Chapter 5
জনবসতী - গ্ৰম্য জনবসতীৰ প্ৰকাৰ আৰু আৰ্হি সমুহ- পৌৰ জনবসতীৰ আকাৰ আৰু প্ৰকাৰ্য অনুসৰি শ্ৰেণী বিভাজন
তলৰ প্ৰশ্নবোৰৰ উত্তৰ দিয়া ।
১। পর্যটন চহৰ মানে কি?
উত্তৰঃ প্রাকৃতিক সৌন্দর্য,
ঐতিহাসিক প্রসিদ্ধতা আদিৰ লেখিকা কাৰণত পর্যটকৰ ওপৰত ভিত্তি কৰি গঢ় লৈ উঠা নগৰ-চহৰবোৰকে পর্যটন চহৰ বোলে। দার্জিলিং,
উটী আদি একো একোখন পর্যটন চহৰ। হোটেল ব্যৱসায় পর্যটন চহৰৰ মূল ভেটি।
২। নিযুতাধিক চহৰ মানে কি?
উত্তৰঃ সকলোবিলাক নগৰ-চহৰৰ জনসংখ্যাৰ পৰিমাণ একে নহয়। জনসংখ্যাৰ পৰিমাণৰ ওপৰত ভিত্তি কৰি পৌৰ অঞ্চলবোৰক ভিন ভিন নামেৰে জনা যায়। সাধাৰণতে যিবোৰ মহানগৰীৰ জনসংখ্যাৰ পৰিমাণ 10 লাখ বা 1 নিযুতৰ অধিক সেইবোৰক নিযুতাধিক চহৰ (Million
city) বোলে। মুম্বাই, কলকাতা আদি নিযুতাধিক চহৰৰ উদাহৰণ।
তলৰ প্ৰশ্নবোৰৰ চমু উত্তৰ দিয়া ।
উত্তৰঃ জনবসতিৰ ওপৰত প্ৰভাৱ পেলোৱা কাৰকবোৰ ধৰাৰ বুকুত বিভিন্ন অঞ্চলত গঢ় লৈ উঠা জনবসতিবোৰৰ ৰূপ আৰু আৰ্হি একে ধৰণৰ নহয়। বসতিৰ ভিন্ন ৰূপ বা আৰ্হিৰ মূলতে হ'ল কেতবোৰ কাৰক। অৰ্থাৎ জনবসতিৰ ধৰণ-কৰণ কেতবোৰ কাৰকৰ ওপৰত নিৰ্ভৰশীল। জনবসতি সংগঠনৰ ওপৰত প্ৰভাৱ পেলোৱা এই কাৰকবোৰ হ'ল–
(1) ভূ-প্রকৃতি (Physiography)
(2) জলবায়ু (Climate)
(3) পানীৰ উৎস (Source of water)
(4) মাটিৰ উৰ্বৰতা (Soil fertility)
(5) জীৱিকাৰ সহজলভ্যতা (Availibity of job)
(6) যাতায়াত-পৰিবহণৰ সুবিধা (Trasnsport facility)
(7) খনিজ সম্পদৰ প্রাচুর্যতা (Source of mineral resources)
(৪) বেপাৰ-বাণিজ্য (Trade
and commerce)
(9) শিল্পদ্যোগ (Industry)
(10) নিৰাপদ আৰু সুৰক্ষিত স্থান (Security and defencesite)
উত্তৰ: পৌৰ বসতি (Urban
settlement): বসতি সংগঠনৰ মূল ভাগ দুটা হ'ল গ্রাম্য বসতি (Rural settlement) আৰু পৌৰ বসতি বা নগৰীয়া বসতি (Urban
