Chapter 3
জনসংখ্যা- জনসংখ্যাৰ বৃদ্ধি, জনদৃশ্যৰত সংক্ৰমন,
পৃথিৱীৰ জনসংখ্যাৰ বিতৰন আৰু ঘনত্ব, ইয়াৰ লগত জড়িত কাৰক সমূহ আৰু জনসংখ্যাৰ সংৰচনা
১। আদর্শ জনসংখ্যা কি?
উত্তৰঃ জনসংখ্যাৰ ঘনত্ব আৰু বিতৰণ অধ্যয়নৰ
ক্ষেত্ৰত আমি পাই আহিছোঁ যে পৃথিৱীৰ ভিন ভিন দেশৰ জনসংখ্যাৰ ঘনত্ব ভিন ভিন ধৰণৰ।
জনসংখ্যাৰ ঘনত্বৰ ভিত্তিতে আমি পৃথিৱীৰ দেশবোৰক বিৰল বসতি, পাতল বসতি, মজলীয়া বসতি আৰু ঘন বসতি অঞ্চল হিচাপে শ্রেণী বিভাজনো
কৰিছোঁ। কিন্তু আদর্শ জনসংখ্যা বুলিলে এনেকুৱা ঘন বা পাতল জনসংখ্যাৰ কথা
প্রত্যক্ষভাৱে নুবুজায়। কিয়নো এখন অতিকৈ ঘন বসতিপূর্ণ দেশকো আদর্শ জনসংখ্যাৰ দেশ
বুলিব পাৰি আৰু আন এখন নীৰৱ বা পাতল জনসংখ্যাৰ দেশকো আদর্শ জনসংখ্যাৰ দেশ বুলি
বিবেচনা কৰিব পৰা নাযায়। সাধাৰণতে দেশ এখনৰ কাৰ্যকৰী ভূমিকা অনুপাতে লোকসংখ্যাৰ
বিতৰণ হোৱাকে জনসংখ্যাৰ দেশ (Optimum
population) বুলি কোৱা হয়। প্রকাৰান্তৰে
যেতিয়া দেশৰ ব্যৱহৃত সম্পদৰাজি সেই দেশৰ অধিবাসীসকলৰ অভাৱ পূৰণৰ বাবে পর্যাপ্ত হয়
তেতিয়াই সেই দেশৰ জনসংখ্যাক আদর্শ জনসংখ্যাৰ দেশ বুলি কোৱা হয়। অর্থাৎ মানুহ আৰু
ব্যৱহৃত ভূমিৰ আনুপাতিক বিতৰণৰ ফলতহে দেশ এখনৰ জনসংখ্যাক আদর্শ জনসংখ্যা বুলি কোৱা
হয়। অন্যহাতে, জনসংখ্যা ঘন বা পাতল হোৱা অৱস্থাই আদর্শ জনসংখ্যা নুবুজায়।
ব্যবহৃত সম্পদৰ পৰিমাণ লোকসংখ্যা অনুপাতে কম হ'লে তেনে দেশক অধিক জনসংখ্যাৰ (Over population) দেশ বুলি কোৱা হয়। তেনেদৰে কাৰ্যকৰী ভূমিৰ পৰিমাণ
লোকসংখ্যাৰ তুলনাত যদি অধিক হয় শ্রমিকৰ অপ্রাচুর্যৰ বাবে সম্পদ উৎপাদনৰ পৰিমাণ কম
হ'ব পাৰে। তেনেকুৱা অৱস্থাৰ দেশকে কম জনসংখ্যাৰ (Under population) দেশ বুলি কোৱা হয়।
২। জনসংখ্যা বৃদ্ধি বিষয় চমুকৈ লিখা ।
উত্তৰঃ সময়ৰ ব্যৱধানত জনসংখ্যাৰ পৰিৱৰ্তনকে জনসংখ্যা বৃদ্ধি বুলি
কোৱা হয়। সাধাৰণ অৰ্থত জনসংখ্যাৰ পৰিৱৰ্তনৰ গতিধাৰাক জনসংখ্যাৰ বৃদ্ধি শব্দৰে
