গোটঃ ৩


গঠনমূলক হিংসা আৰু মানৱ অধিকাৰ

অতি চমু প্রশ্নোত্তৰ

গঠনমূলক হিংসাৰ ধাৰণা কোনে প্রথমে প্রচলন কৰে?

উত্তৰঃ গঠনমূলক হিংসাৰ ধাৰণা নৰৱেৰ সমাজবিজ্ঞানী জোহান গালটুঙ (Johan Galtung)- ১৯৬৯ চনত প্রথমে প্রচলন কৰে

গঠনমূলক হিংসাৰ ফলত সমাজত কি হয়?

উত্তৰ: গঠনমূলক হিংসাৰ ফলত সামাজিক অসমতা, অন্যায়, দমন, দাৰিদ্ৰ্য আৰু মানৱ বিকাশত ব্যাহততা দেখা যায়

ভাৰতত কোন চনত মহিলা সুৰক্ষা বাবে গার্হস্থ্য হিংসা প্ৰতিৰোধ আইন প্রণয়ন কৰা হৈছে?

উত্তৰঃ ২০০৫ চনত

মহিলাৰ বিৰুদ্ধে হোৱা বিভিন্ন ধৰণৰ অপৰাধ ৰোধ কৰিবৰ বাবে "The Criminal Law Amendment Act" আৰম্ভ কেতিয়া কৰা হয়?

উত্তৰঃ ১৯৮৩ চনত

গার্হস্থ্য হিংসা আইন কেতিয়া গৃহীত হয়?

উত্তৰ: ভাৰতত Protection of Women from Domestic Violence Act (PWDVA), ২০০৫ চনত গৃহীত হয়

দক্ষিণ আফ্রিকাত বৰ্ণ-বৈষম্য কেতিয়াৰ পৰা কেতিয়া পর্যন্ত চলিছিল?

উত্তৰ: বৰ্ণ-বৈষম্য প্রায় ১৯৪৮ পৰা ১৯৯৪ চনলৈকে চলিছিল

জেমচ হাটনৰ মতে ভাৰতত কিমানটা জাতি আৰু উপজাতি আছে?

উত্তৰঃ ৩০০০ টা

গঠনমূলক হিংসা আৰু প্ৰত্যক্ষ হিংসাৰ পাৰ্থক্য কি?

উত্তৰঃ প্রত্যক্ষ হিংসা ব্যক্তিগত বা দৃশ্যমান (যেনে- হত্যা, মাৰধৰ), কিন্তু গঠনমূলক হিংসা লুকায়িত - সমাজৰ নীতি, ধাৰণা, সামাজিক গঠন বা প্ৰতিষ্ঠানৰ ভিতৰত থকা বৈষম্য যাৰ ফলত বঞ্চনা ঘটে

ভাৰতীয় সংবিধানৰ কোনটো অনুচ্ছেদত অস্পৃশ্যতা নির্মূলৰ কথা উল্লেখ আছে?

উত্তৰঃ ১৭ নং অনুচ্ছেদত

১০ দক্ষিণ আফ্রিকাত বৰ্ণ-বৈষম্য কেতিয়াৰ পৰা কেতিয়া পর্যন্ত চলিছিল?

উত্তৰ: বৰ্ণ-বৈষম্য প্রায় ১৯৪৮ পৰা ১৯৯৪ চনলৈকে চলিছিল

১১ জাতিৰ এক প্রধান চৰিত্ৰ উল্লেখ কৰা

উত্তৰঃ জাতি জন্মৰ ওপৰত আধাৰিত

১২ যৌতুক নিবাৰণী আইন প্ৰবৰ্তন কেতিয়া কৰা হয়?

উত্তৰঃ ১৯৬১ চনত

চমু প্রশ্নোত্তৰ

অস্পৃশ্যতা (Untouchability) মানে কি?

উত্তৰ: অস্পৃশ্যতা এটি সামাজিক ব্যাধি অস্পৃশ্যতা হৈছে এনে এটি সামাজিক অনুশীলন (Practice) ' নিম্ন জাতিৰ মানুহৰ গোটটোক উচ্চ বৰ্ণৰ মানুহৰ দ্বাৰা বিভিন্ন প্ৰকাৰে নিৰ্যাতন কৰা হয় তেওঁলোকৰ স্পৰ্শই উচ্চ বৰ্গৰ মানুহক কলুষিত কৰে ইয়াৰ বাবে তেওঁলোকক অস্পৃশ্য বুলি উচ্চ বৰ্ণৰ মানুহে গণ্য কৰে হিন্দু বৰ্ণ প্রথাত এই অস্পৃশ্যতা এটি সামাজিক ব্যাধি বুলি পৰিগণিত হৈছে

হিন্দু সমাজত অস্পৃশ্য শব্দটো সেইসকল বর্ণাশ্ৰমৰ মানুহৰ বাবে ব্যৱহৃত হয় যিসকলক সামাজিকভাৱে তুচ্ছ আৰু অৱনমিত বুলি জ্ঞান কৰা হয় আৰু তেওঁলোকক বর্ণাশ্ৰমৰ অধিক্ৰমত নিম্নতম স্তৰত ৰখা হয় Dr. D. N. Majumcar ভাষাত 'বলৈ 'লে-"The Untouchable castes are those who suffer from various social and political disabilities, many of which are traditionally prescribed and socially enforced by higher castes."

লিংগ বৈষম্যক গঠনমূলক হিংসাৰ এক ৰূপ ৰূপে বিশ্লেষণ কৰা

উত্তৰঃ লিংগ বৈষম্য অৰ্থাৎ সমাজত পুৰুষ আৰু মহিলাৰ মাজত ক্ষমতা, সম্পদ আৰু অধিকাৰৰ অসম বণ্টন সমাজৰ পিতৃতান্ত্রিক গঠনত উৎপন্ন হোৱা এক গঠনমূলক হিংসা

পুৰুষ প্রধান সমাজত মহিলাক গৃহকর্ম, সন্তান লালন-পালনৰ দায়িত্বত সীমাবদ্ধ কৰি, শিক্ষাৰ, কর্মসংস্থাপন, ৰাজনীতি আৰু সিদ্ধান্ত গ্ৰহণৰ অধিকাৰ হ্ৰাস কৰা হয় এই বৈষম্য মহিলাৰ জীৱনৰ সকলো ক্ষেত্ৰত প্ৰভাৱ বিস্তাৰ কৰে

গার্হস্থ্য হিংসা, যৌন নির্যাতন, কম মজুৰি, সম্পত্তিৰ অধিকাৰৰ অভাৱ, আৰু প্ৰজনন অধিকাৰৰ সীমাবদ্ধতা-এই সকলো দিশেই লিংগভিত্তিক গঠনমূলক হিংসাৰ উদাহৰণ

ভাৰতত "Protection of Women from Domestic Violence Act, ২০০৫" আৰু সংবিধানৰ অনুচ্ছেদ ১৪ আৰু ১৫ৰ মাধ্যমে আইনী সুৰক্ষা দিয়া হৈছে তথাপিও সমাজৰ গভীৰ পিতৃতান্ত্রিক মনোভাৱৰ বাবে লিংগ বৈষম্য অক্ষুণ্ণ

সেয়ে, লিংগ বৈষম্য এক সামাজিক-গঠনমূলক হিংসা যি মানৱ অধিকাৰৰ মূল নীতি - "সমতা আৰু মৰ্যাদা" লংঘন কৰে

আন্তর্জাতিক আইনে শৰণাৰ্থীসকলক কিদৰে চিনাক্ত কৰিছে?

উত্তৰ: শৰণাৰ্থীসকলক আন্তর্জাতিক আইনে তলত দিয়া ধৰণে চিনাক্ত কৰিছে যেনে-

(i) তেওঁ নিজৰ জাতীয়তাৰ বাহিৰৰ দেশৰ 'লে

(ii) অত্যন্ত নেৰানেপেৰা হাৰাশাস্তিৰ ভুক্তভোগী লোক আৰু

(iii) তেনে ভয়ৰ কাৰণে নিজ দেশলৈ পুনৰ ঘূৰি আহিব ইচ্ছা নকৰা ব্যক্তি, আজিৰ পৃথিৱীত প্রায় ১৩ মিলিয়ন মানুহ বিভিন্ন ৰাষ্ট্ৰত বিভিন্ন ভয়ৰ বশৱৰ্তী হৈ নিজ ৰাষ্ট্ৰ এৰি আন ৰাষ্ট্ৰত শৰণাৰ্থী হৈ আছে

গঠনমূলক হিংসা আৰু মানৱ অধিকাৰৰ সম্পর্ক বিশ্লেষণ কৰা

উত্তৰ: মানৱ অধিকাৰ হৈছে সমতা, ন্যায়, স্বাধীনতা আৰু মৰ্যাদাৰ ওপৰত ভিত্তিক মৌলিক অধিকাৰ কিন্তু গঠনমূলক হিংসা সমাজৰ গঠন, নীতি আৰু প্ৰথাৰ মাধ্যমে এই অধিকাৰবোৰ কাঢ়ি লয়

যেতিয়া কোনো সমাজত শিক্ষা, স্বাস্থ্য, কর্মসংস্থান বা ন্যায়ৰ সুযোগ অসমভাবে বণ্টন হয়, তেতিয়া মানৱ অধিকাৰ স্বয়ং বিপন্ন হয়

গঠনমূলক হিংসা মানুহৰ প্রাতিষ্ঠানিক দমনৰ অন্যতম উৎসই সামাজিক বৈষম্য বঢ়ায়, ন্যায়ৰ বঞ্চনা কৰে আৰু ক্ষমতাৰ গঠন অসম কৰে সেয়ে মানৱ অধিকাৰ ৰক্ষা কৰিবলৈ গঠনমূলক হিংসাৰ মূল সাৰথি চিহ্নিত কৰি সংস্কাৰ আনিব লাগিব

ভাৰতৰ প্ৰেক্ষাপটত নাৰীৰ অধিকাৰ ৰক্ষাৰ ক্ষেত্ৰসমূহ কি কি?

