Chapter 5

চুবুৰীয়া অঞ্চলসমূহৰ সৈতে অসমৰ অৰ্থনীতি


অতি চমু প্রশ্নোত্তৰ


১। অসমৰ সৈতে চুবুৰীয়া ৰাজ্যসমূহৰ বাণিজ্যৰ এটা উদাহৰণ দিয়া।


উত্তৰঃ কৃষিজ সামগ্ৰী আৰু বনজ সম্পদৰ বাণিজ্য।


২। অসমৰ পথ সংযোগে পাৰস্পৰিক নিৰ্ভৰশীলতাত কেনেদৰে সহায় কৰে?


উত্তৰঃ যাতায়াত আৰু বাণিজ্য সহজ কৰে।


৩। সীমান্ত বাণিজ্য মানে কি?


উত্তৰ: সীমান্ত অঞ্চলৰ মাজত হোৱা বাণিজ্য।


৪। আন্তঃৰাজ্য সহযোগিতাৰ এটা লাভ উল্লেখ কৰা।


উত্তৰ: অর্থনৈতিক বিকাশ।


৫। 'এক্ট ইষ্ট নীতি'য়ে অসমৰ ভৱিষ্যৎ অর্থনীতিত কি সহায় কৰিব?


উত্তৰ: আন্তঃৰাষ্ট্ৰীয় বাণিজ্য বৃদ্ধি কৰিব।


৬। অসমৰ ৰে'ল সংযোগৰ অৰ্থনৈতিক গুৰুত্ব কি?


উত্তৰঃ সামগ্ৰী পৰিবহণ আৰু যাতায়াত বৃদ্ধি কৰে।


৭। গুৱাহাটী কিয় চুবুৰীয়া ৰাজ্যসমূহৰ অৰ্থনৈতিক কেন্দ্র?


উত্তৰঃ উন্নত বজাৰ আৰু পৰিবহণৰ সুবিধাৰ বাবে।


৮। চুবুৰীয়া ৰাজ্য বুলিলে কি বুজায়?


উত্তৰ: অসমৰ চাৰিওফালে থকা নিকটৱৰ্তী ৰাজ্যসমূহক বুজায়।


৯। পাৰস্পৰিক নিৰ্ভৰশীলতা মানে কি?


উত্তৰঃ এটাই আনটোৰ ওপৰত নিৰ্ভৰ কৰা অৱস্থা।


১০। আন্তঃৰাজ্য বাণিজ্য মানে কি?


উত্তৰঃ দুখন বা অধিক ৰাজ্যৰ মাজত হোৱা বাণিজ্য।


চমু প্রশ্নোত্তৰ


১। গুৱাহাটীৰ ভূমিকাৰ ওপৰত আলোকপাত কৰি চুবুৰীয়া অঞ্চলসমূহৰ সৈতে অসমৰ অৰ্থনৈতিক সম্পর্ক ব্যাখ্যা কৰা।


উত্তৰঃ গুৱাহাটী উত্তৰ পূৰ্বাঞ্চলৰ এক গুৰুত্বপূৰ্ণ নগৰ আৰু অসমৰ অৰ্থনৈতিক ৰাজধানী। হিচাপে পৰিচিত। চবৰীয়া অঞ্চলসমূহৰ সৈতে অসমৰ অৰ্থনৈতিক সম্পর্ক গঢ়ি তোলাত গুৱাহাটীয়ে মুখ্য ভূমিকা পালন কৰে। ইয়াৰ ভৌগোলিক অৱস্থান, উন্নত যোগাযোগ ব্যৱস্থা আৰু বজাৰ সুবিধাই গুৱাহাটীক এই স্থান প্রদান কৰিছে।


চুবুৰীয়া ৰাজ্যসমূহৰ বহু লোক চিকিৎসা, উচ্চ শিক্ষা, ব্যৱসায় আৰু চাকৰিৰ বাবে গুৱাহাটীত নিৰ্ভৰশীল। ডাঙৰ চিকিৎসালয়, শিক্ষানুষ্ঠান, বাণিজ্যিক প্রতিষ্ঠান আৰু বিত্তীয় সংস্থাসমূহ গুৱাহাটীত অৱস্থিত। ইয়াৰ ফলত চুবুৰীয়া অঞ্চলসমূহৰ অৰ্থনৈতিক কার্যকলাপৰ সৈতে গুৱাহাটী ওতপ্রোতভাবে জড়িত।


