Chapter 4

প্ৰবৰ্জন - কাৰক ফলাফল

 

আন্তর্জাতিক প্ৰব্ৰজনৰ প্ৰকাৰ

উত্তৰঃ আন্তর্জাতিক প্ৰব্ৰজনৰ প্ৰকাৰসমূহ (Types of International Mi- gration) : আন্তঃর্জাতিক প্রব্রজন অর্থাৎ বিভিন্ন ৰাষ্ট্ৰৰ মাজত হোৱা প্ৰব্ৰজনৰ উদ্দেশ্য, কাৰণ একে ধৰণৰ নহয় প্ৰব্ৰজনকাৰীসকলে বিভিন্ন কাৰণত, বিভিন্ন উদ্দেশ্যত এখন দেশৰ পৰা অইন এখন দেশলৈ বাসস্থান সলনি কৰিবলৈ বাধ্য হয় উদাহৰণ স্বৰূপে অসমৰ পমুৱা মুছলমানসকলে অসমৰ বিভিন্ন অঞ্চলত চৰ অঞ্চল আৰু পথাৰবোৰত কৃষিকার্য কৰাৰ উদ্দেশ্যে বাংলাদেশৰ পৰা আগমন ঘটিছে আনহতে, ক্রীতদাস ব্যৱসায় চলাবৰ বাবে এটা সময়ত আফ্রিকাৰ পৰা হাজাৰ হাজাৰ নিগ্ৰো প্ৰজাতিৰ 'লা মানুহে বলপূর্বকভাবে আমেৰিকালৈ অনা হৈছিল আনকি ধৰ্মপ্ৰচাৰৰ মাধ্যমেৰেও পৃথিৱীৰ বিভিন্ন দেশলৈ বিভিন্ন ধৰ্মৰ লোকসকলৰ প্ৰব্ৰজন ঘটা দেখা যায় সেয়েহে প্ৰব্ৰজকাৰী লোকসকলৰ উদ্দেশ্য আৰু কাৰণৰ ভিত্তিত আন্তর্জাতিক প্রব্রজন বিভিন্ন শ্রেণীত বিভাজন কৰিব পাৰি 

আন্তঃপ্ৰব্ৰজন আৰু বহিঃপ্ৰব্ৰজনৰ পার্থক্যঃ

উত্তৰঃ আন্তঃপ্ৰব্ৰজন (Immigration): যেতিয়া কোনো জনসমষ্টি এখন দেশৰ পৰা অইন এখন দেশলৈ গৈ অথবা এঠাইৰ পৰা গৈ অইন এঠাইত বসবাস কৰিবলৈ লয় তেতিয়া নতুনকৈ বসবাস কৰিবলৈ লোৱা দেশ বা ঠাইখনৰ ক্ষেত্ৰত এই প্রক্রিয়াক আন্তঃপ্রব্রজন বুলি কোৱা হয় উদাহৰণ হিচাপে বাংলাদেশৰ পৰা অসমলৈ আহি বসবাস কৰিবলৈ লোৱা প্ৰক্ৰিয়াটোক অসমৰ বাবে কোৱা হয় আন্তঃপ্রব্রজন আন্তঃপ্ৰব্ৰজনৰ ফলত ঠাইখনৰ জনসংখ্যা বৃদ্ধি হয়