settlement)। সাধাৰণতে নগৰীয় পৰিৱেশত যিবোৰ জনবসতি গঢ়ি উঠে সেইবোৰকে পৌৰ বসতি বুলি কোৱা হয়। ক'বলৈ হ'লে যিবোৰ অঞ্চলত বসবাস কৰা লোকসকলৰ অৰ্থনৈতিক কার্যকলাপ কৃষি বা প্রাথমিক শ্ৰেণীৰ বৃত্তিৰ সলনি দ্বিতীয়ক বা তৃতীয়ক শ্ৰেণীৰ বৃত্তিৰ ওপৰত নিৰ্ভৰশীল তেনেকুৱা জনবসতিকে পৌৰ বসতি বুলি কোৱা হয়। সেইবাবে পৌৰ বসতি মূলতঃ ব্যৱসায়, বাণিজ্য, শিল্প, প্রশাসনিক, শিক্ষা আদি কাৰ্যবোৰৰ জৰিয়তেহে গঢ় লৈ উঠে। অর্থাৎ পৌৰ বসতি অঞ্চলত বসবাস কৰা লোকসকলৰ সৰহভাগেই হয়তো চাকৰি, নতুবা বেপাৰ-বাণিজ্য, শিল্পানুষ্ঠান আদিৰ লেখীয়া জীৱিকাৰ ওপৰত নিৰ্ভৰশীল। এইখিনিতে এটা কথা উল্লেখ কৰিব পাৰি যে অকল জনসংখ্যাৰ ভিত্তিত পৌৰ বসতি চিনাক্ত কৰিব পৰা নাযায়। কিন্তু এই কথা সকলোৰে বাবে সঁচা যে পৌৰ বসতি অঞ্চলত জনসংখ্যাৰ ঘনত্ব বেছি। সেই বুলি সকলোবিলাক ঘনবসতি অঞ্চলতেই পৌৰ অঞ্চল নহয়। পৃথিৱীৰ ভিন ভিন দেশত পৌৰ বসতিৰ বাবে আৱশ্যকীয় জনসংখ্যাৰ পৰিমাণো ভিন ভিন।
উত্তৰঃ পৌৰ প্ৰকার্য (Urban
function): নগৰ-চহৰসমূহত পৰিচালনা কৰা বৌদ্ধিক কাম-কাজৰ সমষ্টিকেই সহজ অৰ্থত প্রকাৰ্য বোলা হয়। উপৰুৱা দৃষ্টিত শিল্প উদ্যোগ, বাণিজ্য, পৰিবহণ, যোগাযোগ, চিকিৎসা, প্রশাসন, শিক্ষা তথা গৱেষণা, বিজুলী যোগান, পানী যোগান, পর্যটন, উন্নয়ন প্রভৃতি বহু ধৰণৰ কাম-কাজৰ পৰিচালনা কক্ষসমূহ পৌৰ এলেকাবোৰত থুপিকৃত হৈ থকা দেখা যায়। ইয়াৰ বিপৰীতে নগৰ অঞ্চলত সচাৰচৰ বিস্তৃত কৃষি, মীন অথবা পশুপালন প্রভৃতি প্রাথমিক খণ্ডৰ অৰ্থনৈতিক ক্ষেত্ৰবোৰ পোৱা নাযায়। অর্থাৎ পৌৰ এলেকাৰ লোকসকলৰ অধিকাংশই শিল্প উদ্যোগ, বিভিন্ন প্ৰকাৰৰ সেৱা, অথবা গৱেষণা, উদ্ভাৱনা প্রভৃতিৰ কাম-কাজৰ লগতহে পোনপটীয়াকৈ জড়িত হৈ থাকে। একে আষাৰে ক'বলৈ হ'লে- সকলোবোৰ পৌৰ এলেকাত প্রধানভারে কিবা নহয় কিবা ধৰণৰ শিল্প-উদ্যোগজাত সামগ্ৰী আৰু নানা তৰহৰ সেৱাহে উৎপাদন হয়। একোখন চহৰত কেন্দ্রীভূত হোৱা শিল্প-উদ্যোগ আৰু বিভিন্ন লক্ষণৰ সেৱাসমূহৰ সামগ্রিক কার্য সম্পাদনক চহৰখনৰ পৌৰ প্ৰকাৰ্য বুলি কোৱা হয়।
উত্তৰঃ চহৰৰ অৱস্থানিক শ্রেণীবিভাজন (Locational
