গোটঃ 8



সমসাময়িক বিতর্ক, সমস্যা আৰু সম্ভাৱনা


অতি চমু প্রশ্নোত্তৰ

'সেউজ অর্থনীতি' (Green Economy) কি?

উত্তৰ: সেউজ অর্থনীতি হৈছে এনে অর্থনীতি ' পৰিৱেশ সংৰক্ষণৰ সৈতে অর্থনৈতিক বিকাশ একেলগে আগবাঢ়ে

স্বৈৰাচাৰিতাই সমাজত কি ধৰণৰ হিংসা সৃষ্টি কৰে?

উত্তৰঃ স্বৈৰাচাৰিতাই বৌদ্ধিক স্বাধীনতা হৰণ কৰে, ন্যায়বিচাৰক প্রশ্নবিদ্ধ কৰে আৰু নাগৰিক অধিকাৰ লংঘন কৰে

মানৰ সুৰক্ষাৰ প্ৰধান ভাবুকি কি কি?

উত্তৰঃ দাৰিদ্র্য, সংঘাত, পৰিৱেশ সংকট, ৰাজনৈতিক দমন আৰু ৰোগবিস্তাৰ

MDG আৰু SDG মাজত মূল পার্থক্য কি?

উত্তৰ: MDG দাৰিদ্র্য আৰু স্বাস্থ্যত কেন্দ্রিত, কিন্তু SDG পৰিৱেশ, অর্থনীতি আৰু সমাজ- সকলো দিশ আৱৰি লৈছে

বহনক্ষম উন্নয়ন (Sustainable Development) মূল সূত্র কি?

উত্তৰঃ বৰ্তমানৰ প্ৰয়োজন পূৰণ কৰি পৰৱৰ্তী প্ৰজন্মৰ সুযোগ নষ্ট নকৰা

পুঁজিবাদী অর্থনীতিৰ মুখ্য বৈশিষ্ট্য কি?

উত্তৰঃ ব্যক্তিগত সম্পত্তি, লাভৰ উদ্দেশ্য, প্রতিযোগিতা আৰু মুক্ত বাণিজ্য পুঁজিবাদী অর্থনীতিৰ মূল বৈশিষ্ট্য

ৰাষ্ট্ৰীয় স্বৈৰাচাৰিতাৰ মুখ্য বৈশিষ্ট্য কি?

উত্তৰঃ বিৰোধী দলক দমন, সংবাদমাধ্যমৰ নিৰ্বন্ধ, চেন্সৰশ্বিপ আৰু ৰাজনৈতিক স্বাধীনতাৰ অভাৱ

দক্ষিণপূব এচিয়াৰ কিছুমান দেশত হোৱা স্বৈৰাচাৰিতাৰ উদাহৰণ দিয়া

উত্তৰঃ ম্যানমাৰ, থাইলেণ্ড, চীন আৰু উত্তৰ কোৰিয়া

MDG কেতিয়া গৃহীত হয়?

উত্তৰঃ ২০০০ চনত ৰাষ্ট্ৰসংঘই সহস্রাব্দ উন্নয়ন লক্ষ্য (MDG) গৃহীত কৰে

১০ SDG মুখ্য নীতি কি?

উত্তৰ: "Leave No One Behind" অর্থাৎ সকলোকে উন্নয়নৰ প্ৰক্ৰিয়াত অন্তর্ভুক্ত কৰা

১১ বজাৰ অর্থনীতিয়ে কেনেকৈ পৰিৱেশ সংকট সৃষ্টি কৰে?

উত্তৰ: অতি-উৎপাদন, বন ধ্বংস, প্ৰদূষণ আৰু প্ৰাকৃতিক সম্পদৰ অতি-ব্যৱহাৰে পৰিৱেশৰ স্খলন ঘটায়

১২ SDG কেতিয়া গৃহীত হয়?

উত্তৰঃ ২০১৫ চনত SDG (Sustainable Development Goals) গৃহীত হয়

চমু প্রশ্নোত্তৰ

বহনক্ষম উন্নয়ন লক্ষ্য (SDG) পূৰণত ভাৰতৰ অৱস্থা কি? 