বহিঃপ্রব্রজন (Emigration) : বহিঃপ্রব্রজন আন্তঃপ্ৰব্ৰজনৰ সম্পূৰ্ণ বিপৰীত কোনো কাৰণত এখন ঠাই বা এখন দেশৰ পৰা কোনো লোক বা জনসমষ্টি গৈ অন্য দেশ বা অন্য অঞ্চলত বসবাস কৰিবলৈ লোৱা ঘটনাটোক প্রথমখন দেশৰ ক্ষেত্রত বহিঃপ্রব্রজন বুলি কোৱা হয় বহিঃপ্ৰব্ৰজনৰ ফলত ঠাইখনৰ জনসংখ্যা হ্রাস হয় উদাহৰণ স্বৰূপে পৃথিৱীৰ অন্যান্য দেশৰ বিভিন্ন প্ৰকাৰৰ সা-সুবিধাৰ প্ৰতি আকর্ষিত হৈ যথেষ্ট সংখ্যক ভাৰতীয় লোকে তেনেকুৱা দেশবোৰলৈ গমন কৰা ঘটনাটোৱে ' বহিঃপ্ৰব্ৰজন আমাৰ দেশৰ পৰা পশ্চিম এছিয়াৰ তেল উৎপাদনকাৰী ৰাষ্টবোৰলৈ বহিঃপ্রব্রজন ঘটে

  বহিঃপ্রব্রজন মানে কি?

উত্তৰঃ বহিঃপ্ৰব্ৰজন: বহিঃপ্রব্রজন, আন্তঃপ্ৰব্ৰজনৰ সম্পূৰ্ণ বিপৰীত এখন দেশৰ পৰা অইন দেশলৈ মানুহ স্থানান্তৰ হোৱাকে বহিঃপ্ৰব্ৰজন বোলে উদাহৰণ স্বৰূপে ভাৰতবৰ্ষৰ পৰা পৃথিৱীৰ বিভিন্ন দেশলৈ নানা কাৰণত ভাৰতীয় লোক গমন হোৱা ঘটনা ' বহিঃপ্রব্রজন সাধাৰণতে আকৰ্ষক কাৰকে যিদৰে আন্তঃপ্রব্রজনত প্রভাব বিস্তাৰ কৰে তেনেদৰে বিকৰ্ষক কাৰক (Push Factors) প্রভাৱৰ পৰিপ্ৰেক্ষিতত বহিঃপ্ৰব্ৰজন ঘটে ভাৰতবৰ্ষ এখন অত্যধিক জনবসতি দেশত জনসংখ্যাৰ তুলনাত দেশৰ আৰ্থিক দিশ শক্তিশালী নহয় সেইবাবে দেশৰ সঞ্চিত প্রাকৃতিক সম্পদবোৰৰ প্রকৃত ব্যৱহাৰ ভাৰতত আজিও সম্ভৱ হোৱা নাই সেইবাবে দেশখনত কাৰিকৰী তথা বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ ক্ষেত্ৰত নিয়োগৰ সা-সুবিধা তেনেই সীমিত ফলত বহুতো ভাৰতীয় লোক দেশীয় নিয়োগ ব্যৱস্থাৰ প্ৰতি বিকৰ্ষিত হৈ পৃথিৱীৰ অন্যান্য দেশলৈ প্ৰব্ৰজন কৰিবলৈ বাধ্য হৈছে এনেকুৱা প্ৰৰিপ্ৰেক্ষিততে পৃথিবীৰ বিভিন্ন দেশত কর্মসংস্থানৰ যোগেদি বহুতো ভাৰতীয় লোক বিদেশত থাকিবলৈ লৈছেএই শ্ৰেণীৰ প্রব্রজকবিলাককে বহিঃপ্রব্রজক বুলি জনা যায় বিশেষকৈ মধ্য এছিয়ান তেল ৰপ্তানিকাৰী দেশ, আফ্রিকা, আমেৰিকা, ইংলেণ্ড, অস্ট্রেলিয়া আদি নানা দেশলৈ বহুতো ভাৰতীয় লোক বহিঃপ্রব্রজক হিচাপে গমন কৰিছে উল্লেখযোগ্য যে এনেকুৱা প্ৰব্ৰজনৰ ফলত দেশৰ জনসংখ্যাৰ ভিৰ কিছু হ্রাস পালেও নানা ধৰণৰ উপযুক্ত সা-সুবিধাৰ অন্বেষণত অনেক মেধাৱী লোক নিজ দেশৰ পৰা আন দেশলৈ হোৱা প্ৰব্ৰজনক মেধাৱী ব্যক্তিৰ প্ৰব্ৰজন (Brain drain migration) বুলি কোৱা হয় মেধাৱী ব্যক্তিৰ বহিঃপ্ৰব্ৰজনে দেশৰ উন্নতিত বাধা প্রদান হয়

