সংবিধান
Lesson 12
অনুশীলনী - ১
১. তলৰ প্ৰশ্নবোৰৰ উত্তৰ দিয়া-
(ক) সংবিধান বুলিলে কি বুজা?
উঃ ৰাষ্ট্ৰ পৰিচালনাৰ বাবে প্ৰয়োজনীয় নীতি-নিয়ম আৰু আইনৰ সামূহিক ৰূপটোকে সামগ্ৰিকভাৱে সংবিধান বুলি কোৱা হয়।
(খ) সংবিধান কেই প্ৰকাৰৰ?
উঃ সংবিধান দুই প্ৰকাৰৰ। সেইকেইটা হৈছে লিখিত সংবিধান আৰু অলিখিত সংবিধান।
(গ) কোনখন দেশত সর্বপ্রথম লিখিত সংবিধান প্রণয়ন কৰা হৈছিল?
উঃ আমেৰিকা দেশত সৰ্বপ্ৰথম লিখিত সংবিধান প্ৰণয়ন কৰা হৈছিল।
(ঘ) অলিখিত সংবিধান থকা দেশ এখনৰ নাম লিখা।
উঃ অলিখিত সংবিধান থকা দেশ এখনৰ নাম হ'ল ইংলেণ্ড।
(ঙ) সংবিধানৰ যিকোনো এটা বৈশিষ্ট্য লিখা।
উঃ সংবিধানৰ যিকোনো এটা বৈশিষ্ট্য় হ'ল- ৰাষ্ট্ৰৰ সৰ্ব্বোচ্চ আইন।
২. সংবিধানৰ প্ৰয়োজনীয়তা বৰ্ণনা কৰা।
উঃ বৰ্তমান পৃথিৱীৰ প্ৰায়ভাগ দেশতে সংবিধান আছে। সংবিধানে ৰাষ্ট্ৰ পৰিচালনা কৰাত সহায় কৰে। তলত সংবিধানৰ সম্পৰ্কে আলোচনা কৰা হ'ল-
(ক) সংবিধানে ৰাষ্ট্ৰ পৰিচালনাৰ নীতি-নিয়ম নিৰ্ধাৰণ কৰে। সংবিধানে দেশৰ ভিন্নতাৰ মাজতো দেশ এখন সুকলমে পৰিচালনা কৰা সহায় কৰে।
(খ) সংবিধানত ৰাষ্ট্ৰ পৰিচালনাৰ তিনিটা অংগ- কাৰ্যপালিকা, বিধানমণ্ডল আৰু ন্য়ায়পালিকাৰ গঠন আৰু কাৰ্যাৱলী লিপিবদ্ধ কৰা থাকে।
(গ) দেশৰ নাগৰিকসকলৰ বাবে সংবিধানে কিছুমান মৌলিক অধিকাৰক স্বীকৃতি দিয়ে আৰু এই আধিকাৰবোৰ সুৰক্ষিত কৰাত সংবিধানে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে।
(ঘ) সংবিধানত ৰাষ্ট্ৰৰ নিৰ্বাচন প্ৰক্ৰিয়াৰ সবিশেষ নির্দেশনা থাকে। নির্বাচন পৰিচালনাৰ বাবে সংবিধানৰ অধীনত এক স্বতন্ত্র নির্বাচন আয়োগে কাৰ্যনিৰ্বাহ কৰে।
(ঙ) সংবিধানৰ মাজেৰে এখন ৰাষ্ট্ৰৰ আদৰ্শ, লক্ষ্য, উদ্দেশ্য আৰু দৰ্শনৰ প্ৰতিফলন ঘটে।
৩. চমুটোকা লিখা-
(ক) অলিখিত সংবিধান
উঃ অলিখিত সংবিধান: কিছুমান দেশৰ সংবিধান দেশখনৰ প্ৰচলিত ৰীতি-নীতি, পৰম্পৰা বা পূর্ব আধাৰিত আইনৰ সিদ্ধান্তৰ ওপৰত ভিত্তি কৰি চলি থাকে। এনেধৰণৰ সংবিধানৰ কোনো নির্দিষ্ট প্রণেতা, প্রণয়নকাল আৰু লিখিত ৰূপ নাথাকে। এনেবোৰ সংবিধানক অলিখিত সংবিধান বুলি কোৱা হয়। উদাহৰণস্বৰূপে- ইংলেণ্ডৰ সংবিধান এখন অলিখিত সংবিধান ।
(খ) লিখিত সংবিধান
উঃ যি সংবিধান লিপিবদ্ধ অৱস্থাত থাকে, তাকে লিখিত সংবিধান বোলে। লিখিত সংবিধানৰ নিৰ্দিষ্ট প্রণয়নকাল আৰু প্রণেতা থাকে। পৃথিৱীৰ প্ৰায়বোৰ দেশতে লিখিত সংবিধানৰ প্ৰচলন আছে। আমেৰিকাৰ সংবিধানখন বিশ্বৰ প্ৰথম লিখিত সংবিধান।
অনুশীলনী - ২
১. তলৰ প্ৰশ্নবোৰৰ উত্তৰ দিয়া-
(ক) ভাৰতৰ সংবিধান সভাৰ সভাপতি কোন আছিল?