বুজোৱা হয়। এটা নির্ধাৰিত সময়ৰ ব্যৱধানত নির্দিষ্ট চাৰিসীমাৰ ভিতৰত ঘটা অধিবাসীৰ
সংখ্যাৰ হ্রাস-বৃদ্ধিক চাৰিসীমা অর্থাৎ এলেকাটোৰ জনসংখ্যা বৃদ্ধি বোলে। জনসংখ্যাৰ
বৃদ্ধি দুটা পদ্ধতিৰে প্ৰকাশ কৰা হয়। প্ৰথমটো হ'ল গণনা কালৰ আৰম্ভণি আৰু সামৰণিৰ
মাজৰ সময়ছোৱাত ঘটা জনসংখ্যাৰ মুঠ বৃদ্ধি (সংখ্যাত) অথবা মুঠ বৃদ্ধিৰ শতাংশ ৰূপত।
অর্থাৎ অঞ্চলটোত প্রতি 100
গৰাকী মানুহৰ পৰা কিমান সংখ্যক মানুহ বৃদ্ধি হ'ল। উদাহৰণ স্বৰূপে 1991
চনত অসমৰ জনসংখ্যা আছিল 2.24 কোটি আৰু 2001 চনত বৃদ্ধি হৈ মুঠ জনসংখ্যাৰ পৰিমাণ হয় 2.66 কোটি। অর্থাৎ উক্ত সময়ছোৱাত অসমৰ জনসংখ্যা বৃদ্ধি হয় 42 লাখ। শতাংশ হিচাপত এই বৃদ্ধিৰ পৰিমাণ হয় 18.৪ শতাংশ বা প্রতি 100 গৰাকীৰ পৰা বৃদ্ধি পায় 18.8
জন। ইয়াকে জনসংখ্যাৰ বৃদ্ধি বুলি কোৱা হয়।
৩। জনসংখ্যাৰ বিতৰণত লগত প্রভাব পেলোৱা কাৰকবোেৰ কি কি?
উত্তৰ: জনসংখ্যাৰ বিতৰণৰ লগত জড়িত কাৰকবােৰ (Factors
Influenc- ing Population): পৃথিৱীৰ বিভিন্ন অঞ্চলত জনসংখ্যাৰ
বিতৰণ ভিন ভিন ধৰণৰ হোৱা দেখা যায়। অর্থাৎ পৃথিৱীৰ উপৰিভাগত বসবাস কৰা লোকসকল
সমগ্র পৃথিৱীখনত একে ধৰণৰ ঘনত্বত বসবাস কৰা নাই। ক'ৰবাত মানুহৰ বিতৰণ অত্যধিক ঘন, ক'ৰবাত কিছু ঘন,
ক'ৰবাত পাতল আৰু এনেকুৱা অঞ্চলো আছে য'ত মানুহ বিচাৰি পাবলৈ টান। জনসংখ্যাৰ বিতৰণৰ ক্ষেত্ৰত পৰিলক্ষিত হোৱা এনেকুৱা
কাৰণবোৰৰ লগত কেবাটাও কাৰক জড়িত হৈ আছে। এই কাৰকবোৰ হ'ল–
(ক)
ভূ-প্রকৃতি (Topography)।
(খ)
জলবায়ু (Climate)।
(গ)
পানীৰ যোগান (Supply
of water)।
(ঘ)
মাটিৰ উৰ্বৰতা (Soil fertility)।
(ঙ)
খনিজ সম্পদ (Mineral
resources)।
(চ)
পৰিবহণ ব্যৱস্থা (Transport facility)।
(ছ)
বেপাৰ-বাণিজ্যৰ সুবিধা (Trade facility)।
(জ)
নগৰীকৰণ (Urbanization)।
(ঝ)
উদ্যোগীকৰণ (Industralization)।
(ঞ)
ৰাজনৈতিক সুস্থিৰতা (Political stabitily)।
(ট)
সমাজ ব্যৱস্থা (Social system)।
৪। জনদৃশ্যপট সংক্ৰমণৰ পৰ্যায়
কেইটা কি কি?