বাণিজ্যিক ক্ষেত্ৰতো গুৱাহাটী এক মুখ্য বজাৰ। পাইকাৰী বাণিজ্য, আমদানি-বপ্তানি আৰু আন্তঃৰাজ্য বাণিজ্যৰ অধিকাংশ লেনদেন গুৱাহাটীৰ জৰিয়তে হয়। পথ, ৰে'ল আৰু বিমান সংযোগে গুৱাহাটীক উত্তৰ পূৰ্বাঞ্চলৰ অন্য ৰাজ্যসমূহৰ সৈতে সংযোগ কৰি ৰাখিছে।


সংক্ষেপত ক'ব পাৰি যে গুৱাহাটী অসমৰ আৰু চুবুৰীয়া অঞ্চলসমূহৰ অৰ্থনৈতিক সংযোগৰ মুখ্য কেন্দ্ৰ। ইয়াৰ বিকাশে সমগ্র অঞ্চলটোৰ অৰ্থনীতিত ইতিবাচক প্রভাৱ পেলাইছে।


২। অসমৰ অৰ্থনীতিত চুবুৰীয়া ৰাজ্যসমূহৰ সামাজিক আৰু অৰ্থনৈতিক প্রভাব আলোচনা কৰা।


উত্তৰ: চুবুৰীয়া ৰাজ্যসমূহে অসমৰ অৰ্থনীতিত সামাজিক আৰু অর্থনৈতিক দুয়ো দিশতে উল্লেখযোগ্য প্রভাৱ পেলায়। অসম আৰু ইয়াৰ কাষৰীয়া ৰাজ্যসমূহৰ মাজত দীর্ঘদিনীয়া সামাজিক আৰু সাংস্কৃতিক সম্পর্ক আছে। এই সম্পৰ্কৰ ফলত মানুহৰ চলাচল, ব্যৱসায় আৰু কৰ্মসংস্থানে বৃদ্ধি পাইছে।


অর্থনৈতিক দিশত চুবুৰীয়া ৰাজ্যসমূহৰ বহু লোক কামৰ সন্ধানত, ব্যৱসায় আৰু শিক্ষা-চিকিৎসাৰ উদ্দেশ্যে অসমলৈ আহে। ইয়াৰ ফলত সেৱা খণ্ড, পৰিবহণ আৰু খুচুৰা বাণিজ্যৰ বিকাশ হয়। আনহাতে, অসমেও চুবুৰীয়া ৰাজ্যসমূহৰ পৰা কৃষিজ সামগ্রী, বনজ সম্পদ আৰু কেঁচামাল লাভ কৰে, যিয়ে উৎপাদন আৰু বাণিজ্যত সহায় কৰে।


সামাজিক দিশত বিভিন্ন জনগোষ্ঠীৰ মাজত মিলন, সংস্কৃতি আৰু পৰম্পৰাৰ আদান-প্রদান ঘটে। এই সামাজিক সংহতিয়ে আঞ্চলিক সহযোগিতা বৃদ্ধি কৰে আৰু অৰ্থনৈতিক সম্পর্ক মজবুত কৰে। অৱশ্যে কিছুমান ক্ষেত্রত জনসংখ্যা চাপ আৰু প্রতিযোগিতাৰ সমস্যাও দেখা যায়। তথাপিও সামগ্রিকভাবে চুবুৰীয়া ৰাজ্যসমূহৰ সামাজিক আৰু অর্থনৈতিক প্রভাৱ অসমৰ বিকাশৰ বাবে ইতিবাচক।


৩। অসমৰ অৰ্থনীতিত 'এক্ট ইষ্ট নীতি'ৰ সম্ভাব্য লাভসমূহ আলোচনা কৰা।


উত্তৰঃ 'এক্ট ইষ্ট নীতি'য়ে অসমৰ অৰ্থনীতিত বহু সম্ভাব্য লাভ কঢ়িয়াই আনিব পাৰে। এই নীতিৰ মূল লক্ষ্য হৈছে ভাৰতৰ পূব দিশত থকা দেশসমূহৰ সৈতে অর্থনৈতিক আৰু বাণিজ্যিক সম্পর্ক শক্তিশালী কৰা। এই প্রক্রিয়াত অসম এক গুৰুত্বপূৰ্ণ অংশীদাৰ হ'ব পাৰে।