Classification of Towns): বিভিন্ন কাম-কাজৰ ওপৰত নিৰ্ভৰ কৰি চহৰ একোখন মূৰ দাঙি উঠিব পাৰে যদিও সম্পদ সমাবেশৰ (Resource Accumulation) অবিহনে পৌৰ প্ৰকাৰ্যৰ আৰম্ভণি অথবা অগ্রগতি সম্ভৱ নহয়। ইফালে কম ঠাইত ঘন বসতিৰ মাজত প্ৰাথমিক খণ্ডৰ সম্পদ সৃষ্টি হ'ব নোৱাৰে। সেয়া সৃষ্টিৰ উদ্দেশ্যে প্রয়োজনীয় উপকৰণসমূহে (কৌশল,
সাজ-সৰঞ্জাম,
দ্রব্যসম্ভাৰ) চহৰতলিৰ স্থানীয় উৎপাদনৰ ভিতৰতে সীমাবদ্ধ নহয়। বৰঞ্চ এনেবোৰ উপাদানৰ অধিকাংশ অন্য ঠাইৰ পৰা অহাই দেখা যায়। সেয়েহে নগৰত কেন্দ্রীভূত হ'ব পৰা সকলো ধৰণৰ প্ৰকাৰ্য পৰিবহণ ব্যৱস্থাৰ ওপৰত পূৰামাত্রাই নিৰ্ভৰশীল। পর্যটন আৰু প্ৰতিৰক্ষাৰ দৰে পৌৰ প্রকাৰ্যসমূহ গঢ়ি তোলাৰ উদ্দেশ্যেও পৰিবহণ ব্যৱস্থা সুবিধাজনক হোৱা উচিত। এনেবোৰ কাৰণতে পৌৰ-প্ৰকল্পক আৰু পৌৰ-ভূগোলবিদ (Ur-ban
Planner and Urban Geographer) সকলে সুচল পৰিবহণৰ অৱস্থানসমূহকে পৌৰ বসতি গঢ়ি উঠাৰ সর্বোৎকৃষ্ট অৱস্থান হিচাপে একমত প্রকাশ কৰে।
উত্তৰ: গ্রাম্য বসতিৰ প্ৰকাৰ (Types
of Rural Settlement): গ্রামাঞ্চলত বা গ্রাম্য পৰিৱেশত গঢ় লৈ উঠা মানুহৰ বসতিকে গ্রাম্য বসতি বুলি কোৱা হয়। বিভিন্ন কাৰকৰ প্ৰভাৱত গ্রাম্য বসতিৰ ধৰণ কৰণো বেলেগ বেলেগ হোৱা দেখা যায়। তথাপিও গ্রাম্য পৰিৱেশৰ সা-সুবিধাৰ ফলত গঢ় লৈ উঠা গ্রাম্য বসতিক মূলতঃ দুভাগে ভাগ কৰিব পাৰি। এই দুই প্ৰকাৰৰ গ্রাম্য বসতি হ'ল -
(1) বিৰল বসতি (Disparsed Settlement)
(2) কেন্দ্রীভূত বসতি (Nucleated Settlement)
তলত দুয়ো প্ৰকাৰৰ বসতি সম্পর্কে চমুকৈ আলোচনা কৰা হ'ল
(1) বিৰল বসতি (Disparsed Settlement): বিৰল বসতি হ'ল গ্রাম্য বসতিৰ এক অন্যতম প্ৰকাৰ। গ্রাম্য জনবসতিৰ আৰ্হি আৰু আকাৰ অনুসৰি মূলতঃ দুই ভাগত ভাগ কৰা হৈছে। এবিধ হ'ল বিৰল বসতি (Disparsed
