ভাৰতীয় ৰাজনৈতিক চিন্তাধাৰা আৰু জাতি, শ্ৰেণী আৰু লিঙ্গ
অতি চমু প্ৰশ্ন উত্তৰঃ
১। ড° ভীমৰাও ৰামজী আম্বেদকাৰ কোনটো নামেৰে জনপ্রিয় আছিল?
উত্তৰঃ তেওঁ "ৰাবাচাহেব" নামেৰে জনপ্রিয় আছিল।
২। আম্বেদকাৰ কোন কেবিনেটৰ সদস্য আছিল?
উত্তৰ: তেওঁ নেহৰুৰ প্ৰথম কেবিনেটৰ সদস্য আছিল।
৩। আম্বেদকাৰ কোন মন্ত্ৰ্যালয়ৰ প্ৰথমগৰাকী মন্ত্ৰী আছিল?
উত্তৰঃ তেওঁ ভাৰতৰ প্ৰথম আইন মন্ত্ৰী আছিল।
৪। "বহিষ্কৃত ভাৰত” নামৰ কাকত কোনে প্রকাশ কৰিছিল?
উত্তৰঃ এই কাকতখন ড° আম্বেদকাৰে প্ৰকাশ কৰিছিল।
৫। স্ত্রী-পুৰুষ তুলনা কেতিয়া প্রকাশ পাইছিল?
উত্তৰঃ ১৮৮২ চনত।
৬। তাৰাবাই ছিন্দে কোন বিষয়ত গুৰুত্বপূৰ্ণ মত দিছিল?
উত্তৰঃ পিতৃতন্ত্র আৰু জাতি ব্যবস্থাৰ সমালোচনা।
৭। বিজয়লক্ষ্মীৰ বিষয়ে কোন বাতৰি কাকতে প্রবন্ধ লিখা হৈছিল?
উত্তৰঃ পুনে বৈভৱ।
৮। নিম্ন জাতিৰ মহিলাসকলে কেনে বৈষম্য ভুগিছিল বুলি ছিন্দে কৈছিল?
উত্তৰঃ জাতিভিত্তিক আৰু লিংগভিত্তিক দুয়ো বৈষম্য।
৯। ধর্মীয় শাস্ত্রসমূহক তাৰাবাই কেনেকৈ চাবলৈ কয়?
উত্তৰঃ নাৰীৰ ওপৰত অত্যাচাৰ স্থায়ী কৰা উপায় হিচাপে।
১০। তাৰাবাই ছিন্দে কোন বিষয়ক সামাজিক ন্যায়ৰ বিষয়ত অধিক জোৰ দিছিল?
উত্তৰঃ লিংগ সমতা আৰু জাতি বৈষম্যৰ প্ৰত্যাহ্বান।
১১। নিম্ন জাতিৰ মহিলাসকলে কেনে বৈষম্য ভুগিছিল বুলি ছিন্দে কৈছিল?
উত্তৰঃ জাতিভিত্তিক আৰু লিংগভিত্তিক দুয়ো বৈষম্য।
চমু প্ৰশ্ন উত্তৰঃ
১। ডঃ আম্বেদকাৰৰ জাতি প্ৰথাৰ বিৰুদ্ধে বিপ্লৱমূলক চিন্তাধাৰাৰ মূল্যায়ন
উত্তৰঃ ডঃ ভীমৰাও আম্বেদকাৰৰ চিন্তাধাৰা আছিল ভাৰতীয় সমাজত শতাব্দী ধৰি চালু থকা জাতিভিত্তিক বৈষম্যৰ বিৰুদ্ধে এক সজাগ চেতনা। তেওঁৰ দৃষ্টিত জাতি প্ৰথা কেৱল সামাজিক বিভাজন নহয়, ই মানুহৰ মৌলিক অধিকাৰ, স্বাভিমান আৰু মানৱৰ মর্যাদাৰ ওপৰত এটি জোরদার প্ৰহাৰ। “Annihilation of Caste” নামৰ বিখ্যাত লিখনত তেওঁ জাতি ব্যৱস্থাৰ মূলোৎপাটনৰ আহ্বান জনায়।
আম্বেদকাৰৰ মতে শাস্ত্ৰসমূহে বিশেষকৈ মনুস্মৃতিয়ে জাতি প্ৰথাক ধৰ্মীয় আৰু নৈতিক স্বীকৃতি প্ৰদান কৰিছে। এইবাবে তেওঁ এই শাস্ত্ৰৰ কঠোৰ সমালোচনা কৰি কয় যে বৈষম্যক ধৰ্মীয় আৱরণৰ আড়ালে ৰক্ষা কৰা হয়।
