ভাৰতৰ ৰাজ্য়িক প্ৰশাসন ব্য়ৱস্থা
Lesson 13

অনুশীলনী - ১

১. তলৰ প্ৰশ্নবোৰৰ উত্তৰ দিয়া-

(ক) ৰাজ্যিক প্রশাসন বুলিলে কি বুজা?
উঃ ৰাজ্য়িক প্ৰশাসন বুলিলে ৰাজ্য় আৰু কেন্দ্ৰীয় প্ৰশাসনৰ লগতে ৰাজ্য়বোৰৰ বাবে ৰাজ্য়িক প্ৰশাসনৰ ব্য়ৱস্থাকে বুজা যায়।

(খ) ৰাজ্য এখনৰ প্ৰশাসনিক কাম-কাজ কোনে পৰিচালনা কৰে?
উঃ ৰাজ্য় এখনৰ প্ৰশাসনিক কাম-কাজ ৰাজ্য়খনৰ কাৰ্যপালিকা অংগটোৱে পৰিচালনা কৰে।

২. ভাৰতত গণতান্ত্ৰিক কাৰ্যকলাপ চলাই নিয়াৰ ক্ষেত্ৰত ৰাজ্যিক প্ৰশাসনৰ ভূমিকা সম্পর্কে আলোচনা কৰা।
উঃ ভাৰতত গণতান্ত্ৰিক কাৰ্যকলাপ চলাই নিয়াৰ ক্ষেত্ৰত ৰাজ্যিক প্ৰশাসনৰ ভূমিকা সম্পর্কে তলত আলোচনা কৰা হ'ল-

⏺ নাগৰিকক জনসেৱা প্ৰদানঃ ৰাজ্যিক প্রশাসনে নাগৰিকসকলৰ জীৱন-ধাৰণৰ মান সুচল কৰাৰ বাবে বিভিন্ন ধৰণৰ জনসেৱামূলক আঁচনি হাতত লৈছিল।

⏺ আঞ্চলিক সমস্য়া সমাধানঃ দেশৰ প্ৰত্য়েক ৰাজ্য়ৰে জনগাঁথনি, ভৌগোলিক অৱস্থা, ভাষা আদি ভিন ভিন। সেইবাবে ৰাজ্য়ভেদে কিছুমান এনে সমস্য়াৰ সৃষ্টি হয় যাক আঞ্চলিকভাৱে বিশেষ গুৰুত্ব দি সমাধান কৰাটো প্ৰয়োজন হৈ পৰে।

⏺ অৰ্থনতিক উন্নয়নঃ ৰাজ্য়িক প্ৰশাসন ৰাজ্য়খনৰ অৰ্থনৈকি উন্নয়নৰ বাবে দায়বদ্ধ।

⏺ প্ৰতিনিধিত্ব আৰু অংশগ্ৰহণমূলক গণতন্ত্ৰৰ স্বৰূপঃ ভাৰতৰ সংসদীয় ব্য়ৱস্থা অনুসৰি কেন্দ্ৰত দুখন সদন আছে। ইয়াৰ সদস্য়সকলক সাংসদ বুলি কোৱা হয়। ইয়াৰ এখন হ'ল লোকসভা। 

⏺ ক্ষমতা আৰু দায়িত্বৰ ভাৰাসাম্য় ৰক্ষাঃ দেশৰ সকলো জনতা  সৰ্বাংগীন উন্নতি, সম্পদৰ সদব্য়ৱহাৰ, সুৰক্ষা আদিৰ বাবে আটাইতকৈ প্ৰয়োজনীয় চৰ্ত হৈছে প্ৰশাসন ব্য়ৱস্থাই সকলোকে সাঙুৰি লোৱা।

৩. নাগৰিকসকলৰ জীৱন-ধাৰণৰ মান সুচল কৰাৰ বাবে ৰাজ্যিক প্রশাসনে প্ৰদান কৰা বিভিন্ন ধৰণৰ জনসেৱাৰ উদাহৰণ দিয়া।
উঃ ৰাজ্যিক প্রশাসনে নাগৰিকসকলৰ জীৱন-ধাৰণৰ মান সুচল কৰাৰ বাবে বিভিন্ন ধৰণৰ জনসেৱামূলক আঁচনি হাতত লৈছিল। নাগৰিকৰ প্ৰয়োজন অনুযায়ী নীতি-নিৰ্ধাৰণ কৰা, বিত্তীয় ব্যৱস্থা নিশ্চিত কৰা, বিভিন্ন বিভাগৰ জৰিয়তে সেৱাবোৰ প্ৰদান কৰা আদি কামবোৰো পৰিচালনা কৰে। তেনে কিছুমান সেৱা হ'ল-