Settlement)। পৃথিৱীৰ যিবোৰ ঠাইৰ জলবায়ু একেবাৰে চৰমভাবাপন্ন, ভূ- প্রকৃতি অত্যধিক অসমান আৰু মাটিভাগ টান আৰু শিলাময় তেনেবোৰ ঠাইত মানুহে বসবাস কৰিবলৈ অতিকৈ অনিচ্ছুক। কিয়নো এনেকুৱা ঠাইবিলাকত জীৱিকা-নির্বাহ প্রণালী অতিকৈ কষ্টকৰ। এনেকুৱা ঠাইবোৰত প্ৰতি বৰ্গ কিলোমিটাৰ আয়তনৰ একো একোটা অঞ্চলত গঢ় হিচাপে এজনৰো কম মানুহে কৰ্ম কৰে। ফলত এঘৰ মানুহৰ পিছত আন এঘৰ মানুহ বহুখিনি আঁতৰত থকাহে দেখা যায়। বসতি সংগঠনৰ এনেকুৱা পাতল আৰু অকলশৰীয়া জনবসতিকে বিৰল বসতি বা নিৰল বসতি বুলি কোৱা হয়। সাধাৰণতে বিষুৱীয় অঞ্চলৰ অটব্য অৰণ্য ভূমিত,
শুকান মৰুময় অঞ্চলবিলাকত,
থিয় ঢালযুক্ত পর্বতবিলাকত,
শিলাময় মৰুভূমিবোৰত আৰু মেৰু প্ৰদেশত,
তুষাৰ আবৃত ঠাইবিলাকত এনেকুৱা বিৰল বসতিৰ প্রাধান্য দেখা যায়।
(2) কেন্দ্রীভূত বসতিৰ প্ৰকাৰঃ গ্ৰাম্য জনবসতিৰ একেবাৰে ঘন বসতি সংগঠনক কেন্দ্রীভূত বা থুপিকৃত বসতি বুলি জনা যায়। অৱশ্যে সকলোবিলাক কেন্দ্রীভূত বসতি সংগঠনৰ ৰূপ বা আৰ্হি একে ধৰণৰ নহয়। সেইবাবে কেন্দ্রীভূত গ্রাম্য বসতিক তলত উল্লেখ কৰা শ্ৰেণীত বিভক্ত কৰা হৈছে। এই তিনি প্ৰকাৰৰ কেন্দ্ৰীভূত বসতিৰ নাম হ'ল
(ক) ৰৈখিক বা ঘূৰণীয়া বসতি (Linear of circular Settlement)
(খ) বর্গক্ষেত্রিক বসতি (Rectengular Settlement)
(গ) তৰাৰূপী বসতি (Star-shaped Settlement)
তলত তিনিওটা প্ৰকাৰৰ বসতিৰ বিষয়ে চমু আলোচনা কৰা হ'ল-
(খ) বর্গক্ষেত্রিক বসতি: সমভূমি অঞ্চলত সাধাৰণতে প্ৰতিটো ৰাস্তাৰ কাষে কাষে মানুহে ঘৰ সাজি বসবাস কৰিবলৈ লোৱা দেখা যায়। এনেকুৱা অৱস্থাত বসতি সংগঠনৰ প্ৰতিৰূপ সাধাৰণতে বৰ্গক্ষেত্ৰসদৃশ বা ত্রিভুজসদৃশ হোৱা দেখা যায়। এনেকুৱা ঘন বসতিকে বর্গক্ষেত্রিক অথবা ত্রিভুজাকৃতিৰ বসতি বুলি কোৱা হয়। দক্ষিণ-পূব এছিয়াৰ ঘন জনবসতিপূর্ণ দেশবোৰত এই ধৰণৰ বসতি প্রায়েই দেখিবলৈ পোৱা যায়।
(গ) তৰাৰূপী বসতি: গ্রাম্য পৰিৱেশত তৰাৰূপী বসতিৰ পৰিমাণেই সবাতোকৈ অধিক বুলিব পাৰি। এইবিধ বসতি মুলতঃ গাঁৱৰ মাজেৰে যোৱা ৰাস্তাবোৰৰ সংগম স্থানত পৰা প্ৰতিটো ৰাস্তাৰ দাঁতিয়ে দাঁতিয়ে বসবাস কৰিবলৈ লোৱাৰ ফলত বসতিবোৰৰ প্ৰতিৰূপ চাৰিওফালে সমান আকাৰত বাঢ়ি গৈ তৰাসদৃশ হৈ পৰে। এই ধৰণৰ বসতিকে তৰাৰূপী বসতি বুলি আখ্যা দিয়া হৈছে।