প্রথমতে, এই নীতিয়ে অসমৰ বাণিজ্যিক বজাৰ সম্প্ৰসাৰণ কৰিব পাৰে। দক্ষিণ-পূব এছিয়াৰ দেশসমূহৰ সৈতে সংযোগ স্থাপন হ'লে অসমৰ কৃষিজ সামগ্ৰী, চাহ, হস্তশিল্প আৰু ক্ষুদ্র উদ্যোগৰ সামগ্ৰী নতুন বজাৰ পাব। ইয়াৰ ফলত উৎপাদন আৰু আয় বৃদ্ধি হ'ব।


দ্বিতীয়তে, 'এক্ট ইষ্ট নীতি'য়ে অসমলৈ বিনিয়োগ আকর্ষণ কৰিব পাৰে। উন্নত আন্তঃগাঁথনি, ঔদ্যোগিক অঞ্চল আৰু বাণিজ্য কৰিডৰৰ জৰিয়তে দেশী-বিদেশী বিনিয়োগ বৃদ্ধি পাব পাৰে। ইয়াৰ ফলত কৰ্মসংস্থানৰ সুযোগ বৃদ্ধি হ'ব।


তৃতীয়তে, পর্যটন খণ্ডত এই নীতিয়ে ইতিবাচক প্রভাৱ পেলাব পাৰে। আন্তঃৰাষ্ট্ৰীয় সংযোগ উন্নত হ'লে বিদেশী পর্যটকৰ আগমন বৃদ্ধি পাব।


সংক্ষেপত ক'ব পাৰি যে 'এক্ট ইষ্ট নীতি' অসমৰ অর্থনীতিক অধিক গতিশীল আৰু বহুমুখী কৰি তুলিব পাৰে।


৪। চুবুৰীয়া অঞ্চলসমূহৰ সৈতে অসমৰ অৰ্থনৈতিক সম্পৰ্কৰ ভৱিষ্যৎ সম্ভাৱনা আলোচনা কৰা।


উত্তৰ: চুবুৰীয়া অঞ্চলসমূহৰ সৈতে অসমৰ অর্থনৈতিক সম্পৰ্কৰ ভৱিষ্যৎ সম্ভাৱনা যথেষ্ট উজ্জ্বল বুলি ক'ব পাৰি। উন্নত পৰিবহণ ব্যৱস্থা, আন্তঃৰাজ্য সহযোগিতা আৰু 'এক্ট ইষ্ট নীতি'ৰ জৰিয়তে এই সম্পর্ক অধিক শক্তিশালী হোৱাৰ সম্ভাৱনা আছে।


ভৱিষ্যতে আন্তঃৰাজ্য বাণিজ্য বৃদ্ধি পাব পাৰে। কৃষি, বনজ সম্পদ, ক্ষুদ্র উদ্যোগ আৰু সেৱা খণ্ডত নতুন সুযোগ সৃষ্টি হ'ব। গুৱাহাটীকে ধৰি আন নগৰসমূহ আঞ্চলিক অর্থনৈতিক কেন্দ্র হিচাপে গঢ় লৈ উঠিব পাৰে।


দক্ষিণ-পূব এছিয়াৰ দেশসমূহৰ সৈতে সংযোগ উন্নত হ'লে অসম আন্তঃৰাষ্ট্ৰীয় বাণিজ্যত অধিক সক্রিয় হ'ব পাৰে। ইয়াৰ ফলত বিনিয়োগ, কর্মসংস্থান আৰু আয় বৃদ্ধি পাব।


সংক্ষেপত ক'ব পাৰি যে সঠিক নীতি, পৰিকল্পনা আৰু আন্তঃৰাজ্য সহযোগিতাৰ জৰিয়তে চুবুৰীয়া অঞ্চলসমূহৰ সৈতে অসমৰ অৰ্থনৈতিক সম্পর্কে ভবিষ্যতে অসমৰ দীর্ঘম্যাদী বিকাশত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব।


