শীতল যুদ্ধৰ সমাপ্তিৰ পৰা হোৱা প্ৰধান গোলকীয় সংঘাতসমূহঃ
১। শীতল যুদ্ধ কেতিয়া আৰম্ভ হয়?
উত্তৰঃ ১৯৪৫ চনত।
২। শীতল যুদ্ধৰ সময় নির্ধাৰণ কৰা।
উত্তৰঃ দ্বিতীয় বিশ্বযুদ্ধ শেষ হোৱাৰ লগে লগে শীতল যুদ্ধ আৰম্ভ হয় আৰু ১৯৯১ চনত ইয়াৰ অন্ত পৰে।
৩। শীতল যুদ্ধৰ পাছত উদ্ভব হোৱা প্রথম বৃহৎ সংঘাত কোনটো?
উত্তৰঃ উপসাগৰীয় যুদ্ধ (১৯৯০-১৯৯১)।
৪। উপসাগৰীয় যুদ্ধৰ মুখ্য কাৰণ কি আছিল?
উত্তৰঃ ইৰাকৰ কুৱেইট আক্রমণ।
৫। Kosovo সংকট কেতিয়া হৈছিল?
উত্তৰঃ ১৯৯৯ চনত।
৬। Darfur সংঘাত কোন দেশত হৈছিল?
উত্তৰঃ ছুডানত।
৭। Arab Springৰ আৰম্ভণি কোন দেশত হৈছিল?
উত্তৰঃ টিউনিছিয়াত।
৮। ২০০১ চনত আফগানিস্তানত যুক্তৰাষ্ট্ৰৰ সামৰিক অভিযানৰ নাম কি আছিল?
উত্তৰঃ অপাৰেচন Enduring Freedom।
৯। ২০০১ চনত আফগানিস্তানত ক্ষমতাচ্যুত হোৱা দলটো কোন?
উত্তৰঃ তালিবান।
১০। ২০২১ চনত আফগানিস্তানৰ ক্ষমতা পুনৰ গ্ৰহণ কৰা দলটো কোন?
উত্তৰঃ তালিবান।
১২। ছাদ্দাম হুচেইনক কেতিয়া ফাঁচি দিয়া হৈছিল?
উত্তৰঃ ৩০ ডিচেম্বৰ ২০০৬
১১। ইৰাক যুদ্ধৰ সময়ত উদ্ভৱ হোৱা চৰমপন্থী গোটসমূহৰ ভিতৰত কোনটো বিশ্বব্যাপী কুখ্যাত হয়?
উত্তৰঃ ISIS (Islamic State of Iraq and Syria) |
১৩। ইৰাকৰ যুদ্ধৰ ফলত কোন আঞ্চলিক বিভাজন গভীৰ হয়?
উত্তৰ : ছিয়া-ছুন্নী মাজৰ ধৰ্মীয় আৰু ৰাজনৈতিক বিভাজন।
১৪। ইৰাক যুদ্ধৰ সময়ত উদ্ভৱ হোৱা চৰমপন্থী গোটসমূহৰ ভিতৰত কোনটো বিশ্বব্যাপী কুখ্যাত হয়?
উত্তৰঃ ISIS (Islamic State of Iraq and Syria) |
চমু প্ৰশ্ন উত্তৰঃ
১। শীতল যুদ্ধ হ্রাস পোৱাৰ দুটা কাৰণ উল্লেখ কৰা।
উত্তৰঃ শীতল যুদ্ধ হ্রাস পোৱাৰ দুটা কাৰণ হ'ল-
(ক) চীনৰ প্ৰতি আমেৰিকা যুক্তৰাষ্ট্ৰৰ নমনীয় মনোভাৱ আৰু অৱশেষত স্বীকৃতি প্রদান।
(খ) শীতল যুদ্ধৰ বিপৰীতে বিশ্ব জনমত গঠন।
২। শীতল যুদ্ধ কি?
উত্তৰঃ শীতল যুদ্ধ মূলতঃ দুটা পরস্পৰবিৰোধী আদৰ্শৰ সংঘাতৰ ফলত জন্ম লোৱা বৈশ্বিক দ্বন্দ্ব। দ্বিতীয় বিশ্বযুদ্ধৰ পিছত আমেৰিকাৰ নেতৃত্বত পাশ্চাত্য দেশসমূহে উদাৰ গণতন্ত্র আৰু পুঁজিবাদ সমর্থন কৰিছিল। আনদিকে ছোভিয়েট ৰাছিয়াৰ নেতৃত্বত প্রাচ্য দেশসমূহে সমাজবাদ আৰু সাম্যবাদৰ পথ অৱলম্বন কৰে। এই আদৰ্শগত বিভাজনৰ লগতে সামৰিক প্রাধান্য, ক্ষমতা লাভ আৰু বিশ্ব ভাৰসাম্য ৰক্ষাৰ নীতিও ইয়াৰ কেন্দ্ৰবিন্দু আছিল। ফলস্বৰুপ, আমেৰিকা আৰু ৰাছিয়াৰ মাজত সৰাসৰি যুঁজ নহৈও শংকা, প্রতিদ্বন্দ্বিতা, অস্ত্ৰ সঞ্চয় আৰু মিত্রশক্তি গঠনৰ আধাৰত এক দীঘলীয়া ‘শীতল যুদ্ধ’ চলি থাকিল।
৩। শীতল যুদ্ধ 'শীতল' হৈ থাকিল 'গৰম' যুদ্ধলৈ কিয় পৰিৱৰ্তিত নহ'ল?