উত্তৰ: ভাৰত SDG প্ৰায় সকলো লক্ষ্যত কাম কৰি আছে- দাৰিদ্র্য হ্রাস, শিক্ষা, লিংগ সমতা, পৰিৱেশ সংৰক্ষণ, আৰু জলবায়ু কার্যত উন্নতি

তথাপিও কিছু ক্ষেত্রত পিছ পৰিছে- দাৰিদ্ৰতাৰ ঘনত্ব, খোৱা পানী, লিংগ বৈষম্য আৰু বায়ু প্রদূষণ

NITI Aayog- প্রস্তুত কৰা SDG India Index অনুসাৰে দক্ষিণ ৰাজ্যসমূহ (কেৰালা, তেলেংগানা) আগত, কিন্তু উত্তৰ-পূৰ্ব আৰু দুখীয়া ৰাজ্যসমূহ পিছ

ভাৰতক ২০৩০ৰ লক্ষ্য পূৰণ কৰিবলৈ অধিক আন্তঃৰাষ্ট্ৰীয় সহায়, সামাজিক ন্যায় আৰু পৰিৱেশীয় স্থায়িত্বৰ ওপৰত গুৰুত্ব দিব লাগিব

মানব উন্নয়ন (Human Development) ধাৰণা ব্যাখ্যা কৰা

উত্তৰ: মানৱ উন্নয়ন হৈছে এনে প্রক্রিয়া ' মানুহৰ জীৱনৰ মান, স্বাধীনতা, স্বাস্থ্য আৰু শিক্ষা উন্নত হয় এই ধাৰণা প্রথম আগবঢ়ায় মহবুব উল হক আৰু অমর্ত্য সেনে

UNDP মানৱ উন্নয়ন সূচক (HDI) তিনিটা সূচকৰ ওপৰত নিৰ্ভৰ কৰে-

() আয় (GDP per capita)

() আয়ুষ্কাল (Life expectancy)

() শিক্ষা (Literacy rate)

মানৱ উন্নয়ন মানে কেৱল অর্থনৈতিক বৃদ্ধি নহয়, বৰঞ্চ মানুহৰ সুযোগ, ক্ষমতা আৰু মৰ্যাদাৰ বৃদ্ধি সেয়ে উন্নয়নৰ কাষত মানৱতা আৰু ন্যায়ৰ সুৰক্ষা প্রয়োজন

বজাৰ অৰ্থনীতি আৰু পৰিৱেশ সংকটৰ মাজৰ সম্পৰ্ক বিশ্লেষণ কৰা

উত্তৰঃ বজাৰ অর্থনীতিৰ লক্ষ্য লাভ আৰু উৎপাদন বৃদ্ধি এই লাভকেন্দ্রিক মনোভাবই প্রাকৃতিক সম্পদৰ অতিব্যৱহাৰ, বন ধ্বংস, প্ৰদূষণ আৰু উষ্ণায়নৰ সৃষ্টি কৰিছে

পুঁজিবাদী ব্যৱস্থাত প্রকৃতি এটা "resource" হিচাপে গণ্য হয়, যাক উৎপাদনৰ উপকৰণ হিচাপে ব্যৱহাৰ কৰা হয় ফলত মানৱ উন্নয়নৰ লগতে পৰিৱেশ সংকটও গভীৰ হয়

উদাহৰণস্বৰূপে, শিল্পায়ন, বন ধ্বংস, প্লাষ্টিক বর্জ্য, আৰু প্রাণীসম্পদ ধ্বংসই পৰিৱেশৰ ভাৰসাম্য নষ্ট কৰিছে

সেউজ অর্থনীতি, নবীকৰণযোগ্য শক্তি ব্যৱহাৰ, আৰু পৰিৱেশ-বান্ধব নীতিৰ দ্বাৰা এই সংকট হ্রাস কৰিব পাৰি সেয়ে বজাৰ অৰ্থনীতিৰ বিকাশমান ধাৰাত "sustainability" চিন্তা অন্তর্ভুক্ত কৰা সময়ৰ দাবী

বহনক্ষম উন্নয়ন লক্ষ্য (SDG) বিশেষ বৈশিষ্ট্য কি?