উত্তৰ: ভাৰতৰ প্ৰেক্ষাপটত নাৰীৰ অধিকাৰ ৰক্ষাৰ ক্ষেত্ৰত ভাৰতীয় সংবিধানে বিশেষ গুৰুত্ব প্রদান কৰিছে সংবিধানৰ প্ৰস্তাৱনাৰ উপৰি অনুচ্ছেদ নং ১৫ () () উল্লেখ আছে যে জাতি-ভাষা-ধর্ম, সম্প্রদায়, বর্ণ বা জন্মস্থান লৈ ৰাষ্ট্ৰই কোনো ক্ষেত্ৰতে বৈষম্যৰ সৃষ্টি কৰিব নোৱাৰিব লগতে মহিলাৰ বাবে বিশেষ ব্যৱস্থাৰো পোষকতা কৰা হৈছে ভাৰতীয় মহিলাৰ সম-অধিকাৰ ভোগ কৰাৰ ক্ষেত্ৰত সংবিধানৰ প্ৰস্তাৱনাত জাতি, লিংগ, ধর্ম, বর্ণ নির্বিশেষে সকলো নাগৰিককে সমান সুবিধা প্ৰদান কৰাৰ কথা কোৱা হৈছে সংবিধানৰ ১৬ নং অনুচ্ছেদ আৰু ৭৩, ৭৪ নং সশোধনীৰ যোগেদি মহিলাৰ অধিকাৰ সুৰক্ষিত কৰিব বিচৰা হয় অনুচ্ছেদ ২৪৩ () উল্লেখ আছে যে এক-তৃতীয়াংশ আসন মহিলাৰ বাবে সংৰক্ষণৰ ব্যৱস্থা কৰিব ভাৰতীয় সংবিধানৰ ৮১ নং সংশোধনীত এক-তৃতীয়াংশ আসন মহিলাৰ বাবে সংৰক্ষণৰ ব্যৱস্থা কৰা হয়

চমুটোকা লিখাঃ

() কন্যা শিশু সন্তান হত্যা নিবাৰণ

উত্তৰঃ মধ্যযুগৰ সমাজত হিন্দুসকলৰ মাজত প্রচলিত কন্যাশিশু সন্তান হত্যা কৰাৰ এক কুপ্রথা বিনাশৰ বাবেও ১৯ শতিকাৰ প্ৰথমাৰ্দ্ধতে সমাজ সংস্কাৰকসকলে জনমত গঠন কৰিবলৈ সক্ষম হৈছিল বিয়া-বাৰুৰ অসুবিধাৰ বাবেই মূলতঃ ভাৰতৰ বহু ঠাইত কন্যা সন্তান আদৰণীয় নাছিল আৰু জন্মতেই কন্যা সন্তানক হত্যাৰ দৰে জঘন্য ঘটনা প্রায় সাধাৰণ নিয়মত পৰিণত হৈছিল বিশেষকৈ উত্তৰ ভাৰতত ৰাজপুত আৰু জাঠসকলৰ মাজত বিয়াৰ যৌতুক আদি জঞ্জালৰ পৰা হাত সৰাৰ উদ্দেশ্যে কন্যা সন্তানক কেঁচুৱা অৱস্থাতে নিৰ্মমভাৱে মাৰি পেলোৱা নতুবা গঙ্গা নদীত উটুৱাই দিয়াৰ ব্যৱস্থা চলিছিল বৃটিছ চৰকাৰে এনে ঘৃণনীয় সংস্কাৰ ৰোধ কৰাৰ বাবে প্ৰথমে বঙ্গদেশত ব্যৱস্থা লয় লর্ড ওৱেলেচলিৰ দিনত হুগলী নদীৰ মোহনাত থকা সাগৰ দ্বীপত শিশুহত্যা বন্ধ কৰাৰ ব্যৱস্থা লোৱা হয় পুনৰ বেন্টিংকৰ দিনত কন্যাশিশু হত্যা দণ্ডনীয় অপৰাধ হিচাপে ঘোষণা কৰা হয় লর্ড ডেলহাউচিৰ গৱৰ্ণৰ জেনেৰেলৰ কাৰ্যকালত পঞ্জাৱত এই প্রথা বিলোপ কৰিবলৈ ইয়াক গুৰুতৰ অপৰাধ হিচাপে ঘোষণা কৰে এই সকলোবোৰ প্ৰচেষ্টাৰ ফলস্বৰূপে ভাৰতীয় সমাজৰ পৰা লাহে লাহে এই প্রথা নাইকিয়া হয়

লিংগ পৃথকীকৰণ বুলিলে কি বুজা?

উত্তৰঃ লিংগ পৃথকীকৰণ ' এনে এক প্ৰক্ৰিয়া যাৰ দ্বাৰা মহিলাসকলক সমাজত নির্দিষ্ট কিছুমান অধিকাৰ বা সা-সুবিধা তথা মৰ্যাদাৰ পৰা বঞ্চিত কৰি এক সুকীয়া বা পৃথক মর্যাদা বা স্থান প্রদান কৰা হয় বিশ্বৰ প্ৰতিটো সমাজ ব্যৱস্থালৈ মন কৰিলে দেখা যায় মুষ্ঠিমেয় সংখ্যক সমাজক বাদ দি অধিকসংখ্যক সমাজ ব্যৱস্থাতেই নাৰীৰ স্থান পুৰুষৰ তুলনাত নিম্ন লিংগ অসমতা বা লিংগ বৈষম্যৰ ফলস্বৰূপে প্রচলিত সমাজ ব্যৱস্থাত নাৰীসকলক এক পৃথক প্ৰদান কৰা হয় সম্প্রতি লিংগ পৃথকীকৰণ ব্যৱস্থাৰ বাবে নাৰীসকলে যথেষ্ট লাঞ্চনা আৰু বঞ্চনাৰ সন্মুখীন হৈছে আৰু এক জটিল সমস্যাত পৰিণত হৈছে

ৰাজনীতিত জাতি প্ৰথাৰ ভূমিকা সম্পর্কে আলোচনা কৰা

উত্তৰ: ভাৰতীয় সমাজব্যৱস্থা জাতিভেদ প্ৰথাৰ ওপৰত প্ৰতিষ্ঠিত সামাজিক জাতিপ্ৰথাৰ প্রকোপ আগৰ দৰে কঠোৰ নহয় কিন্তু ভাৰতীয় ৰাজনীতিত ক্রমান্বয়ে জাতিপ্রথাই গা কৰি উঠিছে চৰকাৰে জাতিগত ধাৰণা নির্মূল কৰিবলৈ সকলো ব্যৱস্থা গ্ৰহণ কৰা সত্বেও আমাৰ দেশৰ ৰাজনীতিত সকলো ক্ষেত্রতে জাতিগত দৃষ্টিভংগী গ্রহণ কৰা দেখা যায় জাতিগত ধাৰণাই বহুতো সময়ত ভাৰতবৰ্ষত ৰাজনৈতিক অস্থিৰতাৰ সৃষ্টি কৰে মানুহে দেশৰ ৰাজনৈতিক স্বাৰ্থতকৈ জাতিগত স্বাৰ্থৰ ওপৰত অধিক গুৰুত্ব আৰোপ কৰে জাতিৰ জৰিয়তে তেওঁলোকে ৰাজনৈতিক স্বার্থ লাভ কৰিব বিচাৰে অৱশ্যে, জাতিগত ধাৰণাৰ এটি সকাৰাত্মক দিশ আছে এই ধাৰণাই এটা জাতিৰ সকলো সদস্যক একগোট কৰি তেওঁলোকৰ স্বাৰ্থৰক্ষা কৰিব পাৰে জাতি গোষ্ঠীবিলাকে নিজৰ স্বাৰ্থ ৰক্ষা কৰাত পৰিমাণে সক্ষম হৈছে গতিকে জাতিগত ধাৰণাই ভাৰতীয় ৰাজনীতিত এক বিশেষ ভূমিকা গ্রহণ কৰি আহিছে

শৰণাৰ্থী সম্পৰ্কত ৰাষ্ট্ৰসংঘৰ উদ্যোগত হোৱা আলোচনা, স্বাক্ষৰিত চুক্তি-পত্ৰ কেইখনমান উল্লেখ কৰা

উত্তৰ: শৰণাৰ্থী সম্পৰ্কত ৰাষ্ট্ৰসংঘৰ উদ্যোগত হোৱা আলোচনা, স্বাক্ষৰিত চুক্তি- পত্ৰসমূহৰ আন কেইখনমান '- প্রট'কল ১৯৬৭ (Protocol of 1967) The Agreement Relating to Refugee Seamen (1957), The U.N.Declaration on Territorial Asylum (1967), The convention of Stateless person (1954) আদিয়েই প্রধান তদুপৰি আঞ্চলিক পর্যায়ত এছিয়ান-আফ্রিকান আইনী পৰামৰ্শদাতা সমিতিৰ ৮ম বার্ষিক সতাত (১৯৬৬) গৃহীত The Principle Concerning the Treatment of Refugee, the pact of San jose (1969), আৰু ইউৰোপৰ অন্যান্য কাউন্সিলসমূহে শৰণাৰ্থী সম্পর্কত লোৱা বিভিন্ন সিদ্ধান্তসমূহ

১০ ভাৰতত জাতি ব্যৱস্থাই কেনেকৈ গঠনমূলক হিংসাৰ ৰূপ লৈছে?

