Chapter 1

মানৱ ভূগোলৰ সংজ্ঞা, অৰ্থ, প্ৰকৃতি, পৰিসৰ মুখ্য উপশাখা আৰু সমসাময়িক প্ৰাসমগিকতা

 

তলৰ প্ৰশ্নবোৰৰ উত্তৰ দিয়া

) মানৱ ভূগোলৰ সংজ্ঞা সম্পর্কে চমুটোকা লিখা

উত্তৰঃ ফেড্রিক ৰাটজেল আৰু ভাইডেল ডা-লা-ব্লাছি ' দুগৰাকী পৃথিৱীখ্যাত মানৱ ভূগোলবিদ এই দুয়োগৰাকী পণ্ডিতে মানৱ ভূগোলৰ সংজ্ঞা এনেদৰে দিবলৈ প্ৰয়াস কৰিছিল।

ৰাটজেলৰ সংজ্ঞা: মানৱ ভূগোলৰ সংজ্ঞা দিবলৈ গৈ জার্মান দার্শনিক ফেড্রিক ৰাটজেলে কৈছিল যে মানৱ সমাজ আৰু ভূ-পৃষ্ঠৰ বিভিন্ন পৰিৱেশৰ মাজত গঢ়ি উঠা পাৰস্পৰিক সম্পৰ্কৰ সংশ্লেষণাত্মক অধ্যয়ন পৰিক্ৰমাই মানৱ ভূগোল

    লা-ব্লাছিৰ সংজ্ঞা: আনহাতে ফৰাচী ভূগোলবিদ ভাইডেল-দা-লা- ব্লাছিয়ে মানৱ ভূগোলৰ সংক্ষা আগবঢ়াইছে যে মানুহ আৰু প্ৰাকৃতিক পৰিৱেশৰ মাজৰ সম্পর্ক তথা আন্তক্ৰিয়াৰ ধৰণ-কৰণ সম্পৰ্কীয় ভৌগোলিক অধ্যয়ন পৰিক্ৰমাটোক মানব ভূগোল বুলি আখ্যা দিছে বিভিন্ন সময়ত বিভিন্ন পণ্ডিতে মানৱ ভূগোলৰ বিষয়বস্তুৰ ওপৰত বিভিন্ন ধৰণৰ ব্যাখ্যা আগবঢ়াই আহিছে যদিও এই ক্ষেত্রত ফেট্রিক ৰাটজেলৰ অবদান অন্যতম সেইবাবেই ৰাটজেলক মানৱ ভূগোলর জনক হিচাপে অভিহিত কৰি আহিছে গতিকে ফেড্রিক ৰাটজেল ' মানৱ ভূগোলৰ পিতৃস্বৰূপ

মানৱ ভূগোলৰ ক্ৰমবিকাশ সম্পর্কে লিখা

উত্তৰ: মানৱ ভূগোলৰ ক্ৰমবিকাশ: সময়ৰ অগ্রগতিৰ লগে লগে ভূগোলবিজ্ঞানৰ অন্যান্য শাখাবোৰ লগতে মানৱ ভূগোলৰো অধ্যয়ন তথা চিন্তা-চৰ্চাৰ যথেষ্ট পৰিৱৰ্তন ঘটিছে মানৱ ভূগোলৰ পৰিসৰ যিদৰে অতি ব্যাপক তেনেদৰে ইয়াৰ ক্ৰমবিকাশৰ ধাৰাও অতিকৈ দীঘলীয়া আৰু ভিন্ন প্ৰকৃতিৰ প্রকৃতাৰ্থত মানৱ ভূগোলৰ আৰম্ভণি হয় তেতিয়াৰ পৰা যেতিয়াৰ পৰা মানুহে প্ৰকৃতিৰ ওপৰত নানা প্রকাৰৰ আৰ্থ-সামাজিক কার্য সংঘটিত কৰিবলৈ লয় অৱশ্যে বিজ্ঞান আৰু প্রযুক্তি বিদ্যাৰ উন্নতিয়ে মানৱ ভূগোলৰ গতিধাৰাৰ উন্নতি আৰু বিকাশত যথেষ্ট অৰিহণা যোগাইছে সেয়ে সময়ৰ পৰিৱৰ্তনত নতুন নতুন ক্রিয়া-কৌশল উদ্ভাৱন হোৱাৰ ফলত মানৱ ভূগোলৰ চিন্তাধাৰাও পৰিৱৰ্তিত হৈ আহিছে এনে গুণবিশিষ্ট হোৱা হেতুকে মানৱ ভূগোলক এক গতিশীল বিষয় বুলিও কোৱা হয়