৫। চুবুৰীয়া ৰাজ্যসমূহৰ সৈতে অসমৰ পাৰস্পৰিক নিৰ্ভৰশীলতা বুলিলে কি বুজায়? আলোচনা কৰা।


উত্তৰঃ চুবুৰীয়া ৰাজ্যসমূহৰ সৈতে অসমৰ পাৰস্পৰিক নিৰ্ভৰশীলতা বুলিলে অসমৰ আৰু ইয়াৰ কাষৰীয়া ৰাজ্যসমূহৰ মাজত থকা অর্থনৈতিক, সামাজিক আৰু যোগাযোগভিত্তিক নিৰ্ভৰতা বুজায়। অসম ভৌগোলিকভাৱে উত্তৰ পূৰ্বাঞ্চলৰ কেন্দ্ৰস্থলত অৱস্থিত হোৱাৰ বাবে চুবুৰীয়া ৰাজ্যসমূহৰ সৈতে ইয়াৰ সম্পৰ্ক অতি ঘনিষ্ঠ। এই ৰাজ্যসমূহৰ ভিতৰত অৰুণাচল প্রদেশ, নাগালেণ্ড, মেঘালয়, মিজোৰাম আৰু ত্ৰিপুৰা বিশেষভাৱে উল্লেখযোগ্য।


অর্থনৈতিক দিশত অসম এই ৰাজ্যসমূহৰ বাবে এক গুৰুত্বপূৰ্ণ বজাৰ আৰু সেৱা কেন্দ্ৰ। চুবুৰীয়া ৰাজ্যসমূহৰ বহু লোক চিকিৎসা, শিক্ষা, ব্যৱসায় আৰু প্রশাসনিক কামৰ বাবে অসমলৈ আহে। গুৱাহাটী এই ক্ষেত্রত এক মুখ্য কেন্দ্র হিচাপে গঢ় লৈ উঠিছে। আনহাতে, অসমেও চুবুৰীয়া ৰাজ্যসমূহৰ পৰা বনজ সম্পদ, কৃষিজ সামগ্ৰী আৰু কেঁচামাল লাভ কৰে।


পৰিবহণ ব্যৱস্থাতো এই পাৰস্পৰিক নিৰ্ভৰশীলতা স্পষ্ট। চুবুৰীয়া ৰাজ্যসমূহৰ বহু অঞ্চল অসমৰ পথ, ৰে'ল আৰু বিমান সংযোগৰ ওপৰত নিৰ্ভৰশীল। অসমে এই ৰাজ্যসমূহক দেশৰ অন্য অংশৰ সৈতে সংযোগ স্থাপন কৰাত সহায় কৰে।


এই পাৰস্পৰিক নিৰ্ভৰশীলতাই সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলৰ অৰ্থনৈতিক বিকাশত সহায় কৰে। একেলগে উন্নয়ন সম্ভৱ হয় আৰু আঞ্চলিক সহযোগিতা শক্তিশালী হয়। সেয়েহে চুবুৰীয়া ৰাজ্যসমূহৰ সৈতে অসমৰ পাৰস্পৰিক নিৰ্ভৰশীলতা অসমৰ অৰ্থনীতিত এক গুৰুত্বপূৰ্ণ দিশ।


ৰচনাধর্মী প্রশ্নোত্তৰ


১। গুৱাহাটীৰ ভূমিকা আৰু চুবুৰীয়া অঞ্চলসমূহৰ সৈতে অসমৰ অৰ্থনৈতিক সংযোগ বিস্তৃতভাবে আলোচনা কৰা।