সংবিধানৰ মূল স্থপতি হিচাপে আম্বেদকাৰে অস্পৃশ্যতা নিষিদ্ধ কৰা, সংৰক্ষণ নীতি প্ৰৱৰ্তন কৰা আৰু সমান অধিকাৰৰ নিশ্চয়তা দিয়ে সমাজৰ বঞ্চিত শ্রেণীৰ বাবে আইনী ভিত্তিত সুৰক্ষা গড়ে তোলে। সামাজিক ন্যায়ৰ এই যুগান্তকাৰী পদক্ষেপেই তেওঁৰ বিপ্লৱী মনোভাব প্ৰতিফলিত কৰে।
পাছলৈ ১৯৫৬ চনত লক্ষাধিক অনুসৰীয়াৰ সৈতে বৌদ্ধ ধৰ্ম গ্ৰহণ কৰি তেওঁ স্পষ্টকৈ দেখুৱাই দিয়ে যে জাতি ভিত্তিক ধৰ্মীয় পৰম্পৰাৰ সৈতে তেওঁৰ কোনো সন্মতি নাই। এই পদক্ষেপ আছিল সামাজিক মুক্তিৰ এক সাংঘাতিক প্ৰতীক।
২। জাতীয়তাবাদ বিষয়ে আম্বেদকাৰৰ ধাৰণা চমুকৈ ব্যাখ্যা
উত্তৰঃ ডঃ ভীমৰাও আম্বেদকাৰৰ জাতীয়তাবাদৰ ধাৰণা আছিল সকলো নাগৰিকৰ সমঅধিকাৰ আৰু সামাজিক ন্যায়ৰ ভিত্তিত গঢ়ি তোলা এখন ৰাষ্ট্ৰ। তেওঁৰ মতে সত্য জাতীয়তাবাদ তেতিয়াহে সম্ভৱ, যেতিয়া কোনো ধৰ্ম, ভাষা, জাতি বা সামাজিক স্তৰৰ ভিত্তিত পৃথকীকৰণ বা বৈষম্য নাথাকে।
আম্বেদকাৰে বিশ্বাস কৰিছিল যে দেশক শক্তিশালী কৰি তুলিবলৈ প্রথমে সমাজৰ দৰিদ্ৰ, দলিত আৰু পশ্চাদপদ জনগোষ্ঠীক ন্যায়, গৌৰৱ আৰু সুযোগৰ দিশে আগবঢ়োৱা প্রয়োজন। তেওঁ কোৱা জাতীয়তাবাদ মানে আছিল—
• বৈচিত্র্যময় সমাজত সমন্বয়,
• সৰ্বস্তৰত সমতা,
• আৰু পৃথকীকৰণৰ পৰা মুক্ত গণতান্ত্ৰিক সত্তা।
ভিন্ন ভাষা, ধৰ্ম বা সংস্কৃতি থকা লোকক একতাৰ মালাত গাথি তোলাই আছিল তেওঁৰ উদ্দেশ্য। তেওঁ উপলব্ধি কৰিছিল যে বৈষম্যমুক্ত সমাজ নোহোৱাৰ আগতে প্রকৃত অৰ্থত ৰাষ্ট্ৰীয় একতা গঢ়ি তুলিব নোৱাৰি। সেয়েহে তেওঁ সকলো জনগোষ্ঠীলৈ সমান সুযোগ আৰু ন্যায়সূত্ৰীয় অধিকাৰৰ জৰিয়তে এক গণতান্ত্ৰিক জাতীয়তা গঠন কৰাৰ আহ্বান জনাইছিল।
৩। গণতন্ত্র সম্পর্কে আম্বেদকাৰৰ ধাৰণাৰ ওপৰত এটি টোকা লিখা।
উত্তৰ: আম্বেদকাৰ গণতন্ত্ৰৰ সমৰ্থক আছিল। তেওঁৰ মতে এটা গণতান্ত্রিক ব্যৱস্থাত সার্বজনীন প্রাপ্তবয়স্ক ভোটাধিকাৰ থকা উচিত। আম্বেদকাৰৰ মতে প্রকৃত গণতন্ত্র মানে। হ'ল সামাজিক গণতন্ত্র। তেওঁৰ মতে ব্যক্তিৰ ব্যক্তিত্ব তথা সক্ষমতাৰ সৰ্বাংগীন বিকাশত এই আটাইকেইটা কথাই প্রয়োজনীয়। তেওঁৰ মতে সামাজিক গণতন্ত্ৰ আৰু অর্থনৈতিক সমতা স্থাপন কৰি ৰাজনৈতিক গণতন্ত্রক বাস্তৱ কৰি তুলিব পৰা যায়। গণতন্ত্র সম্পর্কে থকা আম্বেদকাৰৰ দৃষ্টিভংগীটোৱে সমাজত কোনো ধৰণৰ শ্ৰেণী গাঁথনি থকাৰ পোষকতা নকৰে।