সামাজিক ভূগোল সম্পর্কে লিখা

উত্তৰঃ সামাজিক ভূগোল (Social geography): অধ্যয়নৰ বিষয়বস্তুৰ ওপৰত ভিত্তি কৰি মানৱ ভূগোলক মূলতঃ তিনিটা শাখাত বিভক্ত কৰা হৈছে এই শাখা তিনিটাৰ এটা ' সামাজিক ভূগোল সামাজিক ভূগোল মানৱ ভূগোলৰ এক গুৰুত্বপূৰ্ণ শাখা মানৱ ভূগোলৰ এই গুৰুত্বপূৰ্ণ শাখাটোত মূলতঃ মানুহৰ জীৱনৰ ওপৰত গুৰুত্ব প্রদান কৰা হৈছে বিশেষকৈ ধৰাৰ বুকুৰ ভিন্ন ভিন্ন প্রাকৃতিক পৰিবেশত মানুহে কি ভাবে সম্বন্ধ স্থাপন কৰিবলৈ লৈছে, একো একোটা পৰিবেশত বসবাস কৰা লোক সংখ্যাৰ বিতৰণ, ঘনত্ব, লোক বসতিৰ বিস্তাৰ, আৰ্হি, গৃহ নিৰ্মাণৰ আৰ্হি, সাংস্কৃতিক জীৱন, মানুহৰ আচৰণ বিধি আদিৰ বিষয়ে বিশদভাৱে আলোচনা কৰা হয় ইয়াৰ উপৰিও মানুহৰ নানা প্ৰকাৰৰ সামাজিক সমস্যাসমূহৰ বিষয়েও সামাজিক ভূগোলত প্রত্যক্ষভাৱে আলোচনা কৰা হয় বিষয়বস্তুৰ তৰফৰ পৰা চাবলৈ 'লে সামাজিক ভূগোলত মানৱৰ ওপৰত সৰ্বাধিক প্রাধান্যতা দিয়া হয় বিষয়বস্তুৰ ভিন্নতাৰ বাবে সামাজিক ভূগোলক আকৌ জনসংখ্যা ভূগোল, জনবসতি ভূগোল, পৌৰ ভূগোল, আচৰণ ভূগোল, কল্যাণ ভূগোল, সাংস্কৃতিক ভূগোল, ঐতিহাসিক ভূগোল আদি উপ-শাখাত বিভক্ত কৰা হৈছে

ব্যাখ্যা কৰা

মানৱ ভূগোলৰ বিকাশত দার্শনিক ভাইডেল ডা-লা-ব্লাছিৰ অবদান ব্যাখ্যা কৰা

উত্তৰঃ মানৰ ভূগোলৰ বিকাশত দার্শনিক ভাইডেল ডা-লা-ব্লাছিৰ অৱদান: Vidal de la Blache এগৰাকী ফ্ৰান্সৰ নাগৰিক আছিল ১৮৪৫ চনত দক্ষিণ ফ্রান্সত তেখেতৰ জন্ম হৈছিল ১৮৬৫ চনত পেৰিচৰ পৰা তেখেতে ভূগোল আৰু বুৰঞ্জী বিষয়সহ স্নাতক ডিগ্রী লাভ কৰিছিল প্ৰথম অৱস্থাত Vidal de la Blache পুৰাতত্ত্ব বিভাগত বিশেষ পাৰদৰ্শিতা লাভ কৰিছিল যদিও University of Nancy ১৮৭২ৰ পৰা ১৮৭৭ চনলৈ ভূগোলৰ বিশেষ শিক্ষা লাভ কৰাৰ পাছৰে পৰা তেখেতে ভুগোলৰ বিষয়ে বিশেষভাৱে আকৃষ্ট হৈছিল উল্লেখযোগ্য যে Vidal de la Blache- Franch School of Geography প্ৰতিষ্ঠা কৰিছিল Ecole University ভূগোল বিভাগত তেখেতে অধ্যাপক হিচাপে কাম আৰম্ভ কৰিছিল কিন্তু ১৮৯৬ চনৰ পৰা তেখেতৰ মৃত্যুলৈকে (১৯১৮) Vidal de la Blache- Sorbonne University ভূগোলৰ অধ্যাপক হিচাপে কার্যনির্বাহ কৰিছিল ১৮৯১ চনত Franch School of Geography জৰিয়তে তেখেতে 'Annales de geography' নামৰ এখনি পুস্তিকা প্রকাশ কৰিছিল তাৰ পাছত ১৮৯৪ চনত 'Atlas Generale Viddal- Lablach' প্ৰথম সংখ্যা প্রকাশ কৰিবলৈ সক্ষম হয়