উত্তৰঃ জনদৃশ্যপট সংক্রমণ সূত্ৰৰ সহায়ত এটা অঞ্চলৰ জনসংখ্যা সম্পর্কীয় ব্যাখ্যা তথা
ভৱিষ্যতৰ ৰেহৰূপ বিচাৰ কৰা হয়। জনদৃশ্যপট সংক্রমণ সূত্ৰৰ তিনিটা পর্যায় আছে। এই
পর্যায়কেইটা হ'ল -
1) প্রাথমিক পর্যায়।
2) দ্বিতীয় পর্যায়।
3) তৃতীয় পর্যায়।
জনদৃশ্যপট সংক্ৰমণৰ প্ৰাথমিক
অৱস্থাত জন্মহাৰ আৰু মৃত্যুৰ দুয়োটা উচ্চ নিৰিখিত হোৱা হেতুকে জনসংখ্যাৰ বৃদ্ধিৰ
পৰিমাণ কম। প্রাথমিক পর্যায়ত বিজ্ঞান তথা প্রযুক্তিবিদ্যাৰ সীমাবদ্ধতাৰ বাবে
আৰ্থিক কাম- কাজ বাহুবলৰ ওপৰত যথেষ্ট নিৰ্ভৰশীল হয়। দ্বিতীয় পর্যায়ত জন্মহাৰ উচ্চ
আৰু স্বাস্থ্য সেৱা তথা চিকিৎসাবিজ্ঞানৰ উন্নতিয়ে মৃত্যুৰ হাৰ হ্রাস কৰাৰ ফলত
জনসংখ্যাৰ স্বাভাৱিক বৃদ্ধি খৰতকীয়া হয়। আনহাতে জনদৃশ্যপটৰ তৃতীয় পৰ্যায়ত জন্মৰ
হাৰ আৰু মৃত্যুৰ হাৰ লক্ষণীয়ভাৱে হ্রাস পোৱাত জনসংখ্যাৰ পৰিমাণ প্রায় অপৰিৱৰ্তনীয়
বা নাম মাত্রহে বৃদ্ধি হয়।
৫। জনসংখ্যাৰ পৰিৱৰ্তনৰ স্থানিক
বিতৰণ ব্যাখ্যা কৰা।
উত্তৰঃ জনসংখ্যাৰ পৰিৱৰ্তনকে সাধাৰণতে জনসংখ্যা বৃদ্ধি বুলি জনা যায়। বর্তমান কালত
সমগ্র পৃথিৱীতে বৃদ্ধি পাই অহা জনসংখ্যাই এক ভয়ানক ৰূপ ধাৰণ কৰাৰ পৰিপ্ৰেক্ষিতত
নানা প্রকাৰৰ সমস্যাৰ উদ্ভৱ হ'বলৈ পাইছে। জনসংখ্যাৰ এই পৰিৱৰ্তনৰ স্থানিক বিতৰণলৈ লক্ষ্য
কৰিলে দেখা যায় যে পৃথিৱীৰ সকলো ঠাইতে জনসংখ্যাৰ বৃদ্ধিৰ হাৰ একে নহয়। এই ক্ষেত্ৰত
পৃথিৱীৰ মহাদেশবোৰৰ ভিতৰত আফ্রিকা মহাদেশত জনসংখ্যাৰ বৃদ্ধিৰ হাৰ সৰ্বাধিক আৰু এই
পৰিমাণ হ'ল ২.৪ শতাংশ। তেনেদৰে লেটিন আমেৰিকাৰ বৃদ্ধিৰ হাৰ ১.৬ শতাংশ, এছিয়াৰ ১.৪ শতাংশ,
অষ্ট্ৰেলিয়াৰ ১.৩ শতাংশ আৰু উত্তৰ আমেৰকাৰ বৃদ্ধিৰ
হাৰ হ'ল ০.৯ শতাংশ। আনহাতে জনসংখ্যাৰ বৃদ্ধিৰ হাৰ ০ (ওলাব) শতাংশ
হ'ল ইউৰোপ মহাদেশত। উল্লেখযোগ্য যে একেখন মহাদেশৰে আকৌ ভিন
ভিন ৰাষ্ট্ৰৰ জনসংখ্যাৰ বৃদ্ধিৰ হাৰ ভিন ভিন হোৱাও পৰিলক্ষিত হয়।
৬। বয়স-লিংগ পিৰামিড কি?