উত্তৰ: ভাৰতৰ সামাজিক গঠন বহু শতাব্দীধৰি জাতি ব্যৱস্থাৰে গঠিত জাতি ব্যৱস্থাই মানুহক জন্মৰ ভিত্তিত বৰ্গীকৰণ কৰি তেওঁলোকৰ সামাজিক, ধর্মীয়, অর্থনৈতিক, আৰু ৰাজনৈতিক অধিকাৰ সীমিত কৰিছে এই ব্যৱস্থাই এক প্রাতিষ্ঠানিক বৈষম্য সৃষ্টি কৰিছে, যি গঠনমূলক হিংসাৰ প্ৰধান উদাহৰণ

নীচ জাতিৰ মানুহ, বিশেষকৈ দালিত আৰু আদিবাসীসমূহে, ঐতিহাসিকভাৱে শিক্ষা, ভূমি অধিকাৰ, কর্মসংস্থান, ৰাজনীতি আৰু ধৰ্মীয় আচাৰ-অনুষ্ঠানত বঞ্চনা ভোগ কৰিছে তেওঁলোকৰ ওপৰত 'অস্পৃশ্যতা' প্রথা আৰু-সামাজিক বিভাজন এক গভীৰ দমনমূলক ব্যৱস্থা ৰূপে প্রচলিত আছিল

যদিও ভাৰতৰ সংবিধানে অনুচ্ছেদ ১৪, ১৫, ১৭ৰ মাধ্যমে এই বৈষম্য নিষিদ্ধ কৰিছে আৰু সংৰক্ষণ নীতি দিছে, তথাপি বাস্তৱ জীৱনত জাতিভিত্তিক হিংসা, বৈষম্য আৰু সামাজিক বঞ্চনা আজিও বহুলভাবে দেখা যায়

সেয়ে কোৱা যায়- জাতি ব্যৱস্থা এক ঐতিহাসিক গঠনমূলক হিংসা, যাৰ জৰিয়তে কোনো গোটক সামাজিক, অর্থনৈতিক আৰু সাংস্কৃতিকভাৱে অধঃপতিত কৰি ৰাখা হৈছে

ৰচনাধৰ্মী প্রশ্নোত্তৰ

গোষ্ঠী সংঘৰ্ষৰপৰা পৰিত্ৰাণৰ উপায়সমূহ কি কি?

উত্তৰ: ভাৰতৰ দৰে উন্নয়নশীল ৰাষ্ট্ৰত গোষ্ঠী সংঘর্ষ এক এৰাব নোৱৰা সমস্যা যদিও সঠিক ৰাজনৈতিক আৰু অর্থনৈতিক উন্নয়নৰ দিহা কৰিলে গোষ্ঠী সংঘর্ষ এৰাই চলিব পৰা যায়

নৃ-গোষ্ঠীয় সংঘর্ষ এবাই চলাৰ কিছুমান পৰামৰ্শমূলক উপায় এনে ধৰণৰ-

() উপযুক্ত শিক্ষাৰ প্ৰসাৰ ঘটোৱা আৰু সামাজিক দায়বদ্ধতাৰ প্ৰতি সচেতন 'বলৈ শিক্ষা দিয়া

() সকলো নৃগোষ্ঠীকে সাংস্কৃতিক, ভাষিক তথা আৱেগিক সম্পৰ্কৰ বিষয়ত উপযুক্ত কৰি গঢ়ি তোলা

() সামগ্রিক বিকাশৰ ধাৰণাত নৃ-গোষ্ঠীয়সকলৰ প্ৰতিও সমানে ধ্যান দিয়া

() সংখ্যাগুৰুসকলে সংখ্যালঘুসকলৰ দুখ-দুর্দশাৰ প্ৰতি সহানুভূতিৰে সহায়ৰ হাত আগবঢ়োৱা

() জনপ্রতিনিধিসকলৰ সকলো জনগোষ্ঠীৰ প্ৰতি সমান আচৰণ আৰু উন্নয়নৰ প্রতিও সম গুৰুত্ব প্রদান

() কোনো জনগোষ্ঠীকে বিশেষ গুৰুত্ব প্ৰদান নকৰা আৰু বিশেষ পৰিকল্পিত আঁচনিৰ যোগেদি গোষ্ঠী বিকাশৰ প্ৰয়াস কৰা

() সকলো জনগোষ্ঠীৰে সাংস্কৃতিক, ধর্মীয় তথা ভাষিক ঐতিহ্যৰ প্ৰতি সকলো জাতিয়ে সন্মান প্রদর্শন কৰা

এনে ধৰণৰ প্ৰয়োজনীয় পদক্ষেপৰ অবিহনে গোষ্ঠী সংঘর্ষ এৰাই চলা সহজসাধ্য নহ' তদুপৰি ৰাষ্ট্ৰসংঘৰ চুক্তি-পত্ৰতো সকলো জনগোষ্ঠীকে সমান সুবিধা আৰু সুৰক্ষা প্ৰদানৰ আহ্বান জনোৱা হৈছে-

দক্ষিণ এছিয়াত প্ৰব্ৰজন আৰু শৰণাৰ্থী সমস্যাৰ গঠনমূলক হিংসাৰ ৰূপ আৰু মানবাধিকাৰিক প্ৰভাৱ আলোচনা কৰা

উত্তৰঃ দক্ষিণ এছিয়া হৈছে এক বৈচিত্র্যময় অঞ্চল-জনসংখ্যা অধিক, অর্থনৈতিক বৈষম্য গভীৰ, আৰু ৰাজনৈতিক-ধর্মীয় সংঘাত ঘন ঘন এই পৰিস্থিতিত প্ৰব্ৰজন আৰু শৰণাৰ্থী সমস্যাই গঠনমূলক হিংসাৰ এক স্থায়ী ৰূপ লৈছে

প্ৰব্ৰজন আৰু শৰণাৰ্থীৰ অৰ্থঃ প্ৰব্ৰজন হৈছে মানুহে জীৱিকাৰ বা সুৰক্ষাৰ সন্ধানত এক স্থানৰ পৰা আন স্থানলৈ যাত্ৰা কৰা শৰণাৰ্থী হৈছে সেই ব্যক্তি যি নিজৰ দেশত নিৰাপত্তাহীনতাৰ বাবে বিদেশত আশ্রয় লয়

দক্ষিণ এছিয়াৰ পৰিস্থিতিঃ এই অঞ্চলত ম্যানমাৰৰ ৰোহিঙ্যা, শ্রীলংকাৰ তামিল, আফগান, বাংলাদেশী আৰু নেপালী প্ৰব্ৰজনকাৰীসকল এক গুৰুত্বপূৰ্ণ শৰণাৰ্থী গোট তেওঁলোক ধর্মীয় নিপীড়ন, ৰাজনৈতিক সংঘাত, দাৰিদ্ৰ্য আৰু পৰিৱেশ সংকটৰ বাবে স্থানচ্যুত হৈছে

গঠনমূলক হিংসাৰ দিশঃ এই শৰণাৰ্থী আৰু প্ৰব্ৰজনকাৰীসকলে শিক্ষা, স্বাস্থ্য, নাগৰিকত্ব, কর্মসংস্থান আৰু সামাজিক সুৰক্ষাৰ অধিকাৰ পোৱা নাই তেওঁলোক আশ্রয় দেশত প্রায়েই দমন, বৈষম্য আৰু অমানবিক ব্যৱহাৰৰ সন্মুখীন হয় ইয়াৰ মূল কাৰণ হৈছে- আইনী সুৰক্ষাৰ অভাৱ, বঞ্চনামূলক নীতি আৰু সামাজিক ধাৰণাৰ দমনমূলক গঠন

মানৱ অধিকাৰৰ লংঘনঃ

() জীৱনৰ অধিকাৰ (Article 3 of UDHR) -শৰণাৰ্থীসকলে নিৰাপত্তাহীনতা আৰু হিংসাত মুখামুখি