উত্তৰঃ আমাজান আৰু কংগো যথাক্রমে দক্ষিণ আমেৰিকা আৰু আফ্রিকাত অৱস্থিত দুখন বিখ্যাত নদী। এই দুয়োখন নদী মহাদেশ দুখনৰ বিষুৱীয় অঞ্চলৰ মাজেৰে প্ৰবাহিত হৈছে। নিৰক্ষীয় অঞ্চলৰ অন্তৰ্গত হোৱা হেতুকে দুয়োখন নদী অৱবাহিকাৰ জলবায়ু চৰমভাবাপন্ন অৱস্থাৰ। এই অঞ্চলৰ জলবায়ু চিৰ গ্ৰীষ্মপ্রধান নিৰক্ষীয় জলবায়ুৰ অন্তৰ্গত। সেয়েহে এই অঞ্চলৰ জলবায়ুৰ মুখ্য বৈশিষ্ট্য হ'ল অত্যধিক গৰম আৰু অত্যধিক বৃষ্টিযুক্ত। ফলস্বৰূপে দুয়োখন নদীৰ অৱবাহিকা অঞ্চল চিৰসেউজীয়া শ্ৰেণীৰ অটব্য অৰণ্যৰে আগুৰি ধৰিছে। এই অঞ্চলৰ অৰণ্যবোৰ ইমান ডাঠ যে এইবোৰৰ মাজত সূৰ্যৰ পোহৰ পৰিবকে নোৱাৰে। জলবায়ু বসবাসর অনুপযোগী হোৱাৰ উপৰিও শিল্প-প্রতিষ্ঠান আদিৰো উপযোগী নহয়। আনহাতে,
পৰিবহণ ব্যৱস্থা একেবাৰে অনুন্নত অৱস্থাতে আছে। গভীৰ অৰণ্যবোৰৰ মাজত বসবাস কৰে নানা প্রকাৰৰ হিংস্র জীৱ-জন্তু। মুঠতে জলবায়ুৰ পৰা আৰম্ভ কৰি মানুহৰ বসবাসৰ বাবে সকলোবিলাক অসুবিধাৰ কেন্দ্ৰস্থল হোৱা হেতুকে আমাজান আৰু কংগো অৱবাহিকাত জনবসতি একেবাৰে পাতল হৈ পৰিছে। এই কাৰণতে উল্লিখিত দুয়োখন নদী অৱবাহিকাতে চিকাৰ কৰি যাযাবৰী জীৱন যাপন কৰা লোকৰ বাহিৰে কোনো স্থায়ী বাসিন্দা নাই বুলিবই পাৰি। এই বাবেই কংগো আৰু আমাজান উপত্যকাত বিৰল বা একেবাৰে পাতল বসতিয়ে প্রাধান্যতা লাভ কৰা দেখা যায়।
উত্তৰঃ প্ৰকাৰ্য অনুসৰি নগৰৰ শ্রেণীবিভাজন (Functional
Classification of Town): নগৰ-চহৰৰ উৎপত্তি যি ধৰণেৰে নহওক কিয় প্ৰতিখন নগৰবে একোটা একোটা মুখ্য কর্মস্থিতি থাকে। নগৰ এখনৰ পূৰ্ণাংগ বিকাশত ইয়াৰ কর্মস্থিতিয়ে অত্যধিক প্রভাৱ পেলায়। নগৰ-চহৰৰ কৰ্মস্থিতিৰ ভিত্তিত ইয়াৰ শ্রেণীবিভাজনো কৰা হৈছে। প্রকাৰ্য অনুসৰি নগৰৰ শ্ৰেণীবিভাজন তলতউল্লেখ কৰা হ'ল—
(ক) প্রশাসনিক নগৰ (Administrative