জনপ্ৰব্ৰজনৰ কাৰকবোৰ কি কি? যিকোনো দুটা কাৰকৰ বিষয়ে লিখা

উত্তৰঃ প্ৰব্ৰজনৰ লগত জড়িত (Factors for migration) : জনপ্রব্রজন সংঘটিত হোৱাৰ লগত ভালেমান কাৰক জড়িত হৈ থাকে এনেকুৱা কাৰকবোৰৰ ভিতৰত আছে-

() কৃষিভূমিৰ প্ৰাচৰ্যতা (Availability of Land)

() নিয়োগৰ সুবিধা (Availability of Works)

() সম্পদৰ প্ৰাচুৰ্যতা (Availability of Minerals)

() ধর্মীয় কাৰক (Religion factor)

() ৰাজনৈতিক কাৰক (Political factor)

() বলপ্রয়োগ (Forced Migration)

তলত উপৰোক্ত প্ৰতিটো কাৰকৰ বিষয়ে চমু আলোচনা কৰা '-

() কৃষিভূমিৰ প্ৰাচুৰ্যতা: ধৰাপৃষ্ঠৰ সৰহভাগ প্ৰব্ৰজনকাৰী কৃষিভূমিৰ বাবেই দেশৰ পৰা আন এখন দেশলৈ অথবা এটা অঞ্চলৰ পৰা অইন অঞ্চললৈ প্রব্রজন কৰে সাধাৰণতে যিবোৰ দেশৰ কৃষি মাটি আৰু কৃষিৰ বাবে উপযোগী নহয় তেনেকুৱা ঠাইৰ মানুহে অন্য দেশৰ সাৰুৱা আৰু কৃষি উপযোগী অথচ মুকলি হৈ পৰি থকা অঞ্চলবোৰলৈ প্ৰব্ৰজন কৰে কৃষিভূমিক লৈ অতি প্রাচীন কালৰে পৰা প্ৰব্ৰজন ঘটি আহিছে উদাহৰণস্বৰূপে আমেৰিকা যুক্তৰাষ্ট্ৰ, অষ্ট্ৰেলিয়া, দক্ষিণ আফ্রিকাৰ সৰহভাগ লোক ইউৰোপৰ পৰা প্ৰব্ৰজন হোৱা বাসিন্দা তাহানিৰ ইউৰোপৰ ভূমিহীন কৃষক আৰু বৃহৎ কৃষি পাম পাতিবলৈ ইচ্ছুক লোকসকলৰ প্ৰব্ৰজনৰ ফলতে এইবোৰ দেশত বসতি হৈছিল তেনেদৰে ভাৰতবৰ্ষ আৰু বাংলাদেশৰ উদাহৰণ দিব পাৰি অত্যধিক জনসংখ্যাৰ বাবে বাংলাদেশত কৃষিমাটিৰ অভাৱ হেতুকে ভাৰতবৰ্ষৰ বিশেষকৈ ব্ৰহ্মপুত্ৰ আৰু বৰাক উপত্যকাৰ চন পৰি থকা নিম্নভূমিবোৰলৈ বাংলাদেশী লোকৰ আগমন ঘটিছে