উঃ ভাৰতৰ সংবিধান সভাৰ সভাপতি ড° ৰাজেন্দ্ৰ প্ৰসাদ আছিল।
(খ) ভাৰতৰ সংবিধানৰ খচৰা কমিটিত থকা অসমৰ একমাত্ৰ সদস্যজনৰ নাম কি ?
উঃ ভাৰতৰ সংবিধানৰ খচৰা কমিটিত থকা অসমৰ একমাত্ৰ সদস্য়জনৰ নাম হ'ল চৈয়দ মহম্মদ ছাদুল্লা।
(গ) ভাৰতক কিয় 'অর্ধ-যুক্তৰাষ্ট্ৰ' বুলি কোৱা হয়?
উঃ শক্তিশালী কেন্দ্ৰীয় চৰকাৰ, একক নাগৰিকত্ব, জৰুৰীকালীন ক্ষমতা আদি ইয়াত পৰিলক্ষিত হয়। সেয়েহে, ভাৰতক যুক্তৰাষ্ট্ৰীয় আৰু একাত্মক ব্য়ৱস্থাৰ সংমিশ্ৰণ অৰ্থাৎ অর্ধ-যুক্তৰাষ্ট্ৰ বুলি কোৱা হয়।
(ঘ) ভাৰতীয় সংবিধানৰ চূড়ান্ত ৰূপত কেইগৰাকী সদস্যই স্বাক্ষৰ কৰিছিল?
উঃ ভাৰতীয় সংবিধানৰ চূড়ান্ত ৰূপত ২৪৮ গৰাকী সদস্য়ই স্বাক্ষৰ কৰিছিল।
(ঙ) ভাৰতীয় সংবিধান অনুসৰি জৰুৰী অৱস্থা কেইপ্ৰকাৰৰ?
উঃ ভাৰতীয় সংবিধান অনুসৰি জৰুৰী অৱস্থা তিনি প্ৰকাৰৰ।
২. কি কি পৰিস্থিতিৰ সৃষ্টি হ'লে ভাৰতীয় সংবিধান অনুসৰি দেশত জৰুৰী অৱস্থা ঘোষণা কৰিব পাৰি?
উঃ (১) কোনো বিদেশী শক্তিয়ে ভাৰতৰ বিৰুদ্ধে যুদ্ধ ঘোষণা কৰিলে বা কৰাৰ ভাবুকি দিলে আৰু দেশত আভ্যন্তৰীণ সশস্ত্র বিদ্রোহ সংঘটিত হ'লে ৰাষ্ট্ৰপতিয়ে সংবিধানৰ ৩৫২ নং অনুচ্ছেদ অনুসৰি দেশৰ সুৰক্ষাৰ স্বাৰ্থত জাতীয় জৰুৰী অবস্থা ঘোষণা কৰিব পাৰে।
(২) ভাৰতৰ ৰাষ্ট্ৰপতিয়ে কোনো ৰাজ্যৰ ৰাজ্যপালৰপৰা প্ৰতিবেদন বা অইন কোনো সূত্ৰৰপৰা সেই ৰাজ্যৰ প্ৰশাসন কাৰ্য সংবিধানৰ নিয়ম অনুসৰি পৰিচালিত হোৱা নাই বুলি নিশ্চিত হ'লে, সংবিধানৰ ৩৫৬ নং অনুচ্ছেদ অনুসৰি সেই ৰাজ্যত ৰাজ্যিক জৰুৰী অৱস্থা বা ৰাষ্ট্ৰপতি শাসন ঘোষণা কৰিব পাৰে।
(৩) সমগ্র দেশ বা ইয়াৰ কোনো ৰাজ্যত শোচনীয় অর্থনৈতিক অৱস্থাৰ সৃষ্টি হৈ অর্থনৈতিক স্থায়িত্ব বিপদাপন্ন হ'লে, ৰাষ্ট্ৰপতিয়ে সংবিধানৰ ৩৬০ নং অনুচ্ছেদ অনুসৰি সমগ্ৰ ৰাষ্ট্ৰ বা তেনে অৱস্থাৰ সম্মুখীন হোৱা ৰাজ্যত আর্থিক জৰুৰীকালীন অৱস্থা ঘোষণা কৰিব পাৰে।