town): কোনো দেশৰ ৰাষ্ট্ৰীয় ৰাজধানী, ৰাজ্যিক ৰাজধানী, জিলা সদৰ, মহকুমা সদৰ আৰু অন্যান্য প্রশাসনীয় কেন্দ্ৰবোৰক ভিত্তি কৰি যিবোৰ নগৰ গঢ় লৈ উঠে, সেইবোৰ নগৰ, চহৰকে প্ৰশাসনীয় নগৰ বুলি জনা যায়। উদাহৰণ স্বৰূপে নতুন দিল্লী, মস্কো, লণ্ডন, গুৱাহাটী, নলবাৰী আদি একো একোখন প্রশাসনিক নগৰ।
(খ) প্ৰতিৰক্ষাজনিত নগৰ (Defence
town): দেশৰ প্ৰতিৰক্ষাৰ উদ্দেশ্যে কিছুমান ঠাইৰ অধিক পৰিমাণে সৈন্য-সামন্ত ৰাখিবলৈ লোৱাৰ ফলত এইবোৰত কেন্দ্ৰ কৰি একো একোখন নগৰ-চহৰ গঢ় লৈ উঠিছিল। বর্তমানেও দেশৰ সেনাবাহিনী, নৌ বাহিনী, বিমান বাহিনীবোৰক ভিন্ন ভিন্ন স্থানত একত্ৰিত কৰি ৰখা দেখা যায় আৰু এইবোৰৰ লগে লগে সেই ঠাইবোৰ একোখন নগৰলৈ পৰিৱৰ্তন হয়। এনেকুৱা নগৰবোৰৰ ভিতৰত হাইদৰাবাদ, আলিগড়, যোধপুৰ, প'টছমাউথ, বার্লিন আদিৰ নাম উল্লেখযোগ্য।
(গ) সাংস্কৃতিক নগৰ (Cultural
towns): নানা প্রকাৰৰ কলা-সাংস্কৃতিক কাম- কাজ ভালেমান নগৰৰ মুখ্য-কর্ম-সংস্কৃতি হিচাপে পৰিগণিত হোৱা দেখা যায়। শিক্ষা-দীক্ষা, ধৰ্মপ্ৰচাৰ, কৃষ্টি-কলাৰ চৰ্চা কেন্দ্ৰ আদিক কেন্দ্ৰ কৰি গঢ়ি উঠা নগৰবোৰকে সাংস্কৃতিক নগৰ নামে জনা যায়। উদাহৰণ স্বৰূপে জেৰুজালেম, মক্কা, বাৰাণসী, পুৰী আদিৰ নানা উল্লেখযোগ্য।
ঘ ) ঔদ্যোগিক নগৰ (Industrial
towns) : নগৰ-চহৰৰ উৎপত্তিত উদ্যোগৰ প্ৰভাৱ লক্ষ্যণীয়। কিয়নো একো একোটা বৃহৎ উদ্যোগৰ লগত নানা প্রকাৰৰ সৰু-বৰ উদ্যোগৰ উপৰিও নানা প্রকাৰৰ কাৰ্য জড়িত হৈ থাকে। সেইবাবে বৃহৎ উদ্যোগবোৰৰ ভিত্তিত সেইবোৰ ঠাই সময়ত একো একোখন বৃহৎ নগৰত পৰিণত হয়। ঔগ্যোগিক প্রতিষ্ঠান আৰু এইবোৰৰ লগত জড়িত কাৰ্যৰ ভিত্তিত স্থাপন হোৱা নগৰবোৰেই হ'ল ঔদ্যোগিক নগৰ। জামছেদপুৰ, পিটছবার্গ, মানচেষ্টাৰ, বাংগালোৰ, তিনিচুকীয়া আদি একো একোখন ঔদ্যোগিক নগৰ।
(ঙ) বাণিজ্যিক নগৰ (Commercial
towns): বেপাৰ-বাণিজ্যৰ কেন্দ্ৰবোৰো সময়ত একো একোখন নগৰত পৰিণত হয়। এনেকুৱা স্থানলৈ বিভিন্ন প্ৰকাৰৰ কাৰ্য সমাধানৰ বাবে মানুহৰ যথেষ্ট সমাগম হয়। ফলত সেই কেন্দ্ৰবোৰ একো একোখন নগৰত পৰিণত হয়। বেপাৰ-বাণিজ্যক কেন্দ্ৰ কৰি গঢ় লৈ উঠা নগৰবোৰকে বাণিজ্যিক নগৰ বোলে। উদাহৰণ স্বৰূপে ছিংগাপুৰ, হংকং, চিকাগো, বৰপেটাৰোড আদিৰ নাম উল্লেখযোগ্য।