() স্বাধীনতাৰ অধিকাৰ- তেওঁলোক আশ্রয় শিবিৰত নিৰ্বাসিত

() নাগৰিকত্ব আৰু আশ্রয় অধিকাৰ আইনগত স্বীকৃতিৰ অভাৱ

() কৰ্ম আৰু শিক্ষাৰ অধিকাৰ- সীমিত সুযোগ

আইন আৰু সংগঠনঃ জাতিসংঘৰ Refugee Convention, ১৯৫১ আৰু Protocol, ১৯৬৭ এই দিশত মুখ্য, যদিও দক্ষিণ এছিয়াৰ বহু দেশ এই Convention স্বাক্ষৰ কৰা নাই এজন শৰণাৰ্থীৰ সুৰক্ষাৰ দায়িত্ব প্রায়ই মানবিক সংগঠন আৰু ত্বণ্ডথ-সকলৰ ওপৰত নিৰ্ভৰ কৰে

প্ৰব্ৰজন আৰু শৰণাৰ্থী সমস্যা দক্ষিণ এছিয়াৰ গঠনমূলক হিংসাৰ আধুনিক ৰূপ এই সমস্যাৰ সমাধানৰ বাবে আঞ্চলিক সহযোগিতা, মানবিক নীতি, আৰু আন্তর্জাতিক আইনী সুৰক্ষা প্রয়োজন

গার্হস্থ্য হিংসা (Meaning of Domestic Violence) কি? বিভিন্ন প্ৰকাৰৰ গার্হস্থ্য হিংসাৰ বৰ্ণনা দিয়া।

উত্তৰঃ নিয়ন্ত্ৰণৰ অৰ্থে সম্পৰ্কীয় ব্যক্তিৰ প্ৰতি কৰা ক্ষমতাৰ অপব্যৱহাৰক সাধাৰণতে আমি ঘৰুৱা হিংসা ' পাৰো ঘৰুৱা হিংসা বা গার্হস্থ্য হিংসা বিভিন্ন ৰূপত দেখা দিব পাৰে উদাহৰণস্বৰূপে শাৰীৰিক, মানসিক, সামাজিক, অর্থনৈতিক বা যৌন নির্যাতন আদিৰ জৰিয়তে গার্হস্থ্য হিংসাৰ বর্হিপ্রকাশ ঘটিব পাৰে সামাজিক বা ধর্মীয় আদি বিভিন্ন কুসংস্কাৰ বা নীতি নিয়মৰ বশৱৰ্তী হৈ পুৰুষ শাসিত সামাজিক ব্যৱস্থাটোৱে নাৰীসকলৰ প্রতি অতি পুৰণি কালৰে পৰা হীনতাৰ (Inferior) আচৰণ কৰি অহা পৰিলক্ষিত হৈছে নাৰীসকলৰ প্ৰতি এই আচৰণ কম বেছি পৰিমাণে পৃথিৱীৰ প্ৰায় সকলো সামাজিক তথা সাংস্কৃতিক ব্যৱস্থাত বিদ্যমান আমাৰ ভাৰতবৰ্ষতো নাৰীসকল অতি পুৰণি কালৰে পৰা এই গার্হস্থ্য হিংসাৰ বলি হৈ অহা বুলি বিভিন্ন লিখনি বা টোকাৰ মাজেৰে জানিব পৰা যায়

গার্হস্থ্য হিংসাৰ পৰা মহিলা সকলৰ সুৰক্ষা আৰু হিংসা নিবাৰক নিয়ম পত্র (The Covenantion on preventing and combating violence against women and domestic violence) কোৱা হৈছে যে 'domestic violence shall mean all acts of physical, sexual, psychological or economic violence that occur within the family or domestic unit or between former or corrent spouses or partners, whether or not the perpetrator shares or has shares the same residence with the victim.'

গার্হস্থ্য হিংসাৰ পৰা নাৰী সুৰক্ষা আইন, ২০০৫ (The protection of women from Domestic violence act, 2005) মতে, 'any act, conduct, omission or commission that harms or injures or has the potential to harm or injure will be considered domestic violence by law.'

এইখিনিতে উল্লেখনীয় যে, বেছিভাগ ক্ষেত্রতে মহিলাসকল গার্হস্থ্য হিংসাৰ বলি হোৱা পৰিলক্ষিত হয় ভাৰততো ইয়াৰ ব্যতিক্ৰম নহয় গতিকে গার্হস্থ্য হিংসাই মহিলাসকলৰ বিৰুদ্ধে কৰা গার্হস্থ্য হিংসাকেই নির্দেশ কৰা

লিংগভিত্তিক ক্ষমতাৰ -সম সম্পৰ্ক (Unequal relation) ঘৰুৱা হিংসাৰ জন্ম দিয়ে মহিলাসকলৰ প্ৰতি কৰা ক্ষমতাৰ অপব্যৱহাৰে তেওঁলোকৰ সামাজিক স্থিতিকো দুৰ্বল কৰি পেলাইছে আৰু এই দুৰ্বলতাৰ সুযোগ লৈ পুৰুষতান্ত্রিক সমাজখনে মহিলাৰ প্রতি বৈষম্যৰ সৃষ্টি কৰি বিভিন্ন ধৰণে তেওঁলোকৰ ওপৰত হিংসা জাপি দিছে মহিলাসকলৰ বিৰুদ্ধে কৰা গার্হস্থ্য হিংসা বিভিন্ন ৰূপত দেখা দিয়া পৰিলক্ষিত হয়

তলত সেইবোৰ আলোচনা কৰা '-

( ) শাৰীৰিক নির্যাতন (Physical abuse): গার্হস্থ্য হিংসাৰ প্ৰকৃতি শাৰীৰিক নিৰ্যাতনৰ জৰিয়তেও প্রকাশ পাব পাৰে যিকোনো ধৰণৰ শাৰীৰিকভাবে আক্ৰমণাত্মক আচৰণ বা আক্রমণ আদি শাৰীৰিক নিৰ্যাতনৰ অন্তৰ্গত উদাহৰণস্বৰূপে শাৰীৰিকভাৱে আঘাত কৰা, গোৰ মৰা, কামোৰা, চৰ মৰা, জোকাৰি দিয়া, ঠেলি দিয়া, টানি অনা, ঘোচা মৰা, শ্বাসৰুদ্ধ কৰা, কোবোৱা, খামুচি দিয়া, চিকুটি দিয়া, চুলি টনা, হানি দিয়া, গুলী মৰা, পানীত ডুবাই দিয়া, জ্বলাই দিয়া, অস্ত্ৰ প্ৰদৰ্শনেৰে ভাবুকি দিয়া বা শাৰীৰিক ভাৱে আঘাতৰ ভাবুকি প্ৰদৰ্শন আদি শাৰীৰিক নিৰ্যাতনৰ অন্তৰ্গত ইয়াৰ উপৰিও শাৰীৰিক প্ৰয়োজনৰ পৰা বঞ্চিত কৰা যেনে- খাদ্য, নিদ্রা আদিও শাৰীৰিক নির্যাতৰ অন্তৰ্গত বি

() আবেগ সম্বন্ধীয় নির্যাতন (Emotional abuse): ব্যক্তিৰ আৱেগিক দিশটোত আঘাত কৰা যিকোনো কার্যই আবেগিক নির্যাতনক সূচায় ব্যক্তিৰ স্ব-মূল্য (self-worth) ধ্বংস কৰা, অবিৰতভাৱে অপমান কৰা, মান হানিকাৰক কাৰ্য কৰা অথবা নিন্দা বা সমালোচনা কৰা আদিয়ে আৱেগিক দিশত কৰা নির্যাতনক নির্দেশ কৰে এইখিনিতে উল্লেখ কৰিব পাৰি যে, আৱেগিক নির্যাতনসমূহ সাধাৰণ দৃষ্টিত বোধগম্য নহয়

অস্পৃশ্যতা নির্মূলকৰণৰ ক্ষেত্ৰত ভাৰতীয় সংবিধানত কি কি ব্যৱস্থা গ্ৰহণ কৰা হৈছে, আলোচনা কৰা

উত্তৰঃ ভাৰত চৰকাৰে আৰম্ভণিৰে পৰা অনুসূচিত জাতিৰ অধিকাৰবোৰ উন্নত কৰাৰ চেষ্টা চলাই আহিছে চৰকাৰে বিভিন্ন সাংবিধানিক আৰু বিধায়িনী ব্যৱস্থাৰে অনুসূচিত জাতিৰ কল্যাণক পোষকতা কৰাৰ প্ৰয়াস চলাইছে

() ভাৰতীয় সংবিধানৰ প্ৰস্তাৱনাই ঘোষণা কৰিছে যে প্রত্যেকৰে বাবে সমতা সুনিশ্চিত কৰিব, ভ্রাতৃত্ববোধৰ পোষকতা কৰিব, সকলোকে স্বাধীনতাৰ নিশ্চিতি দিব আৰু সকলোকে ন্যায় প্রদান কৰিব

() সংবিধানৰ ১৫, ১৬, ১৭, ৩৮ আৰু ৪৬ নম্বৰ দফাকেইটাই এই নিশ্চিতি দিছে যে ৰাষ্ট্ৰই কেতিয়াও ধর্ম, জাতি নাইবা শ্ৰেণীৰ আধাৰত কোনো ব্যক্তিৰ প্ৰতি বৈষম্যমূলক আচৰণ নকৰে