() নিয়োগৰ সুবিধা: জীৱিকাৰ সুবিধাও জনপ্ৰব্ৰজনৰ এক উল্লেখযোগ্য কাৰক। সাধাৰণতে যিবোৰ দেশৰ জনসখ্যাৰ ঘনত্ব অত্যধিক সেইবোৰ দেশত মানুহৰ জীৱন- ধাৰণ প্ৰণালী অত্যন্ত কষ্টকৰ আৰু সমস্যাবহুল সেইবাবে তেনেকুৱা দেশ বা অঞ্চলৰ পৰা জীৱিকাৰ সন্ধানত মানুহ দেশান্তৰ 'বলৈ লয় যিবোৰ ঠাইৰ জনসংখ্যা পাতল, জীৱিকাৰ সুবিধা পোৱা যায় তেনেকুৱা ঠাইবোৰলৈ বিভিন্ন দেশৰ পৰা প্ৰব্ৰজনকাৰীৰ সোঁত 'বলৈ লয় কুৰি শতিকাৰ আৰম্ভণি কালত আমেৰিকাৰ বিভিন্ন দেশত বিভিন্ন নগৰ-চহৰবোৰ স্থাপিত 'বলৈ লোৱাৰ লগে লগে তাত পর্যাপ্ত পৰিমাণে নিয়োগৰ সুবিধা হোৱাত ইউৰোপৰ হাজাৰ হাজাৰ লোক আমেৰিকালৈ গৈ স্থায়ীভাৱে বসবাস কৰিবলৈ লৈছিল আনহাতে, বিদেশী চৰকাৰবোৰ উচ্চ হাৰত দৰমহা তথা অন্যান্য সা- সুবিধা প্ৰদান কৰাৰ পৰিপ্ৰেক্ষিতত চিকিৎসা-বিজ্ঞানী আদি লোকসকলেও নিজৰ দেশ এৰি তেনেকুৱা দেশবোৰত থাকিবলৈ লয় কোৱা বাহুল্য যে নগৰ-চহৰবোৰত দৈনিক মজুৰিৰ পৰিমাণ অধিক হোৱা হেতুকেও চুবুৰীয়া গ্রাম্য অঞ্চলৰ পৰা নগৰলৈ সৰহসংখ্যক লোকৰ প্ৰব্ৰজন ঘটা দেখা যায়

জনপ্ৰব্ৰজনৰ কাৰকবোৰ কি কি? প্রাকৃতিক কাৰকে প্ৰব্ৰজনত কেনেকুৱা ভূমিকা লয় আলোচনা কৰা

উত্তৰঃ জনপ্ৰব্ৰজনৰ কাৰকবোৰ (Factors of Migration): জনপ্রব্রজনক আকর্ষিত আৰু বিকর্ষিত কৰিব পৰা কেতবোৰ কাৰক জড়িত হৈ থাকে এই কাৰকবোৰকে জনপ্ৰব্ৰজনৰ কাৰক বুলি জনা যায় জনপ্ৰব্ৰজনৰ কাৰকবোৰক তিনিটা শ্ৰেণীত ভাগ কৰিব পৰা যায় এই তিনি প্ৰকাৰৰ কাৰকবোৰ ' -

(1) প্রাকৃতিক কাৰক (Natural factors): ভূ-প্রকৃতি, জলবায়ু, মাটিৰ গুণাগুণ, পানীৰ সহজলভ্যতা, আগ্নেয়গিৰি, ভূমিকম্প, ছুনামী, বানপানী, ঘূর্ণীবতাহ, অত্যধিক খৰাং, আদিবোৰ প্ৰাকৃতিক কাৰক

(2) অর্থনৈতিক কাৰক (Economic factors): জীৱিকা সুচলতা, উন্নত কৃষি প্ৰণালী, নিয়োগৰ সুবিধা, ঔদ্যোগিক বিকাশ, উন্নত পৰিবহণ যোগাযোগ ব্যৱস্থা, বজাৰৰ সু-ব্যৱস্থা আদি অর্থনৈতিক কাৰক