Sorbonne University ভূগোলৰ অধ্যাপক হিচাপে অংশগ্রহণ কৰাৰ পাছত তেখেতে সর্বপ্রথমে ছাত্র-ছাত্রীলৈ যিটো ভাষণ আগবঢ়াইছিল সেই ভাষণত তেখেতে মানুহ আৰু তাৰ চৌপাশে থকা নানা প্রকাৰৰ 'পাৰিপার্শ্বিক অৱস্থাৰ মাজৰ সম্বন্ধৰ বিষয়ে একুেৱা তাত্ত্বিক বিশ্লেষণ আগবঢ়াইছিল যে তেখেতেৰ ভাষণে ছাত্র-ছাত্ৰীৰ মনত বিশেষ ধৰণে প্রতিক্রিয়া ঘটাবলৈ সক্ষম হৈছিল এই ভাষণত তেখেতে ফ্রান্সৰ একো একোখন সৰু সৰু ঠাইৰ উদাহৰণেৰে তেখেতৰ বক্তব্য অতিকৈ সুমধুৰ আৰু বাস্তৱমুখী কৰি তুলিবলৈ সক্ষম হৈছিল তেখেতৰ সমগ্ৰ জীৱনতে মানুহ আৰু প্রাকৃতিক পৰিৱেশৰ মাজত কি ধৰণে সম্বন্ধ স্থাপন কৰিবলৈ লৈছিল এই কথা বিভিন্ন লেখনিৰ মাধ্যমেৰে প্ৰকাশ কৰি মানৱ ভূগোলক অতিকৈ জনপ্ৰিয় কৰিবলৈ যত্ন কৰিছিল

মানৱ ভূগোলত গতানুগতিকভাৱে চলি অহা পাৰিৱেশিক নিয়ন্ত্রণবাদ (Environmental determinism) বিপক্ষেহে Vidal de la Blache- সদায়ে যুক্তি প্রদর্শন কৰি আহিছিল বিশেষকৈ তেখেতেৰ আগব ৰাটজেলৰ প্ৰতিটো লিখনিয়ে তেখেতক এই ক্ষেত্রত বিশেষ আকর্ষিত কৰিছিল ৰাটজেলৰ লিখনিৰ পৰা অনুপ্রাণিত হৈ Vidal de la Blache- পাৰিৱেশিক নিয়ন্ত্রণবাদৰ বিৰুদ্ধে পাৰিৱেশিক সম্ভাৱনাবাদৰ (Environmental possibilism) জন্ম দিবলৈ সক্ষম হৈছিল পৰিৱেশ সম্ভাবনাবাদত Vidal de la Blache আৰু তেখেতৰ অনুগামীসকলে বিশ্বাস কৰিছিল যে মানুহে নিজৰ জ্ঞান-বুদ্ধিৰ দ্বাৰা প্ৰকৃতিৰ সকলো প্ৰকাৰৰ বাধা-নিষেধ অতিক্রম কৰি আৰু নিজকে পৰিৱেশৰ প্রভাৱৰ পৰা  মুক্ত কৰি আৰ্থ-সামাজিক অৱস্থা গঢ় দিব পৰা সম্ভাৱনা আছে