উত্তৰ : গুৱাহাটী উত্তৰ পূৰ্বাঞ্চলৰ আটাইতকৈ গুৰুত্বপূৰ্ণ নগৰ আৰু অসমৰ অৰ্থনৈতিক ৰাজধানী হিচাপে পৰিচিত। চুবুৰীয়া অঞ্চলসমূহৰ সৈতে অসমৰ অৰ্থনৈতিক সংযোগ গঢ়ি তোলাত গুৱাহাটীয়ে এক কেন্দ্ৰীয় আৰু অপৰিহাৰ্য ভূমিকা পালন কৰি আহিছে। ভৌগোলিক অৱস্থান, উন্নত যোগাযোগ ব্যৱস্থা, বজাৰ সুবিধা আৰু সেৱা খণ্ডৰ বিস্তাৰৰ বাবে গুৱাহাটী আজিৰ দিনত সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলৰ অৰ্থনৈতিক হৃদপিণ্ড ৰূপে গঢ় লৈ উঠিছে।


প্রথমে গুৱাহাটীৰ ভৌগোলিক অৱস্থানৰ কথা ক'ব লাগিব। ব্ৰহ্মপুত্ৰ নদীৰ পাৰত অৱস্থিত গুৱাহাটী পথ, ৰে'ল, জলপথ আৰু বিমান সংযোগৰ ক্ষেত্ৰত এক গুৰুত্বপূৰ্ণ জংচন। এই অৱস্থানে গুৱাহাটীক অৰুণাচল প্রদেশ, নাগালেণ্ড, মেঘালয়, মিজোৰাম আৰু ত্ৰিপুৰা আদিৰ সৈতে স্বাভাৱিকভাৱে সংযুক্ত কৰিছে। চুবুৰীয়া ৰাজ্যসমূহৰ বহু অঞ্চল গুৱাহাটীক কেন্দ্ৰ কৰি নিজৰ অৰ্থনৈতিক কার্যকলাপ চলায়।


অর্থনৈতিক ক্ষেত্ৰত গুৱাহাটী এক মুখ্য বজাৰ আৰু বাণিজ্যিক কেন্দ্ৰ। চুবুৰীয়া ৰাজ্যসমূহৰ পৰা কৃষিজ সামগ্রী, ফল-মূল, বনজ সম্পদ, হস্তশিল্প আৰু ক্ষুদ্র উদ্যোগৰ সামগ্ৰী গুৱাহাটীৰ বজাৰলৈ আহে। ইয়াত এই সামগ্ৰীসমূহ বিক্ৰী, সংৰক্ষণ আৰু বিতৰণ কৰা হয়। আনহাতে, গুৱাহাটীৰ জৰিয়তে চুবুৰীয়া ৰাজ্যসমূহলৈ খাদ্যশস্য, ঔষধ, পেট্রোলিয়াম সামগ্রী, চিমেন্ট, লোহা-ইস্পাত আৰু দৈনন্দিন ব্যৱহাৰৰ সামগ্ৰী যোগান ধৰা হয়। এই আদান-প্রদানে অসমৰ সৈতে চুবুৰীয়া অঞ্চলসমূহৰ অৰ্থনৈতিক সংযোগ মজবুত কৰে।


সেৱা খণ্ডত গুৱাহাটীৰ ভূমিকা আৰু অধিক গুৰুত্বপূৰ্ণ। উত্তৰ পূৰ্বাঞ্চলৰ ডাঙৰ চিকিৎসালয়, উচ্চ শিক্ষানুষ্ঠান, বিত্তীয় সংস্থা, বীমা কোম্পানি আৰু প্রশাসনিক কার্যালয় গুৱাহাটীত কেন্দ্রিত। চুবুৰীয়া ৰাজ্যসমূহৰ বহু লোক চিকিৎসা, শিক্ষা, চাকৰি, ব্যৱসায় আৰু প্ৰশাসনিক কামৰ বাবে গুৱাহাটীত নির্ভবশীল। ইয়াৰ ফলত গুৱাহাটীৰ সেৱা খণ্ড ব্যাপকভাবে বিস্তৃত হৈছে আৰু অসমৰ অৰ্থনীতিত এক গুৰুত্বপূর্ণ অৱদান আগবঢ়াইছে।


পৰিবহণ ব্যৱস্থাতো গুৱাহাটীয়ে কেন্দ্রীয় ভূমিকা পালন কৰে। লোকপ্রিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰে গুৱাহাটীক দেশৰ বিভিন্ন অংশ আৰু বিদেশৰ সৈতে সংযোগ কৰিছে। ৰে'লপথ আৰু ৰাষ্ট্ৰীয় ঘাইপথসমূহে গুৱাহাটীক উত্তৰ পূৰ্বাঞ্চলৰ অন্য ৰাজ্যসমূহৰ সৈতে সংযুক্ত কৰিছে। এই পৰিবহণ ব্যৱস্থাই বাণিজ্য, পর্যটন আৰু লোক চলাচল সহজ কৰি তুলিছে।