উত্তৰ: বয়স-লিংগ পিৰামিড (Age-Sex
Pyramid): বয়সৰ পৰিসব অনুক্রমে পুৰুষ আৰু
নাৰীৰ সাংখ্যিক গাঁথনিক জনসংখ্যাৰ বয়স লিংগানুপাতিক সংৰচনা (Age-Sex structure) বোলে। জনসংখ্যাৰ বয়স আৰু লিংগানুপাতিক সংৰচনা উপস্থাপন কৰা
ৰঞ্জক চিত্র এটাক বয়স -লিংগ পিৰামিড বা সচৰাচৰ জনসংখ্যা পিৰামিড বোলে। এনে এক
জনসংখ্যা পিৰামিডৰ সহায়ত জনসমষ্টি এটাৰ ভালেমান জৈৱিক আৰু আৰ্থ-সামাজিক চৰিত্ৰ
বিচাৰি পোৱা যায়। বয়স-লিংগ পিৰামিড বাওঁফালে পুৰুষ আৰু সোঁফালে নাৰী জনসংখ্যা বয়সৰ
ঊর্ধ্বক্রমত জনসমষ্টিটোৰ মুঠ জনসংখ্যাৰ শতাংশ স্কেলত উপস্থাপন কৰা হয়। জনসংখ্যা
পিৰামিডৰ প্ৰতিৰূপ অনুসৰি তলত উল্লেখ কৰা ভাগত ভাগ কৰা হয়। এই ভাগবোৰ হ'ল–
(1) বর্ধমান জনসংখ্যা: নাইজেৰিয়া,
বাংলাদেশ,
মেক্সিকো,
বুৰুণ্ডি আদিৰ এই শ্ৰেণীৰ জনসংখ্যা পিৰামিড।
(2) সুস্থিৰ জনসংখ্যা: ইটালি, স্পেইন, ডেনমার্ক আদি এই শ্ৰেণীৰ দেশ।
(3) সংকোচনশীল জনসংখ্যা: জাপান, লাটভিয়া, এষ্টনিয়া, ইউক্রেইন আদি এই শ্ৰেণীৰ দেশ।
৭। জনসংখ্যাৰ ঘনত্বৰ ভিত্তিত
পৃথিৱীক শ্রেণীবিভাজন কৰা আৰু প্ৰতিটো শ্ৰেণীৰ বৰ্ণনা কৰা।
উত্তৰ : জনসংখ্যাৰ ঘনত্বৰ ভিত্তিত ধৰাপৃষ্ঠৰ শ্ৰেণীবিভাজন : সম্পদৰ উপকাৰিতা আৰু পোষণ
ক্ষমতাৰ ওপৰত নিৰ্ভৰশীল হৈ মানুহ বিভিন্ন প্ৰকাৰৰ উৎপাদনমুখী কার্যত নিযুক্ত হয়।
ইয়াৰ ফলশ্ৰুতিত ধৰাপৃষ্ঠৰ বিভিন্ন অঞ্চলত লোকবসতিৰ ঘনত্বৰ তাৰতম্য হয়। জনসংখ্যাৰ
ঘনত্বৰ তাৰতম্য ধৰাপৃষ্ঠৰ এক নৈমিত্তিক ঘটনা। সেইবাবে জনসংখ্যাৰ ঘনত্ব ভিত্তিত
সমগ্র পৃথিৱীক কেইটামান জনসংখ্যাৰ ঘনত্ব বলয়ত বিভক্ত কৰা হৈছে। জনসংখ্যাৰ এই ঘনত্ব
বলয় বা অঞ্চলকেইটা হ'ল –
(ক) বিৰল বসতি অঞ্চল (Isolated
density region)।
(খ) পাতল বসতি অঞ্চল (Low
density region)।
(গ) মজলীয়া বা ঘন বসতি অঞ্চল (Moderate
or high density region)।
(ঘ) অতি ঘন বসতি অঞ্চল (Very high density region)| তলত এই অঞ্চলকেইটাৰ জনসংখ্যাৰ ঘনত্ব তথা এই অঞ্চলবোৰৰ অন্তর্গত ঠাইবোৰৰ ওপৰত