উত্তৰ: SDG (Sustainable Development Goals) 2015 চনত গৃহীত ১৭টা লক্ষ্যৰ এক গ্লোবেল এজেণ্ডা ইয়াৰ উদ্দেশ্য ২০৩০ৰ ভিতৰত অর্থনৈতিক বিকাশ, সামাজিক ন্যায় আৰু পৰিৱেশীয় সুৰক্ষা নিশ্চিত কৰা

বিশেষ বৈশিষ্ট্য-

() সার্বজনীনতা: সকলো দেশৰ বাবে প্রযোজ্য

() অন্তর্ভুক্তি: "Leave No One Behind" নীতি

() সমন্বিত দৃষ্টিঃ অর্থনীতি, সমাজ আৰু পৰিৱেশ একেলগে

() দীর্ঘম্যাদি দিশ: পৰৱৰ্তী প্ৰজন্মৰ প্ৰয়োজনৰ চিন্তা

SDG 13 (Climate Action) আৰু SDG 5 (Gender Equality) দৰে লক্ষ্যৰে পৰিৱেশ আৰু সমতাৰ মাজত সমন্বয় সাধে

বজাৰ অৰ্থনীতিৰ মূল বৈশিষ্ট্য আৰু মানৱৰ সমাজত ইয়াৰ প্ৰভাৱ বৰ্ণনা কৰক

উত্তৰঃ বজাৰ অৰ্থনীতি হৈছে এনে ব্যৱস্থা ' উৎপাদন, বিতৰণ আৰু মূল্য নির্ধাৰণ চাহিদা আৰু যোগানৰ ওপৰত নিৰ্ভৰ কৰে চৰকাৰৰ নিয়ন্ত্ৰণ কম, ব্যক্তিগত সম্পত্তি আৰু লাভৰ উদ্দেশ্যই প্রধান চালিকা শক্তি

ইয়াৰ মুখ্য বৈশিষ্ট্য '-

() বাক্তিগত উদ্যোগ: প্রতিজনক নিজৰ পুঁজিত উদ্যোগ স্থাপনৰ স্বাধীনতা

() প্রতিযোগিতাঃ মুনাফা লাভৰ বাবে প্রতিযোগিতামূলক বজাৰ

() চাহিদা-যোগানৰ নীতিঃ মূল্য আৰু উৎপাদন এই দুয়ো চাহিদা-যোগানৰ ওপৰত নিৰ্ভৰশীল

চৰকাৰী হস্তক্ষেপৰ সীমাবদ্ধতা: বজাৰ অৰ্থনীতিৰ ফলত উৎপাদন বৃদ্ধি, উদ্ভাবন, আৰু আর্থিক বৃদ্ধি ঘটে কিন্তু ইয়াৰ বিপৰীতে সামাজিক বৈষম্য, শোষণ, আৰু পৰিৱেশৰ ক্ষয়ো হয় সম্পদ ধনীৰ হাতত কেন্দ্ৰীভূত হয়, গৰিব জনতা বঞ্চিত হয়

সেয়ে বজাৰ অৰ্থনীতিয়ে সমাজত অর্থনৈতিক বিকাশ আনিছে বুলিয়েই কোৱা যায়, কিন্তু ইয়াৰ মানৱিক আৰু পৰিৱেশীয় সমতা ৰক্ষা কৰিবলৈ চৰকাৰী হস্তক্ষেপ একান্ত প্রয়োজন

ৰচনাধৰ্মী প্রশ্নোত্তৰ

বহনক্ষম উন্নয়ন লক্ষ্য (SDG) পূৰণৰ ক্ষেত্ৰত ভাৰতৰ সফলতা আৰু প্ৰত্যাহ্বান বিশ্লেষণ কৰা