গুৱাহাটীৰ বিকাশে চুবুৰীয়া অঞ্চলসমূহৰ অৰ্থনীতিতো ইতিবাচক প্রভাৱ পেলাইছে। গুৱাহাটীক কেন্দ্ৰ কৰি উদ্যোগ, গুদাম, বিতৰণ ব্যৱস্থা আৰু সেৱা খণ্ড গঢ় লৈ উঠিছে। ইয়াৰ ফলত কৰ্মসংস্থান সৃষ্টি হৈছে আৰু আঞ্চলিক অর্থনৈতিক সংহতি বৃদ্ধি পাইছে।


সংক্ষেপত ক'ব পাৰি যে গুৱাহাটী অসমৰ সৈতে চুবুৰীয়া অঞ্চলসমূহৰ অৰ্থনৈতিক সংযোগৰ মেৰুদণ্ড। গুৱাহাটীৰ উন্নয়ন মানেই সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলৰ অৰ্থনৈতিক গতিশীলতা বৃদ্ধি। সেয়ে গুৱাহাটীৰ পৰিকল্পিত বিকাশ অসমৰ আৰু চুবুৰীয়া অঞ্চলসমূহৰ দীর্ঘম্যাদী উন্নয়নৰ বাবে অতি প্রয়োজনীয়।


২। 'এক্ট ইষ্ট নীতি'ত অসমৰ ভৌগোলিক গুৰুত্ব আৰু কৌশলগত ভূমিকা বিস্তৃতভাবে আলোচনা কৰা।


উত্তৰঃ 'এক্ট ইষ্ট নীতি'ৰ সফল বাস্তৱায়নৰ ক্ষেত্ৰত অসমৰ ভৌগোলিক গুৰুত্ব আৰু কৌশলগত ভূমিকা অতি উল্লেখযোগ্য। অসম ভাৰতৰ উত্তৰ পূৰ্বাঞ্চলত অৱস্থিত আৰু এই অঞ্চল ভাৰতৰ মূল ভূখণ্ড আৰু দক্ষিণ-পূব এছিয়াৰ দেশসমূহৰ মাজত এক সংযোগস্থল হিচাপে কাম কৰে। এই বিশেষ অবস্থানে অসমক 'এক্ট ইষ্ট নীতি'ৰ কেন্দ্রবিন্দু হিচাপে গঢ়ি তুলিছে।


অসমৰ পূব আৰু দক্ষিণ-পূব দিশত ম্যানমাৰ অৱস্থিত, যি দক্ষিণ-পূব এছিয়ালৈ প্ৰৱেশৰ মুখ্য দ্বাৰ। ম্যানমাৰৰ জৰিয়তে থাইলেণ্ড, লাওছ, ভিয়েটনাম আদি দেশলৈ স্থল আৰু জলপথ সংযোগ স্থাপন সম্ভৱ। এই ভৌগোলিক সুবিধাই অসমক আন্তঃৰাষ্ট্ৰীয় বাণিজ্য আৰু পৰিবহণৰ ক্ষেত্ৰত এক গুৰুত্বপূৰ্ণ কৰিডৰ হিচাপে গঢ়ি তুিলিব পাৰে।


অসমৰ পথ আৰু ৰে'ল সংযোগ ব্যৱস্থাই এই কৌশলগত ভূমিকা অধিক শক্তিশালী কৰে। ৰাষ্ট্ৰীয় ঘাইপথসমূহ, ৰে'লপথ আৰু প্রস্তাবিত আন্তঃৰাষ্ট্ৰীয় কৰিডৰসমূহৰ জৰিয়তে

অসমে ভাৰতৰ বিভিন্ন অংশ আৰু বিদেশৰ সৈতে সংযোগ স্থাপন কৰিব পাৰে। যদি এই আন্তঃগাঁথনি উন্নত কৰা হয়, তেন্তে অসমৰ জৰিয়তে বৃহৎ পৰিমাণৰ আন্তঃৰাষ্ট্ৰীয় বাণিজ্য সম্ভৱ হ'ব।