মানৱ ভূগোলৰ বিকাশৰ ক্ষেত্ৰত এইগৰাকী মহান ভূগোলবিদে কৰা সর্বোৎকৃষ্ট কাম ' তেখেতে লিখা 'Human Geography' নামৰ কিতাপখন তেখেতৰ জীৱিত কালত প্ৰকাশ হৈ নুঠিলেও ১৯১৮ চনত আকস্মিকভাবে মৃত্যু হোৱাৰ পাছত তেখেতৰ অনুগামীয়ে ১৯২১ চনত মানৱ ভূগোলৰ এই মহান গ্রন্থখনি প্রকাশ কৰি তেখেতৰ সকলো প্ৰকাৰৰ চিন্তা-চৰ্চাৰ কথা মানুহৰ আগত দাঙি ধৰিছিল এই গ্রন্থত Vidal de la Blache- মানৱ ভূগোলৰ অৰ্থ, লক্ষ্য আৰু উদ্দেশ্য ব্যাখ্যা কৰাৰ উপৰিও মানুহ যে পৰিৱেশৰ সবাতোকৈ উল্লেখযোগ্য উপাদান এই কথা স্পষ্টভাবে লিখি থৈ গৈছে মানৱ ভূগোলৰ ক্ষেত্ৰত দি যোৱা এইবোৰ চিন্তা-চর্চাই এই মহান পণ্ডিতগৰাকীক চিৰকাল অমৰ কৰি ৰাখিব

আলোচনা কৰা

  মানৱ ভূগোলৰ পৰিসৰ সম্পৰ্কে আলোচনা কৰা

উত্তৰ: মানৱ ভূগোলৰ পৰিসৰ (Scope of Human Geography): মানৱ ভূগোল ভূগোলবিজ্ঞানৰ এক অন্যতম শাখা ধৰাৰ বুকুত বসবাস কৰা বিভিন্ন প্ৰকাৰৰ লোকসকলৰ জীৱন নিৰ্বাহত নানা প্রকাৰৰ সমস্যাই ভুমুকি মাৰি আহিছে এই সমস্যাসমূহ প্রধানকৈ মানুহ আৰু প্ৰাকৃতিক পৰিৱেশৰ মাজত হোৱা সমন্বয়ৰ যোগেৰেহে সমাধান হয় মানুহ আৰু প্রাকৃতিক পৰিৱেশৰ মাজত স্থাপন হোৱা সম্বন্ধবোৰৰ বিষয়ে অধ্যয়ন কৰাটোৱে প্রকৃতপক্ষে মানৱ ভূগোলৰ মুখ্য আলোচ্য বিষয় ভূপৃষ্ঠক সম্পূৰ্ণকৈ আগুৰি থকা বায়বীয় পদাৰ্থৰ আৱৰণটোকে আমি সাধাৰণতে বায়ুমণ্ডল বা atmoophere বুলি জানি আহিছোঁ পৃথিৱীৰ উপৰিভাগক প্রত্যক্ষভাৱে আগুৰি থকা বায়ুমণ্ডলৰ একেবাৰে নিম্নস্তৰ বা ট্ৰপ'মণ্ডল আৰু পৃথিৱীৰ উপৰিভাগৰ সংযোগস্থলকে সাধাৰণতে মানৱ ভূগোলৰ পৰিসৰ বা গণ্ডী বুলি ধৰা হয় কিয়নো এই সংযোগস্থলতে মানৱ জীৱনৰ সকলো প্ৰকাৰৰ আৰ্থ-সামাজিক কার্যাবলী সংঘটিত হয় মানব জীবনব বাবে অতিকৈ প্রয়োজনীয় সূৰ্যৰ ৰশ্মি আৰু তাপ এই মণ্ডল দুটাৰ সংযোগস্থলতে সর্বাধিক পৰিমাণে অনুভৱ হয় আনহাতে, এই সংযোগস্থলীতে পৃথিৱীৰ উপৰিভাগৰ সঘনে পৰিবৰ্তন অনা বায়ুমণ্ডলৰ তাপৰ পাৰ্থক্য, বতাহ, বৰষুণ, নদ-নদী, হিমবাহ, সাগৰৰ ঢৌৰ লেখীয়া ভূ-প্রাকৃতিক কাৰকবোৰৰ প্ৰত্যক্ষ প্ৰভাৱো পৰিলক্ষিত হয় এই অঞ্চলেই মানুহকে আদি কৰি সকলো প্ৰকাৰৰ প্ৰাণী আৰু উদ্ভিদৰ আৱাসভূমি আৰু কার্যস্থান হিচাপে বিবেচিত হৈছে এই সংযোগস্থলীতে আমি দেখিবলৈ পাইছোঁ নানা প্রকাৰৰ ভূ-প্রাকৃতিক বৈষম্য আৰু এই ভূ-প্রাকৃতিক বৈষম্যৰ ফলশ্রুতিতে সৃষ্টি 'বলৈ পাইছে নানা প্রকাৰৰ আৰ্থ-সামাজিক বৈষম্য উদাহৰণ স্বৰূপে পৃথিৱীৰ উপৰিভাগৰ কোনো অঞ্চল অতিকৈ উৰ্বৰা পলসুৱা মাটিৰে গঠিত সমভূমিময় আৰু আন কোনো অঞ্চল অতিকৈ দুর্গম, ওখোৰা-মোখোৰা আৰু শিলাময় কোনো অঞ্চল আকৌ উষ্ণ মৰুময় আৰু আন কোনো অঞ্চল বছৰৰ সকলো সময়তে বৰফাবৃত তুষাৰ ভূমিৰে পৰিপূৰ্ণ সেইদৰে ধৰাপৃষ্ঠত এনেকুৱা অঞ্চলো আছে যিবোৰ অতব্য অৰণ্যৰে আগুৱা অথচ কোনো কোনো অঞ্চলত দেখিবলৈ এজোপা বৃক্ষও নাই