উত্তৰঃ ২০১৫ চনত গৃহীত "Sustainable Development Goals (SDG)" হৈছে ১৭টা বৈশ্বিক লক্ষ্য ভাৰত এই লক্ষ্য পূৰণৰ বাবে এখন বৃহৎ জনসংখ্যাৰ, বিকাশশীল দেশ হিচাপে মুখ্য ভূমিকা পালন কৰিছে

ভাৰতৰ SDG প্রতিশ্রুতি: NITI Aayog হৈছে জাতীয় স্তৰৰ সমন্বয়কাৰী সংস্থা SDG Index (2018-2023) অনুসাৰে কেৰালা, হিমাচল প্রদেশ, তেলেংগানা আদি অগ্রণী

সফলতাৰ ক্ষেত্র:

  • দৰিদ্ৰতা হ্রাস (SDG 1)
  • শিক্ষা প্ৰসাৰ (SDG 4)
  • স্বাস্থ্য সুৰক্ষা (SDG 3 - Ayushman Bharat)
  • নবীকৰণযোগ্য শক্তি (SDG 7 - Solar Mission)
  • ডিজিটেল অংশীদাৰীতা (SDG 9- Digital India)

প্রধান প্রত্যাহ্বান:

  • বায়ু প্রদূষণ (SDG 13)
  • লিংগ বৈষম্য (SDG 5)
  • পানীৰ অভাৱ (SDG 6)
  • দৰিদ্ৰতা আৰু নিবনুৱা
  • নগৰ প্ৰদূষণ আৰু আবর্জনা সমস্যা

পৰিৱেশ আৰু অৰ্থনীতিৰ দ্বন্দ্বঃ অর্থনৈতিক বিকাশৰ লগে লগে পৰিৱেশ ধ্বংস হৈছে উদাহৰণ স্বৰূপে, কয়লা খনন, বন ধ্বংস, শিল্প প্রদূষণ

আগতীয়াকৈ দিশঃ

  • সেউজ প্রযুক্তি প্ৰচাৰ
  • শিক্ষা আৰু সজাগতা
  • দৰিদ্ৰতা বিমোচনৰ নতুন কৌশল
  • স্থানীয় চৰকাৰৰ ভূমিকা বৃদ্ধি

ওপৰৰ আলোচনাৰ মূল দিশসমূহ '-SDG হৈছে বৈশ্বিক ন্যায় আৰু পৰিৱেশ সুৰক্ষাৰ সংহতিৰ পথ ভাৰতৰ সফলতা আংশিক হলেও সম্ভাৱনা বিশাল নাগৰিক সচেতনতা, ন্যায়ভিত্তিক নীতি আৰু পৰিৱেশবান্ধৱ প্ৰযুক্তিৰ মিলনে SDG পূৰণৰ পথ মুকলি কৰিব

মানৱ উন্নয়ন (Human Development) আৰু মানৱ সুৰক্ষা (Human Security) মাজৰ সম্পৰ্ক বিশ্লেষণ কৰা

উত্তৰ: মানৱ উন্নয়ন আৰু মানৱ সুৰক্ষা দুয়োটাই মানৱক বিকাশৰ কেন্দ্ৰত ৰাখে কিন্তু উন্নয়নৰ অৰ্থে কেৱল অর্থনৈতিক বৃদ্ধি নহয়, আৰু সুৰক্ষাৰ অৰ্থে কেৱল সামৰিক নিৰাপত্তা নহয়

মানৱ উন্নয়ন ধাৰণা: মহবুব উল হক আৰু অমর্ত্য সেনৰ মতে- "মানৱ উন্নয়ন মানে মানুহক বিকল্প সুযোগ, স্বাধীনতা আৰু মৰ্যাদাৰ সৈতে জীৱন যাপন কৰাৰ ক্ষমতা দিয়া"

HDI তিনিটা দিশেৰে মাপ হয়-আয়, শিক্ষা, স্বাস্থ্য

মানৱ সুৰক্ষা ধাৰণা: UNDP (1994) অনুসাৰে, মানৱ সুৰক্ষা মানে "Freedom from Fear and Freedom from Want।" অর্থাৎ মানুহক ভয় আৰু অভাৱ দুয়োৰ পৰা মুক্ত কৰা

