ভাৰতৰ সাংস্কৃতিক ঐতিহ্য়
Lesson 10
অনুশীলনী - ১
১. তলৰ প্ৰশ্নবোৰৰ উত্তৰ দিয়া-
(ক) ভাৰতৰ বেছিভাগ ভাষাৰ মূল স্বৰূপ ভাষাটো কি?
১. তলৰ প্ৰশ্নবোৰৰ উত্তৰ দিয়া-
(ক) ভাৰতৰ বেছিভাগ ভাষাৰ মূল স্বৰূপ ভাষাটো কি?
উঃ ভাৰতৰ বেছিভাগ ভাষাৰ মূল স্বৰূপ ভাষাটো হ’ল সংস্কৃত ভাষা বা প্ৰাচীন ভাৰতীয় আৰ্য ভাষা।
(খ) সংস্কৃত ভাষাক কিয় 'দেৱভাষা' বোলা হয়?
(গ) অপভ্রংশ কি?
২. 'সংগম সাহিত্য' কাক বোলে? এই সাহিত্যৰ অন্তর্ভুক্ত মহাকাব্য দুখনৰ নাম লিখা।
৩. সংস্কৃত ভাষাত লিখা দুখন সাধুকথাৰ পুথিৰ নাম লিখা।
উঃ প্ৰাচীন কালত বেদ, বেদাংগ, উপনিষদ, আৰণ্য়ক, পুৰাণ, ৰামায়ণ, মহাভাৰত আদি সংস্কৃত ভাষাতেই লিখা হৈছিল। সেয়েহে, সংস্কৃতক দেৱভাষা বোলা হয়।
উঃ 'গহ সত্তসাই' হ'ল প্ৰাকৃত ভাষাৰ আ এক উল্লেখযোগ্য় সৃষ্টি। একেসময়তে প্ৰাকৃতৰপৰা বহু কথিত ভাষাৰ উৎপত্তি হৈছিল। এনেবোৰক 'অপভ্ৰংশ' বোলা হয়। জৈন ধৰ্মৰ লেখাবোৰ পালি আৰু প্ৰাকৃতত লিখা যদিও মহাবীৰে নিজৰ বাণীবোৰ অপভ্ৰংশতে প্ৰচাৰ কৰিছিল।
উঃ প্ৰাচীন ভাৰতৰ সমৃদ্ধ ভাষা হ'ল তামিল। তামিল সাহিত্য়ক সংগম সাহিত্য় বোলে। এই সাহিত্য়ৰ অন্তৰ্ভুক্ত মহাকাব্য় দুখনৰ নাম হ'ল 'চিলাপথিকাৰম' আৰু 'মণিমেকলাই'
উঃ সংস্কৃত ভাষাত লিখা দুখন সাধুকথাৰ পুথিৰ নাম হ'ল 'পঞ্চতন্ত্ৰ' আৰু 'হিতোপদেশ'।
অনুশীলনী - ২
(ক) ভাৰতৰ সংগীতৰ মূল ভেটি কি?
উঃ সংগীতৰ তিনিওটা উপাদান গীত, বাদ্য় আৰু নৃত্য়ই ভাৰতীয় সংগীতৰ মূল ভেটি।
উঃ ভাৰতৰ শাস্ত্ৰীয় সংগীতৰ প্ৰধান ভাগ দুটা হ'ল হিন্দুস্তানী সংগীত আৰু কৰ্ণাটকী সংগীত।
উঃ কালিদাসে ৰচনা কৰা দুখন নাটকৰ নাম হ'ল 'মালৱিকা-অগ্নিমিত্ৰম' আৰু 'অভিজ্ঞানম শকুন্তলম'।
উঃ সমৰকলাৰ লগত জড়িত দুবিধ নৃত্য়ৰ নাম হ'ল মহাৰাষ্ট্ৰৰ মৰদানী আৰু মণিপুৰৰ থানটা।
উঃ মোগল চিত্ৰকলাৰ প্ৰধান বিষয়বস্তুবোৰ হৈছে সমসাময়িক ৰাজনৈতিক ঘটনা, ৰাজদৰবাৰৰ দৃশ্য়, সম্ৰাট, চিকাৰ, প্ৰাকৃতিক দৃশ্য়, গছ-লতা আদি।
উঃ যিবিলাক পুৰণি পুথিৰ বিষয়বস্তু বা কাহিনীক প্ৰকাশ কৰিবলৈ লিপিৰ সমান্তৰালভাৱে সাঁচিপাত বা তুলাপাতৰ ওপৰত চিত্ৰ অংকন কৰা হয়, সেইবোৰক সচিত্ৰ পুথি বোলে। অসমৰ তিনিখন সচিত্ৰ পুথিৰ নাম হ'ল- হস্তীবিদ্য়াৰ্ণৱ, আনন্দলহৰী আৰু চিত্ৰ ভাগৱত।
উঃ ভাৰতৰ উত্তৰ ভাৰতৰ মন্দিৰশৈলীক নগৰ, দক্ষিণ ভাৰতৰ দ্ৰাবিড়, বিন্ধ্য় আৰু কৃষ্ণ নদীৰ মাজভাগ বিশেষকৈ কৰ্ণাটক অঞ্চলৰ মন্দিৰশৈলীক বেছৰ বুলি জনা যায়।
Answer By: Bikash Bora