(চ) সংগ্রহকার্ষিক নগৰঃ খনিজ পদার্থ সংগ্রহ, কাঠ সংগ্রহ, মাছ ধৰা কেন্দ্র আদিক লৈয়ো নগৰৰ জন্ম হয়। নানা প্ৰকাৰৰ খনিজ সম্পদৰ উৎসবোৰক কেন্দ্ৰ কৰি পৃথিৱীৰ বিভিন্ন ঠাইত ভালেমান নগৰৰ সৃষ্টি হৈছে। এনে নগৰবোৰক খনিজ পদাৰ্থৰ উদ্ধাৰ কাৰ্যৰ উপৰিও এইবোৰৰ আনুষংগিক নানা প্ৰকাৰৰ উদ্যোগ তথা বেপাৰ-বাণিজ্যও এনেকুৱা নগৰৰ উৎকৰ্ষত সহায় কৰে। বার্মিংহাম, লাংকাছায়াৰ, জোহান্সবার্গ আদিৰ লগতে ভাৰতবৰ্ষৰ ৰাণীগঞ্জ, ঝাৰিয়া, কোলাৰ, লিডু, চেৰাপুঞ্জী, দুলীয়াজান আদি এই শ্ৰেণীৰ নগৰী। তেনেদৰে মাছ ধৰা কাৰ্যক আশ্ৰয় কৰি পৃথিৱীৰ বিভিন্ন নগৰৰ জন্ম হয়।
(ছ) প্রমোদ নগৰঃ জনবহুল মহানগৰীবোৰৰ অতি ব্যস্ত জীৱনযাত্ৰাৰ মাজত আবদ্ধ থাকি অতিষ্ঠ হৈ মানুহে মাজে-সময়ে সাময়িক মনোৰঞ্জনৰ বাবে স্বাস্থ্যকৰ তথা প্রাকৃতিক সৌন্দৰ্যৰে ভৰা,
সমুদ্ৰৰ উপকূলীয় অঞ্চল আদিলৈ গৈ কিছুদিন বসবাস কৰে। এইদৰে বিভিন্ন অঞ্চলৰ পৰা মানুহৰ সমাগম হোৱাৰ সময়ত একো একোখন নগৰত পৰিণত হয়। এনেকুৱা নগৰবোৰকে প্রমোদ নগৰ বা নিৱাস-নগৰ বোলে। উদাহৰণ স্বৰূপে হলিউদ,
লছ এঞ্জেলছ,
নাইনিতাল,
মিচৌৰী,
পুৰী,
শ্বিলং,
মনালী,
শ্রীনগৰ আদি এনেকুৱা একো একোখন প্রমোদ নগৰীহে।
(জ) আবাসিক নগৰ : এই শ্ৰেণীৰ নগৰবোৰ মূলতঃ বৃহৎ বৃহৎ নগৰ- মহানগৰবোৰৰ সীমাৰ বাহিৰত, গ্রাম্য অঞ্চলৰ ওপৰত গঢ়ি তোলা হয়। নগৰৰ চহকী তথা বিশিষ্ট নাগৰিকসকলে নগৰৰ হাই-উৰুমি, ঘন জনসংখ্যা, শব্দ-প্রদূষণ, ধোঁৱা প্রদূষণ, যান-বাহন প্ৰদূষণ আদিৰ পৰা মুক্ত পোৱাৰ আশাৰে ওচৰ-চুবুৰীয়া গ্রামাঞ্চলত বসবাসৰ বাবে বাসস্থান সাজি থাকিবলৈ লয়। এনেকুৱা কাৰ্যৰ ফলত নগৰত কাম কৰা লোকসকলে বসবাসৰ বাবে সাজি উলিওৱা বাসস্থানবোৰেই এদিনাখন সৰু সৰু নগৰত পৰিণত হয়।
উত্তৰ: গ্রাম্য বসতিৰ বিভিন্ন আৰ্হিসমূহ (Pattern