উন্নয়ন বনাম সুৰক্ষাঃ উন্নয়ন প্ৰক্ৰিয়াই যদি দাৰিদ্র্য, ৰোগ বা সংঘাত সৃষ্টি কৰে, তেতিয়া সুৰক্ষা হ্রাস পায় পুনৰ যদি সুৰক্ষা প্ৰক্ৰিয়া উন্নয়নবিহীন হয়, তেতিয়াও অস্থিতিশীলতা থাকে সেয়ে দুয়ো পৰস্পৰ সম্পূৰক

পৰিৱেশ, ৰাজনীতি আৰু অৰ্থনীতিৰ সম্পৰ্কঃ জলবায়ু পৰিৱৰ্তনে জীৱিকা ধ্বংস কৰে - মানৱ উন্নয়নক বাধা দিয়ে লগতে, ৰাষ্ট্ৰীয় সংঘাত বা স্বৈৰাচাৰিতা সুৰক্ষাক বিপন্ন কৰে

দৃষ্টান্ত - দক্ষিণ এছিয়া: বাংলাদেশত বন্যা, ভাৰতত দাৰিদ্র্য, শ্রীলঙ্কাত গৃহযুদ্ধ, আফগানিস্তানত সন্ত্রাসবাদ-এইবোৰে দেখুৱায় যে উন্নয়ন আৰু সুৰক্ষাৰ ঘনিষ্ঠ সম্পর্ক আছে

বিশ্বব্যাপী প্রচেষ্টা: MDG আৰু SDG দুয়োটাই উন্নয়ন আৰু সুৰক্ষাক একেলগে লৈ আগবাঢ়িছে SDG Goal 16 (Peace, Justice, and Strong Institutions) মানৱ সুৰক্ষাৰ মূল নীতি

ওপৰৰ আলোচনাৰ সাৰমৰ্ম এয়ে যে, মানৱ উন্নয়ন আৰু সুৰক্ষা দুয়ো একেটা মুদ্ৰাৰ দুটা পিঠি উন্নয়ন নহ'লে সুৰক্ষা অস্থিৰ, আৰু সুৰক্ষা নহ'লে উন্নয়ন অসম্ভৱ ন্যায়, শিক্ষা, স্বাস্থ্য আৰু শান্তি মিলি মানৱতাৰ পূৰ্ণ বিকাশ ঘটায়

ৰাষ্ট্ৰীয় স্বৈৰাচাৰিতা আৰু গণমাধ্যমৰ স্বাধীনতাৰ সংকটৰ মাজৰ সম্পৰ্ক বিশ্লেষণ কৰা

উত্তৰঃ গণমাধ্যম হৈছে গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ কিন্তু যেতিয়া ৰাষ্ট্ৰীয় স্বৈৰাচাৰিতা বৃদ্ধি পায়, তেতিয়া প্রথম আঘাত পৰে গণমাধ্যমৰ ওপৰত সেয়ে এই দুয়োৰে মাজৰ সম্পৰ্ক গভীৰভাবে বিশ্লেষণযোগ্য

স্বৈৰাচাৰিতা আৰু সংবাদ নিয়ন্ত্রণ: স্বৈৰাচাৰী চৰকাৰৰ প্ৰধান লক্ষ্য '- জনমত নিয়ন্ত্রণ ইয়াৰ বাবে সংবাদপত্র, টিভি, চচিয়েল মিডিয়া সকলোত চেন্সৰশিপ আৰোপ কৰা হয় উদাহৰণ- হিটলাৰৰ Nazi প্ৰচাৰৰ্যন্ত্ৰ, উত্তৰ কোৰিয়া, ম্যানমাৰ, আদি

সংবাদমাধ্যমৰ ভূমিকা: স্বাধীন সংবাদমাধ্যমে চৰকাৰৰ ওপৰত প্ৰশ্ন তোলে, সমাজৰ সমস্যাবোৰ উন্মোচন কৰে, আৰু জনতাৰ মতামতক প্রতিনিধিত্ব কৰে কিন্তু স্বৈৰাচাৰী শাসনত এই স্বাধীনতা দমন কৰা হয়