৩. ভাৰতীয় সংবিধানৰ যিকোনো তিনিটা বৈশিষ্ট্য লিখা।
উঃ ক) প্রস্তাবনা: যিদৰে একোখন গ্ৰন্থৰ পাতনি থাকে, ঠিক একেদৰে ভাৰতীয় সংবিধানতো পাতনি সংযোজন কৰা হৈছে। এই পাতনিখনকেই প্রস্তাৱনা বোলা হয়। ইয়াৰ মাধ্যমেৰে ৰাষ্ট্ৰ হিচাপে ভাৰতৰ লক্ষ্য, উদ্দেশ্য আৰু আদর্শ প্রতিফলিত হৈছে।
(খ) দীর্ঘতম লিখিত সংবিধান: এতিয়ালৈকে প্রণয়ন হোৱা পৃথিৱীৰ বিভিন্ন দেশৰ সংবিধানৰ ভিতৰত ভাৰতৰখনেই দীর্ঘতম। এই লিখিত সংবিধানখনত ৪৪৮ টা অনুচ্ছেদ, ২৫ টা অধ্যায় আৰু ১২ টা অনুসূচী আছে।
(গ) মিশ্রিত সংবিধান: ভাৰতীয় সংবিধানখনৰ কিছুমান বিষয়, যেনে- নতুন ৰাজ্য গঠন, ৰাজ্যৰ সীমা নির্ধাৰণ আদি বিষয়বোৰ সহজে সংশোধন কৰিব পাৰি। কিন্তু ৰাষ্ট্ৰপতিৰ নিৰ্বাচন পদ্ধতি, কেন্দ্ৰ আৰু ৰাজ্যৰ মাজত ক্ষমতাৰ বিভাজন আদি বিষয়বোৰ সহজে সংশোধন কৰিব নোৱাৰি।
৪. ভাৰতৰ সংবিধান প্রণয়ন সন্দৰ্ভত অসমৰ অৱদান বৰ্ণনা কৰা।
উঃ ভাৰতৰ সংবিধান প্রণয়নত অসমে সক্রিয় ভূমিকা গ্রহণ কৰিছিল। নিবাৰণ চন্দ্ৰ লস্কৰ, ধৰণীধৰ বসুমতাৰী, গোপীনাথ বৰদলৈ, জে জে এম নিকলছ ৰয়, কুলধৰ চলিহা, ৰোহিনী কুমাৰ চৌধুৰী, চৈয়দ মহম্মদ ছাদুল্লা, আব্দুৰ ৰৌফ আদি বৰেণ্য ব্যক্তিসকলে প্রত্যক্ষ বা পৰোক্ষভাৱে সংবিধান প্রণয়নত অংশগ্ৰহণ কৰিছিল। চৈয়দ মহম্মদ ছাদুল্লা সংবিধান খচৰা কমিটিৰ সদস্যও আছিল। গোপীনাথ বৰদলৈয়ে অসমৰ অনুসূচীত জাতি-জনজাতি আৰু পাৰ্বত্য জনজাতিৰ স্বাৰ্থ ৰক্ষাৰ্থে গঠিত উত্তৰ-পূব সীমান্ত (অসম) জনজাতি আৰু উপ-সমিতি বহির্ভূত অঞ্চলৰ কাৰ্যভাৰ গ্ৰহণ কৰিছিল।
অনুশীলনী - ৩
১. তলৰ প্ৰশ্নবোৰৰ উত্তৰ দিয়া-
(ক) সংবিধানৰ সংশোধন মানে কি বুজা?