⏺ চিকিৎসালয় আৰু স্বাস্থ্য কেন্দ্ৰৰ জৰিয়তে সমগ্র ৰাজ্যত সুলভ মূল্যত চিকিৎসা সেৱা প্ৰদান

⏺ শিক্ষানুষ্ঠান স্থাপন আৰু পৰিচালনাৰ জৰিয়তে শিক্ষাৰ প্ৰসাৰ

⏺ আৰক্ষী আৰু আন আইন প্রয়োগকাৰী (Law Enforcement) সংস্থাৰ জৰিয়তে আইন-শৃংখলা বজাই ৰখা

⏺ উৎপাদন আৰু বিতৰণৰ জৰিয়তে বিদ্যুৎ সেৱা সহজলভ্য কৰা

⏺ বিভিন্ন আঁচনি আৰু কাৰ্যসূচীৰ জৰিয়তে দৰিদ্ৰ আৰু পিছপৰা লোকসকলক সহায় কৰা

অনুশীলনী - ২

১. তলৰ প্ৰশ্নবোৰৰ উত্তৰ দিয়া-

(ক) ৰাজ্যিক কাৰ্যপালিকা বুলিলে কাক বুজায়?
উঃ ৰাজ্য়িক কাৰ্যপালিকা বুলিলে ৰাজ্য়পাল আৰু মুখ্য়মন্ত্ৰীৰ নেতৃত্বাধীন মন্ত্ৰীপৰিষদক বুজায়।

(খ) ৰাজ্যপাল হ'বলৈ কি কি যোগ্যতা লাগে?
উঃ ৰাজ্য়পাল হ'বলৈ ভাৰতীয় নাগৰিক হ'ব লাগিব লগতে বয়স ৩৫ বছৰ হ'ব লাগিব।

(গ) ৰাজ্যিক বিশ্ববিদ্যালয়ৰ উপাচাৰ্যসকলক কোনে নিযুক্তি দিয়ে?
উঃ ৰাজ্য়িক বিশ্ববিদ্য়ালয়ৰ উপাচাৰ্যসকলক ৰাজ্য়পালে নিযুক্তি দিয়ে।

(ঘ) ৰাজ্যিক বিধানমণ্ডলত গৃহীত বিল এখন কেতিয়া আইনত পৰিণত হয়?
উঃ ৰাজ্য়িক বিধানমণ্ডলত গৃহীত বিল এখন ৰাজ্য়পালে চহী কৰাৰ পাছতহে আইনত পৰিণত হয়।

(ঙ) ৰাজ্যৰ নিম্ন আৰু উচ্চ সদন দুখন কি কি?
উঃ ৰাজ্য়ৰ নিম্ন আৰু উচ্চ সদন দুখন হ'ল লোকসভা আৰু ৰাজ্য়সভা।

(চ) বিধানসভাৰ সদস্যৰ নিম্নতম আৰু উচ্চতম সংখ্যাগত সীমা কিমান হ'ব লাগে?
উঃ উচ্চতম সীমা ৫০০ জনতকৈ বেছি হ’ব নোৱাৰে আৰু নিম্নতম সীমা ৬০ জনতকৈ কম হ’ব নোৱাৰে।

(ছ) উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশক কোনে নিযুক্তি দিয়ে?
উঃ উচ্চ ন্য়ায়ালয়ৰ ন্য়ায়াধীশক ভাৰতৰ ৰাষ্ট্ৰপতিয়ে নিযুক্তি দিয়ে।

(জ) ভাৰতত বৰ্তমান কেইখন কেন্দ্রীয় শাসিত অঞ্চল আছে?
উঃ ভাৰতত বৰ্তমান ৮ খন কেন্দ্ৰীয় শাসিত অঞ্চল আছে।