চমুকৈ আলোচনা কৰা হ'ল–
(ক) বিৰল বসতি অঞ্চল: ধৰাপৃষ্ঠৰ এই অঞ্চলটোত জনসংখ্যাৰ ঘনত্ব সবাতোকৈ কম। সাধাৰণতে উত্তৰ আমেৰিকা
আৰু ইউৰোপৰ চিৰতুষাৰাবৃত তুন্দ্ৰা অঞ্চল,
নিৰক্ষীয় অঞ্চলৰ অন্তৰ্গত আমাজান অৱবাহিকা, কংগো অৱবাহিকা, মালয় উপদ্বীপ,
ব'র্ণিঅ',
নিউগিনি,
চাহাৰা,
কালাহাৰি,
থৰ আদি শুকান মৰুভূমিবোৰ আৰু ওখোৰ- মোখোৰা পাৰ্বত্য
অঞ্চলবোৰ এইটো বলয়ৰ অন্তৰ্গত। এই অঞ্চলবোৰত মানুহৰ জীৱিকা নিৰ্বাহ প্রণালী অতিকৈ
কষ্টকৰ হোৱা হেতুকে সাধাৰণতে মানুহে বসবাস কৰিবলৈ ইচ্ছা নকৰে। কৃষি, শিল্প, বেপাৰ- বাণিজ্য,
পৰিবহণ আদি সকলোবিলাক ক্ষেত্ৰতে এই ঠাইবোৰ অতিকৈ
অনুন্নত। উল্লেখযোগ্য যে এই অঞ্চলবিলাকত জনসংখ্যাৰ ঘনত্ব ইমানেই কম যে প্রতি বর্গ
কিলোমিটাৰত ১/২ জনৰ অধিক মানুহৰ বাসস্থান বিচাৰি পোৱা নেযায়।
(খ) পাতল বসতি অঞ্চল: ধৰাপৃষ্ঠত এনেকুৱা ভালেমান অঞ্চল আছে যিবোৰত জনসংখ্যাৰ ঘনত্ব একেবাৰে
নিৰল নহয় যদিও মানুহৰ বসতি তেনেই পাতল। বিশেষকৈ ইউৰোপৰ ষ্টেপচ্ অঞ্চল, উত্তৰ আমেৰিকাৰ প্ৰেইৰি অঞ্চল,
দক্ষিণ আমেৰিকাৰ পাম্পাছ অঞ্চল, আফ্ৰিকাৰ ভেল্ড অঞ্চল আৰু অষ্ট্ৰেলিয়াৰ ডাউনছ অঞ্চলত জনসংখ্যাৰ ঘনত্ব তেনেই
কম। সমগ্র অঞ্চলবোৰ তৃণভূমিৰে আবৃত হোৱা হেতুকে পশুপালনেই এই অঞ্চলত বসবাস কৰা
লোকসকলৰ মুখ্য জীৱিকা-নির্বাহ প্রণালী। অর্থাৎ উল্লিখিত ঘাঁহনি অঞ্চলবিলাকত
পশু-পালনৰ বাহিৰে অন্য কার্যৰ বাবে বিশেষ উপযোগীও নহয়। পাতল বসতিৰ এই অঞ্চলবোৰত
জনসংখ্যাৰ ঘনত্ব মাত্র প্রতি বর্গ কিলোমিটাৰত ১-২০ জন।
(গ) মজলীয়া বা ঘন বসতি অঞ্চল: ধৰাপৃষ্ঠৰ যিবোৰ অঞ্চলৰ জনসংখ্যাৰ ঘনত্ব প্রতি বর্গ কিলোমিটাৰত ২০-১০০ জন লোক
বাস কৰে সেইবোৰকে, মজলীয়া অথবা ঘন বসতি অঞ্চল বুলি কোৱা হয়। এই অঞ্চলটোৰ
অন্তর্গত দেশবোৰৰ ভিতৰত আমেৰিকা যুক্তৰাষ্ট্র দক্ষিণ-পূব অঞ্চল, মধ্য আমেৰিকা, দক্ষিণ আমেৰিকা,
ইকুৱেদৰ,
কলম্বিয়াৰ কিছু অংশ, দক্ষিণ আফ্রিকা, মৰক্কো, আলজেৰিয়া,
ঘানা,