উঃ সময় আৰু পৰিৱৰ্তিত পৰিস্থিতিৰ লগত খাপ খুৱাবৰ বাবে সংবিধানৰ নীতি-নিয়মবোৰ সলনি বা নতুন নিয়ম সংযোজন কৰা প্ৰক্ৰিয়াকে সংবিধান সংশোধন বোলে।
(খ) কোনটো সংশোধনীৰ জৰিয়তে ভাৰতীয় সংবিধানত বিনামূলীয়া আৰু বাধ্যতামূলক শিক্ষাৰ অধিকাৰ অন্তৰ্ভূক্ত কৰা হৈছে?
উঃ ৮৬তম সংশোধনীৰ জৰিয়তে ভাৰতীয় সংবিধানত বিনামূলীয়া আৰু বাধ্য়তামূলক শিক্ষাৰ অধিকাৰ অন্তৰ্ভুক্ত কৰা হৈছে।
(গ) ৪২ তম সংবিধান সংশোধনীৰ যোগেদি ভাৰতৰ সংবিধানত কি কি বিষয় সন্নিৱিষ্ট কৰা হৈছিল?
উঃ ৪২ তম সংবিধান সংশোধনীৰ যোগেদি ভাৰতৰ সংবিধানত প্ৰস্তাৱনাত সমাজবাদী, ধৰ্মনিৰপেক্ষ সংযোজন, মৌলিক কৰ্তব্য়ৰ সংযোজন বিষয় সন্নিৱিষ্ট কৰা হৈছিল।
২. ভাৰতৰ সংবিধানৰ প্ৰস্তাৱনাৰ তিনিটা মূল বৈশিষ্ট্য লিখা।
উঃ ভাৰতৰ সংবিধানৰ প্ৰস্তাৱনাৰ তিনিটা মূল বৈশিষ্ট্য হ’ল—
১) ভাৰতক সার্বভৌম, সমাজতান্ত্ৰিক, ধৰ্মনিৰপেক্ষ, গণতান্ত্ৰিক গণৰাজ্য হিচাপে ঘোষণা কৰিছে।
২) সকলো নাগৰিকৰ বাবে ন্যায়, স্বাধীনতা, সমতা নিশ্চিত কৰাৰ কথা কৈছে।
৩) দেশৰ সকলো মানুহৰ মাজত ভ্ৰাতৃত্ববোধ, ঐক্য আৰু অখণ্ডতা বজাই ৰখাৰ লক্ষ্য প্ৰকাশ কৰিছে।
৩. অসমৰ বাবে ভাৰতীয় সংবিধানে আগবঢ়োৱা বিশেষ ব্যৱস্থাবোৰৰ বিষয়ে লিখা।
উঃ অসমত বসবাস কৰা বিভিন্ন জনজাতিৰ লোকসকলৰ ঐতিহ্য আৰু সংস্কৃতিক ৰক্ষণাবেক্ষণ দিবৰ বাবে ভাৰতীয় সংবিধানে ষষ্ঠ অনুসূচীৰ জৰিয়তে স্বায়ত্ত শাসনৰ ব্যৱস্থা কৰিছে। সংবিধানৰ অনুসূচী ২৪৪ (২) আৰু ২৭৫ (১) ৰ জৰিয়তে জনজাতীয় লোকসকলৰ বাবে জিলা স্বায়ত্ত শাসিত পৰিষদ গঠন কৰা হৈছে। অনুসূচী ৩৭১ (খ) ৰদ্বাৰা ভাৰতৰ ৰাষ্ট্ৰপতিয়ে জনজাতীয় লোকসকলৰ নীতি-নিৰ্ধাৰণ বিষয়ত পৰামৰ্শ দিবলৈ অসম বিধানসভাৰ ভিতৰত জনজাতীয় প্ৰতিনিধিৰ কমিটী গঠন কৰিব পাৰে। ষষ্ঠ অনুসূচীৰ অধীনত জনজাতীয় ভূমি আৰু তেওঁলোকৰ সংস্কৃতি ৰক্ষণাবেক্ষণৰ বাবে বিশেষ ব্যৱস্থা গ্রহণ কৰা হৈছে। এনে বিশেষ ব্যৱস্থাবোৰৰদ্বাৰা ক্ষমতাৰ বিকেন্দ্ৰীকৰণ হয়। এই অনুসূচীৰদ্বাৰা জনজাতীয় লোকসকলৰ ঐতিহ্য সুৰক্ষিত কৰাৰ বাবে পোনপটীয়া বিত্তীয় অনুদানৰো ব্যৱস্থা আছে।