(3) সাংস্কৃতিক কাৰক (Cutural factors): সাংস্কৃতিক কাৰকবোৰ '- ৰাজনীতি, ধর্মীয়, প্রশাসনীয়, প্রতিক্ষা, শিক্ষা-দীক্ষা, যুদ্ধবিগ্রহ আদি উল্লেখযোগ্য

প্ৰব্ৰজনৰ প্ৰাকৃতিক কাৰক (Natural factors of Migration) : ভূ-প্রকৃতি, জলবায়ু, মাটিৰ গুণাগুণ, পানীৰ প্ৰাচুৰ্য আৰু ভূমিকম্প, আগ্নেয়গিৰি উদ্‌দ্গীৰণ প্ৰভৃতি প্রাকৃতিক দুর্যোগসমূহ জনপ্ৰব্ৰজনৰ সৃষ্টিৰ কাৰণ ' পাৰে অতীজৰ পৰাই বিস্তীর্ণ সমভূমি অঞ্চলসমূহলৈ পৃথিৱীৰ ভিন ভিন অঞ্চলৰ পৰা মানুহৰ প্ৰব্ৰজন ঘটা দেখা যায় সমভূমি পৃষ্ঠত পৰ্বত-পাহাৰৰ তুলনাত জীবনযাত্রা সুচল হোৱাৰ কাৰণেই সমভূমি অবয়বক প্ৰব্ৰজনৰ আকৰ্ষণীয় কাৰকৰূপে ধৰা হয় আকৌ চৰমভাবাপন্ন জলবায়ু উদ্ভৱ 'লে এনে সমভূমি পৃষ্ঠৰ পৰাও মানুহে আন ঠাইলৈ প্ৰব্ৰজন কৰিব পাৰে কিন্তু মৃদু, জলবায়ু আৰু উৰ্বৰ মাটিৰ সমতল ক্ষেত্র অভিমুখে পৃথিৱীৰ অধিক সংখ্যক প্ৰব্ৰজনৰ সোঁত বলা দেখা যায় বিভিন্ন লক্ষণৰ জলবায়ুৰ ভিতৰত মৌচুমী আৰু ভূমধ্য সাগৰীয় নাতিশষীতোষ্ণ জলবায়ুক জনপ্ৰব্ৰজনৰ শক্তিশালী আকর্ষক আৰু তুন্দ্ৰ অথবা উষ্ণ মৰুভূমিৰ জলবায়ুক বিকৰ্ষক কাৰক বুলিব পাৰি নদ-নদী আৰু হ্রদ-প্রভৃতি জলাশয়সমূহ জনপ্ৰব্ৰজনৰ শক্তিশালী আকর্ষক এনেবোৰ জলাশয়ৰ পানী মানুহৰ ব্যৱহাৰযোগ্য হোৱাৰ উপৰিও এই জলাশয়সমূহক যাতায়াত আৰু জলজ সম্পদ আহৰণৰ উদ্দেশ্যেও ব্যৱহাৰ কৰিব পাৰি তদুপৰি এনে জলাশয়ৰ তীৰত মৃদু জলবায়ু আৰু সাৰুৱা সমতল গঢ় লয় গতিকে ভূ-প্রকৃতি আৰু জলবায়ুৰ অৱস্থা নির্বিশেষে এনেবোৰ জলাশয়ৰ পাৰলৈ আন ঠাইৰ পৰা মানুহৰ প্রব্রজন ঘটে

আনহাতে পৰ্বতৰ উচ্চ অৱস্থান, গভীৰ অৰণ্য, চৰম ভাবাপন্ন জলবায়ুৰ এলেকা অনুৰ্বৰ ভূমি প্রভৃতি অৱস্থানলৈ ঘটা জনপ্ৰব্ৰজনৰ নিৰিখ তেনেই কম কোনো কোনো ক্ষেত্ৰত এনেবোৰ অৱস্থালৈ প্ৰব্ৰজন একেবাৰে নঘটিবও পাৰে সেয়েহে পৃথিৱীৰ এনে লক্ষণাক্রান্ত বহুতো অৱস্থান আজিও জনশূন্য হৈ আছে