ভাৰতীয় পৰিপ্ৰেক্ষিত: ভাৰতত সংবিধানৰ অনুচ্ছেদ ১৯() মতে মত প্ৰকাশৰ স্বাধীনতা সুৰক্ষিত তথাপিও ১৯৭৫ Emergency সময়ত সংবাদমাধ্যম সম্পূর্ণভাবে নিয়ন্ত্রিত কৰা হৈছিল

আজিও "fake news", "defamation law" আদি ব্যৱহাৰেৰে মিডিয়াৰ ওপৰত চাপ সৃষ্টি কৰা হয়

স্বৈৰাচাৰিতা আৰু মিথ্যা প্ৰচাৰঃ স্বৈৰাচাৰী শাসন মিথ্যা বা নিয়ন্ত্রিত তথ্য প্ৰচাৰ কৰি জনমত গঠনেৰে নিজৰ ক্ষমতা স্থায়ী কৰিবলৈ চেষ্টা কৰে এক "propaganda state" সৃষ্টি কৰে

গণমাধ্যমৰ বাণিজ্যিকৰণ: অন্যহাতে, মিডিয়া বহু সময়ত পুঁজিপতিৰ স্বাৰ্থৰ অন্তর্গত হয় ফলত স্বাধীনতা সত্ত্বেও ৰাজনৈতিক বা অর্থনৈতিক ক্ষমতাৰ হাতিয়াৰ হৈ পৰে

সমাধানৰ দিশ:

  • সাংবাদিকৰ সুৰক্ষা আইন
  • তথ্যৰ অধিকাৰ (RTI) সঠিক ব্যৱহাৰ
  • জনমাধ্যম শিক্ষাৰ প্ৰচাৰ
  • স্বতন্ত্ৰ প্ৰচাৰ পৰিষদ স্থাপন

গণমাধ্যমৰ স্বাধীনতা অবিহনে গণতন্ত্র ৰক্ষিত ' নোৱাৰে স্বৈৰাচাৰিতা গণতন্ত্ৰৰ শত্রু, কিন্তু মুক্ত সংবাদেই হৈছে জনতাৰ ঢাল সেয়ে "Freedom of Press is Freedom of People।"

চমুটোকা লিখা: বহনক্ষম উন্নয়নৰ লক্ষ্য

উত্তৰ: বহনক্ষম উন্নয়ন মানে হৈছে এনে ধৰণৰ উন্নয়ন যিয়ে বর্তমান প্ৰজন্মৰ প্রয়োজন পূৰণ কৰে, কিন্তু আগন্তুক প্ৰজন্মৰ প্ৰয়োজন পূৰণৰ ক্ষমতাত কোনো বাধা সৃষ্টি নকৰে এই ধাৰণাই অর্থনৈতিক, সামাজিক আৰু পৰিৱেশগত দিশসমূহৰ মাজত এক সুষম সমন্বয় স্থাপন কৰিবলৈ আহ্বান জনায়

বহনক্ষম উন্নয়ন কথাটো প্ৰথমবাৰৰ বাবে ১৯৮৭ চনত 'আমাৰ একেলগীয়া ভবিষ্যৎ' নামৰ প্ৰতিবেদনত ব্যৱহাৰ কৰা হৈছিল ইয়াত কোৱা হৈছিল যে উন্নয়নে প্ৰকৃতিৰ সম্পদ নষ্ট নকৰি, পৰিৱেশৰ ক্ষতি নকৰি, আৰু সমাজৰ সকলো স্তৰৰ মানুহৰ প্ৰয়োজন পূৰণ কৰিব লাগিব