() সংবিধানৰ ১৫ নম্বৰ দফাই ধৰ্ম, জাতি, বংশ, লিংগ নাইবা জন্মস্থানৰ আধাৰত সকলো ধৰণৰ বৈষম্য নিষিদ্ধ কৰিছে

() সংবিধানৰ ১৭ নম্বৰ দফাত অস্পৃশ্যতা নির্মূল কৰা বুলি কোৱা হৈছে দফাৰ বিধি উলংঘা কৰিলে আইন মতে দণ্ডনীয় অপৰাধ বুলি গণ্য কৰা ' বুলিও কোৱা হৈছে

() সংবিধানৰ ৪৬ নম্বৰ দফাই অনুসূচিত জাতি, অনুসূচিত জনজাতি আৰু অন্য দুৰ্বল শ্ৰেণীৰ লোকৰ শৈক্ষিক তথা আর্থিক স্বাৰ্থৰ পোষকতা কৰিছে

() সংবিধানৰ ৩৩০ নম্বৰ দফাই সংসদ তথা বিধানসভাবোৰত অনুসূচিত জাতি আৰু অনুসূচিত জনজাতিৰ প্ৰতিনিধিত্ব সংৰক্ষিত কৰিছে

() সংবিধানৰ ৩৩৫ নম্বৰ দফাই অনুসূচিত জাতি আৰু অনুসূচিত জনজাতিয়ে বিভিন্ন সেৱা তথা পদৰ বাবে দাবী কৰিব পাৰে বুলি উল্লেখ কৰিছে

() সংবিধানৰ ৩৩৮ নম্বৰ দফাই অনুসূচিত জাতি আৰু অনুসূচিত জনজাতিৰ বাবে এখন ৰাষ্ট্ৰীয় আয়োগ নিয়োগ কৰিবলৈ কেন্দ্ৰীয় চৰকাৰক কর্তৃত্ব দিছে

() সংবিধানৰ ৩৩৯ নম্বৰ দফাই অনুসূচিত অঞ্চলবোৰৰ প্ৰশাসন তথা ৰাজ্যবোৰৰ অনুসূচিত জাতিবোৰৰ কল্যাণ সম্পর্কীয় প্রতিবেদন দাখিল কৰিব পৰা এক আয়োগ গঠন কৰিবলৈ ৰাষ্ট্ৰপতিক ক্ষমতা প্রদান কৰিছে

() সংবিধানৰ ৩৪১ নম্বৰ দফাই কোনো এক নির্দিষ্ট ৰাজ্য নাইবা কেন্দ্রীয় শাসিত প্রদেশত কোনবোৰ জাতি, ফৈদ অথবা জনজাতি সম্প্রদায়ক অনুসূচিত জাতি বুলি ধৰা ' সেয়া সুনিশ্চিত কৰাৰ ক্ষমতা ৰাষ্ট্ৰপতিক অর্পণ কৰিছে

ভাৰতীয় সংবিধানৰ ১৭ নম্বৰ দফাই অস্পৃশ্যতা নির্মূল হোৱা বুলি ঘোষণা কৰিছে ১৯৫৫ চনৰ অস্পৃশ্যতা অপৰাধ আইনখন বলবৎ কৰি অস্পৃশ্যতাক এক অপৰাধ বুলি ঘোষণা কৰা হৈছে আইনখনে কর্মসংস্থাপন, খোৱাপানী যোগান, উপাসনা, বাছ নাইবা ট্রেইনেৰে কৰা ভ্রমণ, চিকিৎসালয়ত ভর্তি আদি বিষয়ত অস্পৃশ্যতাৰ অনুশীলন নিষিদ্ধ ঘোষণা কৰিছে আইনখনে অস্পৃশ্যতাৰ অনুশীলনক জৰিমনা আৰু অন্য ধৰণে শাস্তি প্রদান যোগ্য কার্য বুলিও কৈছে ১৯৭৬ চনৰ অস্পৃশ্যতা (অপৰাধ) সংশোধনী আৰু অন্যান্য বিষয়ৰ আইনখনে অস্পৃশ্যতাৰ অনুশীলন কৰাসকলৰ শাস্তি বৃদ্ধি কৰিছে কিন্তু ইমানবোৰ নিষেধকাৰী ব্যৱস্থা থকা সত্বেও ভাৰতৰ পৰা অস্পৃশ্যতা সম্পূর্ণ আঁতৰা নাই গ্রামাঞ্চলবোৰত আজিও এক সামাজিক বাস্তৱ


জাতিৰ সংজ্ঞা আলোচনা কৰা

উত্তৰ: পৰম্পৰাগত ভাৰতীয় সমাজত জাতি ব্যবস্থা এক জটিল আৰু বিচিত্র সামাজিক সংস্থা যদিওবা পৃথিৱীৰ অন্যান্য সমাজত এনেধৰণৰ সংস্থাৰ নমুনা পোৱা যায় তথাপি এইটো উল্লেখযোগ্য যে ভাৰতীয় সমাজৰ জাতি ব্যৱস্থাৰ দৰে জটিল সংস্থা অন্য সামাজিক জীৱনত দেখা পোৱা নাযায় ভাৰতীয় হিন্দু সমাজ আৰু ধৰ্মত জাতি ব্যৱস্থা লাইখুটা স্বৰূপ ধৰ্ম আৰু সমাজ জীৱনৰ মাজত সম্পৰ্ক থকাৰ বাবেই ভাৰতবৰ্ষত জাতি সংস্থাই জটিল ৰূপ ধাৰণ কৰিছে J. H. Hutton তেখেতৰ গ্ৰন্থ Casting India ভাৰতবৰ্ষত প্রায় ৩০০০ টা জাতি উপজাতি আছে বুলি উল্লেখ কৰিছে গতিকে বৈজ্ঞানিক পদ্ধতিৰে জাতি ব্যৱস্থাৰ বিষয়ে অধ্যয়ন কৰা দায়িত্ব সমাজ বৈজ্ঞানিক সকলৰ ওপৰত বাৰুকৈয়ে নিৰ্ভৰ কৰে ইংৰাজী Caste শব্দটো পর্তুগীজ Casta পৰা উদ্ভৱ হৈছে Casta অৰ্থ হৈছে গোষ্ঠী, বংশ বা প্ৰকাৰ

জাতি ব্যৱস্থাৰ ওপৰত বিভিন্ন সমাজতত্ত্ববিদে তেখেতসকলৰ সংজ্ঞা দাঙি ধৰিছে তাৰে কেইটামান তলত উল্লেখ কৰা '-

() চাৰ হার্বাট ৰিজলিৰ মতে জাতি হৈছে একে নামধাৰী কিছুমান পৰিয়ালৰ সমষ্টি যি সমষ্টিৰ লোকসকলে কোনোবা মানুহ বা দেৱতাৰূপী কাল্পনিক উপৰিপুৰুষৰ বংশধৰ বুলি পৰিচয় দিয়ে তেওঁলোকে একেটা বংশগত বৃত্তিধাৰী বুলি দাবী কৰে আৰু এটা স্বজাতীয় সমুদায়ৰ সংগঠন বুলি নিজকে ধৰি লয়

() বার্টবায়াৰষ্টেডৰ মতে যেতিয়া সামাজিক শ্রেণীবোৰৰ মাজত পাৰস্পৰিক গতিশীলতা বন্ধ হয়, তেতিয়া আমি সেই শ্ৰেণী সংৰচনা জাতি সংৰচনা বুলি কওঁ

() ব্লাণ্টৰ মতে, এটা জাতি হৈছে আন্তঃবিবাহী সামাজিক গোট যি গোটৰ সদস্যসকলে বংশগত উমৈহতীয়া নাম বা উপাধি লৈ সামাজিক চালচলন কৰি থাকে এটা জাতিৰ লোকে সাধাৰণ পৰম্পৰাগত জীৱিকাত হাত দিয়ে আৰু তেওঁলোকৰ উৎপত্তি একে বুলি দাবী কৰে; সাধাৰণতে স্বজাতীয় সমুদায়ৰ ৰূপত বিবেচনা কৰা হয়

ওপৰৰ সংজ্ঞা সমূহৰ পৰা আমি ' পাৰো যে জাতি ব্যৱস্থা জন্মৰ ওপৰত আধাৰিত আৰু প্ৰত্যেক জাতিৰেই স্বজন, বিবাহ, ধৰ্মাচৰণ, বৃত্তি ব্যৱসায় আদিত সুকীয়া বৈশিষ্ট্য আছে জাতি ব্যৱস্থাৰ অন্তৰ্গত বিভিন্ন জাতিবোৰৰ মাজত সামাজিকভাৱে অসমতা আছে আৰু সেইবাবে জাতিবোৰ পৃথক পৃথক সমূহত বিভক্ত প্রত্যেক জাতিৰেই কিছুমান বিশেষ সামাজিক ভূমিকা, দায়িত্ব, কর্তব্য আৰু অধিকাৰ আছে যাৰ ভিত্তিত জাতিৰ মাজত উচ্চ-নীচ সংস্তৰণ কৰা হয় গতিকে জাতি এনে কিছুমান মানুহৰ গোট যিসকলে নিজকে একে ধর্মীয় আৰু বৃত্তিগত সম্প্রদায় হিচাপে বিবেচনা কৰে আৰু তেওঁলোকৰ মাজত বিবাহ, ভোজন, উৎসৱ আৰু অন্যান্য সামাজিক চালচলনো প্রচলিত হৈ থাকে