ভূ-প্রাকৃতিক বৈসাদৃশ্যৰ নিচিনাকৈ আৰ্থ-সামাজিক ক্ষেত্ৰতো ধৰাপৃষ্ঠত এনেকুৱা বৈসাদৃশ্য পৰিলক্ষিত হৈছে কিয়নো ধৰাৰ বুকুত এনেকুৱা বহুত অঞ্চল আছে যিবোৰত মানুহৰ বসতি ঘনত্ব ইমানেই বেছি যে প্রতি বর্গ কিলোমিটাৰত ১০০০ জনৰো অধিক লোক বাস কৰে আৰু আন কেতবোৰত প্রতি বর্গ কিলোমিটাৰত মাত্র / জন মানুহে বাস কৰে তেনেদৰে কোনো কোনো অঞ্চলৰ মানুহ কৃষিজীৱী আৰু কোনো কোনো অঞ্চলৰ মানুহ পশুপালক, মাছমৰীয়া, শিল্পজীৱী আৰু অঘৰী বৃত্তিধাৰীও হোৱা দেখা যায় উল্লেখযোগ্য যে এই সকলোবিলাক বৈসাদৃশ্যৰ মূল কাৰণ ' পৃথিৱীৰ উপৰিভাগৰ প্ৰাকৃতিক পৰিৱেশ আৰু তাত বসবাস কৰা মানৱ সমাজ গতিকে পৃথিৱীৰ উপৰিভাগ আৰু বায়ুমণ্ডলৰ নিম্নস্তৰৰ সংযোগস্থলতে আমি ভিন ভিন প্রাকৃতিক পৰিৱেশ সৃষ্টি হোৱা দেখিবলৈ পাওঁ আৰু এই প্রাকৃতিক পৰিৱেশত মানুহে ভিন ভিন ধৰণে নিজকে খাপ খুৱাই বসবাস কৰিবলৈও অহৰহ যত্ন কৰি আহিছে কিয়নো প্রাকৃতিক পৰিৱেশক সম্পূর্ণ উলাই কৰি মানুহ জীয়াই থাকিব নোৱাৰে অৱশ্যে মানুহে নিজৰ উচ্চ জ্ঞান-বুদ্ধিৰ বিবেচনাৰে যিদৰে প্ৰাকৃতিক পৰিৱেশৰ লগত সম্বন্ধ স্থাপন কৰিছে তেনেদৰে কোনো কোনো ক্ষেত্রত প্রতিকূল প্রাকৃতিক পৰিৱেশক নিজৰ আয়ত্তলৈকেও আনিবলৈ সক্ষম হৈছে সেইবাবে বায়ুমণ্ডল আৰু পৃথিৱীৰ উপৰিভাগৰ সংযোগস্থলত মানুহ আৰু প্ৰাকৃতিক পৰিৱেশৰ মাজৰ সকলোবিলাক সম্বন্ধ মানৱ ভূগোলৰ পৰিসৰৰ অন্তর্গত বুলি কোৱা হৈছে

মানৱ ভূগোল অধ্যয়নত উদ্ভৱ হোৱা মতাদর্শবোৰ কি কি? সম্ভাব্যবাদ আৰু নব্য নিৰ্ণয়বাদৰ মাজৰ পাৰ্থক্য আলোচনা কৰা