বহনক্ষম উন্নয়নৰ মূল লক্ষ্যসমূহঃ ২০১৫ চনত ৰাষ্ট্রসংঘে বহনক্ষম উন্নয়নৰ বাবে ১৭টা লক্ষ্য নির্ধাৰণ কৰে এই লক্ষ্যসমূহ ২০৩০ চনৰ ভিতৰত পূৰণ কৰাৰ উদ্দেশ্যে সকলো দেশক আহ্বান জনোৱা হৈছে এই লক্ষ্যসমূহৰ মূল উদ্দেশ্য হৈছে দাৰিদ্র্য হ্রাস, পৰিৱেশ সংৰক্ষণ, ন্যায়সংগত সমাজ গঠন আৰু শান্তি প্রতিষ্ঠা কৰা

নিম্নলিখিত হৈছে বহনক্ষম উন্নয়নৰ ১৭ টা মুখ্য লক্ষ্য-

() সকলো ধৰণৰ দাৰিদ্ৰ্যৰ অন্ত কৰা

() অনাহাৰ হ্ৰাস কৰি সকলোলৈ পুষ্টিকৰ খাদ্যৰ ব্যৱস্থা কৰা

() সকলোৰে বাবে স্বাস্থ্য আৰু মঙ্গল নিশ্চিত কৰা

() সকলোলৈ গুণগত শিক্ষা প্রদান কৰা

() পুৰুষ আৰু মহিলাৰ সমান অধিকাৰ নিশ্চিত কৰা

() পৰিষ্কাৰ পানী আৰু সুৰক্ষিত পায়খানাৰ ব্যৱস্থা কৰা

() নবীকৰণযোগ্য শক্তি ব্যৱহাৰ বৃদ্ধি কৰা

() সকলোৰে বাবে ন্যায্য কাম আৰু অর্থনৈতিক উন্নতি নিশ্চিত কৰা

() আধুনিক শিল্প, উদ্ভাৱন আৰু পৰিকাঠামো বিকাশ কৰা

(১০) সমাজ আৰু অর্থনীতিত অসমতা হ্রাস কৰা

(১১) পৰিৱেশবান্ধব চহৰ আৰু সমাজ গঠন কৰা

(১২) সম্পদৰ দায়িত্বশীল ব্যৱহাৰ আৰু উৎপাদন নিশ্চিত কৰা

(১৩) জলবায়ু পৰিৱৰ্তন প্রতিহত কৰিবলৈ পদক্ষেপ গ্রহণ কৰা

(১৪) সাগৰ আৰু জলজ জীৱনৰ সংৰক্ষণ কৰা

(১৫) বনৰক্ষা, মাটিৰ উৰ্বৰতা আৰু স্থলজ জীৱনৰ সংৰক্ষণ কৰা

(১৬) শান্তি, ন্যায় আৰু শক্তিশালী সমাজ গঠন কৰা

(১৭) এই লক্ষ্যসমূহ পূৰণৰ বাবে সকলো দেশৰ মাজত অংশীদাৰিত্ব স্থাপন কৰা

বহনক্ষম উন্নয়নৰ লক্ষ্যসমূহৰ মুখ্য উদ্দেশ্য হৈছে এক সুষম, দায়িত্বশীল আৰু স্থায়িত্বমুখী সমাজ গঠন কৰা উন্নয়ন যেন কেৱল বৰ্তমানৰ প্ৰয়োজনত সীমাবদ্ধ নহয়, আগন্তুক প্ৰজন্মৰ বাবে এক সুস্থ, সুৰক্ষিত আৰু পৰিষ্কাৰ পৰিৱেশ নিৰ্মাণ কৰে

এই লক্ষ্যসমূহ পূৰণ 'লে দাৰিদ্র্য হ্রাস পোৱাৰ লগতে শিক্ষা, স্বাস্থ্য, লিংগ সমতা আৰু পৰিৱেশ সংৰক্ষণৰ ক্ষেত্ৰত বিশ্বব্যাপী অগ্রগতি সাধিত ' বহনক্ষম উন্নয়ন মানে হৈছে - উন্নয়ন আৰু পৰিৱেশৰ মাজত সুষম সমন্বয় স্থাপন কৰি সকলোৰে বাবে এক উত্তম, ন্যায়সংগত আৰু স্থায়িত্বময় জীৱন নিৰ্মাণ কৰা

