশিক মন্ত্রীসকলে আন্তর্জাতিক শান্তি আৰু নিৰাপত্তা ৰক্ষাৰ কাৰণে সকলো শান্তিপ্রিয় ৰাষ্ট্ৰৰ সার্বভৌম আৰু সমতাৰ নীতিৰ ভিত্তিত এটা আন্তর্জাতিক সংগঠন স্থাপনৰ আৱশ্যকতাক নিশ্চিত কৰিছিল। ইয়াৰ সদস্য ভুক্তিৰ কাৰণে সকলো শান্তিপ্রিয় ৰাষ্ট্ৰৰ কাৰণে মুকলি ৰখা হৈছিল যিসকল ৰাষ্ট্ৰই শান্তিপূর্ণভাবে সমস্যা সীমাংসা কৰাত বিশ্বাস কৰে।

৩। য়াল্টা সম্মিলন (Yalta Conference) কি?

উত্তৰঃ য়াল্টা সম্মিলন ১৯৪৫ চনৰ ফেব্ৰুৱাৰীত অনুষ্ঠিত হৈছিল আৰু ইয়াত গ্ৰেট ব্রিটেইনৰ প্ৰধান মন্ত্ৰী উইনষ্টন চার্চিল, আমেৰিকাৰ ৰাষ্ট্ৰপতি ফ্ৰাঙ্কলিন ডি. ৰুছভেল্ট আৰু ছোভিয়েট ইউনিয়নৰ নেতা জ'ছেফ ষ্টেলিনে অংশ লৈছিল। এই সন্মিলনত যুদ্ধোত্তৰ বিশ্ব ব্যৱস্থাৰ পৰিকল্পনা আৰু ৰাষ্ট্ৰসংঘৰ গঠন সংক্রান্ত গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হৈছিল। সিদ্ধান্তসমূহৰ ভিতৰত আছিল—নিরাপত্তা পৰিষদৰ সকলো সদস্যৰ বাবে সমান ভোটাধিকাৰ, আৰু গুৰুত্বপূৰ্ণ বিষয়ত স্থায়ী সদস্য ৰাষ্ট্ৰসমূহৰ সম্মতি বা ভেটো ক্ষমতা প্ৰয়োজন হ’ব। এই সম্মিলনৰ পৰামৰ্শ অনুসৰি ১৯৪৫ চনৰ ২৫ এপ্ৰিলত ছানফ্ৰান্সিচকোত ৰাষ্ট্ৰসংঘৰ সংবিধান বা চাৰ্টাৰ প্ৰস্তুত কৰা হৈছিল।

৪। ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাৰ বিষয়ে চমুকৈ আলোচনা কৰা।


উত্তৰ: সাধাৰণ সভা ৰাষ্ট্ৰসংঘৰ উচ্চতম প্রতিনিধি সভা। প্রথমতে ইয়াৰ সদস্য সংখ্যা ৫১ জন আছিল। ২০০৬ চনলৈকে এই সংখ্যা বাঢ়ি ১৯২ হ'ল। সাধাৰণ সভাক ৰাষ্ট্ৰসংঘৰ বিধানসভাও বুলিব পাৰি। প্রত্যেক প্রতিনিধি দেশে এই সভালৈ সর্বোচ্চ পাঁচজন সদস্য পঠিয়াব পাৰে। কিন্তু প্রত্যেকখন দেশৰ এটাহে ভোটাধিকাৰ থাকে। প্রতিবছরে এবাৰকৈ সাধাৰণ সভাৰ অধিবেশন বহে। নিয়মীয়া এই অধিৱেশনৰ বাহিৰেও কিছুমান জৰুৰী পৰিস্থিতিত জৰুৰী অধিবেশন আহ্বান কৰাৰ ব্যৱস্থা আছে। সাধাৰণ সভা যথেষ্ট ক্ষমতাশালী আৰু বিশ্বৰ শান্তি, সুৰক্ষা আৰু প্ৰগতিৰ ক্ষেত্ৰত সকলো বিষয় ইয়াত আলোচনা কৰা হয়। ৰাষ্ট্ৰসংঘৰ উচ্চতম অংগ হিচাপে এই সভাই বিভিন্ন ক্ষমতা প্রয়োগ কৰে। ই নিৰাপত্তা পৰিষদৰ ১০টা অস্থায়ী সদস্য নির্বাচন, ৰাষ্ট্ৰসংঘৰ সদস্যৰ ভৰ্তি আৰু বৰ্খাস্ত, ৰাষ্ট্ৰসংঘৰ বাৰ্ষিক বাজেট প্রস্তুত ইত্যাদি কাৰ্য পালন কৰে। সাধাৰণ সভাৰ এই মঞ্চখনত সদস্য ৰাষ্ট্ৰসমূহে বিশ্বৰ বিভিন্ন সমস্যা সম্পর্কে মতামত দিয়ে। ইয়াৰ বছৰেকীয়া অধিৱেশনত সকলো সদস্য ৰাষ্ট্ৰৰ মুৰব্বীসমূহ মিলিত হৈ সংশ্লিষ্ট ৰাষ্ট্ৰসমূহৰ আন্তর্জাতিক কাৰ্যসূচী উত্থাপন কৰে।




TYPE BY- PANKAJ SAIKIA