ব্ৰহ্মপুত্র নদী অসমৰ কৌশলগত গুৰুত্বৰ আন এটা দিশ। এই নদী জলপথ পৰিবহণৰ এক বিশাল সম্ভাবনা কঢ়িয়াই আনে। ব্ৰহ্মপুত্ৰক ব্যৱহাৰ কৰি বাংলাদেশ আৰু তাৰ জৰিয়তে দক্ষিণ-পূব এছিয়ালৈ জলপথ বাণিজ্য গঢ়ি তোলা সম্ভব। এই ব্যৱস্থা খৰচ কম, পৰিৱেশবান্ধৱ আৰু দীর্ঘম্যাদীভাবে লাভজনক।


অসমৰ বিমান সংযোগো এই নীতিত গুৰুত্বপূর্ণ। গুৱাহাটীৰ বিমানবন্দৰে দেশীয় আৰু আন্তঃৰাষ্ট্ৰীয় সংযোগ স্থাপন কৰাৰ ক্ষমতা ৰাখে। যদি আন্তঃৰাষ্ট্ৰীয় বিমান সেবা বৃদ্ধি কৰা হয়, তেন্তে অসমে বাণিজ্য, পর্যটন আৰু সেৱা খণ্ডত অধিক সুবিধা লাভ কৰিব পাৰে।


এই সকলো দিশৰ পৰা চালে দেখা যায় যে অসম কেরল ভৌগোলিকভাবে নহয়, কৌশলগতভাবেও 'এক্ট ইষ্ট নীতি'ৰ বাবে অতি গুৰুত্বপূৰ্ণ। এই নীতিৰ সফল ৰূপায়ণে অসমৰ অৰ্থনীতিৰ লগতে সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলৰ বিকাশ ত্বৰান্বিত কৰিব পাৰে।


সংক্ষেপত ক'ব পাৰি যে অসমৰ ভৌগোলিক অৱস্থান, পৰিবহণ সুবিধা আৰু আঞ্চলিক সংযোগ ক্ষমতাই 'এক্ট ইষ্ট নীতি'ত ইয়াক এক মুখ্য ভূমিকা প্রদান কৰিছে। সঠিক পৰিকল্পনা, আন্তঃগাঁথনি উন্নয়ন আৰু আঞ্চলিক সহযোগিতাৰ জৰিয়তে অসম এই নীতিৰ পৰা সৰ্বাধিক লাভ উঠাব পাৰে।


৩। চুবুৰীয়া অঞ্চলসমূহৰ সৈতে অসমৰ অৰ্থনৈতিক সম্পৰ্কৰ ভবিষ্যৎ দিশ, সম্ভাৱনা আৰু সমস্যা বিস্তৃতভাৱে আলোচনা কৰা।


উত্তৰ: চুবুৰীয়া অঞ্চলসমূহৰ সৈতে অসমৰ অৰ্থনৈতিক সম্পৰ্কৰ ভৱিষ্যৎ দিশ অসমৰ দীৰ্ঘম্যাদী বিকাশৰ সৈতে গভীৰভাৱে জড়িত। বর্তমান সময়ত অসম উত্তৰ পূৰ্বাঞ্চলৰ অৰ্থনৈতিক কেন্দ্ৰ হিচাপে পৰিগণিত হৈছে, আৰু ভবিষ্যতে এই ভূমিকা অধিক শক্তিশালী হোৱাৰ সম্ভাৱনা আছে। আন্তঃৰাজ্য সহযোগিতা, উন্নত পৰিবহণ ব্যৱস্থা আৰু 'এক্ট ইষ্ট নীতি'ৰ সফল ৰূপায়ণে এই সম্পৰ্কৰ ভবিষ্যৎ দিশ নির্ধাৰণ কৰিব।