নাইজেৰিয়া,
অষ্ট্ৰেলিয়াৰ কিছু অংশ, নিউজিলেণ্ড আৰু দক্ষিণ-পূব এছিয়াৰ
কম বৰষুণ হোৱা আৰু পার্বত্য অঞ্চলবোৰ অন্যতম।
(ঘ) অতি ঘন বসতি অঞ্চল: ধৰাপৃষ্ঠৰ জনসংখ্যাৰ ঘনত্বৰ ক্ষেত্ৰত এই অঞ্চলটোতে সর্বাধিক ঘন বসতি অঞ্চলবোৰ
অন্তৰ্গত। উল্লেখযোগ্য যে এই অঞ্চলটোৰ ই অঞ্চলটোৰ ঠাইবোৰত গড়ে প্রতি বর্গ
কিলোমিটাৰত ১০০ৰ অধিক লোক বাস কৰে। আনহাতে,
পৃথিৱীৰ সৰ্বমুঠ জনসংখ্যাৰ ৭৫ শতাংই এই বলয়টোত বাস
কৰে। অতি ঘন বসতি অঞ্চলৰ অন্তৰ্গত দেশ বা অঞ্চলবোৰৰ ভিতৰত দক্ষিণ-পূব এছিয়াৰ
চীনদেশ, ভাৰতবৰ্ষ,
বাংলাদেশ,
জাপান,
উত্তৰ কোৰিয়া,
দক্ষিণ কোৰিয়া,
শ্রীলংকা,
পাকিস্তান,
মধ্য আৰু পশ্চিম ইউৰোপৰ গ্রেটব্রিটেইন, ফ্রান্স, বেলজিয়াম,
জার্মেনি,
নেদাৰমেণ্ড,
ডেনমার্ক,
যুক্তৰাষ্ট্ৰৰ উত্তৰ-পূব অঞ্চল, ইজিপ্তৰ নীল নদীৰ উপত্যকা আৰু পশ্চিম এছিয়াৰ ইউফ্রেটিছ আৰু টাইগ্রীছ নদীৰ
উপত্যকা অন্যতম।
৮। জনসংখ্যাৰ ঘনত্ব আৰু জনসংখ্যাৰ
বিতৰণৰ মাজৰ পাৰ্থক্য লিখা ।
উত্তৰঃ জনসংখ্যাৰ ঘনত্ব আৰু জনসংখ্যাৰ বিতৰণৰ মাজৰ পাৰ্থক্য: জনসংখ্যাৰ ঘনত্ব আৰু
বিতৰণ আপাতদৃষ্টিত একে যেন লাগিলেও প্ৰকৃততে এই দুটাৰ মাজত যথেষ্ট পার্থক্য আছে।
জনসংখ্যাৰ বিতৰণ বুলি ক'লে কোনো এটা অঞ্চলত বা কোনো এখন দেশত বা সমগ্র পৃথিৱীখনত
জনসংখ্যাৰ বিতৰণ বা বিস্তৃতি কেনেকুৱা তাকে বুজায়। জনসংখ্যাৰ বিতৰণ গুণবাচক শব্দৰে
প্ৰকাশ কৰা হয়। অর্থাৎ কোনো এখন ঠাইত জনসংখ্যাৰ বিতৰণ সেৰেঙা, পাতল, ঘন আদি শব্দৰ দ্বাৰা প্ৰকাশ কৰা হয়। জনসংখ্যাৰ ঘনত্ব বুলি ক'লে ঠাইখনৰ জনসংখ্যাৰ বিস্তৃতি অকল ঘন,
পাতল বা সেৰেঙা বুলি ক'লে নহয়। সাধাৰণতে জনসংখ্যাৰ ঘনত্ব
হ'ল কোনো এখন দেশ বা ৰাজ্যৰ মুঠ মাটিকালি আৰু সৰ্বমুঠ
জনসংখ্যাৰ অনুপাতহে। গতিকে জনসংখ্যাৰ ঘনত্ব সদায়ে গাণিতিক আৰু সংখ্যাসূচক। চমুকৈ ক'বলৈ হ'লে দেশ অথবা ৰাজ্য এখনৰ প্রতি বর্গ কিলোমিটাৰ (বা বর্গ
মাইল) আয়তনত কিমানজন মানুহ বাস কৰে তাকে ঠাইখনৰ জনসংখ্যাৰ ঘনত্ব বুলি কোৱা হয়।