ৰাষ্ট্ৰীয় স্বৈরাচাৰিতা (State Authoritarianism) ধাৰণা আৰু ইয়াৰ মানবাধিকাৰিক প্ৰভাৱ বিশ্লেষণ কৰা

উত্তৰঃ স্বৈৰাচাৰিতা হৈছে এনে ৰাজনৈতিক ব্যৱস্থা ' ক্ষমতা এক ব্যক্তি বা এক গোটৰ হাতত কেন্দ্রীয়ভাবে সঞ্চিত থাকে জনগণৰ স্বাধীনতা, সংবাদমাধ্যম, আৰু ন্যায়বিচাৰৰ ওপৰত নিয়ন্ত্রণ থাকে

স্বৈৰাচাৰিতাৰ ধাৰণা: স্বৈৰাচাৰিতাত "Rule by Force" চলি থাকে গণতন্ত্ৰৰ পৰিৱৰ্তে নিৰঙ্কুশ শক্তি উদাহৰণ- হিটলাৰৰ জাৰ্মানী, মুছোলিনীৰ ইটালি, বা ম্যানমাৰৰ সামৰিক শাসন

স্বৈৰাচাৰিতাৰ বৈশিষ্ট্যঃ

() ক্ষমতাৰ কেন্দ্ৰীকৰণ

() নাগৰিক অধিকাৰ দমন

() সংবাদমাধ্যমৰ চেন্সৰশিপ

() ৰাজনৈতিক দলৰ নিষিদ্ধকৰণ

() ভীতি আৰু হিংসাৰ ব্যৱহাৰ

স্বৈৰাচাৰিতা আৰু মানৱ অধিকাৰঃ

  • স্বৈৰাচাৰী শাসনত মানবাধিকাৰ লংঘন দৈনন্দিন ঘটনা-
  • মত প্ৰকাশৰ স্বাধীনতা হৰণ
  • বিনা বিচাৰত গ্ৰেপ্তাৰ
  • সংবাদমাধ্যমৰ নিৰ্বন্ধ
  • ৰাজনৈতিক হত্যা আৰু নির্যাতন

ইয়াৰ ফলত সমাজত ভীতিৰ বাতাৱৰণ সৃষ্টি হয়

ভাৰতীয় পৰিপ্ৰেক্ষিত: ভাৰতত গণতন্ত্ৰীয় সংবিধান আছে, তথাপিও কিছু সময়ত স্বৈৰাচাৰিতাৰ ধৰণ দেখা যায়-উদাহৰণস্বৰূপে 1975-771 "Emergency" পর্যায় তেতিয়া সংবাদমাধ্যম, ৰাজনৈতিক নেতা আৰু নাগৰিক অধিকাৰ সীমাবদ্ধ কৰা হৈছিল

সমসাময়িক প্রবণতা: আজিৰ বিশ্বত "Authoritarian Populism" নামৰ নতুন ধৰণৰ স্বৈৰাচাৰিতা দেখা গৈছে- ' নেতাৰ জনপ্রিয়তা আৰু জাতীয়তাবাদৰ নামত কেন্দ্রীভূত ক্ষমতা গঠন কৰে

মানবাধিকাৰিক প্ৰতিকাৰঃ ৰাষ্ট্ৰসংঘৰ UDHR (1948) আৰু ICCPR (1966) এই ধৰণৰ দমনবিৰোধী আইনী কাঠামো প্রদান কৰিছে আন্তর্জাতিক জনমত, গণমাধ্যম আৰু নাগৰিক সমাজ স্বৈৰাচাৰিতাৰ বিৰুদ্ধে এক শক্তিশালী বল

স্বৈৰাচাৰিতাই কোনো দেশৰ স্থিৰতা আনে বুলিও কোৱা হয়, কিন্তু ইন্যায়, স্বাধীনতা আৰু মানৱ মর্যাদাক ধ্বংস কৰে গণতন্ত্রই একমাত্ৰ সুৰক্ষিত ব্যৱস্থা ' জনতাৰ অধিকাৰ নিশ্চিত হয়