ভৱিষ্যতে অসমৰ সৈতে চুবুৰীয়া বাজ্যসমূহৰ অৰ্থনৈতিক সম্পর্ক অধিক সংহত আৰু সংগঠিত হোৱাৰ সম্ভাবনা আছে। আন্তঃৰাজ্য বাণিজ্য বৃদ্ধি পাব, বজাৰ সম্প্ৰসাৰণ হ'ব আৰু উৎপাদন-ভিত্তিক সহযোগিতা গঢ় লৈ উঠিব। কৃষি, বনজ সম্পদ, ক্ষুদ্র উদ্যোগ আৰু সেৱা খণ্ডত যৌথ উদ্যোগ গঢ়ি তোলাৰ সুযোগ সৃষ্টি হ'ব পাৰে। ইয়াৰ ফলত অঞ্চলটোত সুষম বিকাশ সম্ভৱ হ'ব।


পৰিবহণ ব্যৱস্থাৰ উন্নয়নে এই সম্পৰ্কৰ ভবিষ্যৎ দিশত গুৰুত্বপূর্ণ ভূমিকা পালন কৰিব। নতুন পথ, ৰে'ল সংযোগ, জলপথ আৰু বিমান সেৱাই চুবুৰীয়া অঞ্চলসমূহৰ সৈতে অসমৰ সংযোগ অধিক শক্তিশালী কৰিব। লজিষ্টিক ব্যয় হ্রাস পাব আৰু বাণিজ্য অধিক লাভজনক হ'ব। এই উন্নয়নে অসমক এক আঞ্চলিক লজিষ্টিক কেন্দ্র হিচাপে গঢ়ি তুলিব পাৰে।


'এক্ট ইষ্ট নীতি'ৰ সফল বাস্তৱায়ণে অসমৰ অৰ্থনৈতিক সম্পর্কক কেৱল চুবুৰীয়া ৰাজ্যসমূহৰ সৈতে নহয়, আন্তঃৰাষ্ট্ৰীয় পৰ্যায়লৈও বিস্তৃত কৰিব। ইয়াৰ ফলত অসমে চুবুৰীয়া ৰাজ্যসমূহকো আন্তঃৰাষ্ট্ৰীয় বজাৰৰ সৈতে সংযুক্ত কৰাত সহায় কৰিব। এই প্ৰক্ৰিয়াই সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলৰ অৰ্থনৈতিক গুৰুত্ব বৃদ্ধি কৰিব।


তথাপিও এই সম্পৰ্কৰ ভবিষ্যৎ পথত কিছুমান সমস্যাও আছে। আন্তঃৰাজ্য সমন্বয়ৰ অভাৱ, পৰিবহণ ব্যৱস্থাৰ দুৰ্বলতা, সুৰক্ষা সমস্যা আৰু সীমান্ত ব্যবস্থাপনা এইবোৰ প্রধান প্রত্যাহ্বান। লগতে কিছুমান ক্ষেত্ৰত প্রতিযোগিতাৰ বাবে স্থানীয় উদ্যোগ ক্ষতিগ্রস্ত হোৱাৰ আশংকাও থাকে।


এই সমস্যাবোৰ সমাধান কৰিবলৈ আন্তঃৰাজ্য সহযোগিতা, সমন্বিত নীতি আৰু শক্তিশালী প্রশাসনিক ব্যৱস্থা অতি প্রয়োজনীয়। স্থানীয় উদ্যোগ সুৰক্ষা, দক্ষতা উন্নয়ন আৰু মানৱ সম্পদ বিকাশত গুৰুত্ব দিব লাগিব।


সংক্ষেপত ক'ব পাৰি যে চুবুৰীয়া অঞ্চলসমূহৰ সৈতে অসমৰ অৰ্থনৈতিক সম্পৰ্কৰ ভবিষ্যৎ সম্ভাৱনাৰে ভৰপূৰ। সুযোগ আৰু সমস্যাৰ মাজত সঠিক সমন্বয় কৰিব পাৰিলে অসম উত্তৰ পূৰ্বাঞ্চলৰ এক মুখ্য অর্থনৈতিক চালিকা শক্তি হিচাপে গঢ় লৈ উঠিব। এই সম্পর্ক অসমৰ দীৰ্ঘম্যাদী উন্নয়ন আৰু আঞ্চলিক সমৃদ্ধিৰ বাবে অতি গুৰুত্বপূর্ণ।