মহিলাৰ অধিকাৰ ৰক্ষাৰ ক্ষেত্ৰত লোৱা উল্লেখযোগ্য আইনী পদক্ষেপসমূহ কি কি আলোচনা কৰা

উত্তৰ: মহিলাৰ অধিকাৰ ৰক্ষাৰ ক্ষেত্ৰত লোৱা কিছুমান উল্লেখযোগ্য আইনী পদক্ষেপঃ

() নিম্নতম মজুৰি আইন, ১৯৪৮ (Minimum Wages Act, 1948)|

() Plantation Labour Act, 19511

() কাৰখানা আইন, ১৯৫২ (Factories Act of 1952)

() হিন্দু উত্তৰাধিকাৰী আইন, ১৯৫৬ (Hindu Succession Act of 1956)

() প্ৰসৱকালীন সাহায্য আইন, ১৯৬১ (Maternity Benefits Act of 1961)

() যৌতুক নিষিদ্ধ আইন, ১৯৬১ (The Dowry Prohibition Act of 1961)|

() ঠিকাভিত্তিক নিবনুৱা (পৰিচালনা আৰু বিলুপ্তিকৰণ) আইন, ১৯৬৬ (Contract Labour (Regulation and Abolition) Act of 1966) |

() সম মজুৰি আইন, ১৯৭৬ (Equal Remuneration Act of 1976)

() সতী প্ৰতিৰোধী আইন, ১৯৮৭ (Sati Prevention Act, 1987)

() হিন্দু বিবাহ আইন, ১৯৯৫ (The Hindu Marriage Act, 1995)

() অপৰাধ সংক্রান্তীয় বিধি সংশোধনী আইন ১৯৮১ (Criminal Law Amendment Act, 1981)

() মহিলাৰ বাবে আসন সংৰক্ষণৰ আইন, ২০০৯ (Women Reservation Act, 2009)

() মহিলাক ঘৰুৱা হিংসাৰপৰা প্ৰতিৰোধ আইন, ২০০৫ (The Protection of Women from Domestic Violence Act, 2005)

১৯৯০ চনৰ ১০ ডিচেম্বৰ তাৰিখৰপৰা ১৫ তাৰিখলৈ দিল্লীত বিশ্ব মানৱ অধিকাৰ কংগ্রেছে (The World Congress on Human Rights) মানৱ অধিকাৰ লংঘনৰ দিশত থকা চলিত ব্যৱস্থাবোৰ নতুন বিধি-ব্যৱস্থাৰ অধীনলৈ অনাৰ পোষকতা কৰে

বিশ্ব মানৱ অধিকাৰ কংগ্ৰেছত ৰাষ্ট্ৰীয় আইনৰ পোষকতা কৰি মহিলাৰ ক্ষেত্ৰত হোৱা বৈষম্য দূৰীকৰণৰ ব্যৱস্থা কৰাৰ পোষকতা কৰে নিম্নোক্ত ক্ষেত্ৰসমূহত লিঙ্গ বৈষম্য দূৰীকৰণৰ বাবে আলোচিত হয়, যেনে- () বিবাহ আৰু () উত্তৰাধিকাৰ প্ৰসঙ্গ

এই সম্মিলনে মহিলাৰ অধিকাৰৰ দিশসমূহ চোৱা-চিতা কৰাৰ উদ্দেশ্যে পৰিয়াল আদালত স্থাপনৰ পৰামৰ্শ আগবঢ়ায়

গতিকে দেখা ' যে মহিলাৰ মানৱ অধিকাৰক সামূহিক অধিকাৰ হিচাপে গণ্য কৰা হয়, ' মহিলাসকলৰ নিজা অধিকাৰ সাব্যস্ত কৰাৰ সক্ষমতা নির্ণীত হয়

মানৱ অধিকাৰৰ প্ৰত্যাহ্বান হিচাপে নৃগোষ্ঠীয় সংঘৰ্ষৰ বিষয়ে আলোচনা কৰা মানৰ অধিকাৰ সাৰ্বজনীন ঘোষণা-পত্ৰত ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাত নৃ-গোষ্ঠীয় সম্পর্কীয় ঘোষণাত কি কি অধিকাৰৰ কথা কোৱা হৈছে?

উত্তৰ: অসামৰিক আৰু ৰাজনৈতিক অধিকাৰ সম্পৰ্কীয় আচাৰ চুক্তিৰ ২৭ নং অনুচ্ছেদ মতে নৃগোষ্ঠীয়, ধর্মীয় আৰু ভাষিক সংখ্যালঘুসকলক অর্থনৈতিক, সাংস্কৃতিক, ভাষিক আচাৰ-ৰীতিসমূহ বিশ্বৰ যিকোনো ঠাইতে পালনৰ অধিকাৰ থাকিব উক্ত চুক্তি-পত্ৰৰ আধাৰত ১৯৯২ চনৰ ১৮ ডিচেম্বৰ তাৰিখে ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাই গ্ৰহণ কৰা এক ঘোষণা-পত্র মতে নৃগোষ্ঠীয় বা জাতীয়, ধর্মীয় বা ভাষিক সংখ্যালঘুৰ লোকসকলৰ সুৰক্ষাৰ বাবে এক অধিকাৰ সম্পৰ্কীয় ঘোষণা-পত্ৰ গ্ৰহণ কৰে

নৃগোষ্ঠীয় সংঘৰ্ষৰ পাতনি মেলে পূৰ্বৰ ছোভিয়েট ৰাছিয়া আৰু পূব ইউৰোপত সমাজবাদৰ পতনৰ পৰৱৰ্তী সময়ত পৃথিৱীৰ বিভিন্ন দেশত নৃগোষ্ঠীয় সংঘর্ষ হৈয়ে থাকে জাতি, ধৰ্ম, পৰম্পৰাগত পার্থক্যসমূহৰ উপৰি একো একোটা বিশেষ ঐতিহাসিক ঘটনাই নৃগোষ্ঠীয় সংঘর্ষ সৃষ্টি হোৱাত সহায় কৰে

পর্যায় হিচাপে ভাগ কৰিলে প্রথম মহাসমৰৰ পাছৰ নৃগোষ্ঠীয় সংঘর্ষ, দ্বিতীয়তে দ্বিতীয় মহাসমৰৰ পাছত ইউৰোপীয় ৰাষ্ট্ৰগোষ্ঠীৰ সাম্রাজ্যবাদী আগ্রাসনৰ পৰা মুক্তি বিচাৰি হোৱা নৃগোষ্ঠীয় সংঘর্ষ, তৃতীয়তে পূৰ্বৰ ছোভিয়েট ইউনিয়ন আৰু পূব ইউৰোপৰ ৰাষ্ট্ৰসমূহত সমাজবাদৰ পতনৰ পাছত হোৱা নৃগোষ্ঠীয় সংঘর্ষ

নৃগোষ্ঠীয় সংঘৰ্ষৰ ফলতেই পূৰ্বৰ ছোভিয়েট ৰাছিয়া আৰু যুগোশ্লাভিয়া ভাগি থানবান হৈছিল বছনিয়া, হার্জেগ ভিনা, ছার্বিয়া, ক্রোবেছিয়া আদি ৰাষ্ট্ৰত নৃগোষ্ঠীয় সংঘৰ্ষৰ বীভৎস ৰূপৰ ইতিহাস আছে ফলস্বৰূপে নৃগোষ্ঠীয় জনতাই দেশ এৰি সিদেশত আশ্রয় ' লগা হৈছে এনে নৃ-গোষ্ঠীয় সংঘৰ্ষৰ ফলত বিশ্বত লাখ লাখ লোক গৃহহীন হোৱাৰ লগতে মানৱ অধিকাৰৰপৰাও বঞ্চিত হৈছে

মানৰ অধিকাৰ সাৰ্বজনীন ঘোষণা-পত্ৰত ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাত নৃ-গোষ্ঠীয় সম্পর্কীয় ঘোষণাত তলত দিয়া অধিকাৰসমূহৰ কথা কোৱা হৈছে-

() দেশীয় লোক বা নৃ-গোষ্ঠীয় সংখ্যালঘুসকলৰ সাংস্কৃতিক, ধর্মীয় আৰু ভাষাৰ ক্ষেত্রত স্বকীয়তা আছে, তাক তেওঁলোকে বসবাস কৰা অঞ্চল বা দেশত চৰকাৰে আইন প্ৰণয়ন কৰি বা আন ব্যৱস্থা গ্রহণ কৰি সুৰক্ষা কৰিব

() সকলো নৃ-গোষ্ঠীয় লোকেই নিজা ধর্ম, ভাষা, সংস্কৃতি আদিৰ চিন্তা-চৰ্চা কৰিব পাৰিব

() সংখ্যালঘুসকলে তেওঁলোকৰ নিজা সাংস্কৃতিক, অর্থনৈতিক, সামাজিক আৰু ৰাজহুৱা জীৱনৰ সকলো কামতে অংশগ্রহণ কৰিব পাৰিব