২. ৰাজ্যপালৰ ক্ষমতা আৰু কাৰ্যাৱলী আলোচনা কৰা।
উঃ ৰাজ্য়পালৰ ক্ষমতাঃ ৰাজ্য়িক বিধানমণ্ডলত গৃহীত বিল এখন ৰাজ্য়পালে চহী কৰাৰ পাছতহে আইনত পৰিণত হয়। বিশেষ কাৰণত যদি ৰাজ্য়ত সাংবিধানিক অচলাবস্থাৰ সৃষ্টি হয়। 

ৰাজ্য়পালৰ কাৰ্যাৱলীঃ ৰাজ্য়পালগৰাকী ৰাজ্য়ৰ মুৰব্বী হোৱা বাবে ৰাজ্য়িক প্ৰশাসনৰ কাৰ্যপালিকাৰ লগত জড়িত সকলো সিদ্ধান্ত তেওঁৰ নামত কাৰ্যকৰী কৰা হয়। ৰাজ্য়খনৰ বিশিষ্ট পদবীবোৰৰ নিযুক্তিৰ কৰ্তৃত্ব ৰাজ্য়পালৰ হাতত থাকে। 

৩. মুখ্যমন্ত্রীক কোনে নিযুক্তি দিয়ে? মুখ্যমন্ত্ৰীৰ ক্ষমতা আৰু কাৰ্যাৱলীৰ বিষয়ে আলোচনা কৰা।
উঃ ৰাজনৈতিক দলৰ মিত্ৰজোঁটে একক সংখ্য়াগৰিষ্ঠা লাভ কৰা দলবোৰৰদ্বাৰা মনোনীত নেতাগৰাকীক ৰাজ্য়পালে মুখ্য়মন্ত্ৰী হিচাপে নিযুক্তি দিয়ে। মুখ্য়মন্ত্ৰীৰ ক্ষমতা আৰু কাৰ্যাৱলীৰ বিষয়ে তলত আলোচনা কৰা হ'ল।

⏺  মুখ্যমন্ত্ৰীয়ে ৰাজ্যৰ চৰকাৰৰ নীতি আৰু সিদ্ধান্ত নিৰ্ধাৰণত মুখ্য ভূমিকা পালন কৰে।

⏺  তেখেতেই মন্ত্ৰী পৰিষদৰ মূৰব্বী আৰু সকলো মন্ত্ৰীক নেতৃত্ব দিয়ে।

⏺ সংবাদ মাধ্যম আৰু সামাজিক মাধ্যমৰ জৰিয়তে চৰকাৰৰ কাম-কাজ আৰু সিদ্ধান্তসমূহ জনসাধাৰণক জনায়।

⏺ মুখ্যমন্ত্ৰীয়ে ৰাজ্যপালক বিভিন্ন বিষয়ত পৰামৰ্শ দিয়ে।

৪. প্রশাসন ব্যৱস্থাত বিধানসভা আৰু বিধান পৰিষদৰ ভূমিকা আলোচনা কৰা।
উঃ বিধানসভাৰ ভূমিকাঃ ৰাজ্য়ৰ আইন প্ৰণয়নত বিধানসভাই প্ৰধান ভূমিকা পালন কৰে। বিধানসভাত ৰাজ্য়ৰ ৰাজ্য়িক বাজেট উত্থাপন আৰু গৃহীত কৰা হয়। বিশেষ সমস্য়াৰ সৃষ্টি হ'লে প্ৰয়োজনসাপেক্ষে বিধায়কসকলে মন্ত্ৰী পৰিষদৰ বিৰুদ্ধে 'অনাস্থা প্ৰস্তাৱ' আনি মন্ত্ৰী পৰিষদ ভংগ কৰিব পাৰে।

বিধান পৰিষদৰ ভূমিকাঃ বিধান পৰিষদ প্ৰকৃততে প্ৰশাসনৰ পৰামৰ্শ প্ৰদানকাৰী অংগ। বিধান পৰিষদে বিধানসভাই অনুমোদন জনোৱা বিল এখন আইনত পৰিণত হয়। প্ৰয়োজনত বিলত বিলম্ব ঘটাব পাৰে। 