উত্তৰ: মানৰ ভূগোলৰ মতাদর্শ: মানৱ ভূগোলৰ ক্ৰমবিকাশত ১৯৭০ৰ পৰা ১৯৯০ দহকৰ সময়ছোৱাত এহাতে যিদৰে পৰিসাংখ্যিক কৌশল প্রয়োগৰ পয়োভৰ সংকোচন ঘটিবলৈ লৈছিল আনহাতে সামাজিক তথা ৰাজনৈতিক বাস্তৱতাপুষ্ট প্রাসংগিক চিন্তা-চৰ্চাৰ আধাৰত মানৰ ভূগোলত তিনিটা পৃথক পৃথক চিন্তাধাৰাৰ উদ্ভৱ 'বলৈ পাইছিল মানৱ ভূগোলৰ ক্রমবিকাশত উদ্ভৱ হোৱা এই মতাদর্শ তিনিটা ' -

() পাৰিবেশিক নির্ণয়বাদ (Environmental Determinism)

() সম্ভাব্যবাদ (Possibilism)

() নব্য নির্ণয়বাদ (Neo-determinism)

সম্ভাব্যবাদ (Possibilism): সময়ৰ পৰিৱৰ্তনৰ লগে লগে ভূগোলবিজ্ঞান অধ্যয়নৰ ধ্যান-ধাৰণাও ক্রমশঃ সলনি হৈ আহিছে দ্বিতীয় বিশ্বযুদ্ধৰ পৰৱৰ্তী কালত বিজ্ঞান আৰু প্রযুক্তি বিদ্যাৰ উন্নতিয়ে মানুহক বহু দূৰলৈ আগুৱাই নিবলৈ সক্ষম হৈছিল ইয়াৰ পৰিপ্ৰেক্ষিততে মানুহে প্রাকৃতিক পৰিৱেশৰ আৱেষ্টনীৰ পৰা নিজকে মুক্ত কৰিবলৈও সক্ষম হৈছিল কিয়নো বিজ্ঞানৰ সহায়ত মানুহে আজি প্রতিকূল প্রাকৃতিক পৰিৱেশক অনুকুল অৱস্থালৈ ৰূপান্তৰ কৰিবলৈ সক্ষম হৈছে প্রাকৃতিক পৰিৱেশক আৱশ্যক অনুসৰি সাল-সলনি কৰি লোৱাৰ সম্ভাৱনাত বিশ্বাসী মানৱ ভূগোল অধ্যয়নত উদ্ভৱ হোৱা এই ধাৰণাটোকে সম্ভাব্যবাদ বুলি জনা যায় এই ধাৰণা মতে মানুহৰ সমুখত অসম্ভৱ বুলি একো নাই

নব্য নির্ণয়বাদ (Neo-determinism): ভূগোলবিজ্ঞানৰ ক্ৰমবিকাশত উগ্র নির্ণয়বাদ আৰু সম্ভাব্যবাদৰ মাজত এক নতুন চিন্তাধাৰাৰ উদ্ভৱ হৈছিল কুৰি শতিকাৰ আৰম্ভণিতে এই নতুন চিন্তাধাৰাকে পণ্ডিতসকলে নব্য নিৰ্ণয়বাদ নামেৰে নামকৰণ কৰিছে বিশেষকৈ ১৯২০ চনত 'Griffith Taylor'ৰে এই নতুন চিন্তাধাৰাৰ বিষয়ে পোষকতা কৰিছিল নব্য নিৰ্ণয়বাদৰ মূল কথা এই যে মানুহৰ দৈনন্দিন কাম-কাজত প্রাকৃতিক পৰিৱেশৰ প্রভাৱ সর্বজনবিদিত প্রকৃতিৰ এই প্ৰভাৱৰ পৰা মানুহ কোনো কাহানিও সম্পূর্ণরূপে মুক্ত ' নোৱাৰে কিন্তু মানুহে নিজৰ কৰ্মদক্ষতাৰ দ্বাৰা প্রতিকূল পৰিৱেশকো অনুকূল পৰিৱেশলৈ পৰিৱৰ্তন ঘটাবলৈ সক্ষম মানুহৰ এই বিশেষ গুণৰ বাবেই আজি একো একোটা অঞ্চলৰ চৰম অৱস্থাকো নিজৰ আয়ত্তলৈ আনি নিজৰ বাঞ্ছিত পৰিৱেশ নিজেই গঢ় দিবলৈ সক্ষম হৈছে