() আঞ্চলিক বা ৰাষ্ট্ৰীয় পৰ্যায়ত কোনো বিষয় লৈ বিতর্ক আৰু সিদ্ধান্ত গ্রহণ কৰিব পাৰিব অৱশ্যে নৃ-গোষ্ঠীয়সকলে প্রণয়ন কৰা আইন ৰাষ্ট্ৰীয় আইনৰ পৰিপন্থী ' নোৱাৰিব

() নৃ-গোষ্ঠীয়সকলে নিজস্বভাবে সংস্থা গঠন কৰিব পাৰিব

() নৃ-গোষ্ঠীয়সকলে আন সংখ্যালঘু লোকসকলৰ লগত কোনো বৈষম্য নোহোৱাকৈ শান্তিপূর্ণভাৱে মতৰ আদান-প্রদান বা যোগাযোগ কৰিব পাৰিব আন জনগোষ্ঠীৰ লগতো যোগাযোগ কৰিব পাৰিব

() নৃ-গোষ্ঠীয়সকলৰ আন এটা উল্লেখযোগ্য অধিকাৰ ' তেওঁলোকৰ নিজ মাতৃভাষাৰ শিক্ষা গ্ৰহণৰ যোগেদি উৎকর্ষ সাধন ' পাৰিব

() দেশৰ আৰ্থিক আৰু সামাজিক বিকাশত অৰিহণা যোগাব পাৰিব

() ৰাষ্ট্ৰ নিৰ্মাণৰ ধাৰাটোত নৃ-গোষ্ঠীয় সংখ্যালঘুসকলে সকলোৰে মাজত পাৰস্পৰিক ভাব বিনিময় কৰিব পাৰিব

() মানৱ অধিকাৰৰ দিশসমূহৰ প্ৰতি দায়বদ্ধতাৰে সকলোৰে অধিকাৰৰ প্ৰতি সন্মান প্ৰদৰ্শন কৰাটো প্রয়োজন

আন্তর্জাতিক ঘোষণা-পত্ৰত কোৱা হৈছে যে মানৱ অধিকাৰসমূহ ভোগ কৰাৰ ক্ষেত্ৰত ৰাষ্ট্ৰই সকলো লোককেই সমান সুযোগ-সুবিধা দিব ১৯৯৩ চনৰ ভিয়েনা কংগ্ৰেছৰ ঘোষণাতো জাতীয় বা নৃ-গোষ্ঠীয়, ধর্মীয় বা ভাষিক সংখ্যালঘুকে আদি কৰি সকলো ৰাষ্ট্ৰ বা আন্তঃৰাষ্ট্ৰীয় সম্প্রদায়বোৰৰ অধিকাৰবোৰ 'জাতীয় বা নৃ-গোষ্ঠীয়, ধর্মীয় বা ভাষিক সংখ্যালঘুসকলৰ ঘোষণা-পত্ৰ' উল্লেখ কৰাৰ দৰে সুৰক্ষিত কৰিবৰ বাবে আহ্বান জনোৱা হয়

নাৰী নিৰ্য্যাতন মানে কি? নাৰী নিৰ্যাতনৰ বিষয়ে আলোচনা কৰা

উত্তৰ: বহু প্ৰাচীন কালৰে পৰা ভাৰতত নাৰী সমাজ নির্যাতিতা-নিষ্পেষিতা হৈ আহিছে মহিলাসকলৰ শিক্ষাৰ বিস্তাৰ, ক্রমবর্ধমান অর্থনৈতিক স্বাৱলম্বিতা, নাৰীৰ বিকাশ আৰু নিৰাপত্তাৰ বাবে গ্ৰহণ কৰা বিভিন্ন বিধি-বিধান প্রণয়ন কৰাৰ পাছতো নাৰী নিৰ্য্যাতনৰ ঘটনাৰ ওৰ পৰা নাই

নাৰী নিৰ্য্যাতন বুলিলে নাৰীৰ বিৰুদ্ধে কৰা যিকোনো কামকে বুজায় কেম্পৰ (১৯৮২) মতে, নির্যাতন বুলিলে 'শাৰীৰিকভাবে অপদস্থ কৰি কাৰোবাক আঘাতপ্রাপ্ত কৰাটো' বুজায় বাস্তবিকতে, নিৰ্য্যাতনৰ অৰ্থ এনে হোৱা উচিত- 'এগৰাকী নাৰীয়ে স্বেচ্ছাই সমর্থন নকৰা অথবা সম্মতি প্রদান নকৰা কথা অথবা বিষযত জোৰ কৰি সন্মতি আদায়ৰ চেষ্টা কৰি শাৰীৰিক তথ্য মানসিকভাৰে আঘাত কৰা নাইবা দুয়োধৰণে হানি কৰা' এইদৰে লক্ষ্য কৰিলে ধর্ষণ, পত্নীক প্ৰহাৰ কৰা, যৌন দুর্ব্যৱহাৰ, জোকোৱা, বলপূর্বক দেহ ব্যৱসায়ত লিপ্ত কৰোবা, মহিলাৰ গুপ্তাঙ্গক লৈ অশালীন মন্তব্য নাইবা অনিষ্ট সাধন কৰা, বলপূর্বক বৈবাহিক সম্বন্ধ কৰা, অপহৰণ, হত্যা আদিবোৰ ' নাৰী নিৰ্য্যাতনৰ কিছু উদাহৰণ

১৯৯৩ চনৰ ৰাষ্ট্ৰসংঘৰ এক ঘোষণা মতে নাৰী নিৰ্য্যাতন '- 'ৰাজহুৱাই হওক নাইবা ব্যক্তিগত স্থানতে হওক, শাৰীৰিক, যৌন নাইবা মনস্তাত্বিক হানি-বিঘিনি অথবা এনেবোৰ বিষয়ত ভুগিবলগীয়া হোৱা যিকোনো লিঙ্গবৈষম্যমূলক আচাৰ-আচৰণ, কর্ম, যাৰ দ্বাৰা মহিলা গৰাকীক ব্যক্তি স্বাধীনতা উপভোগৰ সুবিধাৰ পৰা আঁতৰাই পঠিওৱা নাইবা উপেক্ষিতা কৰা কাৰ্য্য'

১৯৯৫ চনৰ চতুৰ্থ নাৰী সম্মিলনত নিদ্ধাৰিত সূত্র মতে ব্যক্তিগতভাৱে নাইবা সমূহীয়াভাৰে মহিলাৰ ওপৰত কৰা আক্রোশমূলক শাৰীৰিক আচৰণেই ' নাৰী নিৰ্য্যাতন পক্ষপাতিত্বমূলকভাবে শাৰীৰিক, যৌন সম্বন্ধীয় নাইবা ব্যক্তিগত অথবা সামাজিক স্বাধীনতাৰ পৰা বঞ্চিত কৰা আৰু সামৰিক সংঘাতৰ সময়ত হোবা মানব অধিকাৰ উলংঘনৰ দৰে পৰিঘটনা সৃষ্টি ' পৰা লিঙ্গভিত্তিক বৈষম্যৰ যিকোনো কামেই নাৰী নির্যাতন (নাৰী সম্মিলন, বেইজিং ১৯৯৫ চন)

ভাৰতৰ উত্তৰ-পূৰ্বাঞ্চলৰ মহিলাসকলে ভাৰতৰ আন অঞ্চলতকৈ অধিক মুক্তভাবে আত্মপ্রকাশ কৰা নাইবা চলাচল কৰাৰ সুবিধা পায় পুৰুষ-মহিলা উভয়ে সম অধিকাৰ উপভোগ কৰাৰ সামাজিক বাতাবৰণৰ এটা আছে বাবেই এই অঞ্চলত নাৰী নিৰ্য্যাতনৰ ঘটনা যথেষ্ট কম তথাপিও শেহতীয়াকৈ অঞ্চলটোত দুর্ভাগ্যজনকভাবে নাৰী নিৰ্য্যাতনৰ ঘটনা প্রতিবছৰে ক্ৰমে বৃদ্ধি হোৱাটো চৰম পৰিতাপৰ কথা

ভাৰতবৰ্ষৰ প্ৰেক্ষাপটত অন্যান্য পিছপৰা শ্ৰেণীৰ বাবে ৰাষ্ট্ৰীয় আয়োগ আইন, ১৯৯৩ সম্পর্কে আলোচনা কৰা

উত্তৰঃ ভাৰতীয় সংবিধানৰ ১৫ () নং অনুচ্ছেদ অনুসৰি জাতি, ধর্ম, ভাষা, বর্ণ, লিঙ্গ আদিৰ ভিত্তিত ৰাষ্ট্ৰই ব্যক্তিৰ অধিকাৰৰ ক্ষেত্ৰত বৈষম্যমূলক আচৰণ কৰিব নোৱাৰিব

অনুচ্ছেদ নং ১৫ () আৰু ২৯ নংত সামাজিক আৰু শৈক্ষিকভাৱে পিছপৰা শ্ৰেণীৰ নাইবা অনুসূচিত জাতি আৰু জনজাতিৰ বাবে বিশেষ সুৰক্ষামূলক ব্যৱস্থা গ্রহণ কৰিবলৈ নির্দেশনা দিয়া আছে