of Rural Settlement): গ্রাম্য পৰিৱেশত গঢ় লৈ উঠা জনবসতিবোৰৰ আৰ্হি বা প্ৰতিৰূপ স্থান তথা পৰিৱেশ অনুসৰি ভিন ভিন হোৱা দেখা যায়। গ্রাম্য পৰিৱেশত দেখিবলৈ পোৱা বিভিন্ন আৰ্হিৰ বসতি সম্পর্কে চিত্রসহ তলত উল্লেখ কৰা হ'ল-
(১) ৰৈখিক বসতি (Linear Settlement): নদীৰ পাৰে পাৰে অথবা একোটা অকলশৰীয়া ৰাস্তাৰ দুয়োকাষে দীঘলীয়াকৈ শাৰী পাতি থকা বাসগৃহৰ গ্ৰাম্য বসতিক ৰৈখিক বসতি বোলে। ৰাস্তাৰ দুয়োকাষে প্রায় সমান সংখ্যক বাসগৃহ সেৰেঙাকৈ গঢ়ি উঠা গ্রাম্য বসতিক আকৌ জোতাৰ ফিতা আৰ্হিৰ বসতি (Shoestring
Settlement) বুলি কোৱা হয়।
(২) চক্রাকাৰ বসতি (Circular
Settlement): পৰ্বতৰ শৃংগ, মালভূমি আৰু কিছুমান জলাশয়ৰ কেউকাষে বাসগৃহ নিৰ্মাণ কৰাৰ ফলত বাসগৃহৰ শাৰীটোৱে একোটা উপবৃত্তৰ আৰ্হি লয়। এনে আৰ্হিৰ বসতিক চক্রাকাৰ বসতি বোলে।
(৩) বর্গাকৃতিক বসতি (Square
Settlement): বর্গাকৃতিক পুখুৰী প্রভৃতি অৱয়বৰ চাৰিওকাষে অথবা চাৰিআলি প্রভৃতিক কেন্দ্ৰ কৰি বর্গাকৃতিক গ্রাম্যবসতি গঢ়ি উঠে।
(৪) কেন্দ্রীভূত বসতি (Nucleated
Settlement): গ্রামাঞ্চলত বসবাসৰ উপযুক্ত মাটি সীমিত হ'লে সমুদায় গাঁওবাসী পৰস্পৰ লগালগি অৱস্থানত ঘৰ সাজি বসবাস কৰে। ইয়াক কেন্দ্ৰীভূত বসতি বোলে। বানপীড়িত অঞ্চলৰ ওখ অৱস্থান আৰু পার্বত্য ভূমিত ক্ষুদ্র উপত্যকাবোৰত এনে ধৰণৰ বসতি দেখা যায়।
(৫) তাৰাকৃতিক বসতি (Starshaped
Settlement): একোখন পুৰণি গাঁৱক কেন্দ্ৰ কৰি কেইবাটাও দিশত ৰৈখিকভাৱে নতুনকৈ বসতি সম্প্ৰসাৰণ ঘটি তাৰকাকৃতিক বসতি গঠন কৰে। সচৰাচৰ চাৰিআলি অথবা নদীৰ ওপৰত নির্মিত দলংসমূহ এনে বসতিৰ কেন্দ্ৰ হোৱা দেখা যায়।
(৬) বিৰল বসতি (Dispersed Settlement): ভূমিৰ উৎপাদিকা শক্তি নিম্নমানৰ হোৱা অৱস্থাত একোখন গাঁৱত ওচৰা-উচৰিকৈ বহুসংখ্যক মানুহ বসবাস কৰি আৰ্থিক সচ্ছলতা বজাই ৰাখিব নোৱাৰে। এনে পৰিৱেশত দুই-তিনিঘৰ মানুহৰ একোটা ক্ষুদ্র বসতি গোট বহুত দূৰে দূৰে গঢ় লৈ সৃষ্টি কৰা বসতিক বিৰল বসতি বোলে। ঘাইকৈ মৰুভূমি, তৃণমূল আৰু তুন্দ্ৰা অঞ্চলৰ পৰিৱেশত বিৰল বসতি দেখা যায়।