আকৌ সঘনাই বানপানী আৰু গৰাখহনীয়া হোৱা নদীৰ তীৰ, আগ্নেয়গিৰি উদ্‌দ্গীৰণৰ অৱস্থান আৰু সঘনাই প্রবল ভূমিকম্প হৈ থকা বহুতো অৱস্থানৰ পৰা মানুহে সংশ্লিষ্ট প্রাকৃতিক দুর্যোগসমূহৰ পৰা ৰক্ষা পোৱাৰ উদ্দেশ্যে আন সুবিধাজনক অঞ্চললৈ প্ৰব্ৰজন কৰে

প্ৰব্ৰজনৰ কাৰক হিচাপে সম্পদৰ প্রাচুর্যতা ব্যাখ্যা কৰা 

উত্তৰঃ () সম্পদৰ প্ৰাচুৰ্যতা: নানাবিধ খনিজ সম্পদৰ প্ৰাচুৰ্যতাৰ ফলতো এটা অঞ্চলৰ পৰা অইন এটা অঞ্চললৈ মানুহৰ প্ৰব্ৰজন ঘটে সাধাৰণতে যিবোৰ অঞ্চলত খনিজ পদাৰ্থৰ অভাৱ বা থকা সম্পদখিনিও দেশৰ অৰ্থনৈতিক অৱস্থাৰ পৰিপ্ৰেক্ষিতত ঠিকমতে ব্যৱহাৰ কৰিব পৰা হোৱা নাই তেনেকুৱা অঞ্চলবোৰৰ পৰা ' পর্যাপ্ত পৰিমাণে খনিজ সম্পদ উদঘাটন কৰিবলৈ লৈছে তেনেকুৱা অঞ্চললৈ বিভিন্ন কাৰণত মানুহে প্ৰব্ৰজন কৰে খনিজ সম্পদ উদঘাটন কৰাৰ উপৰিও এনেকুৱা অঞ্চলবোৰত খনিজ সম্পদৰ ভিত্তিত নানা প্রকাৰৰ উদ্যোগ প্রতিষ্ঠান স্থাপন হয় এই ঔদ্যোগিক প্রতিষ্ঠানসমূহৰ আৱশ্যকীয় সা-সঁজুলি তথা সা-সামগ্ৰী আৰু বিভিন্ন প্ৰকাৰৰ খনিজ সম্পদবোৰৰ ভিত্তিত সেইবোৰ ঠাইত এক বৃহৎ বজাৰ সৃষ্টি হয় সেয়েহে এনেকুৱা অঞ্চলবোৰত পৰ্যাপ্ত পৰিমাণে নিয়োগৰ নতুন নতুন সুবিধা হোৱা বিভিন্ন অঞ্চলৰ পৰা মানুহৰ প্ৰব্ৰজন ঘটে আনকি কাৰিকৰী দিশত পাৰ্গত লোক অন্য দেশৰ পৰাও আনিব লগা হয় উদাহৰণ স্বৰূপে সোণৰ খনি উদ্ধাৰ হোৱাৰ লগে লগে দক্ষিণ আফ্রিকালৈ প্ৰব্ৰজনকাৰী লোকৰ সংখ্যা দ্রুতগতিত বাঢ়িবলৈ লৈছিল যুক্তৰাষ্ট্ৰৰ পশ্চিমাঞ্চলৰ মেচাবি পাহাৰত লোৰ খনি উদ্ধাৰ হোৱাৰ পাছত সেই অঞ্চললৈ পূবৰ উপকূলীয় অঞ্চলৰ পৰা দ্রুতগতিত মানুহৰ প্ৰব্ৰজন ঘটে আৰু মেচাবিৰ আশে-পাশে ভালেমান নতুন নতুন নগৰ-চহৰ জন্ম হৈছে