৫. অনাস্থা প্রস্তাৱ বুলিলে কি বুজা?
উঃ অনাস্থা প্ৰস্তাৱ হৈছে এটা সংসদীয় পদ্ধতি। ভাৰতৰ সংবিধানৰ ৭৫নং অনুচ্ছেদত কেন্দ্ৰীয় আৰু ৰাজ্য়িক মন্ত্ৰীপৰিষদৰ বিধানমণ্ডলৰ ওচৰত থকা সামূহিক দায়বদ্ধতাৰ কথা উল্লেখ থাকে।মুখ্য়মন্ত্ৰী নেতৃত্বাধীন মন্ত্ৰী পৰিষদৰ বিৰুদ্ধে বিধানসভাৰ সংখ্য়াগৰিষ্ঠ সদস্য়ই একো কাৰণ উল্লেখ নকৰাকৈ আস্থাহীনতা প্ৰকাশ কৰি ভোট দিব পাৰে। এই ব্য়ৱস্থাটোৱে হৈছে মুখ্য়মন্ত্ৰী নেতৃত্বাধীন মন্ত্ৰী পৰিষদৰ বিৰুদ্ধে অনা অনাস্থা প্ৰস্তাৱ।

৬. ৰাজ্যিক প্ৰশাসনত বিধায়কৰ ভূমিকাবোৰ আলোচনা কৰা।
উঃ  i. সংবিধানৰ ৰাজ্যিক তালিকা আৰু সমৱৰ্তী তালিকাৰ অন্তৰ্ভুক্ত বিষয়বোৰৰ সন্দৰ্ভত আইনৰ খচৰা প্ৰস্তুত, বিতৰ্কত অংশগ্রহণ আৰু গৃহীত কৰাৰ দায়িত্ব বিধায়কৰ।

ii. ৰাজ্যৰ বাজেট পৰীক্ষা কৰা, ব্যয়ৰ অনুমোদন দিয়া, ৰাজ্য চৰকাৰে লোৱা কৰ আৰু ঋণ তদাৰক কৰাকে ধৰি বিত্তীয় বিষয়ত বিধায়কে উল্লেখযোগ্য ভূমিকা পালন কৰে।

iii. ৰাজ্যৰ বিধায়কসকলে মুখ্যমন্ত্রীকে ধৰি মন্ত্ৰী পৰিষদক তেওঁলোকৰ কাৰ্যৰ বাবে জবাবদিহি কৰিব পাৰে। বিধায়কসকলৰ আস্থা লাভ কৰি থকালৈকে মন্ত্ৰী পৰিষদে সুকলমে কার্য সম্পাদন কৰে।

iv. বিধায়কসকলে ভাৰতৰ ৰাষ্ট্ৰপতি নির্বাচন, ৰাজ্যসভাৰ সাংসদৰ নিৰ্বাচন, বিধানসভাৰ আৰু উপাধ্যক্ষৰ নিৰ্বাচনত অংশগ্ৰহণ কৰে। অধ্যক্ষ

v. ৰাজ্যৰ লগত জড়িত সংবিধান সংশোধন কৰিবলগীয়া বিষয়ত বিধায়কসকলে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে।

৭. বিৰোধী দল বুলিলে কি বুজা?
উঃ যিটো ৰাজনৈতিক দল বা দলসমষ্টিয়ে চৰকাৰ গঠন কৰিব নোৱাৰে, সেই দল বা দলসমষ্টি হ'ল বিৰোধী দল।

৮. বিধানপৰিষদ থকা চাৰিখন ৰাজ্যৰ নাম লিখা।
উঃ বিধানপৰিষদ থকা চাৰিখন ৰাজ্য়ৰ নাম হ'ল- উত্তৰ প্ৰদেশ, বিহাৰ, মহাৰাষ্ট্ৰ আৰু কৰ্ণাটক।

৯. ৰাজ্যিক ন্যায় পালিকাৰ গঠন আৰু ভূমিকা সম্পর্কে আলোচনা কৰা।
উঃ গঠনঃ উচ্চ ন্য়ায়ালয় হৈছে ৰাজ্য়ৰ সৰ্বোচ্চ ন্য়ায়ালয়। ইয়াৰ মুখ্য় ন্য়ায়াধীশ আৰু অন্য়ান্য় ন্য়ায়াধীশসকলক উচ্চতম ন্য়ায়লয়ৰ মুখ্য় ন্য়ায়াধীশ আৰু সংশ্লিষ্ট ৰাজ্য়ৰ ৰাজ্য়পালৰ পৰামৰ্শমৰ্মে ভাৰতৰ ৰাষ্ট্ৰপতিয়ে নিযুক্তি দিয়ে। ৰাজ্য়ত একোখন উচ্চ ন্য়ায়লয় থাকে। ৰাজ্য়ক জিলাবোৰত জিলা আদালত থাকে। জিলা আদালতৰ অধীনত ফৌজদাৰী আৰু দেৱানী গোচৰ আদালত থাকে। 