উত্তৰঃ আমেৰিকা আৰু ছোভিয়েট বাছিয়া এই দুটা পৰস্পৰবিৰোধী মহাশক্তিধর দেশৰ আবিৰ্ভাৱৰ লগে লগে তেওঁলোকৰ মাজত শীতল যুদ্ধ আৰম্ভ হয়। দুয়োখন দেশে সম্মুখ যুদ্ধ কৰিব বিচৰা নাছিল, কিয়নো পাৰমাণবিক শক্তিধৰ দুখন দেশৰ মাজত যুদ্ধ আৰম্ভ হ'লে উভয় দেশেই যথেষ্ট ক্ষতিৰ সম্মুখীন হ'ব। আৰু এনে ধ্বংসৰ ফলত কোনে এখন দেশকে বোধহয় বিজয়ী হিচাপে ঘোষণা কৰা নাযাব। উভয়ৰ হাততে ধ্বংসৰ ইমান অস্ত্র-শস্ত্র মজুত আছিল যে তেওঁলোকে প্রকৃত যুদ্ধত অংশ লোৱাৰ ক্ষেত্ৰত অগ্রসৰ হোৱাৰ কথা ভাবিব পৰা নাছিল।
৪। আফগানিস্তানৰ যুদ্ধ (২০০১) আৰম্ভ হোৱাৰ পটভূমি কি?
উত্তৰঃ আফগানিস্তানৰ যুদ্ধ ২০০১ চনৰ ৰৰ ছেপ্টেম্বৰৰ যুক্তৰাষ্ট্ৰত হোৱা সন্ত্রাসবাদী আক্ৰমণৰ পিছত আৰম্ভ হয়। ৯/১১ আক্ৰমণত আল-কায়েদা নামৰ উগ্রপন্থী সংগঠনে নিউ ইয়র্ক আৰু বাশিংটনত বৃহৎ ধ্বংস সাধন কৰিছিল। আল-কায়েদাৰ নেতাসকল আফগানিস্তানত তালিবান চৰকাৰৰ আশ্ৰয়ত আছিল। যুক্তৰাষ্ট্ৰ তালিবানক ওছামা বিন লাডেন আৰু আন নেতা সমর্পণ কৰিবলৈ দাবী জনায়, কিন্তু তালিবানে সেই দাবী অস্বীকাৰ কৰে। ফলস্বৰূপে, যুক্তৰাষ্ট্ৰ অপাৰেচন Enduring Freedomৰ অন্তৰ্গত সামৰিক অভিযান আৰম্ভ কৰে।
৫। উপসাগৰীয় যুদ্ধ (১৯৯০-১৯৯১) ৰ কাৰণ আৰু ফলাফল বর্ণনা কৰা।
উত্তৰঃ ১৯৯০ চনৰ চআগষ্টত ইৰাকৰ নেতা ছাদ্দাম হুছেইনে কুরেইট আক্রমণ কৰি দখল কৰিছিল। এই আক্ৰমণৰ মূল কাৰণ আছিল তেল সম্পদৰ নিয়ন্ত্রণ, সীমান্ত বিবাদ আৰু কুৱেইটৰ ওপৰত ইৰাকৰ আৰ্থিক দাবি। কুৱেইটৰ তেল উৎপাদন নীতিৰ বাবে ইৰাকৰ অর্থনীতি ক্ষতিগ্রস্ত হৈছিল।
জাতিসংঘ সুৰক্ষা পৰিষদে এই আক্রমণ নিন্দা কৰি ইৰাকৰ ওপৰত কঠোৰ অৰ্থনৈতিক নিষেধাজ্ঞা আৰোপ কৰে। ১৯৯১ চনৰ জানুৱাৰীত যুক্তৰাষ্ট্ৰৰ নেতৃত্বত "অপাৰেচন ডেজার্ট ষ্টর্ম" আৰম্ভ হয়। ছয় সপ্তাহৰ ভীতৰে ইৰাকৰ সেনা কুৱেইটৰ পৰা পিছু হটে।
Type by - Pankaj Saikia