অনুচ্ছেদ ১৬ ()- মতে সকলো নাগৰিকে জাতি ধর্ম-বর্ণ-লিঙ্গ নির্বিশেষে নিয়োগৰ ক্ষেত্রত সমান সুযোগ-সুবিধা লাভ কৰিব সংবিধানৰ অনুচ্ছেদ নং ৩৪০ () মতে অন্যান্য পিছপৰা শ্ৰেণীৰ লোকসকলৰ সৰ্বাঙ্গীন উন্নয়ন আৰু বিকাশৰ লক্ষ্যেৰে ১৯৯৩ চনৰ ফেব্ৰুৱাৰী মাহত 'পিছপৰা শ্ৰেণীসমূহৰ বাবে ৰাষ্ট্ৰীয় আয়োগ আইন' ভাৰতীয় সংসদত গৃহীত কৰা হয়

জম্মু আৰু কাশ্মীৰৰ বাদে সমগ্ৰ ভাৰততে কাৰ্যকৰী কৰা আইনখনৰ যোগে পিছপৰা শ্ৰেণীসমূহৰ সামগ্রিক উন্নয়নত সহায়ক হোৱাকৈ ৰাষ্ট্ৰীয় আয়োগ এখন গঠনৰ ব্যৱস্থা কৰা হয়

আয়োগৰ গঠন: আয়োগখন গঠনৰ সম্পূৰ্ণ কর্তৃত্ব কেন্দ্ৰীয় চৰকাৰৰ হাতত থাকিব আইন অনুসৰি আয়োগৰ বিষয়ববীয়াসকল এনে ধৰণৰ-

() এজন অধ্যক্ষ, তেওঁ ভাৰতৰ উচ্চতম ন্যায়ালয়ৰ এজন অৱসৰপ্ৰাপ্ত বা উচ্চ ন্যায়ালয়ৰ কৰ্মৰত বিচাৰপতি ' লাগিব

() এজন সদস্য বিশিষ্ট সমাজ বিজ্ঞানী ' লাগিব

() পিছপৰা শ্ৰেণী সম্পর্কত বিশেষ অভিজ্ঞতা থকা জন সদস্য থাকিব

() আয়োগৰ সদস্য সচিবজন কেন্দ্ৰীয় চৰকাৰৰ সচিব পৰ্যায়ৰ অৱসৰপ্ৰাপ্ত বা কৰ্মৰত বিষয়া ' লাগিব

অধ্যক্ষ আৰু সদস্যসকলক কেন্দ্ৰীয় চৰকাৰৰ অনুমোদন সাপেক্ষে ৰাষ্ট্ৰপতিয়ে নিয়োগ কৰিব আয়োগৰ অধ্যক্ষ সমন্বিতে সদস্যসকলৰ কাৰ্যকাল বছৰ '

ক্ষমতা আৰু কাৰ্যাৱলী: পিছপৰা শ্ৰেণীৰ ৰাষ্ট্ৰীয় আয়োগৰ নং ধাৰা অনুসৰি তলত দিয়া কাৰ্যাৱলী সম্পাদন কৰাৰ ক্ষমতা আছে সেইবোৰ '-

() আয়োগে ভাৰতৰ যিকোনো ঠাইৰ মানুহক আয়োগৰ আগত হাজিৰ হোৱাৰ বাবে জাননী জাৰি কৰিব পাৰে

() প্রয়োজনত শপত খোৱাই আয়োগৰ ওচৰত সাক্ষ্য প্রমাণ দাখিল কৰিবৰ বাবে কোনো ব্যক্তিক বাধ্য কৰাব পাৰে

() প্রয়োজন সাপেক্ষে পৰোৱানা জাৰি কৰিব পাৰে

() কেন্দ্ৰীয় চৰকাৰে আৰোপ কৰা আন দায়িত্বসমূহ পালন কৰিব

() শপতনামাৰে সৈতে সাক্ষ্য প্রমাণ গ্রহণ কৰা

() কেন্দ্ৰীয় চৰকাৰে সময়ে সময়ে নতুন শ্রেণীক পিছপৰা শ্ৰেণীৰ অন্তৰ্ভুক্ত কৰিব পাৰে বা কোনো শ্রেণীক তালিকাৰপৰা বাদ দিব পাৰে

() কেন্দ্ৰীয় চৰকাৰক আয়োগে প্রত্যেক বিত্তীয় বৰ্ষৰ হিচাপ-নিকাচ দাখিল কৰিব লাগে

ভাৰতীয় দণ্ডবিধি আইন অনুসৰি I.P.C. (45 of 1860 Section 21) আয়োগৰ অধ্যক্ষ আৰু সদস্যসকল জনসেৱক বা কৰ্মচাৰী হিচাপে বিবেচিত '

১০ নাৰী নিৰ্য্যাতনক কি কি প্ৰকাৰত ভাগ কৰিব পাৰি?

উত্তৰ: নাৰী নিৰ্য্যাতনৰ ভিন্নতাৰ প্ৰতি লক্ষ্য ৰাখি ইয়াক নিম্নোক্ত প্ৰকাৰবোৰত শ্রেণীবদ্ধ কৰিব পাৰি-

() ঘৰুৱা নিৰ্য্যাতন: পৰিয়ালৰ ভিতৰতে চলা শাৰীৰিক, মানসিক আৰু যৌন নির্যাতনেই ' ঘৰুৱা নিৰ্য্যাতন শাৰীৰিকভাবে প্ৰহাৰ কৰা, যৌতুক সম্বন্ধীয় অত্যাচাৰ, কন্যা শিশুক কৰা যৌন শোষণ, বৈবাহিক ধর্ষণ, মহিলাৰ যৌনাঙ্গক লৈ কৰা অশালীন আচৰণ আদি বিষয়বোৰ এই ধৰণৰ নিৰ্যাতনৰ অন্তৰ্গত

() সামাজিক নির্যাতন: গোষ্ঠীগতভাবে সংঘটিত হোৱা ধৰ্ষণ, যৌন অবিচাৰ নাইবা অসৎ আচৰণ; কর্মক্ষেত্র, শিক্ষানুষ্ঠান অথবা আন ৰাজহুৱা অনুষ্ঠানত হোৱা যৌন উৎপীড়ন আৰু অবিচাৰ, নাৰী সৰবৰাহ, দেহ ব্যৱসায়ত জোৰকৈ জড়িত কৰোৱা, জোকোৱা নাইবা অশালীন মন্তব্য কৰা আদি শাৰীৰিক, মানসিক আৰু যৌন নির্যাতনেই ' সামাজিক নির্যাতন

() অপৰাধমূলক নিৰ্য্যাতন: নাৰীৰ মৌলিক অধিকাৰ খৰ্ব কৰি আইন বিৰুদ্ধভাবে আতিশয্য চলোৱা কাৰ্য্যবোৰকে অপৰাধমূলক নির্যাতন বোলা হয় হত্যা, অপহৰণকে ধৰি দেশৰ আইন বিৰুদ্ধ নিৰ্য্যাতনধর্মী কাৰ্য্যবোৰো ইয়াৰ অন্তৰ্গত

১৯৯০ দশকৰ পৰা সমাজত ক্রমে বৃদ্ধি পোৱা নাৰী নিৰ্য্যাতনৰ ঘটনা, বিশেষকৈ ঘৰুৱা নিৰ্য্যাতন অতি গুৰুত্বপূৰ্ণ বিষয়ত পৰিগণিত হৈছে সকলো আর্থ-সামাজিক শ্ৰেণীৰ পৰিয়ালতেই ঘৰুৱা নিৰ্য্যাতন সংঘটিত হয় এনে সংক্রান্তত বিভিন্ন সমাজত মহিলাসকল নীৰব-নিশ্চুপ হৈ থকাটোক এটা সামাজিক প্রক্রিয়া হিচাপে সহজে গ্রহণ কৰা দেখা যায় ১৯৮৩ চনৰ পৰাহে ঘৰুৱা নিৰ্য্যাতন এক অপৰাধ হিচাপে গণ্য কৰা পৰিলক্ষিত হৈছিল যদিও ইয়াৰ বাবে সুকীয়া আইনৰ অভাব আছিল ২০০৬ চনত 'ঘৰুৱা নিৰ্যাতনৰ পৰা নাৰী সুৰক্ষা আইন, ২০০৫' নামৰ নাৰী নিৰ্য্যাতন বিৰোধী আইনখন সংশোধিত ৰূপ প্ৰৱৰ্তন কৰাৰ পৰা এই দিশত এক ইতিবাচক পৰিৱৰ্তন আৰম্ভ হয় এই আইনে বৈবাহিক ধৰ্ষণ প্ৰতিৰোধকে ধৰি গিৰিয়েক নাইবা যিসকল লোকে এগৰাকী মহিলাক আৱেগিক নাইবা শাৰীৰিকভাবে উৎপীড়ন কৰিব পাৰে তেওঁলোকৰ পৰা নাৰীগৰাকীক সুৰক্ষিত ৰখাৰ ব্যৱস্থা কৰিছে