ভূমিকাঃ ৰাজ্য়িক ন্য়ায়াপালিকাই জনসাধাৰণৰ গোচৰৰ শুনানি লয় আৰু ন্য়ায় প্ৰদান কৰে। ৰাজ্য়িক ন্য়ায়পালিকাই বিধানমণ্ডলে গ্ৰহণ কৰা আইনবোৰৰ চূড়ান্ত ব্য়াখ্য়া কৰে। ৰাজ্য়িক ন্য়ায়পালিকাই ৰাজ্য়ৰ প্ৰশাসন ব্য়ৱস্থাটোৱে সংবিধান অনুসৰি কাৰ্য সম্পাদন কৰাটো সুনিশ্চিত কৰে।

অনুশীলনী - ৩

১. তলৰ প্ৰশ্নবোৰৰ উত্তৰ দিয়া-

(ক) অসমৰ বিধানমণ্ডলত কেইখন সদন আছে?
উঃ অসমৰ বিধানমণ্ডলত এখন সদন আছে।

(খ) অসমৰ বিধানসভাৰ মুঠ সদস্যৰ সংখ্যা কিমান?
উঃ অসমৰ বিধানসভাৰ মুঠ সদস্য়ৰ সংখ্য়া ১২৬ জন।

(গ) অসম বিধানসভা ভৱন ক'ত আছে?
উঃ অসম বিধানসভা ভৱন ৰাজধানী দিছপুৰত অৱস্থিত।

(ঘ) অসমৰ সৰ্বোচ্চ ন্যায়ালয়খন ক'ত অৱস্থিত?
উঃ অসমৰ সৰ্বোচ্চ ন্য়ায়ালয়খন গুৱাহাটীত অৱস্থিত।

(ঙ) গুৱাহাটী উচ্চ ন্যায়ালয়ে অসমৰ উপৰি কোন কোন ৰাজ্যৰ উচ্চ ন্যায়ালয় হিচাপে কাম কৰে?
উঃ গুৱাহাটী উচ্চ ন্য়ায়ালয়ে অসমৰ উপৰি অৰুণাচল প্ৰদেশ, নাগালেণ্ড আৰু মিজোৰামৰো উচ্চ ন্য়ায়ালয় হিচাপে কাম কৰে।

(চ) কেন্দ্রীয় শাসিত অঞ্চলৰ প্ৰশাসন কাৰ্য কোনে চোৱাচিতা কৰে?
উঃ কেন্দ্ৰীয় শাসিত অঞ্চলৰ প্ৰশাসন কাৰ্য ভাৰত চৰকাৰে চোৱাচিতা কৰে। 

২. অসমৰ বিভিন্ন ৰাজনৈতিক দলৰ নামৰ তালিকা প্ৰস্তুত কৰা।
উঃ অসমত কাৰ্যৰত বিভিন্ন ৰাজনৈতিক দলসমূহৰ এটা তালিকা—

ৰাষ্ট্ৰীয় দলসমূহ

  • ভাৰতীয় জনতা পাৰ্টি (BJP)
  • ভাৰতীয় জাতীয় কংগ্ৰেছ (INC)
  • ভাৰতীয় কমিউনিষ্ট পাৰ্টি (CPI)
  • ভাৰতীয় কমিউনিষ্ট পাৰ্টি (মাৰ্ক্সবাদী) [CPI(M)]

আঞ্চলিক/ৰাজ্যিক দলসমূহ

  • অসম গণ পৰিষদ (AGP)
  • ইউনাইটেড পিপলছ পাৰ্টি লিবাৰেল (UPPL)
  • বডোলেণ্ড পিপলছ ফ্ৰণ্ট (BPF)
  • ৰাইজৰ দল (Raijor Dal)
  • অসম জাতীয় পৰিষদ (AJP)

Answer By: Bikash Bora